Muslim99Muslim99
← Tafsir library

8. Al-Anfaal

The Spoils of War · Medinan · 75 ayahs

سُورَةُ الأَنفَالِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 71–75 of 75

71

وَإِن يُرِيدُوا۟ خِيَانَتَكَ فَقَدْ خَانُوا۟ ٱللَّهَ مِن قَبْلُ فَأَمْكَنَ مِنْهُمْ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

But if they intend to betray you - then they have already betrayed Allah before, and He empowered [you] over them. And Allah is Knowing and Wise.

হে মুহাম্মদ! ইহঁতে যদি পাকে প্ৰকাৰে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব বিচাৰে, তেন্তে জানি থওঁক! ইয়াৰ পূৰ্বেও সিহঁতে আল্লাহৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু আল্লাহে আপোনাক সিহঁতৰ বিৰুদ্ধে সহায় কৰিছে। এতেকে সিহঁতৰ বহুতো লোক নিহত হৈছে আৰু বহুতো লোক বন্দী হৈ আহিছে। ইয়াৰ পিছতো যদি সিহঁতে পুনৰ এনেকুৱা আচৰণ কৰে তেন্তে সিহঁতে এনেকুৱা শাস্তিৰেই অপেক্ষা কৰা উচিত। অৱশ্যে আল্লাহ তেওঁৰ সৃষ্টিসকলৰ বিষয়ে আৰু সিহঁতৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

Al-Anfaal 8:71Listen in Qur'an →
72

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَٰٓئِكَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍۢ ۚ وَٱلَّذِينَ ءَامَنُوا۟ وَلَمْ يُهَاجِرُوا۟ مَا لَكُم مِّن وَلَٰيَتِهِم مِّن شَىْءٍ حَتَّىٰ يُهَاجِرُوا۟ ۚ وَإِنِ ٱسْتَنصَرُوكُمْ فِى ٱلدِّينِ فَعَلَيْكُمُ ٱلنَّصْرُ إِلَّا عَلَىٰ قَوْمٍۭ بَيْنَكُمْ وَبَيْنَهُم مِّيثَٰقٌۭ ۗ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌۭ

Indeed, those who have believed and emigrated and fought with their wealth and lives in the cause of Allah and those who gave shelter and aided - they are allies of one another. But those who believed and did not emigrate - for you there is no guardianship of them until they emigrate. And if they seek help of you for the religion, then you must help, except against a people between yourselves and whom is a treaty. And Allah is Seeing of what you do.

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিছে, লগতে কুফুৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকুৱা ঠাইৰ পিনে হিজৰত কৰিছে যত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকেই মুহাজিৰ আৰু তেওঁলোকক সহায়কাৰীসকল হৈছে মদীনাবাসী, পৰস্পৰে পৰস্পৰৰ সহায়ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোক যেতিয়ালৈকে হিজৰত নকৰিব তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য নহয়। কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁতে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয়। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কাম গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

Al-Anfaal 8:72Listen in Qur'an →
73

وَٱلَّذِينَ كَفَرُوا۟ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ ۚ إِلَّا تَفْعَلُوهُ تَكُن فِتْنَةٌۭ فِى ٱلْأَرْضِ وَفَسَادٌۭ كَبِيرٌۭ

And those who disbelieved are allies of one another. If you do not do so, there will be fitnah on earth and great corruption.

যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতক এই অস্বীকাৰ কাৰ্যই একত্ৰিত কৰি ৰাখে। সেয়ে সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। গতিকে মুমিনসকলে সিহঁতৰ লগত আন্তৰিক বন্ধুত্ব কৰা উচিত নহয়। যদি তোমালোকে মুমিনসকলৰ লগত বন্ধুত্ব আৰু কাফিৰৰ লগত বিদ্বেষ পোষণ নকৰা তেন্তে এইটো মুমিনসকলৰ বাবে ফিত্নাৰ কাৰণ হ'ব। ফলত এনেকুৱা পৰিস্থিতিত কোনো মুছলিম ভায়ে তাক সহায় নকৰিব। আৰু আল্লাহৰ পথত বাধা প্ৰদানৰ এটা ডাঙৰ বিপৰ্যয় সৃষ্টি হ'ব।

Al-Anfaal 8:73Listen in Qur'an →
74

وَٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَٰهَدُوا۟ فِى سَبِيلِ ٱللَّهِ وَٱلَّذِينَ ءَاوَوا۟ وَّنَصَرُوٓا۟ أُو۟لَٰٓئِكَ هُمُ ٱلْمُؤْمِنُونَ حَقًّۭا ۚ لَّهُم مَّغْفِرَةٌۭ وَرِزْقٌۭ كَرِيمٌۭ

But those who have believed and emigrated and fought in the cause of Allah and those who gave shelter and aided - it is they who are the believers, truly. For them is forgiveness and noble provision.

তথা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ পথত হিজৰত কৰিছে, তথা যিসকলে মুহাজিৰসকলক আশ্ৰয় দিছে আৰু সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে প্ৰতিদান হৈছে গুনাহৰ মাগফিৰাত আৰু আছে উত্তম জীৱিকা অৰ্থাৎ জান্নাত।

Al-Anfaal 8:74Listen in Qur'an →
75

وَٱلَّذِينَ ءَامَنُوا۟ مِنۢ بَعْدُ وَهَاجَرُوا۟ وَجَٰهَدُوا۟ مَعَكُمْ فَأُو۟لَٰٓئِكَ مِنكُمْ ۚ وَأُو۟لُوا۟ ٱلْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍۢ فِى كِتَٰبِ ٱللَّهِ ۗ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۢ

And those who believed after [the initial emigration] and emigrated and fought with you - they are of you. But those of [blood] relationship are more entitled [to inheritance] in the decree of Allah. Indeed, Allah is Knowing of all things.

যিসকলে প্ৰথমাৱস্থাত ইছলাম গ্ৰহণকাৰী মুহাজিৰ আৰু আনচাৰসকলৰ পিছৰ সময়ছোৱাত ঈমান পোষণ কৰিছে, কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰি আহিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা নিম্নগামী হয়, হে মুমিনসকল! তেওঁলোকেই তোমালোকৰ অন্তৰ্ভুক্ত। তেওঁলোকেও সেই সমূহ অধিকাৰ পাব, যিবোৰ তোমালোকে পোৱা। যিবোৰ কৰ্তব্য তোমালোকৰ ওপৰত আছে, সেইবোৰ কৰ্তব্য তেওঁলোকৰ ওপৰত প্ৰযোজ্য। নিকটাত্মীয়সকল আল্লাহৰ বিধান অনুসাৰে ঈমান আৰু হিজৰতৰ ভিত্তিত উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত আগতে যি বিধান দিয়া হৈছিল, সেইমতে পৰস্পৰে পৰস্পৰৰ উত্তৰাধিকাৰী হোৱাৰ অধিক যোগ্য। নিশ্চয় আল্লাহ সকলো বিষয় সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ভালদৰে জানে কোনটো বস্তু তেওঁৰ বান্দাসকলৰ বাবে উপকাৰী। সেয়ে তেওঁ সেইটোৰেই আদেশ দিয়ে।

Al-Anfaal 8:75Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.