Muslim99Muslim99
← Tafsir library

8. Al-Anfaal

The Spoils of War · Medinan · 75 ayahs

سُورَةُ الأَنفَالِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–50 of 75

41

۞ وَٱعْلَمُوٓا۟ أَنَّمَا غَنِمْتُم مِّن شَىْءٍۢ فَأَنَّ لِلَّهِ خُمُسَهُۥ وَلِلرَّسُولِ وَلِذِى ٱلْقُرْبَىٰ وَٱلْيَتَٰمَىٰ وَٱلْمَسَٰكِينِ وَٱبْنِ ٱلسَّبِيلِ إِن كُنتُمْ ءَامَنتُم بِٱللَّهِ وَمَآ أَنزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ ٱلْفُرْقَانِ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ

And know that anything you obtain of war booty - then indeed, for Allah is one fifth of it and for the Messenger and for [his] near relatives and the orphans, the needy, and the [stranded] traveler, if you have believed in Allah and in that which We sent down to Our Servant on the day of criterion - the day when the two armies met. And Allah, over all things, is competent.

হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিনা অৱতীৰ্ণ কৰিছিলো, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়ত সামৰ্থৱান।

Al-Anfaal 8:41Listen in Qur'an →
42

إِذْ أَنتُم بِٱلْعُدْوَةِ ٱلدُّنْيَا وَهُم بِٱلْعُدْوَةِ ٱلْقُصْوَىٰ وَٱلرَّكْبُ أَسْفَلَ مِنكُمْ ۚ وَلَوْ تَوَاعَدتُّمْ لَٱخْتَلَفْتُمْ فِى ٱلْمِيعَٰدِ ۙ وَلَٰكِن لِّيَقْضِىَ ٱللَّهُ أَمْرًۭا كَانَ مَفْعُولًۭا لِّيَهْلِكَ مَنْ هَلَكَ عَنۢ بَيِّنَةٍۢ وَيَحْيَىٰ مَنْ حَىَّ عَنۢ بَيِّنَةٍۢ ۗ وَإِنَّ ٱللَّهَ لَسَمِيعٌ عَلِيمٌ

[Remember] when you were on the near side of the valley, and they were on the farther side, and the caravan was lower [in position] than you. If you had made an appointment [to meet], you would have missed the appointment. But [it was] so that Allah might accomplish a matter already destined - that those who perished [through disbelief] would perish upon evidence and those who lived [in faith] would live upon evidence; and indeed, Allah is Hearing and Knowing.

তথা সেই সময়টোক স্মৰণ কৰা, যেতিয়া তোমালোক উপত্যকাৰ সেইটো স্থানত আছিলা যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্নৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোক প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময়দানত মুখামুখি কৰিলে, যাতে সেই কামটো পূৰ্ণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায়ত বিজয়প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁতে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায়। প্ৰকৃততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দান কৰিব।

Al-Anfaal 8:42Listen in Qur'an →
43

إِذْ يُرِيكَهُمُ ٱللَّهُ فِى مَنَامِكَ قَلِيلًۭا ۖ وَلَوْ أَرَىٰكَهُمْ كَثِيرًۭا لَّفَشِلْتُمْ وَلَتَنَٰزَعْتُمْ فِى ٱلْأَمْرِ وَلَٰكِنَّ ٱللَّهَ سَلَّمَ ۗ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

[Remember, O Muhammad], when Allah showed them to you in your dream as few; and if He had shown them to you as many, you [believers] would have lost courage and would have disputed in the matter [of whether to fight], but Allah saved [you from that]. Indeed, He is Knowing of that within the breasts.

তথা হে ৰাছুল! আপোনাৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰক, যেতিয়া আল্লাহে আপোনাক সপোনত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল আৰু আপুনি এই সংবাদ মুমিনসকলক দিয়াত তেওঁলোকে ইয়াক মঙ্গলময় আৰু সুসংবাদ বুলি ভাৱিছিল। ফলত শত্ৰুৰ লগত মুখামুখি কৰাৰ আৰু মুকাবিলা কৰাৰ সংকল্প আৰু মজবুত হৈ গল। যদি আল্লাহে আপোনাক মুশ্বৰিকসকলৰ সংখ্যা অধিক দেখুৱালেহেঁতেন তেন্তে আপোনাৰ সঙ্গীসকলে সাহস হেৰুৱালেহেঁতেন আৰু তেওঁলোকে যুদ্ধক ভয় কৰিলেহেঁতেন। কিন্তু আল্লাহে তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিলে আৰু ব্যৰ্থতাৰ পৰাও সুৰক্ষিত কৰিলে। সেই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ সংখ্যাবল কমকৈ দেখুৱাইছিল। নিশ্চয় আল্লাহ অন্তৰ সম্পৰ্কে সম্যক অৱগত, আৰু অন্তৰৰ গোপন তথ্য সম্পৰ্কেও সৰ্বজ্ঞ।

Al-Anfaal 8:43Listen in Qur'an →
44

وَإِذْ يُرِيكُمُوهُمْ إِذِ ٱلْتَقَيْتُمْ فِىٓ أَعْيُنِكُمْ قَلِيلًۭا وَيُقَلِّلُكُمْ فِىٓ أَعْيُنِهِمْ لِيَقْضِىَ ٱللَّهُ أَمْرًۭا كَانَ مَفْعُولًۭا ۗ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ

And [remember] when He showed them to you, when you met, as few in your eyes, and He made you [appear] as few in their eyes so that Allah might accomplish a matter already destined. And to Allah are [all] matters returned.

তথা হে মুমিনসকল! সেই সময়টোক স্মৰণ কৰা, মুকাবিলাৰ সময়ত আল্লাহে যেতিয়া তোমালোকৰ চকুত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোক যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁত এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয়টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মুশ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মুমিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলো কৰ্ম আল্লাহৰ পিনেই উভতি যায়, যাতে তেওঁ কুকৰ্মকাৰীক কুকৰ্মৰ প্ৰতিদান দিয়ে আৰু সৎকৰ্মকাৰীক সৎকৰ্মৰ প্ৰতিদান দিয়ে।

Al-Anfaal 8:44Listen in Qur'an →
45

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمْ فِئَةًۭ فَٱثْبُتُوا۟ وَٱذْكُرُوا۟ ٱللَّهَ كَثِيرًۭا لَّعَلَّكُمْ تُفْلِحُونَ

O you who have believed, when you encounter a company [from the enemy forces], stand firm and remember Allah much that you may be successful.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে কাফিৰ আক্ৰমণকাৰী সকলৰ মুখামুখি হ'বা তেতিয়া তোমালোকে দৃঢ়ভাৱে অটল থাকিবা, কাপুৰুষালী নেদেখুৱাবা। লগতে আল্লাহক বেছি বেছি স্মৰণ কৰিবা আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবা। কিয়নো তেৱেঁই সিহঁতৰ ওপৰত তোমালোকক বিজয় দান কৰিবলৈ সক্ষম। যাতে তেওঁ তোমালোকক তোমালোকৰ উদ্দেশ্যত সফল কৰে, আৰু যিটোক তোমালোকে ভয় কৰা সেইটোৰ পৰা তোমালোকক ৰক্ষা কৰে।

Al-Anfaal 8:45Listen in Qur'an →
46

وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَنَٰزَعُوا۟ فَتَفْشَلُوا۟ وَتَذْهَبَ رِيحُكُمْ ۖ وَٱصْبِرُوٓا۟ ۚ إِنَّ ٱللَّهَ مَعَ ٱلصَّٰبِرِينَ

And obey Allah and His Messenger, and do not dispute and [thus] lose courage and [then] your strength would depart; and be patient. Indeed, Allah is with the patient.

তোমালোকে কথা, কৰ্মত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয়নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁলোকক সহায়-সহযোগিতা কৰে। আল্লাহে যিসকলক সহায় কৰে, প্ৰকৃততে তেওঁলোকে বিজয় প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত।

Al-Anfaal 8:46Listen in Qur'an →
47

وَلَا تَكُونُوا۟ كَٱلَّذِينَ خَرَجُوا۟ مِن دِيَٰرِهِم بَطَرًۭا وَرِئَآءَ ٱلنَّاسِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ ۚ وَٱللَّهُ بِمَا يَعْمَلُونَ مُحِيطٌۭ

And do not be like those who came forth from their homes insolently and to be seen by people and avert [them] from the way of Allah. And Allah is encompassing of what they do.

আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানুহক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁতে মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে, আল্লাহে সিহঁতৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে, সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।

Al-Anfaal 8:47Listen in Qur'an →
48

وَإِذْ زَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ أَعْمَٰلَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ ٱلْيَوْمَ مِنَ ٱلنَّاسِ وَإِنِّى جَارٌۭ لَّكُمْ ۖ فَلَمَّا تَرَآءَتِ ٱلْفِئَتَانِ نَكَصَ عَلَىٰ عَقِبَيْهِ وَقَالَ إِنِّى بَرِىٓءٌۭ مِّنكُمْ إِنِّىٓ أَرَىٰ مَا لَا تَرَوْنَ إِنِّىٓ أَخَافُ ٱللَّهَ ۚ وَٱللَّهُ شَدِيدُ ٱلْعِقَابِ

And [remember] when Satan made their deeds pleasing to them and said, "No one can overcome you today from among the people, and indeed, I am your protector." But when the two armies sighted each other, he turned on his heels and said, "Indeed, I am disassociated from you. Indeed, I see what you do not see; indeed I fear Allah. And Allah is severe in penalty."

হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, সি অচিৰেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তান সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছো যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।

Al-Anfaal 8:48Listen in Qur'an →
49

إِذْ يَقُولُ ٱلْمُنَٰفِقُونَ وَٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ غَرَّ هَٰٓؤُلَآءِ دِينُهُمْ ۗ وَمَن يَتَوَكَّلْ عَلَى ٱللَّهِ فَإِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌۭ

[Remember] when the hypocrites and those in whose hearts was disease said, "Their religion has deluded those [Muslims]." But whoever relies upon Allah - then indeed, Allah is Exalted in Might and Wise.

তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈ আছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সংখ্যালঘু তথা অস্ত্ৰ পাতি কম থকাৰ পিছতো সংখ্যাগৰিষ্ঠ তথা সসস্ত্ৰ বাহিনীৰ লগত বিজয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰৱঞ্চনা কৰিছে। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত নেৰিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।

Al-Anfaal 8:49Listen in Qur'an →
50

وَلَوْ تَرَىٰٓ إِذْ يَتَوَفَّى ٱلَّذِينَ كَفَرُوا۟ ۙ ٱلْمَلَٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَٰرَهُمْ وَذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ

And if you could but see when the angels take the souls of those who disbelieved... They are striking their faces and their backs and [saying], "Taste the punishment of the Burning Fire.

হে ৰাছুল! আপুনি যদি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।

Al-Anfaal 8:50Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.