Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 201–206 of 206

201

إِنَّ ٱلَّذِينَ ٱتَّقَوْا۟ إِذَا مَسَّهُمْ طَٰٓئِفٌۭ مِّنَ ٱلشَّيْطَٰنِ تَذَكَّرُوا۟ فَإِذَا هُم مُّبْصِرُونَ

Indeed, those who fear Allah - when an impulse touches them from Satan, they remember [Him] and at once they have insight.

নিশ্চয় যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, যেতিয়া তেওঁলোকৰ অন্তৰত চয়তানৰ ফালৰ পৰা কোনো কুমন্ত্ৰণা আহে আৰু গুনাহ কৰি পেলায়, তেতিয়া তেওঁলোকে ততালিকে আল্লাহৰ মহত্ব স্মৰণ কৰে আৰু পাপিষ্ঠসকলৰ প্ৰতি তেওঁৰ শাস্তি মনত পৰে লগতে আনুগত্যকাৰী সকলৰ প্ৰতিদানৰ কথাও মনত পেলায়। ফলত তেওঁলোক ততাতৈয়াকৈ নিজৰ গুনাহৰ পৰা তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে উভতি যায়। ফলস্বৰূপে তেওঁলোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, চেতনাহীনৰ পৰা সচেতন হয় আৰু গুনাহৰ পৰা বিৰত থাকে।

Al-A'raaf 7:201Listen in Qur'an →
202

وَإِخْوَٰنُهُمْ يَمُدُّونَهُمْ فِى ٱلْغَىِّ ثُمَّ لَا يُقْصِرُونَ

But their brothers - the devils increase them in error; then they do not stop short.

চয়তানৰ ভাই কাফিৰ আৰু পাপিষ্ঠসকলক, চয়তানে এটাৰ পিছত এটা গুনাহত লিপ্ত কৰি সিহঁতৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে। এই ধাৰাবাহিকতা অন্ত পৰাৰ নামেই নলয়। চয়তানেও প্ৰৱঞ্চনা তথা পথভ্ৰষ্ট কৰা বন্ধ নকৰে আৰু পাপিষ্ঠসকলেও কুকৰ্ম কৰা তথা চয়তানৰ কথা অনুসৰণ কৰা বন্ধ নকৰে।

Al-A'raaf 7:202Listen in Qur'an →
203

وَإِذَا لَمْ تَأْتِهِم بِـَٔايَةٍۢ قَالُوا۟ لَوْلَا ٱجْتَبَيْتَهَا ۚ قُلْ إِنَّمَآ أَتَّبِعُ مَا يُوحَىٰٓ إِلَىَّ مِن رَّبِّى ۚ هَٰذَا بَصَآئِرُ مِن رَّبِّكُمْ وَهُدًۭى وَرَحْمَةٌۭ لِّقَوْمٍۢ يُؤْمِنُونَ

And when you, [O Muhammad], do not bring them a sign, they say, "Why have you not contrived it?" Say, "I only follow what is revealed to me from my Lord. This [Qur'an] is enlightenment from your Lord and guidance and mercy for a people who believe."

হে ৰাছুল! আপুনি যেতিয়া কোনো আয়াত লৈ আহে, তেতিয়া সিহঁতে আপোনাক নসাৎ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। আৰু যদি আপুনি কোনো আয়াত লৈ নাহে তেন্তে সিহঁতে কয়ঃ তুমি নিজেই নিজৰ ফালৰ পৰা কোনো আয়াত বনাই নোলোৱা কিয়? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই মোৰ ফালৰ পৰা কোনো আয়াত সৃষ্টি কৰা মোৰ অধিকাৰ নাই। মই কেৱল সেইটোৱে অনুসৰণ কৰো যিটো আল্লাহে মোৰ প্ৰতি অহী কৰে। এই কোৰআন যিটো মই তোমালোকৰ ওচৰত পাঠ কৰি আছো এইটো আল্লাহৰ তৰফৰ পৰা দলিল প্ৰমাণ, যিজন তোমালোকৰ সৃষ্টিকৰ্তা আৰু তোমালোকৰ সকলো কৰ্মৰ পৰিচালক। এই কোৰআন তেওঁৰ মুমিন বান্দাসকলৰ বাবে দয়া তথা পথপ্ৰদৰ্শক। আনহাতে মুমিনসকলৰ বাহিৰে সকলো হৈছে পথভ্ৰষ্ট তথা দুৰ্ভগীয়া।

Al-A'raaf 7:203Listen in Qur'an →
204

وَإِذَا قُرِئَ ٱلْقُرْءَانُ فَٱسْتَمِعُوا۟ لَهُۥ وَأَنصِتُوا۟ لَعَلَّكُمْ تُرْحَمُونَ

So when the Qur'an is recited, then listen to it and pay attention that you may receive mercy.

যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া মনোযোগ সহকাৰে শুনিবা তথা কথা নাপাতিবা, লগতে আন কোনো কামতো মনোযোগ নিদিবা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি দয়া কৰিব।

Al-A'raaf 7:204Listen in Qur'an →
205

وَٱذْكُر رَّبَّكَ فِى نَفْسِكَ تَضَرُّعًۭا وَخِيفَةًۭ وَدُونَ ٱلْجَهْرِ مِنَ ٱلْقَوْلِ بِٱلْغُدُوِّ وَٱلْءَاصَالِ وَلَا تَكُن مِّنَ ٱلْغَٰفِلِينَ

And remember your Lord within yourself in humility and in fear without being apparent in speech - in the mornings and the evenings. And do not be among the heedless.

হে ৰাছুল! আপোনাৰ প্ৰতিপালক আল্লাহক ভীত হৈ বিনয়পূৰ্বকভাৱে স্মৰণ কৰক, আৰু দুআৰ সময়ত (উচ্চস্বৰো নহয়, নিম্নস্বৰো নহয়) মধ্যমস্বৰ অৱলম্বন কৰক, দিনৰ প্ৰথম ভাগত আৰু অন্তিম ভাগত। কাৰণ এই দুয়োটা সময়ৰ আছে বহুত ফজিলত। আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত নহব যিসকলে আল্লাহক স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ থাকে।

Al-A'raaf 7:205Listen in Qur'an →
206

إِنَّ ٱلَّذِينَ عِندَ رَبِّكَ لَا يَسْتَكْبِرُونَ عَنْ عِبَادَتِهِۦ وَيُسَبِّحُونَهُۥ وَلَهُۥ يَسْجُدُونَ ۩

Indeed, those who are near your Lord are not prevented by arrogance from His worship, and they exalt Him, and to Him they prostrate.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত পালনত কোনো ধৰণৰ অভিমান নকৰে। বৰং বিনীত হৈ তেওঁৰ ইবাদত পালনত ব্যস্ত থাকে, লগতে কেতিয়াও তেওঁৰ ইবাদত কৰি ক্লান্ত নহয়। তেওঁলোকে দিনে ৰাতি আল্লাহক পৱিত্ৰ ঘোষণা কৰে প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়। আৰু তেওঁলোকে কেৱল তেওঁকেই ছাজদাহ কৰে।

Al-A'raaf 7:206Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.