Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 91–100 of 165

91

وَمَا قَدَرُوا۟ ٱللَّهَ حَقَّ قَدْرِهِۦٓ إِذْ قَالُوا۟ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ بَشَرٍۢ مِّن شَىْءٍۢ ۗ قُلْ مَنْ أَنزَلَ ٱلْكِتَٰبَ ٱلَّذِى جَآءَ بِهِۦ مُوسَىٰ نُورًۭا وَهُدًۭى لِّلنَّاسِ ۖ تَجْعَلُونَهُۥ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًۭا ۖ وَعُلِّمْتُم مَّا لَمْ تَعْلَمُوٓا۟ أَنتُمْ وَلَآ ءَابَآؤُكُمْ ۖ قُلِ ٱللَّهُ ۖ ثُمَّ ذَرْهُمْ فِى خَوْضِهِمْ يَلْعَبُونَ

And they did not appraise Allah with true appraisal when they said, "Allah did not reveal to a human being anything." Say, "Who revealed the Scripture that Moses brought as light and guidance to the people? You [Jews] make it into pages, disclosing [some of] it and concealing much. And you were taught that which you knew not - neither you nor your fathers." Say, "Allah [revealed it]." Then leave them in their [empty] discourse, amusing themselves.

মুশ্বৰিকসকলে যেতিয়া নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, আল্লাহে কোনো মানুহৰ প্ৰতি অহী প্ৰেৰণ কৰা নাই, এনেকুৱা কথাৰ ফলত সিহঁতে আল্লাহক যথাৰ্থ সন্মান কৰা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মূছাৰ প্ৰতি কোনে তাওৰাত অৱতীৰ্ণ কৰিছিল, যিটো তেওঁৰ সম্প্ৰদায়ৰ বাবে হিদায়ত তথা জ্যোতি আছিল। যিটোক ইয়াহুদীসকলে নিজৰ বহীত লিখি ৰাখিছিল, আৰু যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল হৈছিল সেইটো প্ৰকাশ কৰিছিল আৰু বাকী বাণীসমূহ গোপন কৰিছিল, যেনেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৱৰণ সম্পৰ্কে সিহঁতে এনেকুৱা কৰিছিল। আৰু হে আৰববাসীসকল! তোমালোকক কোৰআনৰ সেইসমূহ কথা বৰ্ণনা কৰা হৈছে যিবোৰ তোমালোকে তথা তোমালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিলা। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেয়া আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে তাৰ পিছত সিহঁতক সিহঁতৰ মুৰ্খতা আৰু পথভ্ৰষ্টতাত এৰি দিয়ক তথা সিহঁতক বিদ্ৰোহ আৰু উপহাস কৰিবলৈ এৰি দিয়ক, সিহঁতৰ মৃত্যু এই অৱস্থাতেই হ'ব।

Al-An'aam 6:91Listen in Qur'an →
92

وَهَٰذَا كِتَٰبٌ أَنزَلْنَٰهُ مُبَارَكٌۭ مُّصَدِّقُ ٱلَّذِى بَيْنَ يَدَيْهِ وَلِتُنذِرَ أُمَّ ٱلْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَٱلَّذِينَ يُؤْمِنُونَ بِٱلْءَاخِرَةِ يُؤْمِنُونَ بِهِۦ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ

And this is a Book which We have sent down, blessed and confirming what was before it, that you may warn the Mother of Cities and those around it. Those who believe in the Hereafter believe in it, and they are maintaining their prayers.

হে নবী! এই কোৰআন এখন গ্ৰন্থ, যিখন আমি আপোনাৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ। এইখন বৰকতময় গ্ৰন্থ, এইখনে পূৰ্বৱৰ্তী গ্ৰন্থসমূহক সমৰ্থন কৰে। (এই গ্ৰন্থখন আমি এই কাৰণে অৱতীৰ্ণ কৰিছোঁ) যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু পূৱ তথা পশ্চিমৰ সকলো লোককে সতৰ্ক কৰিব পাৰে আৰু যাতে সিহঁতে হিদায়ত পায়। লগতে যাতে তেওঁলোককো সতৰ্ক কৰিব পাৰে যিসকলে আখিৰাত তথা এই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু ইয়াৰ বিধানসমূহৰ প্ৰতি আমল কৰে, নিয়মিতভাৱে ছালাত আদায় কৰে, চৰীয়তৰ দ্বাৰা নিৰ্ধাৰিত সময়ত ছালাতৰ আৰকান, ফৰজসমূহ তথা মুস্তাহাবসমূহৰ লগতে উত্তমৰূপে ছালাত আদায় কৰে।

Al-An'aam 6:92Listen in Qur'an →
93

وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ قَالَ أُوحِىَ إِلَىَّ وَلَمْ يُوحَ إِلَيْهِ شَىْءٌۭ وَمَن قَالَ سَأُنزِلُ مِثْلَ مَآ أَنزَلَ ٱللَّهُ ۗ وَلَوْ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِى غَمَرَٰتِ ٱلْمَوْتِ وَٱلْمَلَٰٓئِكَةُ بَاسِطُوٓا۟ أَيْدِيهِمْ أَخْرِجُوٓا۟ أَنفُسَكُمُ ۖ ٱلْيَوْمَ تُجْزَوْنَ عَذَابَ ٱلْهُونِ بِمَا كُنتُمْ تَقُولُونَ عَلَى ٱللَّهِ غَيْرَ ٱلْحَقِّ وَكُنتُمْ عَنْ ءَايَٰتِهِۦ تَسْتَكْبِرُونَ

And who is more unjust than one who invents a lie about Allah or says, "It has been inspired to me," while nothing has been inspired to him, and one who says, "I will reveal [something] like what Allah revealed." And if you could but see when the wrongdoers are in the overwhelming pangs of death while the angels extend their hands, [saying], "Discharge your souls! Today you will be awarded the punishment of [extreme] humiliation for what you used to say against Allah other than the truth and [that] you were, toward His verses, being arrogant."

সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোনো নাই যিয়ে আল্লাহৰ প্ৰতি অপবাদ জাপি দি কয় যে, আল্লাহে মানুহৰ ওপৰত একোৱেই অৱতীৰ্ণ কৰা নাই। অথবা মিছাৰ আশ্ৰয় লৈ কয়ঃ আল্লাহে তাৰ প্ৰতি অহী কৰিছে, অথচ আল্লাহে তাৰ প্ৰতি কোনো অহী কৰা নাই। অথবা কয়ঃ যিদৰে আল্লাহে কোৰআন অৱতীৰ্ণ কৰিছে, সেইদৰে ময়ো অৱতীৰ্ণ কৰিব পাৰিম। (হে নবী!) যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া এই যালিমসকল মৃত্যু যন্ত্ৰণাত ভোগিব আৰু ফিৰিস্তাসকলে সিহঁতক প্ৰহাৰ কৰি ক'বঃ তোমালোকৰ আত্মাসমূহ উলিয়াই আনা, আমি সেইবোৰ গ্ৰহণ কৰিম। আজি তোমালোকক এনেকুৱা শাস্তি বিহা হ'ব, যি শাস্তিয়ে তোমালোকক অপমানিত কৰিব, কাৰণ তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাইছিলা, মিছা নবী হোৱাৰ দাবী কৰিছিলা লগতে কৈছিলাঃ আমিও আল্লাহৰ দৰে অৱতীৰ্ণ কৰিবলৈ সক্ষম, আৰু অহংকাৰ কৰি আল্লাহৰ নিদৰ্শনসমূহ আৰু ঈমানক অস্বীকাৰ কৰিছিলা। (হে নবী!) আপুনি এই দৃশ্য দেখিলে, সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।

Al-An'aam 6:93Listen in Qur'an →
94

وَلَقَدْ جِئْتُمُونَا فُرَٰدَىٰ كَمَا خَلَقْنَٰكُمْ أَوَّلَ مَرَّةٍۢ وَتَرَكْتُم مَّا خَوَّلْنَٰكُمْ وَرَآءَ ظُهُورِكُمْ ۖ وَمَا نَرَىٰ مَعَكُمْ شُفَعَآءَكُمُ ٱلَّذِينَ زَعَمْتُمْ أَنَّهُمْ فِيكُمْ شُرَكَٰٓؤُا۟ ۚ لَقَد تَّقَطَّعَ بَيْنَكُمْ وَضَلَّ عَنكُم مَّا كُنتُمْ تَزْعُمُونَ

[It will be said to them], "And you have certainly come to Us alone as We created you the first time, and you have left whatever We bestowed upon you behind you. And We do not see with you your 'intercessors' which you claimed that they were among you associates [of Allah]. It has [all] been severed between you, and lost from you is what you used to claim."

পুনৰুত্থানৰ দিনা সিহঁতক কোৱা হ'ব, আজি তোমালোকে আমাৰ ওচৰত অকলেই আহিছা। এতিয়া তোমালোকৰ ওচৰত কোনো সম্পদো নাই আৰু কোনো ৰাজত্বও নাই। খালি ভৰি, বস্ত্ৰহীন, খতনাবিহীন উপস্থিত হৈছা যিদৰে আমি তোমালোকক প্ৰথম সৃষ্টি কৰিছিলো। আমি তোমালোকক যি যি প্ৰদান কৰিছিলো, সেইবোৰ তোমালোকে ইচ্ছা থকা সত্তেও পৃথিৱীতে এৰি থৈ আহিছা। যিবোৰ উপাস্যক তোমালোকে ছুপাৰিছকাৰী বুলি ভাৱিছিলা আৰু যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ তথা ইবাদতৰ যোগ্য বুলি ভাৱিছিলা, আজি সেইবোৰও তোমালোকৰ লগত নাই। আনকি সিহঁতৰ লগত তোমালোকৰ সম্পৰ্কচ্ছেদ হৈছে, সিহঁতৰ বিষয়ে তোমালোকৰ যি যি বিশ্বাস আছিল সেই সকলোবোৰ নিঃশেষ হৈছে। (যেনেঃ সিহঁতে ছোপাৰিছ কৰিব, বা সিহঁত আল্লাহৰ অংশীদাৰ আদি)

Al-An'aam 6:94Listen in Qur'an →
95

۞ إِنَّ ٱللَّهَ فَالِقُ ٱلْحَبِّ وَٱلنَّوَىٰ ۖ يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَمُخْرِجُ ٱلْمَيِّتِ مِنَ ٱلْحَىِّ ۚ ذَٰلِكُمُ ٱللَّهُ ۖ فَأَنَّىٰ تُؤْفَكُونَ

Indeed, Allah is the cleaver of grain and date seeds. He brings the living out of the dead and brings the dead out of the living. That is Allah; so how are you deluded?

নিশ্চয় আল্লাহেই বীজক বিদীৰ্ণ কৰে আৰু তাৰ পৰা পুলি গজায়। এইদৰে তেওঁ গুটি বিদীৰ্ণ কৰে আৰু তাৰ পৰা গছ উৎপন্ন হয়, যেনে- খেজুৰ গছ আৰু আঙুৰ আদি। তেওঁৱেই নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায়। আনহাতে মানুহ তথা আন আন জীৱ-জন্তুক তেৱেঁই এটোপাল পানীৰ দ্বাৰা সৃষ্টি কৰে। এইদৰে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়, যেনেঃ বীৰ্যক মানুহৰ পৰা আৰু কণীক মুৰ্গীৰ পৰা উলিয়ায়। যি সত্তাই এনেকুৱা কৰে তেৱেঁই আল্লাহ, যিজনে তোমালোকক সৃষ্টি কৰিছে। হে মুশ্বৰিকসকল! তথাপিও তোমালোকে আল্লাহৰ কলা-কৃষ্টি দেখাৰ পিছতো সত্যৰ পৰা পলায়ন কৰা কিয়?

Al-An'aam 6:95Listen in Qur'an →
96

فَالِقُ ٱلْإِصْبَاحِ وَجَعَلَ ٱلَّيْلَ سَكَنًۭا وَٱلشَّمْسَ وَٱلْقَمَرَ حُسْبَانًۭا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ

[He is] the cleaver of daybreak and has made the night for rest and the sun and moon for calculation. That is the determination of the Exalted in Might, the Knowing.

আল্লাহৰ আদেশতেই ৰাতিৰ অন্ধকাৰ গুচি দিনৰ পোহৰ প্ৰস্ফুটিত হয়। তেৱেঁই মানুহৰ বাবে ৰাতিক বিশ্ৰামৰ মাধ্যম বনাইছে, ফলত মানুহে বিভিন্ন কাম-বন এৰি ৰাতিত দিনৰ ক্লান্তৰ পৰা আৰাম লাভ কৰে। তেওঁৰ নিৰ্দেশতেই চন্দ্ৰ তথা সূৰ্য এটা নিৰ্ধাৰিত সময় অনুসাৰে নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰে। এই অদ্ভূদ ৰচনা সেই প্ৰভাৱশালী প্ৰতিপালকৰ যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু তেওঁ জানে সিহঁতৰ বাবে কোনটো কল্যাণকৰ।

Al-An'aam 6:96Listen in Qur'an →
97

وَهُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلنُّجُومَ لِتَهْتَدُوا۟ بِهَا فِى ظُلُمَٰتِ ٱلْبَرِّ وَٱلْبَحْرِ ۗ قَدْ فَصَّلْنَا ٱلْءَايَٰتِ لِقَوْمٍۢ يَعْلَمُونَ

And it is He who placed for you the stars that you may be guided by them through the darknesses of the land and sea. We have detailed the signs for a people who know.

হে আদম সন্তান! তেৱেঁই আকাশমণ্ডলক তৰাবোৰৰ জৰিয়তে সুসজ্জিত কৰিছে। যিবোৰৰ সহায়ত জল তথা স্থলৰ ভ্ৰমণত পথ হেৰাই গ'লে তোমালোকে পথ বিচাৰি পোৱা। আমি দলীল তথা প্ৰমাণৰ জৰিয়তে নিজৰ ক্ষমতা সাব্যস্ত কৰিছো কিন্তু ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয় যিসকলে চিন্তা-চৰ্চা তথা গৱেষণা কৰে।

Al-An'aam 6:97Listen in Qur'an →
98

وَهُوَ ٱلَّذِىٓ أَنشَأَكُم مِّن نَّفْسٍۢ وَٰحِدَةٍۢ فَمُسْتَقَرٌّۭ وَمُسْتَوْدَعٌۭ ۗ قَدْ فَصَّلْنَا ٱلْءَايَٰتِ لِقَوْمٍۢ يَفْقَهُونَ

And it is He who produced you from one soul and [gave you] a place of dwelling and of storage. We have detailed the signs for a people who understand.

তেওঁ তোমালোকক এটা আত্মা অৰ্থাৎ তোমালোকৰ আদি পিতা আদমৰ আত্মাৰ পৰা সৃষ্টি কৰিছে, কিয়নো প্ৰথমে তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকক তেওঁৰ পৰা সৃষ্টি কৰিছে। তোমালোকৰ বাবে অৱস্থান কৰাৰ ঠাই বনাইছে যেনেঃ মাকৰ গৰ্ভ, আৰু অস্থায়ী অৱস্থান আছিল পিতৃৰ পিঠি। আমি সেই সকল লোকৰ বাবে আমাৰ নিদৰ্শনসমূহ স্পষ্ট কৰি দিছো, যিসকলে আল্লাহৰ কালাম ভালদৰে বুজি পায়।

Al-An'aam 6:98Listen in Qur'an →
99

وَهُوَ ٱلَّذِىٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَخْرَجْنَا بِهِۦ نَبَاتَ كُلِّ شَىْءٍۢ فَأَخْرَجْنَا مِنْهُ خَضِرًۭا نُّخْرِجُ مِنْهُ حَبًّۭا مُّتَرَاكِبًۭا وَمِنَ ٱلنَّخْلِ مِن طَلْعِهَا قِنْوَانٌۭ دَانِيَةٌۭ وَجَنَّٰتٍۢ مِّنْ أَعْنَابٍۢ وَٱلزَّيْتُونَ وَٱلرُّمَّانَ مُشْتَبِهًۭا وَغَيْرَ مُتَشَٰبِهٍ ۗ ٱنظُرُوٓا۟ إِلَىٰ ثَمَرِهِۦٓ إِذَآ أَثْمَرَ وَيَنْعِهِۦٓ ۚ إِنَّ فِى ذَٰلِكُمْ لَءَايَٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ

And it is He who sends down rain from the sky, and We produce thereby the growth of all things. We produce from it greenery from which We produce grains arranged in layers. And from the palm trees - of its emerging fruit are clusters hanging low. And [We produce] gardens of grapevines and olives and pomegranates, similar yet varied. Look at [each of] its fruit when it yields and [at] its ripening. Indeed in that are signs for a people who believe.

তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ দ্বাৰাই আমি বিভিন্ন প্ৰকাৰৰ গছ-পুলি উত্পন্ন কৰো, সেইবোৰ পুলিৰ পৰাই আমি ফচল তথা সেউজীয়া গছ-বৃক্ষ আদি উত্পন্ন কৰো। যিবোৰৰ পৰা দানা, বীজ আদি উলিয়াওঁ, যেনে ওপৰা ওপৰিকৈ লাগি থকা ফলৰ থোক। আৰু খেজুৰ গছৰ পৰা সৃষ্টি কৰোঁ ওলমি থকা খেজুৰৰ থোক, যিবোৰ থিয় হৈ অথবা বহিও সংগ্ৰহ কৰিব পাৰি। লগতে উত্পন্ন কৰো আঙুৰৰ বাগিচা। যায়তুন তথা ডালিম সৃষ্টি কৰো, যাৰ পাতবোৰ একেই কিন্তু ফল ভিন্ন। হে মানৱসমাজ! ইয়াৰ ফলবোৰৰ প্ৰতি লক্ষ্য কৰা যেতিয়া প্ৰথমবাৰ গছত ধৰে আৰু যেতিয়া পকি যায়। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকৰ বাবে ইয়াৰ মাজত আছে স্পষ্ট প্ৰমাণ আৰু তেওঁলোকেই এই প্ৰমাণবোৰৰ পৰা উপকৃত হয়।

Al-An'aam 6:99Listen in Qur'an →
100

وَجَعَلُوا۟ لِلَّهِ شُرَكَآءَ ٱلْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا۟ لَهُۥ بَنِينَ وَبَنَٰتٍۭ بِغَيْرِ عِلْمٍۢ ۚ سُبْحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يَصِفُونَ

But they have attributed to Allah partners - the jinn, while He has created them - and have fabricated for Him sons and daughters. Exalted is He and high above what they describe

মুশ্বৰিকসকলে জিনবোৰক আল্লাহৰ অংশীদাৰ কৰি লৈছিল এই বিশ্বাস পোষণ কৰি যে, সিহঁতে উপকাৰ বা অপকাৰ কৰিব পাৰে। অথচ আল্লাহেই সিহঁতক সৃষ্টি কৰিছে। সেয়ে কেৱল তেৱেঁই ইবাদতৰ যোগ্য। সিহঁতে আল্লাহৰ পুত্ৰ আছে বুলি বিশ্বাস কৰিছিল, যিদৰে ইয়াহুদীসকলে উযাইৰক আৰু খৃষ্টানসকলে ঈছাক আল্লাহৰ পুত্ৰ বুলি ভাৱিছিল। আৰু কন্যা সন্তান আছে বুলিও সিহঁতে বিশ্বাস কৰিছিল, যিদৰে মুশ্বৰিকসকলে ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি অপবাদ দিছিল। বাতিল পন্থীয়ে দিয়া এই সকলো অপবাদৰ পৰা আল্লাহ তাআলা পৱিত্ৰ।

Al-An'aam 6:100Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.