Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 191–200 of 206

191

أَيُشْرِكُونَ مَا لَا يَخْلُقُ شَيْـًۭٔا وَهُمْ يُخْلَقُونَ

Do they associate with Him those who create nothing and they are [themselves] created?

সিহঁতে এই মূৰ্ত্তিবোৰক আৰু ইয়াৰ বাহিৰে আন আন বস্তুবোৰক ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ অংশী স্থাপন কৰে, অথচ সিহঁতে জানে যে, এই মূৰ্তিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে যাৰ ফলত সিহঁত ইবাদতৰ যোগ্য হ'ব, বৰং সিহঁত নিজেই হৈছে একো একোটা সৃষ্টি। তেন্তে এইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ অংশী স্থাপন কৰে?

Al-A'raaf 7:191Listen in Qur'an →
192

وَلَا يَسْتَطِيعُونَ لَهُمْ نَصْرًۭا وَلَآ أَنفُسَهُمْ يَنصُرُونَ

And the false deities are unable to [give] them help, nor can they help themselves.

এই উপাস্যবিলাকে নিজৰ উপাসনাকাৰী সকলক একো সহায় কৰিব নোৱাৰে, আনকি নিজৰো সহায় কৰিব নোৱাৰে, তেন্তে কেনেকৈ সিহঁতে এইবোৰৰ উপাসনা কৰে?

Al-A'raaf 7:192Listen in Qur'an →
193

وَإِن تَدْعُوهُمْ إِلَى ٱلْهُدَىٰ لَا يَتَّبِعُوكُمْ ۚ سَوَآءٌ عَلَيْكُمْ أَدَعَوْتُمُوهُمْ أَمْ أَنتُمْ صَٰمِتُونَ

And if you [believers] invite them to guidance, they will not follow you. It is all the same for you whether you invite them or you are silent.

হে মুশ্বৰিকসকল! এইবোৰ মূৰ্তিক যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাস্য বনাই লৈছা যদি হিদায়ৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে তোমালোকৰ আহ্বানৰ প্ৰতিক্ৰিয়া দিব নোৱাৰিব আৰু তোমালোকৰ কথাও মানিব নোৱাৰিব। সিহঁতৰ ক্ষেত্ৰত তোমালোকৰ আহ্বান কৰা বা নকৰা একে সমান। কিয়নো সেইবোৰ হৈছে নিৰ্জীৱ, বুজিবও নোৱাৰে, শুনিবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰে।

Al-A'raaf 7:193Listen in Qur'an →
194

إِنَّ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ عِبَادٌ أَمْثَالُكُمْ ۖ فَٱدْعُوهُمْ فَلْيَسْتَجِيبُوا۟ لَكُمْ إِن كُنتُمْ صَٰدِقِينَ

Indeed, those you [polytheists] call upon besides Allah are servants like you. So call upon them and let them respond to you, if you should be truthful.

হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা প্ৰকৃততে সেইবোৰ আল্লাহৰ সৃষ্টি, আৰু সেইবোৰ তেওঁৰেই অধীন। এই ক্ষেত্ৰত সিহঁত তোমালোকৰ দৰেই বৰং তোমালোক সেইবোৰতকৈ উত্তম অৱস্থাত আছা। কিয়নো তোমালোক জীৱিত, কথা কব পাৰা, খোজকাঢ়িব পাৰা, শুনিব পাৰা আৰু দেখিব পাৰা। আনহাতে তোমালোকৰ মূৰ্তিসমূহৰ ওচৰত এইবোৰ শক্তি নাই। এতেকে যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, সিহঁতে উত্তৰ দিয়ে নে নাই চোৱা।

Al-A'raaf 7:194Listen in Qur'an →
195

أَلَهُمْ أَرْجُلٌۭ يَمْشُونَ بِهَآ ۖ أَمْ لَهُمْ أَيْدٍۢ يَبْطِشُونَ بِهَآ ۖ أَمْ لَهُمْ أَعْيُنٌۭ يُبْصِرُونَ بِهَآ ۖ أَمْ لَهُمْ ءَاذَانٌۭ يَسْمَعُونَ بِهَا ۗ قُلِ ٱدْعُوا۟ شُرَكَآءَكُمْ ثُمَّ كِيدُونِ فَلَا تُنظِرُونِ

Do they have feet by which they walk? Or do they have hands by which they strike? Or do they have eyes by which they see? Or do they have ears by which they hear? Say, [O Muhammad], "Call your 'partners' and then conspire against me and give me no respite.

তোমালোকে যিবোৰ মূৰ্তিক উপাস্য বনাই লৈছা সেইবোৰৰ খোজকাঢ়িবলৈ ভৰি আছেনে, যাৰ দ্বাৰা খোজকাঢ়ে আৰু তোমালোকৰ প্ৰয়োজন পূৰণ কৰে? অথবা সিহঁতৰ হাত আছেনে, যাৰ দ্বাৰা শক্তি খটুৱাই তোমালোকক ৰক্ষা কৰে? নাইবা সিহঁতৰ চকু আছেনে, যাৰ দ্বাৰা তোমালোকে দেখিব নোৱাৰা বস্তু সম্পৰ্কে তোমালোকক অৱগত কৰায়? অথবা সিহঁতৰ কাণ আছেনে, যাৰ দ্বাৰা এনেকুৱা কথা শুনে যিবোৰ তোমালোকে শুনিব নোৱাৰা আৰু তাৰ পিছত তোমালোকক অৱগত কৰায়? যদি সিহঁত এইবোৰ বস্তুৰ পৰা শূন্য তেন্তে তোমালোকে সিহঁতৰ পৰা উপকাৰ পাবলৈ অথবা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ আশাত কিয় পূজা-পাঠ কৰা? হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, সেইবোৰক মাতি আনা যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ স্থিৰ কৰিছা, তাৰ পিছত মোক ক্ষতি কৰাৰ সকলো প্ৰয়াস কৰা আৰু মোক কোনো অৱকাশ নিদিবা।

Al-A'raaf 7:195Listen in Qur'an →
196

إِنَّ وَلِۦِّىَ ٱللَّهُ ٱلَّذِى نَزَّلَ ٱلْكِتَٰبَ ۖ وَهُوَ يَتَوَلَّى ٱلصَّٰلِحِينَ

Indeed, my protector is Allah, who has sent down the Book; and He is an ally to the righteous.

প্ৰকৃততে মোৰ সহায়ক হৈছে আল্লাহ, যিয়ে মোক সুৰক্ষা প্ৰদান কৰে। সেয়েহে মই আন কাৰো ওচৰত একো আশা নকৰো, আৰু তোমালোকৰ কোনো মূৰ্তিকো ভয় নকৰো। কিয়নো তেৱেঁই মোৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে মানৱ জাতিৰ হিদায়তৰ বাবে। তেৱেঁই নেক বান্দাসকলৰ তত্ত্বাৱধায়ন কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰে আৰু সহায়-সহযোগিতা কৰে।

Al-A'raaf 7:196Listen in Qur'an →
197

وَٱلَّذِينَ تَدْعُونَ مِن دُونِهِۦ لَا يَسْتَطِيعُونَ نَصْرَكُمْ وَلَآ أَنفُسَهُمْ يَنصُرُونَ

And those you call upon besides Him are unable to help you, nor can they help themselves."

হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিক আহ্বান কৰা, সেইবোৰে তোমালোকৰো সহায় কৰিব নোৱাৰে, আনকি নিজৰো উপকাৰ সাধিব নোৱাৰে। সিহঁত হৈছে বিৱশ। তেন্তে কেনেকৈ তোমালোকে আল্লাহক এৰি সেইবোৰক আহ্বান কৰা?

Al-A'raaf 7:197Listen in Qur'an →
198

وَإِن تَدْعُوهُمْ إِلَى ٱلْهُدَىٰ لَا يَسْمَعُوا۟ ۖ وَتَرَىٰهُمْ يَنظُرُونَ إِلَيْكَ وَهُمْ لَا يُبْصِرُونَ

And if you invite them to guidance, they do not hear; and you see them looking at you while they do not see.

হে মুশ্বৰিকসকল! তোমালোকে পূজা-পাঠ কৰা মূৰ্তিবোৰক যদি তোমালোকে সঠিক পথৰ পিনে আহ্বান কৰা, তেন্তে সেইবোৰে তোমালোকৰ আহ্বানো শুনিবলৈ সক্ষম নহয়। তুমি দেখিবলৈ পাবা সেইবোৰে তোমাক অংকিত চকুৰে চাই আছে, অথচ সেইবোৰ নিৰ্জীৱ, দৃষ্টিশক্তি নাই। দৰাচলতে মুশ্বৰিকসকলে মানৱ অথবা জীৱ-জন্তুৰ আকৃতিৰ মূৰ্তি সাজি লয়, যিবোৰৰ থাকে হাত, ভৰি, চকু আদি। কিন্তু সেইবোৰ নিৰ্জীৱ, তাৰ মাজত প্ৰাণ নাই আৰু লৰচৰো কৰিব নোৱাৰে।

Al-A'raaf 7:198Listen in Qur'an →
199

خُذِ ٱلْعَفْوَ وَأْمُرْ بِٱلْعُرْفِ وَأَعْرِضْ عَنِ ٱلْجَٰهِلِينَ

Take what is given freely, enjoin what is good, and turn away from the ignorant.

হে ৰাছুল! আপুনি মানুহৰ সেইবোৰ কৰ্ম আৰু ব্যৱহাৰ গ্ৰহণ কৰক, যিবোৰ তেওঁলোকে সন্তুষ্টচিত্তে কৰিব পাৰে আৰু যিবোৰ তেওঁলোকৰ বাবে সহজ। তেওঁলোকৰ ওপৰত এনেকুৱা কৰ্ম আৰু ব্যৱহাৰৰ বোজা অৰ্পন নকৰিব যিবোৰ তেওঁলোকৰ বাবে অপ্ৰীতিকৰ। কাৰণ এনেকুৱা কৰিলে তেওঁলোক আঁতৰি যাব। আপুনি তেওঁলোকক প্ৰত্যেক সুন্দৰ কথা আৰু কৰ্মৰ আদেশ দিয়ক, লগতে মুৰ্খ লোক সকলৰ পৰা আঁতৰি থাকিব আৰু সিহঁতৰ মুৰ্খ ব্যৱহাৰৰ উত্তৰ মুৰ্খতাৰে প্ৰদান নকৰিব। এতেকে যিয়ে আপোনাক কষ্ট দিয়ে, আপুনি তাক কষ্ট নিদিব। আৰু যিয়ে আপোনাক বঞ্চিত কৰে, আপুনি তাক বঞ্চিত নকৰিব।

Al-A'raaf 7:199Listen in Qur'an →
200

وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيْطَٰنِ نَزْغٌۭ فَٱسْتَعِذْ بِٱللَّهِ ۚ إِنَّهُۥ سَمِيعٌ عَلِيمٌ

And if an evil suggestion comes to you from Satan, then seek refuge in Allah. Indeed, He is Hearing and Knowing.

হে ৰাছুল! যেতিয়া আপুনি অনুভৱ কৰে যে, চয়তানে আপোনাক কুমন্ত্ৰণা দি আছে অথবা সৎকৰ্মত বাধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে, তেতিয়া আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰক আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু আপোনাৰ আশ্ৰয় প্ৰাৰ্থনা সম্পৰ্কে অৱগত। এতেকে তেওঁ আপোনাক চয়তানৰ পৰা ৰক্ষা কৰিব।

Al-A'raaf 7:200Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.