Muslim99Muslim99
← Tafsir library

8. Al-Anfaal

The Spoils of War · Medinan · 75 ayahs

سُورَةُ الأَنفَالِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 11–20 of 75

11

إِذْ يُغَشِّيكُمُ ٱلنُّعَاسَ أَمَنَةًۭ مِّنْهُ وَيُنَزِّلُ عَلَيْكُم مِّنَ ٱلسَّمَآءِ مَآءًۭ لِّيُطَهِّرَكُم بِهِۦ وَيُذْهِبَ عَنكُمْ رِجْزَ ٱلشَّيْطَٰنِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ ٱلْأَقْدَامَ

[Remember] when He overwhelmed you with drowsiness [giving] security from Him and sent down upon you from the sky, rain by which to purify you and remove from you the evil [suggestions] of Satan and to make steadfast your hearts and plant firmly thereby your feet.

হে মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয়ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্তৰৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময়ত তোমালোকৰ শৰীৰ অটল থাকে। আৰু তোমালোকৰ ভৰি যাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটিত তোমালোকৰ ভৰি পুত নাখায়। বৰষুণৰ জৰিয়তে সেই মাটিক জমাই দিয়া হৈছিল।

Al-Anfaal 8:11Listen in Qur'an →
12

إِذْ يُوحِى رَبُّكَ إِلَى ٱلْمَلَٰٓئِكَةِ أَنِّى مَعَكُمْ فَثَبِّتُوا۟ ٱلَّذِينَ ءَامَنُوا۟ ۚ سَأُلْقِى فِى قُلُوبِ ٱلَّذِينَ كَفَرُوا۟ ٱلرُّعْبَ فَٱضْرِبُوا۟ فَوْقَ ٱلْأَعْنَاقِ وَٱضْرِبُوا۟ مِنْهُمْ كُلَّ بَنَانٍۢ

[Remember] when your Lord inspired to the angels, "I am with you, so strengthen those who have believed. I will cast terror into the hearts of those who disbelieved, so strike [them] upon the necks and strike from them every fingertip."

হে নবী! যেতিয়া আপোনাৰ প্ৰতিপালকে সেইসকল ফিৰিস্তাৰ প্ৰতি অহী কৰিছিল, যিসকলক বদৰৰ দিনা মুমিনসকলৰ সহায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, হে ফিৰিস্তাসকল! মোৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে। এতেকে মুমিনসকলৰ শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হোৱা। মই অতিশীঘ্ৰে কাফিৰসকলৰ অন্তৰত ভয় সৃষ্টি কৰিম। এতেকে হে মুমিনসকল! কাফিৰসকলৰ শিৰচ্ছেদ কৰি যোৱা, যাতে সিহঁত মৃত্যুবৰণ কৰে। আৰু সিহঁতৰ হাড় আৰু শৰীৰৰ অংগ প্ৰত্যঙ্গত প্ৰহাৰ কৰা যাতে সিহঁতে যুদ্ধ কৰিবলৈ অসমৰ্থ হয়।

Al-Anfaal 8:12Listen in Qur'an →
13

ذَٰلِكَ بِأَنَّهُمْ شَآقُّوا۟ ٱللَّهَ وَرَسُولَهُۥ ۚ وَمَن يُشَاقِقِ ٱللَّهَ وَرَسُولَهُۥ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ

That is because they opposed Allah and His Messenger. And whoever opposes Allah and His Messenger - indeed, Allah is severe in penalty.

কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয়নো সিহঁতে আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁতক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্টদায়ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ।

Al-Anfaal 8:13Listen in Qur'an →
14

ذَٰلِكُمْ فَذُوقُوهُ وَأَنَّ لِلْكَٰفِرِينَ عَذَابَ ٱلنَّارِ

"That [is yours], so taste it." And indeed for the disbelievers is the punishment of the Fire.

হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতাকাৰী সকল! এইটোৱে তোমালোকৰ শাস্তি। পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কুফৰ তথা পাপিষ্ঠ অৱস্থাত মৃত্যুবৰণ কৰা তেন্তে আখিৰাতত আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি।

Al-Anfaal 8:14Listen in Qur'an →
15

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ زَحْفًۭا فَلَا تُوَلُّوهُمُ ٱلْأَدْبَارَ

O you who have believed, when you meet those who disbelieve advancing [for battle], do not turn to them your backs [in flight].

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যুদ্ধৰ ময়দানত যেতিয়া মুশ্বৰিকসকলৰ লগত তোমালোকৰ মুকাবিলা হ'ব, তেতিয়া পৰাজয় স্বীকাৰ নকৰিবা আৰু পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন নকৰিবা। বৰং দৃঢ়তাৰে সিহঁতৰ লগত মুকাবিলা কৰিবা আৰু ধৈৰ্য ধাৰণ কৰিবা। কিয়নো আল্লাহৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে।

Al-Anfaal 8:15Listen in Qur'an →
16

وَمَن يُوَلِّهِمْ يَوْمَئِذٍۢ دُبُرَهُۥٓ إِلَّا مُتَحَرِّفًۭا لِّقِتَالٍ أَوْ مُتَحَيِّزًا إِلَىٰ فِئَةٍۢ فَقَدْ بَآءَ بِغَضَبٍۢ مِّنَ ٱللَّهِ وَمَأْوَىٰهُ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمَصِيرُ

And whoever turns his back to them on such a day, unless swerving [as a strategy] for war or joining [another] company, has certainly returned with anger [upon him] from Allah, and his refuge is Hell - and wretched is the destination.

যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে সেইটো সুকীয়া কথা, যেনে- শত্ৰু পক্ষই যাতে ভাৱে যে, তেওঁলোক পলায়ন কৰি আছে, অথচ তেওঁলোক উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।

Al-Anfaal 8:16Listen in Qur'an →
17

فَلَمْ تَقْتُلُوهُمْ وَلَٰكِنَّ ٱللَّهَ قَتَلَهُمْ ۚ وَمَا رَمَيْتَ إِذْ رَمَيْتَ وَلَٰكِنَّ ٱللَّهَ رَمَىٰ ۚ وَلِيُبْلِىَ ٱلْمُؤْمِنِينَ مِنْهُ بَلَآءً حَسَنًا ۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٌۭ

And you did not kill them, but it was Allah who killed them. And you threw not, [O Muhammad], when you threw, but it was Allah who threw that He might test the believers with a good test. Indeed, Allah is Hearing and Knowing.

হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। আৰু হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁতৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তুতি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, লগতে কোনটো কামত তোমালোকৰ কল্যাণ আছে সেই বিষয়েও তেওঁ সম্যক অৱগত।

Al-Anfaal 8:17Listen in Qur'an →
18

ذَٰلِكُمْ وَأَنَّ ٱللَّهَ مُوهِنُ كَيْدِ ٱلْكَٰفِرِينَ

That [is so], and [also] that Allah will weaken the plot of the disbelievers.

উক্ত সকলো বিষয়, যেনে- মুশ্বৰিকসকলক হত্যা কৰা, সিহঁতৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁত পৰাজিত হৈ পলায়ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটিত হৈছে। আল্লাহেই সেই সকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে।

Al-Anfaal 8:18Listen in Qur'an →
19

إِن تَسْتَفْتِحُوا۟ فَقَدْ جَآءَكُمُ ٱلْفَتْحُ ۖ وَإِن تَنتَهُوا۟ فَهُوَ خَيْرٌۭ لَّكُمْ ۖ وَإِن تَعُودُوا۟ نَعُدْ وَلَن تُغْنِىَ عَنكُمْ فِئَتُكُمْ شَيْـًۭٔا وَلَوْ كَثُرَتْ وَأَنَّ ٱللَّهَ مَعَ ٱلْمُؤْمِنِينَ

If you [disbelievers] seek the victory - the defeat has come to you. And if you desist [from hostilities], it is best for you; but if you return [to war], We will return, and never will you be availed by your [large] company at all, even if it should increase; and [that is] because Allah is with the believers.

হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।

Al-Anfaal 8:19Listen in Qur'an →
20

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَلَا تَوَلَّوْا۟ عَنْهُ وَأَنتُمْ تَسْمَعُونَ

O you who have believed, obey Allah and His Messenger and do not turn from him while you hear [his order].

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ত পতিত হৈ তেওঁৰ পৰা বিমুখ নহবা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূহ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয়।

Al-Anfaal 8:20Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.