Muslim99Muslim99
← Tafsir library

7. Al-A'raaf

The Heights · Meccan · 206 ayahs

سُورَةُ الأَعۡرَافِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 101–110 of 206

101

تِلْكَ ٱلْقُرَىٰ نَقُصُّ عَلَيْكَ مِنْ أَنۢبَآئِهَا ۚ وَلَقَدْ جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَمَا كَانُوا۟ لِيُؤْمِنُوا۟ بِمَا كَذَّبُوا۟ مِن قَبْلُ ۚ كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ قُلُوبِ ٱلْكَٰفِرِينَ

Those cities - We relate to you, [O Muhammad], some of their news. And certainly did their messengers come to them with clear proofs, but they were not to believe in that which they had denied before. Thus does Allah seal over the hearts of the disbelievers.

হে ৰাছুল! এইবোৰ আছিল পূৰ্বৱৰ্তী নগৰ, অৰ্থাৎ নূহ, হূদ, ছলেহ, লূত আৰু শ্বুআইব আলাইহিছ ছালামৰ নগৰ। যিসকলৰ কাহিনী আৰু সিহঁতৰ অস্বীকাৰ তথা কট্টৰতাৰ বৰ্ণনা আৰু সিহঁতৰ বিনাশৰ বিৱৰণ আমি আপোনাক শুনাই আছো, যাতে এয়া শিক্ষা গ্ৰহণকাৰী সকলৰ বাবে শিক্ষা আৰু উপদেশ আহৰণকাৰী সকলৰ বাবে উপদেশ হয়। এই নগৰবাসীসকলৰ ওচৰত ৰাছুলসকলে তেওঁলোকৰ সত্যতাৰ স্পষ্ট প্ৰমাণ লৈ আহিছিল, কিন্তু সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, এই কথা আল্লাহেও ভালকৈ জানিছিল যে, সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিব। যিদৰে আল্লাহে এই নগৰৰ অধিবাসীসকলৰ অন্তৰত মোহৰ মাৰি দিছিল, ঠিক সেইদৰে আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী লোকসকলৰ অন্তৰতো মোহৰ মাৰি দিব আৰু সিহঁতে ঈমান পোষণ কৰিবলৈ সৌভাগ্য লাভ নকৰিব।

Al-A'raaf 7:101Listen in Qur'an →
102

وَمَا وَجَدْنَا لِأَكْثَرِهِم مِّنْ عَهْدٍۢ ۖ وَإِن وَجَدْنَآ أَكْثَرَهُمْ لَفَٰسِقِينَ

And We did not find for most of them any covenant; but indeed, We found most of them defiantly disobedient.

আমি সিহঁতৰ মাজৰ অধিকাংশ জাতিৰ মাজত যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আৰু আল্লাহৰ আদেশ পালন কৰাৰ আগ্ৰহ দেখা নাই। বৰং সিহঁতৰ অধিকাংশকে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হোৱা পাইছো।

Al-A'raaf 7:102Listen in Qur'an →
103

ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِم مُّوسَىٰ بِـَٔايَٰتِنَآ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَظَلَمُوا۟ بِهَا ۖ فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُفْسِدِينَ

Then We sent after them Moses with Our signs to Pharaoh and his establishment, but they were unjust toward them. So see how was the end of the corrupters.

আমি সেইসকল ৰাছুলৰ পিছত মূছা আলাইহিছ ছালামক আমাৰ স্পষ্ট দলীল-প্ৰমাণ সহকাৰে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো, যিবোৰ প্ৰমাণে তেওঁক সত্য নবী হিচাপে প্ৰমাণিত কৰে। কিন্তু সিহঁতে সেইবোৰ নিদৰ্শনক অস্বীকাৰ কৰিলে আৰু কুফুৰী কৰিলে। এতেকে হে ৰাছুল! ভাৱি চাওকচোন! ফলত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ কেনেকুৱা পৰিণতি হৈছিল? আল্লাহে সিহঁতক পানীত ডুবাই মাৰিছিল, লগতে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত কৰিছে।

Al-A'raaf 7:103Listen in Qur'an →
104

وَقَالَ مُوسَىٰ يَٰفِرْعَوْنُ إِنِّى رَسُولٌۭ مِّن رَّبِّ ٱلْعَٰلَمِينَ

And Moses said, "O Pharaoh, I am a messenger from the Lord of the worlds

আল্লাহে যেতিয়া মূছাক নবী হিচাপে প্ৰেৰণ কৰিলে তেতিয়া তেওঁ ফিৰআউনৰ ওচৰত আহি ক'লেঃ হে ফিৰআউন! মই প্ৰকৃততে সকলো সৃষ্টিৰ স্ৰষ্টাৰ ফালৰ পৰা, সিহঁতৰ মালিক আৰু সিহঁতৰ সকলো কৰ্মৰ পৰিচালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছো।

Al-A'raaf 7:104Listen in Qur'an →
105

حَقِيقٌ عَلَىٰٓ أَن لَّآ أَقُولَ عَلَى ٱللَّهِ إِلَّا ٱلْحَقَّ ۚ قَدْ جِئْتُكُم بِبَيِّنَةٍۢ مِّن رَّبِّكُمْ فَأَرْسِلْ مَعِىَ بَنِىٓ إِسْرَٰٓءِيلَ

[Who is] obligated not to say about Allah except the truth. I have come to you with clear evidence from your Lord, so send with me the Children of Israel."

মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰত এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছো, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।

Al-A'raaf 7:105Listen in Qur'an →
106

قَالَ إِن كُنتَ جِئْتَ بِـَٔايَةٍۢ فَأْتِ بِهَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ

[Pharaoh] said, "If you have come with a sign, then bring it forth, if you should be of the truthful."

ফিৰআউনে মূছাক ক'লেঃ যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, যিদৰে তুমি দাবী কৰি আছা, তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা।

Al-A'raaf 7:106Listen in Qur'an →
107

فَأَلْقَىٰ عَصَاهُ فَإِذَا هِىَ ثُعْبَانٌۭ مُّبِينٌۭ

So Moses threw his staff, and suddenly it was a serpent, manifest.

তাৰ পিছত মূছা আলাইহিছ ছালামে নিজৰ লাখুটিডাল মাটিত দলিয়ালে, ফলত সেইটো হঠাৎ প্ৰত্যক্ষদৰ্শী সকলৰ বাবে প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল।

Al-A'raaf 7:107Listen in Qur'an →
108

وَنَزَعَ يَدَهُۥ فَإِذَا هِىَ بَيْضَآءُ لِلنَّٰظِرِينَ

And he drew out his hand; thereupon it was white [with radiance] for the observers.

আৰু তেখেতে চোলাৰ মাজত হাত প্ৰৱেশ কৰি বুকুৰ পৰা অথবা কাষলতিৰ পৰা হাত উলিয়ালে, ফলত তেখেতৰ হাত শুভ্ৰতাৰ কাৰণে জিলিকি আছিল, আৰু এয়া কোনো বগা বেমাৰৰ ফলত নহয়।

Al-A'raaf 7:108Listen in Qur'an →
109

قَالَ ٱلْمَلَأُ مِن قَوْمِ فِرْعَوْنَ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٌۭ

Said the eminent among the people of Pharaoh, "Indeed, this is a learned magician

নেতৃবৰ্গীয় আৰু প্ৰমূখ শ্ৰেণীৰ লোকসকলে যেতিয়া মূছা আলাইহিছ ছালামৰ লাখুটিক সাপত পৰিণত হোৱা দেখিলে আৰু কোনো বেমাৰ নোহোৱাকৈ তেওঁৰ হাতৰ শুভ্ৰতা প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে কবলৈ ধৰিলেঃ মূছা হৈছে এজন দক্ষ যাদুকৰ।

Al-A'raaf 7:109Listen in Qur'an →
110

يُرِيدُ أَن يُخْرِجَكُم مِّنْ أَرْضِكُمْ ۖ فَمَاذَا تَأْمُرُونَ

Who wants to expel you from your land [through magic], so what do you instruct?"

তেওঁ তোমালোকক তেওঁৰ যাদুৰ সহায়ত তোমালোকৰ দেশ মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। তাৰ পিছত ফিৰআউনে মূছা সম্পৰ্কে সিহঁতৰ ওচৰত পৰামৰ্শ বিচাৰি ক'লেঃ এই সম্পৰ্কে তোমালোকে মোক কি পৰামৰ্শ দিয়া?

Al-A'raaf 7:110Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.