Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 151–160 of 206

151

قَالَ رَبِّ ٱغْفِرْ لِى وَلِأَخِى وَأَدْخِلْنَا فِى رَحْمَتِكَ ۖ وَأَنتَ أَرْحَمُ ٱلرَّٰحِمِينَ

[Moses] said, "My Lord, forgive me and my brother and admit us into Your mercy, for You are the most merciful of the merciful."

তাৰ পিছত মূছা আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাৰ তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।

Al-A'raaf 7:151Listen in Qur'an →
152

إِنَّ ٱلَّذِينَ ٱتَّخَذُوا۟ ٱلْعِجْلَ سَيَنَالُهُمْ غَضَبٌۭ مِّن رَّبِّهِمْ وَذِلَّةٌۭ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۚ وَكَذَٰلِكَ نَجْزِى ٱلْمُفْتَرِينَ

Indeed, those who took the calf [for worship] will obtain anger from their Lord and humiliation in the life of this world, and thus do We recompense the inventors [of falsehood].

যিসকলে দামুৰীটোক উপাস্য কৰি লৈ পূজা পাঠ কৰিছিল, সেইসকল লোকে নিজ প্ৰতিপালকক অসন্তুষ্টি আৰু অপমান কৰাৰ কাৰণে অনতিপলমে সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা চৰম ক্ৰোধ আৰু পাৰ্থিৱ জীৱনত লাঞ্ছনাৰ সন্মুখীন হ'ব। মিছা ৰচনা কৰি আল্লাহৰ লগত সম্পৃক্ত কৰা ব্যক্তিসকলক আমি এইদৰেই প্ৰতিদান দিওঁ।

Al-A'raaf 7:152Listen in Qur'an →
153

وَٱلَّذِينَ عَمِلُوا۟ ٱلسَّيِّـَٔاتِ ثُمَّ تَابُوا۟ مِنۢ بَعْدِهَا وَءَامَنُوٓا۟ إِنَّ رَبَّكَ مِنۢ بَعْدِهَا لَغَفُورٌۭ رَّحِيمٌۭ

But those who committed misdeeds and then repented after them and believed - indeed your Lord, thereafter, is Forgiving and Merciful.

যিসকলে বেয়া কৰ্ম কৰিছে, যেনে- শ্বিৰ্ক আৰু অন্যান্য পাপ কৰ্ম, তাৰ পিছত আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, অৰ্থাৎ তেওঁৰ প্ৰতি ঈমান আনিছে আৰু পাপকৰ্মৰ পৰা বিৰত হৈছে। এতেকে হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে এই তাওবাৰ পিছত আৰু শ্বিৰ্কৰ পৰা ঈমানৰ পিনে, লগতে গুনাহৰ পৰা আনুগত্যৰ পিনে কৰা প্ৰত্যাৱৰ্তনৰ পিছত তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিব।

Al-A'raaf 7:153Listen in Qur'an →
154

وَلَمَّا سَكَتَ عَن مُّوسَى ٱلْغَضَبُ أَخَذَ ٱلْأَلْوَاحَ ۖ وَفِى نُسْخَتِهَا هُدًۭى وَرَحْمَةٌۭ لِّلَّذِينَ هُمْ لِرَبِّهِمْ يَرْهَبُونَ

And when the anger subsided in Moses, he took up the tablets; and in their inscription was guidance and mercy for those who are fearful of their Lord.

তাৰ পিছত মূছা আলাইহিছ ছালামৰ ক্ৰোধ যেতিয়া শান্ত হ'ল, তেতিয়া তেওঁ লিখিত ফলকসমূহ উঠাই ললে, যিবোৰ তেওঁ ক্ৰোধান্বিত হৈ দলিয়াই পেলাইছিল। আৰু এইবোৰ আছিল ভ্ৰষ্টতাৰ পৰা হিদায়ত আৰু সত্য বৰ্ণনামূলক ফলক। তথা সেইসকল লোকৰ বাবে ৰহমতস্বৰূপ যিসকলে নিজ প্ৰতিপালকক আৰু তেওঁৰ শাস্তিক ভয় কৰে।

Al-A'raaf 7:154Listen in Qur'an →
155

وَٱخْتَارَ مُوسَىٰ قَوْمَهُۥ سَبْعِينَ رَجُلًۭا لِّمِيقَٰتِنَا ۖ فَلَمَّآ أَخَذَتْهُمُ ٱلرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ أَهْلَكْتَهُم مِّن قَبْلُ وَإِيَّٰىَ ۖ أَتُهْلِكُنَا بِمَا فَعَلَ ٱلسُّفَهَآءُ مِنَّآ ۖ إِنْ هِىَ إِلَّا فِتْنَتُكَ تُضِلُّ بِهَا مَن تَشَآءُ وَتَهْدِى مَن تَشَآءُ ۖ أَنتَ وَلِيُّنَا فَٱغْفِرْ لَنَا وَٱرْحَمْنَا ۖ وَأَنتَ خَيْرُ ٱلْغَٰفِرِينَ

And Moses chose from his people seventy men for Our appointment. And when the earthquake seized them, he said, "My Lord, if You had willed, You could have destroyed them before and me [as well]. Would You destroy us for what the foolish among us have done? This is not but Your trial by which You send astray whom You will and guide whom You will. You are our Protector, so forgive us and have mercy upon us; and You are the best of forgivers.

আৰু মূছা আলাইহিছ ছআলামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হবলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিছ ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিছ ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমি আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।

Al-A'raaf 7:155Listen in Qur'an →
156

۞ وَٱكْتُبْ لَنَا فِى هَٰذِهِ ٱلدُّنْيَا حَسَنَةًۭ وَفِى ٱلْءَاخِرَةِ إِنَّا هُدْنَآ إِلَيْكَ ۚ قَالَ عَذَابِىٓ أُصِيبُ بِهِۦ مَنْ أَشَآءُ ۖ وَرَحْمَتِى وَسِعَتْ كُلَّ شَىْءٍۢ ۚ فَسَأَكْتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَٱلَّذِينَ هُم بِـَٔايَٰتِنَا يُؤْمِنُونَ

And decree for us in this world [that which is] good and [also] in the Hereafter; indeed, we have turned back to You." [Allah] said, "My punishment - I afflict with it whom I will, but My mercy encompasses all things." So I will decree it [especially] for those who fear Me and give zakah and those who believe in Our verses -

তুমি আমাক এই পৃথিৱীত সেই সকল লোকৰ অন্তৰ্ভুক্ত কৰা, যিসকলক তুমি নিয়ামত আৰু শান্তি দান কৰিছা আৰু সৎকৰ্ম কৰাৰ তাওফীত দান কৰিছা। লগতে আখিৰাতত সেই সকল পূণ্যৱান লোকৰ অন্তৰ্ভুক্ত কৰি দিয়া, যিসকলৰ বাবে তুমি জান্নাত প্ৰস্তুত কৰি ৰাখিছা। নিশ্চয় আমি তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিছো, লগতে আমি আমাৰ গুনাহ আৰু অপৰাধ স্বীকাৰ কৰিছো। আল্লাহে কৈছেঃ যিসকলে দুৰ্ভাগ্যৰ পথ অৱলম্বন কৰিছে সিহঁতৰ মাজৰ যাক মই ইচ্ছা কৰিম মোৰ শাস্তি ভোগ কৰাম। আৰু পৃথিৱীত মোৰ ৰহমতে সকলো বস্তুকে আৱৰি আছে। এতেকে প্ৰত্যেক সৃষ্টিয়ে আল্লাহৰ ৰহমত লাভ কৰে আৰু সকলোকে তেওঁৰ অনুগ্ৰহ আৰু উপকাৰে আৱৰি আছে। কিন্তু আখিৰাতত মই মোৰ কৃপা সেই সকল লোকৰ বাবে নিৰ্দিষ্ট কৰিম, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰে, যিসকলে নিজৰ সম্পত্তিৰ যাকাত, যাকাত শিতানলৈ আদায় কৰে আৰু যিসকলে আমাৰ নিদৰ্শনসমূহৰ ওপৰত বিশ্বাস পোষণ কৰে।

Al-A'raaf 7:156Listen in Qur'an →
157

ٱلَّذِينَ يَتَّبِعُونَ ٱلرَّسُولَ ٱلنَّبِىَّ ٱلْأُمِّىَّ ٱلَّذِى يَجِدُونَهُۥ مَكْتُوبًا عِندَهُمْ فِى ٱلتَّوْرَىٰةِ وَٱلْإِنجِيلِ يَأْمُرُهُم بِٱلْمَعْرُوفِ وَيَنْهَىٰهُمْ عَنِ ٱلْمُنكَرِ وَيُحِلُّ لَهُمُ ٱلطَّيِّبَٰتِ وَيُحَرِّمُ عَلَيْهِمُ ٱلْخَبَٰٓئِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَٱلْأَغْلَٰلَ ٱلَّتِى كَانَتْ عَلَيْهِمْ ۚ فَٱلَّذِينَ ءَامَنُوا۟ بِهِۦ وَعَزَّرُوهُ وَنَصَرُوهُ وَٱتَّبَعُوا۟ ٱلنُّورَ ٱلَّذِىٓ أُنزِلَ مَعَهُۥٓ ۙ أُو۟لَٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

Those who follow the Messenger, the unlettered prophet, whom they find written in what they have of the Torah and the Gospel, who enjoins upon them what is right and forbids them what is wrong and makes lawful for them the good things and prohibits for them the evil and relieves them of their burden and the shackles which were upon them. So they who have believed in him, honored him, supported him and followed the light which was sent down with him - it is those who will be the successful.

যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰে, আৰু তেওঁ হৈছে উম্মী নবী, লিখিব আৰু পঢ়িব নাজানে। বৰং তেওঁৰ প্ৰতি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহী কৰা হয়। তেওঁৰ নাম আৰু বৈশিষ্ট্য তথা তেওঁৰ নবুওৱত সম্পৰ্কে মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ তাওৰাত আৰু ঈছা আলাইহিচ্ছালামৰ প্ৰতি অৱতীৰ্ণ ইঞ্জীলত উল্লেখ আছে। তেওঁ এনেকুৱা কৰ্মৰ আদেশ দিয়ে যিবোৰক ভাল আৰু উত্তম বুলি সকলোৱে জানে। আৰু তেওঁ সেইসমূহ কৰ্মৰ পৰা নিষেধ কৰে, যিবোৰক বিবেক বুদ্ধিয়েও বেয়া বুলি জানে। তেওঁ সিহঁতৰ বাবে পানাহাৰ আৰু বিবাহ সম্বন্ধীয় সেই সকলো উত্তম বস্তুবোৰক বৈধ স্বীকৃতি দিয়ে, যিবোৰৰ মাজত কোনো ক্ষতি নাই, আনহাতে সেইবোৰ বস্তুক স্বীকৃতি নিদিয়ে যিবোৰ অস্বচ্ছ আৰু অপৱিত্ৰ। লগতে সিহঁতৰ পৰা সেই গধূৰ বোজা আঁতৰাই দিয়ে, যিটো সিহঁতক বহন কৰিবলৈ দিয়া হৈছিল। যেনে- হত্যাকাৰীক হত্যা কৰাৰ বিধান, যদিও সেই হত্যা জানি বুজি কৰক বা অজানিতে। এতেকে বনী ইছৰাঈল তথা আন আন যিসকলে ইয়াৰ ওপৰত ঈমান পোষণ কৰিছে, তেওঁক আদৰ আৰু সন্মান কৰিছে, লগতে তেওঁৰ লগত শত্ৰুতা পোষণকাৰী কাফিৰসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছে, আৰু সেই কোৰআনক অনুসৰণ কৰিছে, যিটোক সিহঁতৰ প্ৰতি পথপ্ৰদৰ্শক আৰু জ্যোতি হিচাপে অৱতীৰ্ণ কৰা হৈছে, তেনেকুৱা লোকসকলেই সাফল্যমণ্ডিত। তেওঁলোকে আশা কৰা সকলো প্ৰাপ্য লাভ কৰিব আৰু ভয় কৰা সকলো বস্তুৰ পৰা দূৰৈত থাকিব।

Al-A'raaf 7:157Listen in Qur'an →
158

قُلْ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّى رَسُولُ ٱللَّهِ إِلَيْكُمْ جَمِيعًا ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحْىِۦ وَيُمِيتُ ۖ فَـَٔامِنُوا۟ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِىِّ ٱلْأُمِّىِّ ٱلَّذِى يُؤْمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ

Say, [O Muhammad], "O mankind, indeed I am the Messenger of Allah to you all, [from Him] to whom belongs the dominion of the heavens and the earth. There is no deity except Him; He gives life and causes death." So believe in Allah and His Messenger, the unlettered prophet, who believes in Allah and His words, and follow him that you may be guided.

হে ৰাছুল! আপুনি কওঁক, হে মানৱ জাতি! মই তোমালোক সকলোৰে প্ৰতি, আৰব হওঁক বা অনাৰব, আল্লাহৰ ৰাছুল হিচাপে প্ৰেৰিত হৈছো। আল্লাহৰ হাততেই আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব, সেই পৱিত্ৰ সত্তাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু প্ৰদান কৰে। হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, যিজন লিখিবও নাজানে পঢ়িবও নাজানে, তেওঁ নিজ প্ৰতিপালকৰ অহী লৈ আগমন কৰিছে। তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, আৰু তেওঁৰ ওপৰত যি অৱতীৰ্ণ হৈছে সেইটোৰ ওপৰত ঈমান পোষণ কৰে, লগতে পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহ ওপৰতো কোনো ভেদভাৱ পোষণ নকৰাকৈ ঈমান পোষণ কৰে। এতেকে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ অনুসৰণ কৰা। যাতে তোমালোকে সেই পথ পোৱা, যিটো পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে উত্তম হ'ব।

Al-A'raaf 7:158Listen in Qur'an →
159

وَمِن قَوْمِ مُوسَىٰٓ أُمَّةٌۭ يَهْدُونَ بِٱلْحَقِّ وَبِهِۦ يَعْدِلُونَ

And among the people of Moses is a community which guides by truth and by it establishes justice.

মূছাৰ সম্প্ৰদায় বনী ইছৰাঈলত এনেকুৱা এটা দলো আছিল, যিটো সত্য আৰু সঠিক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেওঁলোকে মানুহকো সেই পথ দেখুৱাইছিল, লগতে ন্যায় বিচাৰ কৰিছিল আৰু কোনো অন্যায় কৰা নাছিল।

Al-A'raaf 7:159Listen in Qur'an →
160

وَقَطَّعْنَٰهُمُ ٱثْنَتَىْ عَشْرَةَ أَسْبَاطًا أُمَمًۭا ۚ وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ إِذِ ٱسْتَسْقَىٰهُ قَوْمُهُۥٓ أَنِ ٱضْرِب بِّعَصَاكَ ٱلْحَجَرَ ۖ فَٱنۢبَجَسَتْ مِنْهُ ٱثْنَتَا عَشْرَةَ عَيْنًۭا ۖ قَدْ عَلِمَ كُلُّ أُنَاسٍۢ مَّشْرَبَهُمْ ۚ وَظَلَّلْنَا عَلَيْهِمُ ٱلْغَمَٰمَ وَأَنزَلْنَا عَلَيْهِمُ ٱلْمَنَّ وَٱلسَّلْوَىٰ ۖ كُلُوا۟ مِن طَيِّبَٰتِ مَا رَزَقْنَٰكُمْ ۚ وَمَا ظَلَمُونَا وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ

And We divided them into twelve descendant tribes [as distinct] nations. And We inspired to Moses when his people implored him for water, "Strike with your staff the stone," and there gushed forth from it twelve springs. Every people knew its watering place. And We shaded them with clouds and sent down upon them manna and quails, [saying], "Eat from the good things with which We have provided you." And they wronged Us not, but they were [only] wronging themselves.

আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলো। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিলো যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিলে। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানী নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ললে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলো, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আৰু আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলো। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল।

Al-A'raaf 7:160Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.