Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 81–90 of 165

81

وَكَيْفَ أَخَافُ مَآ أَشْرَكْتُمْ وَلَا تَخَافُونَ أَنَّكُمْ أَشْرَكْتُم بِٱللَّهِ مَا لَمْ يُنَزِّلْ بِهِۦ عَلَيْكُمْ سُلْطَٰنًۭا ۚ فَأَىُّ ٱلْفَرِيقَيْنِ أَحَقُّ بِٱلْأَمْنِ ۖ إِن كُنتُمْ تَعْلَمُونَ

And how should I fear what you associate while you do not fear that you have associated with Allah that for which He has not sent down to you any authority? So which of the two parties has more right to security, if you should know?

এইটো কেনেকৈ সম্ভৱ যে মই আল্লাহৰ বাহিৰে তোমালোকৰ এই মূৰ্তিবোৰক ভয় কৰিম, অথচ তোমালোকে নিজেই কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সৃষ্টিক আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ভয় নকৰা? কোনটো দল মুক্তিৰ অধিক নিকটৱৰ্তী মুশ্বৰিকসকলৰটো নে তাওহীদপন্থী সকলৰটো? যদি তোমালোকে জানা যে, কোনটো দল উত্তম সেইটোৰে অনুসৰণ কৰা। নিঃসন্দেহে মুমিনসকল তথা তাওহীদ পন্থী সকলৰ দলটোৱে অতি উত্তম।

Al-An'aam 6:81Listen in Qur'an →
82

ٱلَّذِينَ ءَامَنُوا۟ وَلَمْ يَلْبِسُوٓا۟ إِيمَٰنَهُم بِظُلْمٍ أُو۟لَٰٓئِكَ لَهُمُ ٱلْأَمْنُ وَهُم مُّهْتَدُونَ

They who believe and do not mix their belief with injustice - those will have security, and they are [rightly] guided.

শান্তি আৰু নিৰাপত্তা কেৱল সেই সকল লোকৰ বাবে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা তেওঁৰ বিধানৰ অনুসৰণ কৰিছে আৰু ঈমানৰ লগত শ্বিৰ্ক মিশ্ৰিত কৰা নাই। এওঁলোকেই সেই সকল লোক, যিসকলক তেওঁলোকৰ প্ৰতিপালকে পোন পথত পৰিচালিত হোৱাৰ তাওফীক দান কৰিছে।

Al-An'aam 6:82Listen in Qur'an →
83

وَتِلْكَ حُجَّتُنَآ ءَاتَيْنَٰهَآ إِبْرَٰهِيمَ عَلَىٰ قَوْمِهِۦ ۚ نَرْفَعُ دَرَجَٰتٍۢ مَّن نَّشَآءُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌۭ

And that was Our [conclusive] argument which We gave Abraham against his people. We raise by degrees whom We will. Indeed, your Lord is Wise and Knowing.

যি প্ৰমাণৰ দ্বাৰা ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ক পৰাজিত কৰিছিল আনকি সিহঁতৰ ওচৰত কোনো প্ৰমাণেই নাছিল, সেই প্ৰমাণটো হৈছে আল্লাহৰ এই বাণীঃ (নিৰাপত্তাৰ ক্ষেত্ৰত কোনোটো দল অধিক সবল)। যিটো আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লগত তৰ্ক কৰাৰ বাবে প্ৰদান কৰিছিলো। পৃথিৱী আৰু আখিৰাতত আমি আমাৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰো উচ্চ মৰ্যদা প্ৰদান কৰো। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান তথা বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ।

Al-An'aam 6:83Listen in Qur'an →
84

وَوَهَبْنَا لَهُۥٓ إِسْحَٰقَ وَيَعْقُوبَ ۚ كُلًّا هَدَيْنَا ۚ وَنُوحًا هَدَيْنَا مِن قَبْلُ ۖ وَمِن ذُرِّيَّتِهِۦ دَاوُۥدَ وَسُلَيْمَٰنَ وَأَيُّوبَ وَيُوسُفَ وَمُوسَىٰ وَهَٰرُونَ ۚ وَكَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

And We gave to Abraham, Isaac and Jacob - all [of them] We guided. And Noah, We guided before; and among his descendants, David and Solomon and Job and Joseph and Moses and Aaron. Thus do We reward the doers of good.

আৰু আমি ইব্ৰাহীমক সন্তানৰূপে ইছহাক তথা নাতিৰূপে ইয়াকূব প্ৰদান কৰিছিলো আৰু উভয়কে পোন পথৰ তাওফীক প্ৰদান কৰিছিলো। তেওঁলোকৰ পূৰ্বে নূহক আৰু তেওঁৰ বংশধৰ দাঊদ, তেওঁৰ পুত্ৰ ছুলাইমান, আয়্যুব. ইউছুফ. মুছা তথা তেওঁৰ ভাতৃ হাৰূন আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। যিদৰে আমি নবীসকলক তেওঁলোকৰ এহছানৰ বিনিময় দিছো, সেইদৰে আমি আন আন এহছানকাৰী সকলকো প্ৰতিদান প্ৰদান কৰিম।

Al-An'aam 6:84Listen in Qur'an →
85

وَزَكَرِيَّا وَيَحْيَىٰ وَعِيسَىٰ وَإِلْيَاسَ ۖ كُلٌّۭ مِّنَ ٱلصَّٰلِحِينَ

And Zechariah and John and Jesus and Elias - and all were of the righteous.

এইদৰে যাকাৰিয়্যা, এহয়া, ঈছা আৰু ইলিয়াছ আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী আল্লাহৰ পূণ্যৱান বান্দা আছিল, যিসকলক আল্লাহে ৰাছুল হিচাপে নিৰ্বাচিত কৰিছিল।

Al-An'aam 6:85Listen in Qur'an →
86

وَإِسْمَٰعِيلَ وَٱلْيَسَعَ وَيُونُسَ وَلُوطًۭا ۚ وَكُلًّۭا فَضَّلْنَا عَلَى ٱلْعَٰلَمِينَ

And Ishmael and Elisha and Jonah and Lot - and all [of them] We preferred over the worlds.

এইদৰে ইছমাঈল, এছআ, ইউনুছ তথা লূত আলাইহিমুছ ছালামকো তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী, যিসকলৰ শিৰোমণি হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, এওঁলোকক আমি সকলো লোকৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছিলো।

Al-An'aam 6:86Listen in Qur'an →
87

وَمِنْ ءَابَآئِهِمْ وَذُرِّيَّٰتِهِمْ وَإِخْوَٰنِهِمْ ۖ وَٱجْتَبَيْنَٰهُمْ وَهَدَيْنَٰهُمْ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ

And [some] among their fathers and their descendants and their brothers - and We chose them and We guided them to a straight path.

তেওঁলোকৰ পিতা, সন্তান তথা ভাতৃসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰিছো তাওফীক প্ৰদান কৰিছো আৰু নিৰ্বাচিত কৰিছো লগতে পোন পথত চলাৰ সামৰ্থ প্ৰদান কৰিছো, যিটো আল্লাহৰ তাওহীদ আৰু আনুগত্যৰ পথ।

Al-An'aam 6:87Listen in Qur'an →
88

ذَٰلِكَ هُدَى ٱللَّهِ يَهْدِى بِهِۦ مَن يَشَآءُ مِنْ عِبَادِهِۦ ۚ وَلَوْ أَشْرَكُوا۟ لَحَبِطَ عَنْهُم مَّا كَانُوا۟ يَعْمَلُونَ

That is the guidance of Allah by which He guides whomever He wills of His servants. But if they had associated others with Allah, then worthless for them would be whatever they were doing.

এই যিটো তাওফীক তেওঁলোকে পাইছে, সেইটো আল্লাহৰ তাওফীক। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাওফীক প্ৰদান কৰে। তেওঁলোকেও যদি কাৰোবাক আল্লাহৰ অংশী কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল ব্যৰ্থ হৈ গলহেঁতেন। কাৰণ শ্বিৰ্কে পূণ্যক বিনষ্ট কৰি দিয়ে।

Al-An'aam 6:88Listen in Qur'an →
89

أُو۟لَٰٓئِكَ ٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ ۚ فَإِن يَكْفُرْ بِهَا هَٰٓؤُلَآءِ فَقَدْ وَكَّلْنَا بِهَا قَوْمًۭا لَّيْسُوا۟ بِهَا بِكَٰفِرِينَ

Those are the ones to whom We gave the Scripture and authority and prophethood. But if the disbelievers deny it, then We have entrusted it to a people who are not therein disbelievers.

উক্ত নবীসকলক আমি পুথি প্ৰদান কৰিছিলো, হিকমত আৰু নুবুওৱত প্ৰদান কৰিছিলো। যদি আপোনাৰ সম্প্ৰদায়ে এইবোৰক অস্বীকাৰ কৰে তেন্তে আমি এনেকুৱা এটা জাতি প্ৰস্তুত কৰি ৰাখিছো যিসকলে এইবোৰক অস্বীকাৰ নকৰিব, বৰং ইয়াৰ ওপৰত ঈমান পোষণ কৰিব আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰিব। তেওঁলোক হৈছে মুহাজিৰ আৰু আনচাৰসকল তথা সেই সকল লোক যিসকলে ক্বিয়ামত পৰ্যন্ত তেওঁলোকৰ উত্তমৰূপে অনুসৰণ কৰিব।

Al-An'aam 6:89Listen in Qur'an →
90

أُو۟لَٰٓئِكَ ٱلَّذِينَ هَدَى ٱللَّهُ ۖ فَبِهُدَىٰهُمُ ٱقْتَدِهْ ۗ قُل لَّآ أَسْـَٔلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَٰلَمِينَ

Those are the ones whom Allah has guided, so from their guidance take an example. Say, "I ask of you for this message no payment. It is not but a reminder for the worlds."

এইসকল নবী তথা তেওঁলোকৰ লগত উল্লেখিত তেওঁলোকৰ পিতৃ, সন্তান আৰু ভাতৃসকলেই প্ৰকৃত হিদায়ত প্ৰাপ্ত। এতেকে তেওঁলোকৰ অনুসৰণ কৰক আৰু তেওঁলোকক আদৰ্শ হিচাপে লওঁক। আৰু হে নবী! আপুনি আপোনাৰ সম্প্ৰদায়ক কৈ দিয়ক যে, কোৰআন পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰো। কোৰআন হৈছে শিক্ষা সামগ্ৰী, পৃথিৱীত বসবাসকাৰী মানৱ আৰু জিন জাতিৰ বাবে, যাতে সিহঁতে ইয়াৰ দ্বাৰা পোন পথ আৰু সঠিক পথ লাভ কৰিব পাৰে।

Al-An'aam 6:90Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.