Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 206

61

قَالَ يَٰقَوْمِ لَيْسَ بِى ضَلَٰلَةٌۭ وَلَٰكِنِّى رَسُولٌۭ مِّن رَّبِّ ٱلْعَٰلَمِينَ

[Noah] said, "O my people, there is not error in me, but I am a messenger from the Lord of the worlds."

নূহ আলাইহিছ ছালামে তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলক ক'লেঃ তোমালোকৰ ধাৰণা ভুল, মই পথভ্ৰষ্ট হোৱা নাই। নিশ্চয় মই মোৰ প্ৰতিপালকৰ পৰা পোৱা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত। মই মোৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰেৰিত হোৱা এজন ৰাছুল। তেৱেঁই মোৰ, তোমালোকৰ আৰু সকলোৰে প্ৰতিপালক।

Al-A'raaf 7:61Listen in Qur'an →
62

أُبَلِّغُكُمْ رِسَٰلَٰتِ رَبِّى وَأَنصَحُ لَكُمْ وَأَعْلَمُ مِنَ ٱللَّهِ مَا لَا تَعْلَمُونَ

I convey to you the messages of my Lord and advise you; and I know from Allah what you do not know.

আল্লাহে অহীৰ মাধ্যমত যিবোৰ কথা মোক জনাইছে, সেইবোৰকে মই তোমালোকলৈ পৌঁচাই দিওঁ। সেই কাৰণেই মই তোমালোকক আল্লাহৰ আনুগত্য কৰাৰ উপদেশ দিওঁ, আৰু ইয়াৰ ফলত পোৱা ছোৱাবৰ শুভসংবাদ দিওঁ। লগতে মই তোমালোকক তেওঁৰ অবাধ্যতাৰ পৰা আৰু ইয়াৰ ফলত পাবলগীয়া শাস্তিৰ পৰা সাৱধান কৰো। অহীৰ মাধ্যমত মই যি জ্ঞান লাভ কৰিছো, সেয়া তোমালোকে নাজানা।

Al-A'raaf 7:62Listen in Qur'an →
63

أَوَعَجِبْتُمْ أَن جَآءَكُمْ ذِكْرٌۭ مِّن رَّبِّكُمْ عَلَىٰ رَجُلٍۢ مِّنكُمْ لِيُنذِرَكُمْ وَلِتَتَّقُوا۟ وَلَعَلَّكُمْ تُرْحَمُونَ

Then do you wonder that there has come to you a reminder from your Lord through a man from among you, that he may warn you and that you may fear Allah so you might receive mercy."

তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা এজন ব্যক্তিয়ে অহী তথা উপদেশ লৈ আহিছে যাক তোমালোকে চিনি পোৱা? তেওঁ দেখোন তোমালোকৰ মাজতেই ডাঙৰ দীঘল হৈছে। তেওঁ মিছলীয়াও নহয় আৰু পথভ্ৰষ্টও নহয়। আন কোনো জাতিৰো নহয়। তেওঁ তোমালোকৰ ওচৰত এই কাৰণে আহিছে যে, যদি তোমালোকে অস্বীকাৰ কৰা তথা অবাধ্যতা কৰা তেন্তে তেওঁ তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিব। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা আঁতৰি থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব পাৰা। লগতে যদি তোমালোকে ঈমান পোষণ কৰা তেন্তে তোমালোকৰ প্ৰতি যাতে কৃপা কৰা হয়।

Al-A'raaf 7:63Listen in Qur'an →
64

فَكَذَّبُوهُ فَأَنجَيْنَٰهُ وَٱلَّذِينَ مَعَهُۥ فِى ٱلْفُلْكِ وَأَغْرَقْنَا ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَٰتِنَآ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًا عَمِينَ

But they denied him, so We saved him and those who were with him in the ship. And We drowned those who denied Our signs. Indeed, they were a blind people.

কিন্তু তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে আৰু তেওঁৰ প্ৰতি ঈমান পোষণ নকৰিলে, বৰং সিহঁত কুফৰৰ ওপৰত অটল থাকিল। ফলত নূহ আলাইহিছ ছালামে সিহঁতৰ ওপৰত বদ দুআ কৰি ক'লেঃ হে আল্লাহ! সিহঁতক ধ্বংস কৰি দিয়া। এতেকে আমি নূহক আৰু তেওঁৰ সৈতে থকা নাৱত আৰোহণ কৰা মুমিনসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলো। আনহাতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক লগতে যিসকলে এই কাৰ্যত অটল আছিল সিহঁতক শাস্তি স্বৰূপে অৱতীৰ্ণ হোৱা ধূমুহাত পতিত কৰি ডুবাই মাৰিলো। দৰাচলতে সিহঁতৰ অন্তৰত পৰ্দা পৰিছিল, সেই কাৰণে সিহঁতে সত্যক বুজি পোৱা নাই।

Al-A'raaf 7:64Listen in Qur'an →
65

۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًۭا ۗ قَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥٓ ۚ أَفَلَا تَتَّقُونَ

And to the 'Aad [We sent] their brother Hud. He said, "O my people, worship Allah; you have no deity other than Him. Then will you not fear Him?"

আৰু আমি আদ জাতিৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ব্যক্তি হূদ (আলাইহিছ ছালাম)ক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে? যাতে তোমালোকে তেওঁৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰা।

Al-A'raaf 7:65Listen in Qur'an →
66

قَالَ ٱلْمَلَأُ ٱلَّذِينَ كَفَرُوا۟ مِن قَوْمِهِۦٓ إِنَّا لَنَرَىٰكَ فِى سَفَاهَةٍۢ وَإِنَّا لَنَظُنُّكَ مِنَ ٱلْكَٰذِبِينَ

Said the eminent ones who disbelieved among his people, "Indeed, we see you in foolishness, and indeed, we think you are of the liars."

তেওঁৰ সম্প্ৰদায়ৰ প্ৰমূখ তথা বৰিষ্ঠ ব্যক্তিসকলে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ ৰাছুলক মিছলীয়া বুলিছিল, সিহঁতে ক'লেঃ হে হূদ! আমি জনা মতে তোমাৰ মস্তিষ্কৰ সন্তোলন ঠিক নহয়। তুমি নিজৰ জ্ঞান হেৰাই পেলাইছা। সেই কাৰণেই তুমি কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা আৰু মূৰ্তি পূজাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰা। আমি নিশ্চিত যে, তুমি ৰাছুল হোৱাৰ যি দাবী কৰি আছা সেয়া স্পষ্ট মিছা কথা।

Al-A'raaf 7:66Listen in Qur'an →
67

قَالَ يَٰقَوْمِ لَيْسَ بِى سَفَاهَةٌۭ وَلَٰكِنِّى رَسُولٌۭ مِّن رَّبِّ ٱلْعَٰلَمِينَ

[Hud] said, "O my people, there is not foolishness in me, but I am a messenger from the Lord of the worlds."

হূদ আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উত্তৰ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! মোৰ বিবেক-বুদ্ধি লোপ পোৱা নাই, আৰু মোৰ মস্তিষ্কৰো কোনো ক্ষতি হোৱা নাই। বৰং মই বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছো।

Al-A'raaf 7:67Listen in Qur'an →
68

أُبَلِّغُكُمْ رِسَٰلَٰتِ رَبِّى وَأَنَا۠ لَكُمْ نَاصِحٌ أَمِينٌ

I convey to you the messages of my Lord, and I am to you a trustworthy adviser.

মই তোমালোকৰ ওচৰত কেৱল সেই চৰীয়ত আৰু তাওহীদ পৌঁচাই আছো, যিটো পৌঁচাবলৈ আল্লাহে মোক আদেশ কৰিছে, আৰু মই তোমালোকৰ শুভাকাংক্ষী, মোক যিটো পৌঁচাবলৈ আদেশ দিয়া হৈছে সেই ক্ষেত্ৰত মই বিশ্বস্ত। এই ক্ষেত্ৰত মই অকণো কম কৰা নাই আৰু বেছিও কৰা নাই।

Al-A'raaf 7:68Listen in Qur'an →
69

أَوَعَجِبْتُمْ أَن جَآءَكُمْ ذِكْرٌۭ مِّن رَّبِّكُمْ عَلَىٰ رَجُلٍۢ مِّنكُمْ لِيُنذِرَكُمْ ۚ وَٱذْكُرُوٓا۟ إِذْ جَعَلَكُمْ خُلَفَآءَ مِنۢ بَعْدِ قَوْمِ نُوحٍۢ وَزَادَكُمْ فِى ٱلْخَلْقِ بَصْۜطَةًۭ ۖ فَٱذْكُرُوٓا۟ ءَالَآءَ ٱللَّهِ لَعَلَّكُمْ تُفْلِحُونَ

Then do you wonder that there has come to you a reminder from your Lord through a man from among you, that he may warn you? And remember when He made you successors after the people of Noah and increased you in stature extensively. So remember the favors of Allah that you might succeed.

তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, আল্লাহে তোমালোকক স্মৰণ কৰাবলৈ এনেকুৱা এজন ব্যক্তিক প্ৰেৰণ কৰিছে যিজন তোমালোকৰ মাজৰে এজন, ফিৰিস্তা তথা জিনসকলৰ মাজৰ নহয়, যাতে তেওঁ তোমালোকক সতৰ্ক তথা সাৱধান কৰিব পাৰে? তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ নূহৰ সম্প্ৰদায়ক কুফুৰী কৰাৰ কাৰণে ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছে আৰু সিহঁতৰ উত্তৰাধিকাৰী বনাইছে। তথা আল্লাহৰ কৃতজ্ঞতা কৰা যে, তেওঁ তোমালোকক বিশেষৰূপে উৎকৃষ্ট আকাৰ-আকৃতি আৰু শক্তি প্ৰদান কৰিছে। তথা আল্লাহে প্ৰদান কৰা অসংখ্য অনুগ্ৰহবোৰক স্মৰণ কৰা, যাতে তোমালোকে সেইবোৰ বস্তু আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা আৰু সেইবোৰ বস্তুৰ পৰা ৰক্ষা পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।

Al-A'raaf 7:69Listen in Qur'an →
70

قَالُوٓا۟ أَجِئْتَنَا لِنَعْبُدَ ٱللَّهَ وَحْدَهُۥ وَنَذَرَ مَا كَانَ يَعْبُدُ ءَابَآؤُنَا ۖ فَأْتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ

They said, "Have you come to us that we should worship Allah alone and leave what our fathers have worshipped? Then bring us what you promise us, if you should be of the truthful."

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাক কেৱল এক আল্লাহৰ ইবাদতৰ আদেশ দিবলৈ আহিছা নেকি, যাতে আমি সেইবোৰক এৰি দিওঁ যিবোৰক আমাৰ পূৰ্বপুৰুষ সকলে পূজা-পাঠ কৰিছিল? যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ আহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।

Al-A'raaf 7:70Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.