Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 206

51

ٱلَّذِينَ ٱتَّخَذُوا۟ دِينَهُمْ لَهْوًۭا وَلَعِبًۭا وَغَرَّتْهُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا ۚ فَٱلْيَوْمَ نَنسَىٰهُمْ كَمَا نَسُوا۟ لِقَآءَ يَوْمِهِمْ هَٰذَا وَمَا كَانُوا۟ بِـَٔايَٰتِنَا يَجْحَدُونَ

Who took their religion as distraction and amusement and whom the worldly life deluded." So today We will forget them just as they forgot the meeting of this Day of theirs and for having rejected Our verses.

এইসকল কাফিৰেই ধৰ্মক লৈ উপহাস কৰিছিল, আৰু অপ্ৰয়োজনীয় বুলি কৈছিল, পৃথিৱীৰ ৰঙীণতা আৰু সৌন্দৰ্যত মতলীয়া হৈছিল। সেয়ে ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতক আওকাণ কৰিব আৰু শাস্তি উপভোগ কৰিবলৈ এৰি দিব, যিদৰে সিহঁতে ক্বিয়ামতৰ দিৱসক পাহৰি আছিল। সেই দিৱসৰ বাবে সিহঁতে কোনো কৰ্মও কৰা নাছিল আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল। এই কাৰণেও যে, সিহঁতে আল্লাহৰ স্পষ্ট প্ৰমাণসমূহক অস্বীকাৰ কৰিছিল, যদিও সিহঁতে ভালদৰে জানিছিল যে, এয়া সত্য।

Al-A'raaf 7:51Listen in Qur'an →
52

وَلَقَدْ جِئْنَٰهُم بِكِتَٰبٍۢ فَصَّلْنَٰهُ عَلَىٰ عِلْمٍ هُدًۭى وَرَحْمَةًۭ لِّقَوْمٍۢ يُؤْمِنُونَ

And We had certainly brought them a Book which We detailed by knowledge - as guidance and mercy to a people who believe.

আমি এই কোৰআন সিহঁতৰ ওচৰত আনিছো, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এখন পুথি। আমি আমাৰ জ্ঞানৰ দ্বাৰা ইয়াক বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছো। এই পুথিয়ে মুমিনসকলক সত্য তথা হিদায়তৰ পথ দেখুৱায়। লগতে এইটো মুমিনসকলৰ বাবে ৰহমত, কিয়নো ইয়াৰ মাজত আছে পৃথিৱী আৰু আখিৰাতৰ প্ৰতি দিশ নিৰ্দেশনা।

Al-A'raaf 7:52Listen in Qur'an →
53

هَلْ يَنظُرُونَ إِلَّا تَأْوِيلَهُۥ ۚ يَوْمَ يَأْتِى تَأْوِيلُهُۥ يَقُولُ ٱلَّذِينَ نَسُوهُ مِن قَبْلُ قَدْ جَآءَتْ رُسُلُ رَبِّنَا بِٱلْحَقِّ فَهَل لَّنَا مِن شُفَعَآءَ فَيَشْفَعُوا۟ لَنَآ أَوْ نُرَدُّ فَنَعْمَلَ غَيْرَ ٱلَّذِى كُنَّا نَعْمَلُ ۚ قَدْ خَسِرُوٓا۟ أَنفُسَهُمْ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ

Do they await except its result? The Day its result comes those who had ignored it before will say, "The messengers of our Lord had come with the truth, so are there [now] any intercessors to intercede for us or could we be sent back to do other than we used to do?" They will have lost themselves, and lost from them is what they used to invent.

কাফিৰসকলে সেই কষ্টদায়ক শাস্তিৰ অপেক্ষাত আছে, যি বিষয়ে সিহঁতক জনোৱা হৈছে। যিটোৰ সন্মুখীন সিহঁত আখিৰাতত হ'ব। যিদিনা সেই শাস্তি আহিব, যিটোৰ বিষয়ে সিহঁতক জনোৱা হৈছে আৰু সেই প্ৰতিদানো সন্মুখত পাব যিটো মুমিনসকলে পাব। তেতিয়া সেই সকল লোকে কব যিসকলে পৃথিৱীত কোৰআনক অৱজ্ঞা কৰিছিল আৰু কোৰআনৰ মতে আমল কৰা নাছিলঃ নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল, যাৰ মাজত কোনো সন্দেহ নাছিল আৰু সেইটো নিশ্চিতৰূপে আল্লাহৰ ফালৰ পৰা আছিল। হায়! আজি যদি কোনোবাই আমাৰ বাবে আল্লাহৰ ওচৰত শাস্তিৰ পৰা মুক্তিৰ কাৰণে ছুপাৰিছ কৰিলেহেঁতেন! অথবা আমাক যদি দুনাই পৃথিৱীলৈ যোৱাৰ সুযোগ দিলেহেঁতেন তেন্তে আমি অসৎকৰ্মৰ পৰিবৰ্তে সৎকৰ্ম কৰিলোহেঁতেন, ফলত আমি এই শাস্তিৰ পৰা মুক্তি পালোহেঁতেন। এইসকল কাফিৰে কুফুৰী কৰাৰ ফলত নিজকে ধ্বংস আৰু ক্ষতিগ্ৰস্ত কৰিছে, আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰও আজি নিৰুদ্দেশ হৈছে, সিহঁতৰ একোৱে উপকাৰ কৰা নাই।

Al-A'raaf 7:53Listen in Qur'an →
54

إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍۢ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ يُغْشِى ٱلَّيْلَ ٱلنَّهَارَ يَطْلُبُهُۥ حَثِيثًۭا وَٱلشَّمْسَ وَٱلْقَمَرَ وَٱلنُّجُومَ مُسَخَّرَٰتٍۭ بِأَمْرِهِۦٓ ۗ أَلَا لَهُ ٱلْخَلْقُ وَٱلْأَمْرُ ۗ تَبَارَكَ ٱللَّهُ رَبُّ ٱلْعَٰلَمِينَ

Indeed, your Lord is Allah, who created the heavens and earth in six days and then established Himself above the Throne. He covers the night with the day, [another night] chasing it rapidly; and [He created] the sun, the moon, and the stars, subjected by His command. Unquestionably, His is the creation and the command; blessed is Allah, Lord of the worlds.

হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেই আল্লাহ, যিয়ে আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো উপমা নোহোৱাকৈ ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ নিজৰ মৰ্যদানুসাৰে আৰশ্বৰ ওপৰত উঠিছে। ইয়াৰ ধৰণ সম্পৰ্কে আমি জ্ঞাত নহয়। তেৱেঁই দিনৰ পোহৰৰ পৰা ৰাতিৰ অন্ধকাৰক আৰু ৰাতিৰ অন্ধকাৰৰ পৰা দিনৰ পোহৰক আঁতৰাই দিয়ে। ৰাতি আৰু দিন উভয়ে, ইটোৱে সিটোক দ্ৰুত গতিত অনুসৰণ কৰি আছে। এটা যোৱাৰ লগে লগে দ্বিতীয়টো আহি পৰে। তেৱেঁই সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ সৃষ্টি কৰিছে। তেওঁৰ আদেশতেই সকলো পৰিচালিত হৈ আছে। জানি থোৱা! সকলোৰে স্ৰষ্টা একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা আছেনে? আদেশ কেৱল তেওঁৰ চলে। তেওঁৰ অনুগ্ৰহ তথা উপকাৰ অসীম। তেৱেঁই প্ৰতাপ আৰু পূৰ্ণতাৰ বিশেষণেৰে বিশেষিত। বিশ্বজগতৰ একমাত্ৰ তেৱেঁই প্ৰতিপালক।

Al-A'raaf 7:54Listen in Qur'an →
55

ٱدْعُوا۟ رَبَّكُمْ تَضَرُّعًۭا وَخُفْيَةً ۚ إِنَّهُۥ لَا يُحِبُّ ٱلْمُعْتَدِينَ

Call upon your Lord in humility and privately; indeed, He does not like transgressors.

হে মুমিনসকল! তোমালোকৰ প্ৰতিপালকক অতি বিনম্ৰতা সহকাৰে আৰু গোপনে আহ্বান কৰা, একনিষ্ঠ হৈ কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা, মানুহক দেখুৱাবলৈ কৰা আমলৰ পৰা বিৰত থাকা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা নকৰিবা। নিশ্চয় আল্লাহে সেই সকল ব্যক্তিক পছন্দ নকৰে যিসকলে দুআৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰে। আৰু আটাইতকৈ ডাঙৰ সীমালঙ্ঘন হৈছে, দুআৰ ক্ষেত্ৰত আনক অংশীদাৰ স্থাপন কৰা, যিদৰে মুশ্বৰিকসকলে কৰে।

Al-A'raaf 7:55Listen in Qur'an →
56

وَلَا تُفْسِدُوا۟ فِى ٱلْأَرْضِ بَعْدَ إِصْلَٰحِهَا وَٱدْعُوهُ خَوْفًۭا وَطَمَعًا ۚ إِنَّ رَحْمَتَ ٱللَّهِ قَرِيبٌۭ مِّنَ ٱلْمُحْسِنِينَ

And cause not corruption upon the earth after its reformation. And invoke Him in fear and aspiration. Indeed, the mercy of Allah is near to the doers of good.

গুনাহ কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা, অথচ আল্লাহে ৰাছুল প্ৰেৰণ কৰি পৃথিৱীখনক সংশোধন কৰিছে আৰু তেওঁৰ আনুগত্যৰ জৰিয়তে ইয়াক গঢ়ি তুলিছে। আল্লাহৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ ছোৱাবৰ আশা পোষণ কৰি কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ ৰহমত নেকপৰায়ণ লোকসকলৰ অতি সন্নিকট। এতেকে তোমালোকেও তাৰ অন্তৰ্ভুক্ত হোৱা।

Al-A'raaf 7:56Listen in Qur'an →
57

وَهُوَ ٱلَّذِى يُرْسِلُ ٱلرِّيَٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦ ۖ حَتَّىٰٓ إِذَآ أَقَلَّتْ سَحَابًۭا ثِقَالًۭا سُقْنَٰهُ لِبَلَدٍۢ مَّيِّتٍۢ فَأَنزَلْنَا بِهِ ٱلْمَآءَ فَأَخْرَجْنَا بِهِۦ مِن كُلِّ ٱلثَّمَرَٰتِ ۚ كَذَٰلِكَ نُخْرِجُ ٱلْمَوْتَىٰ لَعَلَّكُمْ تَذَكَّرُونَ

And it is He who sends the winds as good tidings before His mercy until, when they have carried heavy rainclouds, We drive them to a dead land and We send down rain therein and bring forth thereby [some] of all the fruits. Thus will We bring forth the dead; perhaps you may be reminded.

আল্লাহেই বতাহক বৰষুণৰ শুভসংবাদবাহী হিচাপে প্ৰেৰণ কৰে। যেতিয়া পানী ভৰা মেঘক বতাহে লৈ ফুৰে, তেতিয়া আমি মেঘক এটা মৃত ভূমিৰ পিনে লৈ যাওঁ। আৰু তাত পানী বৰ্ষণ কৰো আৰু সেই পানীৰে সকলো প্ৰকাৰৰ ফলমূল তথা খাদ্যদ্ৰৱ্য উৎপন্ন কৰো। এইদৰেই আমি মৃত সকলক জীৱিত কৰি কবৰৰ পৰা পুনৰুত্থান কৰিম। হে মানৱ! এইবোৰ আমি এই কাৰণে কৰিছো, যাতে তোমালোকে আল্লাহৰ ক্ষমতা তথা তেওঁৰ কৰ্ম স্মৰণ কৰিব পাৰা। আৰু যাতে গমি চাব পাৰা যে, নিশ্চয় আল্লাহে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম।

Al-A'raaf 7:57Listen in Qur'an →
58

وَٱلْبَلَدُ ٱلطَّيِّبُ يَخْرُجُ نَبَاتُهُۥ بِإِذْنِ رَبِّهِۦ ۖ وَٱلَّذِى خَبُثَ لَا يَخْرُجُ إِلَّا نَكِدًۭا ۚ كَذَٰلِكَ نُصَرِّفُ ٱلْءَايَٰتِ لِقَوْمٍۢ يَشْكُرُونَ

And the good land - its vegetation emerges by permission of its Lord; but that which is bad - nothing emerges except sparsely, with difficulty. Thus do We diversify the signs for a people who are grateful.

ভাল ভূমিয়ে আল্লাহৰ আদেশত সুন্দৰ তথা উপযুক্ত পুলি গজায়। ঠিক সেইদৰে মুমিনসকলে উপদেশ শুনি তাৰ পৰা উপকৃত হয়, ইয়াৰ ফলত নেক আমল উৎপন্ন হয়। আনহাতে মৃত আৰু নিমখ মিশ্ৰিত ভূমিয়ে অপ্ৰয়োজনীয় পুলি গজায়, যিবোৰ কোনো কামত নাহে। ঠিক সেইদৰে কাফিৰসকলে উপদেশৰ পৰা উপকৃত নহয়, ফলত সিহঁতে সৎকৰ্মও নকৰে যিটো সিহঁতৰ বাবে লাভদায়ক হ'ব। যিদৰে আমি বিভিন্ন প্ৰকাৰৰ বস্তু উৎপন্ন কৰো, ঠিক সেইদৰে আমি বিভিন্ন প্ৰকাৰৰ দলীল-প্ৰমাণো দাঙি ধৰো, যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনকাৰী লোক সকলৰ সন্মুখত তেওঁৰ সত্য প্ৰমাণিত হয়। আৰু যাতে তেওঁলোকে ইয়াক অস্বীকাৰ নকৰে, লগতে তেওঁলোকে যাতে প্ৰতিপালকৰ আনুগত্য কৰে।

Al-A'raaf 7:58Listen in Qur'an →
59

لَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَقَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥٓ إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍۢ

We had certainly sent Noah to his people, and he said, "O my people, worship Allah; you have no deity other than Him. Indeed, I fear for you the punishment of a tremendous Day.

নিশ্চয় আমি নূহক তেওঁৰ জাতিৰ পিনে ৰাছুল বনাই প্ৰেৰণ কৰিছিলো, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু আল্লাহৰ বাহিৰে আনৰ উপাসনাৰ পৰা বিৰত ৰাখে। এতেকে নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ জাতি! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। আনহাতে যদি তোমালোকে কুফুৰীত অটল থাকা তেন্তে মোৰ আশংকা হয় তোমালোকে এক মহাদিৱসৰ শাস্তিৰ চিকাৰ হ'বা।

Al-A'raaf 7:59Listen in Qur'an →
60

قَالَ ٱلْمَلَأُ مِن قَوْمِهِۦٓ إِنَّا لَنَرَىٰكَ فِى ضَلَٰلٍۢ مُّبِينٍۢ

Said the eminent among his people, "Indeed, we see you in clear error."

তেওঁক তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলে ক'লেঃ হে নূহ! আমি ভাৱো তুমি স্পষ্ট সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছা।

Al-A'raaf 7:60Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.