Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 111–120 of 206

111

قَالُوٓا۟ أَرْجِهْ وَأَخَاهُ وَأَرْسِلْ فِى ٱلْمَدَآئِنِ حَٰشِرِينَ

They said, "Postpone [the matter of] him and his brother and send among the cities gatherers

সিহঁতে ফিৰআউনক ক'লেঃ মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক অৱকাশ দিয়ক, আৰু চহৰ-নগৰলৈ সংগ্ৰাহক সকলক পঠাই দিয়ক, যিসকলে যাদুকৰ সকলক একত্ৰিত কৰিব।

Al-A'raaf 7:111Listen in Qur'an →
112

يَأْتُوكَ بِكُلِّ سَٰحِرٍ عَلِيمٍۢ

Who will bring you every learned magician."

এইসকল সংগ্ৰাহকে যিসকলক আপুনি চহৰ-নগৰলৈ যাদুকৰ একত্ৰিত কৰিবলৈ পঠাব, সিহঁতে আপোনাৰ বাবে সকলো দক্ষ আৰু পাৰদৰ্শিক যাদুকৰ আনিব।

Al-A'raaf 7:112Listen in Qur'an →
113

وَجَآءَ ٱلسَّحَرَةُ فِرْعَوْنَ قَالُوٓا۟ إِنَّ لَنَا لَأَجْرًا إِن كُنَّا نَحْنُ ٱلْغَٰلِبِينَ

And the magicians came to Pharaoh. They said, "Indeed for us is a reward if we are the predominant."

তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে?

Al-A'raaf 7:113Listen in Qur'an →
114

قَالَ نَعَمْ وَإِنَّكُمْ لَمِنَ ٱلْمُقَرَّبِينَ

He said, "Yes, and, [moreover], you will be among those made near [to me]."

তেতিয়া ফিৰআউনে ক'লেঃ হয়, নিশ্চয় আছে। তোমালোকক ইয়াৰ প্ৰতিদান আৰু পুৰষ্কাৰ দিয়া হ'ব, লগতে তোমালোকক এনেকুৱা পদ দিয়া হ'ব যে, তোমালোক মোৰ নিকটৱৰ্তী হৈ থাকিবা।

Al-A'raaf 7:114Listen in Qur'an →
115

قَالُوا۟ يَٰمُوسَىٰٓ إِمَّآ أَن تُلْقِىَ وَإِمَّآ أَن نَّكُونَ نَحْنُ ٱلْمُلْقِينَ

They said, "O Moses, either you throw [your staff], or we will be the ones to throw [first]."

যাদুকৰ সকলে মূছাৰ ওপৰত নিশ্চিত বিজয় হ'ব বুলি বিশ্বাস কৰি অহংকাৰত ক'লেঃ হে মূছা! তোমাৰ ইচ্ছা, কোনে আগতে নিক্ষেপ কৰিব? তুমি নে আমি?

Al-A'raaf 7:115Listen in Qur'an →
116

قَالَ أَلْقُوا۟ ۖ فَلَمَّآ أَلْقَوْا۟ سَحَرُوٓا۟ أَعْيُنَ ٱلنَّاسِ وَٱسْتَرْهَبُوهُمْ وَجَآءُو بِسِحْرٍ عَظِيمٍۢ

He said, "Throw," and when they threw, they bewitched the eyes of the people and struck terror into them, and they presented a great [feat of] magic.

মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ সহায়ৰ ওপৰত ভৰসা কৰি সিহঁতক ক'লেঃ তোমালোকেই আগতে তোমালোকৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰা। এতেকে যেতিয়া সিহঁতে নিজৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে আৰু সিহঁতক বাস্তৱ দেখিবলৈ প্ৰতিৰোধ কৰিলে আৰু আতংকিত কৰিলে, আৰু প্ৰত্যক্ষদৰ্শীসকলৰ সন্মুখত এটা ডাঙৰ যাদু দেখুৱালে।

Al-A'raaf 7:116Listen in Qur'an →
117

۞ وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَلْقِ عَصَاكَ ۖ فَإِذَا هِىَ تَلْقَفُ مَا يَأْفِكُونَ

And We inspired to Moses, "Throw your staff," and at once it devoured what they were falsifying.

আল্লাহে তেওঁৰ নবী মূছা কালিমুল্লাহৰ প্ৰতি অহী কৰি ক'লেঃ হে মূছা! তুমি তোমাৰ লাঠি নিক্ষেপ কৰা। ফলত তেওঁ নিজৰ লাঠি নিক্ষেপ কৰিলে। আৰু চকুৰ পলকতে লাঠি সাপত পৰিণত হ'ল আৰু সিহঁতৰ লাঠি আৰু ৰছীবোৰক গিলি পেলাবলৈ ধৰিলে, যিবোৰক সিহঁতে বাস্তৱৰ পৰা ৰূপান্তৰিত কৰি অলীক বস্তু বনাই মানুহক ভ্ৰমিত কৰিছিল যে, এইবোৰ জীৱিত সাপ।

Al-A'raaf 7:117Listen in Qur'an →
118

فَوَقَعَ ٱلْحَقُّ وَبَطَلَ مَا كَانُوا۟ يَعْمَلُونَ

So the truth was established, and abolished was what they were doing.

এতেকে সত্য প্ৰকাশ পালে তথা মূছা আলাইহিছ ছালামে যি লৈ আহিছে তাৰ সত্যতা স্পষ্ট হৈ গ'ল আৰু যাদুকৰ সকলে যি যাদু দেখুৱাইছিল সেয়া মিছা প্ৰমাণিত হ'ল।

Al-A'raaf 7:118Listen in Qur'an →
119

فَغُلِبُوا۟ هُنَالِكَ وَٱنقَلَبُوا۟ صَٰغِرِينَ

And Pharaoh and his people were overcome right there and became debased.

অৱশেষত সিহঁতে সেই আয়োজনত পৰাজিত হ'ল তথা মূছা আলাইহিছ ছালাম বিজয়প্ৰাপ্ত হ'ল। এইদৰে সিহঁতে অপমাণিত আৰু পৰাজিত হৈ ঘৰমুৱা হ'ল।

Al-A'raaf 7:119Listen in Qur'an →
120

وَأُلْقِىَ ٱلسَّحَرَةُ سَٰجِدِينَ

And the magicians fell down in prostration [to Allah].

সকলো যাদুকৰে আল্লাহৰ অসীম ক্ষমতা তথা স্পষ্ট নিদৰ্শন দেখি পৱিত্ৰ আল্লাহৰ সন্মুখত ছাজদাহ নত হ'ল।

Al-A'raaf 7:120Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.