Muslim99Muslim99
← Tafsir library

9. At-Tawba

The Repentance · Medinan · 129 ayahs

سُورَةُ التَّوۡبَةِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 81–90 of 129

81

فَرِحَ ٱلْمُخَلَّفُونَ بِمَقْعَدِهِمْ خِلَٰفَ رَسُولِ ٱللَّهِ وَكَرِهُوٓا۟ أَن يُجَٰهِدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَقَالُوا۟ لَا تَنفِرُوا۟ فِى ٱلْحَرِّ ۗ قُلْ نَارُ جَهَنَّمَ أَشَدُّ حَرًّۭا ۚ لَّوْ كَانُوا۟ يَفْقَهُونَ

Those who remained behind rejoiced in their staying [at home] after [the departure of] the Messenger of Allah and disliked to strive with their wealth and their lives in the cause of Allah and said, "Do not go forth in the heat." Say, "The fire of Hell is more intensive in heat" - if they would but understand.

তাবুক যুদ্ধত অংশগ্ৰহণ নকৰা মুনাফিকসকল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি, আল্লাহৰ পথত জিহাদ নকৰাৰ নিজৰ সিদ্ধান্তৰ প্ৰতি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। তথা সিহঁতে মুমিনসকলৰ নিচিনা নিজৰ ধন-সম্পত্তি আৰু প্ৰাণৰ সৈতে জিহাদ কৰাক অপছন্দ কৰিলে, লগতে নিজৰ মুনাফিক ভাতৃসকলকো যুদ্ধৰ পৰা বাধা প্ৰদান কৰি ক'লেঃ ইমান গৰমত তোমালোকে নাযাবা। কাৰণ তাবুক যুদ্ধ প্ৰখৰ গৰমৰ দিনত সংঘটিত হৈছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, জাহান্নামৰ জুই যিটো মুনাফিকসকলৰ অপেক্ষাত আছে, সেই জুই এই গৰমতকৈ অধিক গৰম, যি গৰমক সিহঁতে ভয় কৰি আছে। যদি সিহঁত জানিলেহেঁতেন।

82

فَلْيَضْحَكُوا۟ قَلِيلًۭا وَلْيَبْكُوا۟ كَثِيرًۭا جَزَآءًۢ بِمَا كَانُوا۟ يَكْسِبُونَ

So let them laugh a little and [then] weep much as recompense for what they used to earn.

জিহাদত অংশগ্ৰহণ নকৰা মুনাফিকসকলে ধ্বংসশীল এই পাৰ্থিৱ জীৱনত কম আনন্দ হোৱা উচিত, আনহাতে আখিৰাতৰ চিৰস্থায়ী জীৱনকলৈ অধিক চিন্তা কৰা উচিত। এয়া হৈছে সিহঁতে পাৰ্থিৱ জীৱনত কৰা কুফৰ, গুনাহ আৰু অৱজ্ঞাৰ প্ৰতিফল।

83

فَإِن رَّجَعَكَ ٱللَّهُ إِلَىٰ طَآئِفَةٍۢ مِّنْهُمْ فَٱسْتَـْٔذَنُوكَ لِلْخُرُوجِ فَقُل لَّن تَخْرُجُوا۟ مَعِىَ أَبَدًۭا وَلَن تُقَٰتِلُوا۟ مَعِىَ عَدُوًّا ۖ إِنَّكُمْ رَضِيتُم بِٱلْقُعُودِ أَوَّلَ مَرَّةٍۢ فَٱقْعُدُوا۟ مَعَ ٱلْخَٰلِفِينَ

If Allah should return you to a faction of them [after the expedition] and then they ask your permission to go out [to battle], say, "You will not go out with me, ever, and you will never fight with me an enemy. Indeed, you were satisfied with sitting [at home] the first time, so sit [now] with those who stay behind."

হে নবী! যদি আল্লাহে আপোনাক এই মুনাফিকসকলৰ কোনোবা এটা দলৰ প্ৰতি দুনাই ঘূৰাই আনে যিসকল নিফাকৰ ওপৰত অটল আছে, আৰু সিহঁতে আপোনাৰ সৈতে আন কোনো এটা যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়া সিহঁতক কৈ দিয়কঃ হে মুনাফিকসকল! তোমালোক কেতিয়াও মোৰ লগত আল্লাহৰ পথত যুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰা। এইটো হৈছে তোমালোকৰ শাস্তি, লগতে মোৰ লগত উপস্থিত থাকিলে যি ক্ষয়-ক্ষতি হোৱাৰ আশংকা থাকে তাৰ পৰা সাৱধানতা। ইতিপূৰ্বে তোমালোকে তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাক আৰু ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দিছিলা। এতেকে অনাগত দিনতো তোমালোকে সেইসকল লোকৰ লগত ঘৰতে বহি থকা, যিসকলৰ যুদ্ধত অংশগ্ৰহণ কৰা বাঞ্চনীয় নহয়, যেনেঃ বেমাৰী, নাৰী আৰু শিশুসকলৰ লগত।

84

وَلَا تُصَلِّ عَلَىٰٓ أَحَدٍۢ مِّنْهُم مَّاتَ أَبَدًۭا وَلَا تَقُمْ عَلَىٰ قَبْرِهِۦٓ ۖ إِنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَمَاتُوا۟ وَهُمْ فَٰسِقُونَ

And do not pray [the funeral prayer, O Muhammad], over any of them who has died - ever - or stand at his grave. Indeed, they disbelieved in Allah and His Messenger and died while they were defiantly disobedient.

হে নবী! এই মুনাফিকসকলৰ কোনোবাই মৃত্যুবৰণ কৰিলে, আপুনি তাৰ জানাযাত অংশগ্ৰহণ নকৰিব আৰু তাৰ কবৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ বাবেও থিয় নিদিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে, লগতে আল্লাহৰ আনুগত্যৰ পৰা আঁতৰ হৈ মৃত্যুবৰণ কৰিছে। এতেকে যিয়ে এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰিব তাৰ জানাযা পঢ়া উচিত নহয় আৰু তাৰ বাবে দুআ কৰাও উচিত নহয়।

85

وَلَا تُعْجِبْكَ أَمْوَٰلُهُمْ وَأَوْلَٰدُهُمْ ۚ إِنَّمَا يُرِيدُ ٱللَّهُ أَن يُعَذِّبَهُم بِهَا فِى ٱلدُّنْيَا وَتَزْهَقَ أَنفُسُهُمْ وَهُمْ كَٰفِرُونَ

And let not their wealth and their children impress you. Allah only intends to punish them through them in this world and that their souls should depart [at death] while they are disbelievers.

হে ৰাছুল! এই মুনাফিকসকলৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যেন আপোনাক আকৰ্ষিত নকৰে। আল্লাহে ইয়াৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি বিহিব বিচাৰে, বিভিন্ন বিপদ-আপদ আৰু কঠিন সন্ধিক্ষণৰ দ্বাৰা। লগতে কুফুৰী অৱস্থাত সিহঁতৰ প্ৰাণ হৰণ কৰা হ'ব।

86

وَإِذَآ أُنزِلَتْ سُورَةٌ أَنْ ءَامِنُوا۟ بِٱللَّهِ وَجَٰهِدُوا۟ مَعَ رَسُولِهِ ٱسْتَـْٔذَنَكَ أُو۟لُوا۟ ٱلطَّوْلِ مِنْهُمْ وَقَالُوا۟ ذَرْنَا نَكُن مَّعَ ٱلْقَٰعِدِينَ

And when a surah was revealed [enjoining them] to believe in Allah and to fight with His Messenger, those of wealth among them asked your permission [to stay back] and said, "Leave us to be with them who sit [at home]."

যেতিয়া আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, যত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা, লগতে আল্লাহৰ পথত জিহাদ কৰাৰ বিধান থাকে, তেতিয়া এই মুনাফিকসকলৰ মাজৰ ধনৱান লোকসকলে অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰি কয় যে, আপুনি আমাক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষমলোক যেনেঃ দুৰ্বল আৰু অসুস্থ ব্যক্তিসকলৰ লগত এৰি থৈ যাওঁক।

87

رَضُوا۟ بِأَن يَكُونُوا۟ مَعَ ٱلْخَوَالِفِ وَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ

They were satisfied to be with those who stay behind, and their hearts were sealed over, so they do not understand.

এই মুনাফিকসকলে নিজৰ বাবে অপমান আৰু লাঞ্ছনাক পছন্দ কৰিছে, সেই কাৰণেই সিহঁতে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষম লোকসকলৰ লগত ঘৰতে বহি থকাটোক অগ্ৰাধিকাৰ দিছে। আনহাতে আল্লাহে সিহঁতৰ অন্তৰত কুফৰ আৰু নিফাকৰ বাবে মোহৰ মাৰি দিছে। সেয়ে সিহঁতে নিজৰ কল্যাণকৰ দিশো বুজি নাপায়।

88

لَٰكِنِ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ جَٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ ۚ وَأُو۟لَٰٓئِكَ لَهُمُ ٱلْخَيْرَٰتُ ۖ وَأُو۟لَٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

But the Messenger and those who believed with him fought with their wealth and their lives. Those will have [all that is] good, and it is those who are the successful.

পক্ষান্তৰে ৰাছুল আৰু মুমিনসকলে এইসকলৰ দৰে জিহাদ ফি ছাবিলিল্লাহৰ পৰা পিছুৱাই থকা নাছিল। বৰং আল্লাহৰ পথত নিজৰ ধন তথা প্ৰাণৰ সৈতে জিহাদ কৰি আছিল। ফলস্বৰূপে আল্লাহে তেওঁলোকক বিজয় আৰু যুদ্ধলব্ধ সম্পদৰূপে পাৰ্থিৱ লাভ প্ৰদান কৰিলে, লগতে আখিৰাতৰো লাভ প্ৰদান কৰিব, যেনে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য, লক্ষ্যস্থানত উপনীত হোৱাৰ সফলতা, আৰু ভয়ৰ পৰা মুক্তিও ইয়াৰ অন্তৰ্ভুক্ত।

89

أَعَدَّ ٱللَّهُ لَهُمْ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Allah has prepared for them gardens beneath which rivers flow, wherein they will abide eternally. That is the great attainment.

আল্লাহে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহব। এইটোৱেই সেই সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।

90

وَجَآءَ ٱلْمُعَذِّرُونَ مِنَ ٱلْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ ٱلَّذِينَ كَذَبُوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ سَيُصِيبُ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابٌ أَلِيمٌۭ

And those with excuses among the bedouins came to be permitted [to remain], and they who had lied to Allah and His Messenger sat [at home]. There will strike those who disbelieved among them a painful punishment.

মদিনা আৰু ইয়াৰ ওচৰ-চুবুৰীয়া গাওঁৰ পৰা কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰি আহিলে, যাতে তেওঁ সিহঁতক আল্লাহৰ পথত জিহাদৰ পৰা অব্যাহতি দি ঘৰতে বহি থকাৰ অনুমতি দিয়ে। আনহাতে আন কিছুমান লোকে কোনো অনুমতি নোলোৱাকৈয়ে ঘৰতে বহি থাকিল। সিহঁতৰ এই ব্যৱহাৰৰ কাৰণ আছিল যে, সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশ্বাস কৰা নাছিল আৰু আল্লাহৰ ওপৰতো সিহঁতৰ ভৰসা নাছিল। এনেকুৱা প্ৰকৃতিৰ লোকসকলে নিজৰ কুফৰী কাৰ্যৰ কাৰণে কষ্টদায়ক শাস্তি ভোগ কৰিব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.