Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 91–100 of 206

91

فَأَخَذَتْهُمُ ٱلرَّجْفَةُ فَأَصْبَحُوا۟ فِى دَارِهِمْ جَٰثِمِينَ

So the earthquake seized them, and they became within their home [corpses] fallen prone.

ফলত সিহঁতক ভীষণ ভূমিকম্পই গ্ৰাস কৰিলে, আৰু সিহঁত নিজ নিজ ঘৰতে আঠু পাৰি আৰু উবুৰি খাই পৰি মৰি থাকিল।

Al-A'raaf 7:91Listen in Qur'an →
92

ٱلَّذِينَ كَذَّبُوا۟ شُعَيْبًۭا كَأَن لَّمْ يَغْنَوْا۟ فِيهَا ۚ ٱلَّذِينَ كَذَّبُوا۟ شُعَيْبًۭا كَانُوا۟ هُمُ ٱلْخَٰسِرِينَ

Those who denied Shu'ayb - it was as though they had never resided there. Those who denied Shu'ayb - it was they who were the losers.

যিসকলে শ্বুআইব আলাইহিছ ছালামক অস্বীকাৰ কৰিলে সিহঁত সকলোৱে ধ্বংস হৈছে। আৰু সিহঁতৰ অৱস্থা এনেকুৱা হ'ল যেনিবা সিহঁতে সেই নগৰত কেতিয়াও বসবাসেই কৰা নাছিল। যিসকলে শ্বুআইব আলাইহিছ ছালামক অস্বীকাৰ কৰিছে, সিহঁতেই ক্ষতিগ্ৰস্ত হৈছে। কিয়নো সিহঁতে নিজকেও ধ্বংস কৰিছে আৰু নিজৰ ধন-সম্পত্তিও ধ্বংস কৰিছে। আনহাত তেওঁৰ সম্প্ৰদায়ৰ মুমিনসকলৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই, যিদৰে কাফিৰসকলে দাবী কৰিছিল।

Al-A'raaf 7:92Listen in Qur'an →
93

فَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَٰقَوْمِ لَقَدْ أَبْلَغْتُكُمْ رِسَٰلَٰتِ رَبِّى وَنَصَحْتُ لَكُمْ ۖ فَكَيْفَ ءَاسَىٰ عَلَىٰ قَوْمٍۢ كَٰفِرِينَ

And he turned away from them and said, "O my people, I had certainly conveyed to you the messages of my Lord and advised you, so how could I grieve for a disbelieving people?"

সিহঁত ধ্বংস হোৱাৰ পিছত শ্বুআইব আলাইহিছ ছালামে সিহঁতৰ পৰা মুখ ঘূৰাই ললে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো, যিটো পৌঁচাই দিবলৈ মোক মোৰ প্ৰতিপালকে আদেশ দিছিল, আৰু মই তোমালোকৰ কল্যাণ কামনা কৰিছিলো কিন্তু তোমালোকে মোৰ পৰামৰ্শ নামানিলা, লগতে মই দেখুৱা পথত পৰিচালিত নহ'লা। তেন্তে মই কিয় এনেকুৱা জাতিৰ বাবে আক্ষেপ কৰিম বা শোক পালন কৰিম, যি জাতিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু কুফৰৰ ওপৰত অটল থাকে।

Al-A'raaf 7:93Listen in Qur'an →
94

وَمَآ أَرْسَلْنَا فِى قَرْيَةٍۢ مِّن نَّبِىٍّ إِلَّآ أَخَذْنَآ أَهْلَهَا بِٱلْبَأْسَآءِ وَٱلضَّرَّآءِ لَعَلَّهُمْ يَضَّرَّعُونَ

And We sent to no city a prophet [who was denied] except that We seized its people with poverty and hardship that they might humble themselves [to Allah].

এতেকে যেতিয়াই আমি কোনো গাওঁৰ অধিবাসীসকলৰ প্ৰতি আমাৰ ফালৰ পৰা কোনো নবী প্ৰেৰণ কৰিছো, আৰু তাৰ অধিবাসীসকলে সেই নবীক অস্বীকাৰ কৰিছে আৰু কুফৰ কৰিছে, তেতিয়াই আমি সিহঁতক কঠিন পৰিস্থিতি আৰু দুৰ্ভিক্ষ তথা বেমাৰ-আজাৰত আক্ৰান্ত কৰিছো। যাতে সিহঁতে আল্লাহৰ ওচৰত নত স্বীকাৰ কৰি বিনয়ী হয়, লগতে কুফৰ আৰু অহংকাৰ পৰিত্যাগ কৰে। দৰাচলতে পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ বিষয়ে আল্লাহৰ ৰীতি উল্লেখ কৰি কুৰাইশ্ব আৰু সকলো অস্বীকাৰকাৰী কাফিৰসকলক সাৱধান কৰা হৈছে।

Al-A'raaf 7:94Listen in Qur'an →
95

ثُمَّ بَدَّلْنَا مَكَانَ ٱلسَّيِّئَةِ ٱلْحَسَنَةَ حَتَّىٰ عَفَوا۟ وَّقَالُوا۟ قَدْ مَسَّ ءَابَآءَنَا ٱلضَّرَّآءُ وَٱلسَّرَّآءُ فَأَخَذْنَٰهُم بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ

Then We exchanged in place of the bad [condition], good, until they increased [and prospered] and said, "Our fathers [also] were touched with hardship and ease." So We seized them suddenly while they did not perceive.

দুৰ্ভিক্ষ আৰু বেমাৰ-আজাৰৰ পিছত আমি সিহঁতক সুখ-সুবিধা প্ৰদান কৰিছো। অৱশেষত সিহঁতৰ সংখ্যা যেতিয়া বৃদ্ধি পালে তথা সিহঁতৰ ধন-সম্পত্তিও বৃদ্ধি পালে, তেতিয়া সিহঁতে কবলৈ ধৰিলে যে, আমি সন্মুখীন হোৱা কল্যাণ অকল্যাণ কোনো নতুন বিষয় নহয়, আমাৰ পূৰ্বেও আমাৰ পূৰ্বপুৰুষসকলে সুখ-দুখৰ সন্মুখীন হৈছিল। সিহঁতে এই তথ্যত উপনীত হ'ব পৰা নাই যে, সিহঁতৰ পূৰ্বপুৰুষসকলে যি শাস্তি ভোগ কৰিছিল তাৰ উদ্দেশ্য আছিল শিক্ষা গ্ৰহণ কৰা আৰু যি অনুগ্ৰহ লাভ কৰিছিল তাৰ উদ্দেশ্য আছিল অৱকাশ দিয়া। ফলত আমি সিহঁতক হঠাৎ এনেকুৱা শাস্তিত আক্ৰান্ত কৰিলো, যিটোক সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল আৰু ভাৱিবও পৰা নাছিল।

Al-A'raaf 7:95Listen in Qur'an →
96

وَلَوْ أَنَّ أَهْلَ ٱلْقُرَىٰٓ ءَامَنُوا۟ وَٱتَّقَوْا۟ لَفَتَحْنَا عَلَيْهِم بَرَكَٰتٍۢ مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ وَلَٰكِن كَذَّبُوا۟ فَأَخَذْنَٰهُم بِمَا كَانُوا۟ يَكْسِبُونَ

And if only the people of the cities had believed and feared Allah, We would have opened upon them blessings from the heaven and the earth; but they denied [the messengers], so We seized them for what they were earning."

এই নগৰৰ অধিবাসীসকলে, যিসকলৰ প্ৰতি আমি আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো, যদি সিহঁতে ৰাছুলসকলৰ বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিলেহেঁতেন! নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিলেহেঁতেন! কুফৰ আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আদেশ পালন কৰিলেহেঁতেন তেন্তে আমি সিহঁতৰ বাবে চাৰিওফালৰ পৰা কল্যাণৰ দুৱাৰ খুলি দিলোহেঁতেন। কিন্তু সিহঁতে স্বীকাৰো কৰা নাই আৰু তাক্বৱাও অৱলম্বন কৰা নাই। বৰং ৰাছুলসকলৰ বাৰ্তাক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে হঠাৎ শাস্তিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিলো।

Al-A'raaf 7:96Listen in Qur'an →
97

أَفَأَمِنَ أَهْلُ ٱلْقُرَىٰٓ أَن يَأْتِيَهُم بَأْسُنَا بَيَٰتًۭا وَهُمْ نَآئِمُونَ

Then, did the people of the cities feel secure from Our punishment coming to them at night while they were asleep?

এই অস্বীকাৰকাৰী নগৰৰ অধিবাসী সকলে ৰাতিৰ ভাগত সিহঁতৰ ওপৰত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে নেকি, যেতিয়া সিহঁতে গভীৰ টোপনিত থাকিব?

Al-A'raaf 7:97Listen in Qur'an →
98

أَوَأَمِنَ أَهْلُ ٱلْقُرَىٰٓ أَن يَأْتِيَهُم بَأْسُنَا ضُحًۭى وَهُمْ يَلْعَبُونَ

Or did the people of the cities feel secure from Our punishment coming to them in the morning while they were at play?

নে জনপদৰ অধিবাসীসকলে দিনৰ প্ৰথম ভাগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে পাৰ্থিৱ কামত ব্যস্ত হৈ সম্পূৰ্ণৰূপে অমনোযোগী হৈ থাকিব।

Al-A'raaf 7:98Listen in Qur'an →
99

أَفَأَمِنُوا۟ مَكْرَ ٱللَّهِ ۚ فَلَا يَأْمَنُ مَكْرَ ٱللَّهِ إِلَّا ٱلْقَوْمُ ٱلْخَٰسِرُونَ

Then did they feel secure from the plan of Allah? But no one feels secure from the plan of Allah except the losing people.

চোৱা! আল্লাহে সিহঁতক কেনেকৈ অৱকাশ দিছে, লগতে সিহঁতক শক্তি আৰু জীৱিকাৰ প্ৰশস্ততা প্ৰদান কৰিছে। এতেকে এই অস্বীকাৰকাৰী জনপদৰ অধিবাসীসকলে আল্লাহৰ কৌশল আৰু তেওঁৰ গোপন উপায় সম্পৰ্কে নিশ্চিন্ত হৈছে নেকি? এতেকে (জানি থোৱা!) আল্লাহৰ গোপন কৌশলৰ পৰা কেৱল সেইসকল লোকেই নিশ্চিন্ত মনে অমনোযোগী হৈ থাকে, যিসকলৰ ভাগ্যত বিনাশ লিখা হৈছে। আনহাতে তাওফীকপ্ৰাপ্ত লোকসকলে তেওঁৰ গোপন কৌশলৰ পৰা ভয় কৰে। সেয়ে তেওঁলোকে তেওঁৰ নিয়ামতৰ দ্বাৰা প্ৰৱঞ্চিত নহয়। বৰং তেওঁৰ অনুগ্ৰহত কৃতজ্ঞতা প্ৰকাশ কৰে।

Al-A'raaf 7:99Listen in Qur'an →
100

أَوَلَمْ يَهْدِ لِلَّذِينَ يَرِثُونَ ٱلْأَرْضَ مِنۢ بَعْدِ أَهْلِهَآ أَن لَّوْ نَشَآءُ أَصَبْنَٰهُم بِذُنُوبِهِمْ ۚ وَنَطْبَعُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَسْمَعُونَ

Has it not become clear to those who inherited the earth after its [previous] people that if We willed, We could afflict them for their sins? But We seal over their hearts so they do not hear.

সেইসকল লোকৰ সন্মুখত এই তথ্য স্পষ্ট হোৱা নাই নেকি, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পিছত পৃথিৱীত উত্তৰাধিকাৰী হৈছে আৰু সিহঁতৰ পূৰ্বপুৰুষক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰা হৈছিল। সিহঁতে সিহঁতৰ ওপৰত অহা শাস্তিৰ পৰা শিক্ষা গ্ৰহণ নকৰিলে, বৰং সিহঁতৰ দৰেই কাৰ্যত লিপ্ত থাকিল। এইসকল লোকৰ সন্মুখত এই কথাও স্পষ্ট হোৱা নাই নেকি যে, আল্লাহে যদি ইচ্ছা কৰে তেন্তে ইহঁতক ইহঁতৰ গুনাহৰ কাৰণে তেওঁৰ ৰীতি অনুসাৰে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু অন্তৰত মোহৰ মাৰি দিব পাৰে, ফলত কোনো শিক্ষাৰ পৰা লাভান্বিত হ'ব নোৱাৰিব আৰু কোনো উপদেশও উপকাৰত নাহিব।

Al-A'raaf 7:100Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.