Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 165

51

وَأَنذِرْ بِهِ ٱلَّذِينَ يَخَافُونَ أَن يُحْشَرُوٓا۟ إِلَىٰ رَبِّهِمْ ۙ لَيْسَ لَهُم مِّن دُونِهِۦ وَلِىٌّۭ وَلَا شَفِيعٌۭ لَّعَلَّهُمْ يَتَّقُونَ

And warn by the Qur'an those who fear that they will be gathered before their Lord - for them besides Him will be no protector and no intercessor - that they might become righteous.

হে ৰাছুল! আপুনি এই কোৰআনৰ জৰিয়তে সেইসকল ব্যক্তিক ভীতিপ্ৰদৰ্শন কৰক, যিসকলে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ ওচৰত একত্ৰিত হোৱাক ভয় কৰে। আল্লাহৰ বাহিৰে আন কোনো বন্ধু নাথাকিব যিয়ে তেওঁলোকৰ উপকাৰ সাধিব, লগতে কোনো ছুপাৰিছকাৰীও নাথাকিব যিয়ে তেওঁলোকক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিব। হয়তো সিহঁতে আল্লাহৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰিব পাৰে। এতেকে এইসকল লোকেই কোৰআনৰ দ্বাৰা উপকৃত হয়।

Al-An'aam 6:51Listen in Qur'an →
52

وَلَا تَطْرُدِ ٱلَّذِينَ يَدْعُونَ رَبَّهُم بِٱلْغَدَوٰةِ وَٱلْعَشِىِّ يُرِيدُونَ وَجْهَهُۥ ۖ مَا عَلَيْكَ مِنْ حِسَابِهِم مِّن شَىْءٍۢ وَمَا مِنْ حِسَابِكَ عَلَيْهِم مِّن شَىْءٍۢ فَتَطْرُدَهُمْ فَتَكُونَ مِنَ ٱلظَّٰلِمِينَ

And do not send away those who call upon their Lord morning and afternoon, seeking His countenance. Not upon you is anything of their account and not upon them is anything of your account. So were you to send them away, you would [then] be of the wrongdoers.

হে ৰাছুল! আপোনাৰ বৈঠকৰ পৰা সেই সকল দুখীয়া মুছলিমক আঁতৰাই নিদিব, যিসকলে সদায় পুৱা গধূলি আল্লাহৰ ইবাদত কৰে, আৰু ইখলাচৰ সৈতে তেওঁৰ ইবাদত কৰে। তেওঁলোকক এই উদ্দেশ্যে আঁতৰাই নিদিব যে, আপুনি মুশ্বৰিকসকলৰ ডাঙৰ ডাঙৰ নেতাসকলক আকৰ্ষিত কৰিব। এই দুখীয়াসকলৰ কোনো হিচাপ-নিকাচৰ দায়িত্ব আপোনাৰ ওপৰত নাই। বৰং তেওঁলোকৰ হিচাপ-নিকাচৰ দায়িত্ব আল্লাহৰ হাতত। আনহাতে আপোনাৰ হিচাপৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়। যদি আপুনি তেওঁলোকক আপোনাৰ বৈঠকৰ পৰা আঁতৰাই দিয়ে তেন্তে আপুনি আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব।

Al-An'aam 6:52Listen in Qur'an →
53

وَكَذَٰلِكَ فَتَنَّا بَعْضَهُم بِبَعْضٍۢ لِّيَقُولُوٓا۟ أَهَٰٓؤُلَآءِ مَنَّ ٱللَّهُ عَلَيْهِم مِّنۢ بَيْنِنَآ ۗ أَلَيْسَ ٱللَّهُ بِأَعْلَمَ بِٱلشَّٰكِرِينَ

And thus We have tried some of them through others that the disbelievers might say, "Is it these whom Allah has favored among us?" Is not Allah most knowing of those who are grateful?

এইদৰে আমি কিছুমান লোকক আন কিছুমান লোকৰ দ্বাৰা পৰীক্ষা লৈছো। এতেকে পাৰ্থিৱ জীৱনৰ সূখ-শান্তিত আমি সিহঁতৰ মাজত কম বেছি কৰি দিছো। আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰো, যাতে ধনী কাফিৰসকলে দুখীয়া মুমিনসকলক দেখি কয়ঃ আল্লাহে আমাক এৰি এই দুখীয়া সকলৰ প্ৰতি কৃপা কৰি তেওঁলোকক সত্যৰ পথ দেখুৱাইছে নেকি? ঈমান পোষণ কৰাটো যদি কল্যাণকৰ হলেহেঁতেন তেন্তে ইহঁতে আমাতকৈ আগত ঈমান পোষণ কৰিব নোৱাৰিলেহেঁতেন। কিয়নো প্ৰত্যেক বিষয়ত আমিয়ে অগ্ৰগামী। (হেৰা কাফিৰসকল) আল্লাহে নাজানে নেকি যে, তেওঁ তাওফীক দিয়া লোক সকলে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা কৰিবনে নাই? আৰু কাফিৰসকলকো তেওঁ ভালদৰে জানে, সেই কাৰণেই সিহঁতক ঈমানৰ পৰা বঞ্চিত কৰিছে, ফলত সিহঁতে ঈমান পোষণ নকৰে। নিশ্চয় আল্লাহ সিহঁতৰ বিষয়ে সম্যক অৱগত।

Al-An'aam 6:53Listen in Qur'an →
54

وَإِذَا جَآءَكَ ٱلَّذِينَ يُؤْمِنُونَ بِـَٔايَٰتِنَا فَقُلْ سَلَٰمٌ عَلَيْكُمْ ۖ كَتَبَ رَبُّكُمْ عَلَىٰ نَفْسِهِ ٱلرَّحْمَةَ ۖ أَنَّهُۥ مَنْ عَمِلَ مِنكُمْ سُوٓءًۢا بِجَهَٰلَةٍۢ ثُمَّ تَابَ مِنۢ بَعْدِهِۦ وَأَصْلَحَ فَأَنَّهُۥ غَفُورٌۭ رَّحِيمٌۭ

And when those come to you who believe in Our verses, say, "Peace be upon you. Your Lord has decreed upon Himself mercy: that any of you who does wrong out of ignorance and then repents after that and corrects himself - indeed, He is Forgiving and Merciful."

হে ৰাছুল! যেতিয়া আপোনাৰ ওচৰত সেই সকল লোক আহে, যিসকলে আমাৰ সেই সমূহ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰে আপুনি লৈ অহা বিধানৰ সত্যতাক সমৰ্থন কৰে, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ ছালামৰ উত্তৰ দিয়ক, লগতে তেওঁলোকক আল্লাহৰ ৰহমতৰ প্ৰশস্তাৰ শুভসংবাদ দিয়ক। আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত কৃপা কৰাক অনিবাৰ্য কৰি লৈছে। এতেকে যিয়ে অজানিতে কোনো পাপ কৰিব, তাৰ পিছত তাওবা কৰিব আৰু নিজৰ কৰ্মক সংশোধন কৰিব, আল্লাহে নিশ্চয় তেওঁক ক্ষমা কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।

Al-An'aam 6:54Listen in Qur'an →
55

وَكَذَٰلِكَ نُفَصِّلُ ٱلْءَايَٰتِ وَلِتَسْتَبِينَ سَبِيلُ ٱلْمُجْرِمِينَ

And thus do We detail the verses, and [thus] the way of the criminals will become evident.

উক্ত কথাবোৰ আমি যিদৰে বৰ্ণনা কৰিলো, ঠিক সেইদৰে আমি আপোনাক সেই সমূহ দলীল প্ৰমাণো অৱগত কৰাম যিবোৰে বাতিল পন্থীৰ যুক্তিক খণ্ডন কৰে। যাতে অপৰাধী বিলাকৰ মতাদৰ্শ আৰু সিহঁতৰ পথ স্পষ্ট হৈ পৰে তথা আপুনি সিহঁতৰ পৰা সতৰ্ক থাকিব পাৰে আৰু সচেতন থাকিব পাৰে।

Al-An'aam 6:55Listen in Qur'an →
56

قُلْ إِنِّى نُهِيتُ أَنْ أَعْبُدَ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ ۚ قُل لَّآ أَتَّبِعُ أَهْوَآءَكُمْ ۙ قَدْ ضَلَلْتُ إِذًۭا وَمَآ أَنَا۠ مِنَ ٱلْمُهْتَدِينَ

Say, "Indeed, I have been forbidden to worship those you invoke besides Allah." Say, "I will not follow your desires, for I would then have gone astray, and I would not be of the [rightly] guided."

হে ৰাছুল! আপুনি কৈ দিয়ক যে, তোমালোকে আল্লাহক এৰি যিবোৰ বস্তুৰ উপাসনা কৰা, আল্লাহে মোক সেইবোৰৰ উপাসনা কৰিবলৈ নিষেধ কৰিছে। হে ৰাছুল! আপুনি কৈ দিয়ক যে, মই তোমালোকৰ আকংক্ষা অনুযায়ী আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব নোৱাৰি। মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে সত্য পথৰ পৰা আঁতৰি যাম, আৰু হিদায়ত নাপাওঁ। এই পৰিণতি প্ৰত্যেক সেই ব্যক্তিৰ হয়, যিয়ে আল্লাহৰ পৰা অহা কোনো প্ৰমাণ নোহোৱাকৈ নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে।

Al-An'aam 6:56Listen in Qur'an →
57

قُلْ إِنِّى عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّى وَكَذَّبْتُم بِهِۦ ۚ مَا عِندِى مَا تَسْتَعْجِلُونَ بِهِۦٓ ۚ إِنِ ٱلْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ ٱلْحَقَّ ۖ وَهُوَ خَيْرُ ٱلْفَٰصِلِينَ

Say, "Indeed, I am on clear evidence from my Lord, and you have denied it. I do not have that for which you are impatient. The decision is only for Allah. He relates the truth, and He is the best of deciders."

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই মোৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণসমূহৰ ওপৰত প্ৰতিষ্ঠিত। মই প্ৰবৃত্তিৰ অনুসৰণ নকৰো। আৰু তোমালোকে এই প্ৰমাণক অৱজ্ঞা কৰিছা। যিবোৰ অলৌকিক নিদৰ্শন আৰু শাস্তি তোমালোকে বিচৰা, সেইবোৰ মোৰ অধীনত নহয়, বৰং সেইবোৰ আল্লাহৰ হাতত। সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা। তেওঁ সত্য কথা কয় আৰু সেই অনুসাৰেই সিদ্ধান্ত লয়। তেওঁ সত্যবাদী তথা অসত্যবাদী সকলৰ মাজত যিদৰে পাৰ্থক্য কৰিছে, আন কোনেও কৰা নাই।

Al-An'aam 6:57Listen in Qur'an →
58

قُل لَّوْ أَنَّ عِندِى مَا تَسْتَعْجِلُونَ بِهِۦ لَقُضِىَ ٱلْأَمْرُ بَيْنِى وَبَيْنَكُمْ ۗ وَٱللَّهُ أَعْلَمُ بِٱلظَّٰلِمِينَ

Say, "If I had that for which you are impatient, the matter would have been decided between me and you, but Allah is most knowing of the wrongdoers."

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ দাবী কৰিছা, সেইটো যদি মোৰ অধীনত থাকিলেহেঁতেন, তেন্তে নিশ্চয় মই তোমালোকক বিহিলোহেঁতেন। লগতে তোমালোকৰ আৰু মোৰ মাজত চূ়ড়ান্ত ফয়চালা হৈ গলেহেঁতেন। কিন্তু আল্লাহ অত্যাচাৰী সকলৰ বিষয়ে অধিক অৱগত। সিহঁতক কিমান সময় অৱকাশ দিয়া উচিত আৰু কেতিয়া শাস্তি দিয়া উচিত।

Al-An'aam 6:58Listen in Qur'an →
59

۞ وَعِندَهُۥ مَفَاتِحُ ٱلْغَيْبِ لَا يَعْلَمُهَآ إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِى ٱلْبَرِّ وَٱلْبَحْرِ ۚ وَمَا تَسْقُطُ مِن وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍۢ فِى ظُلُمَٰتِ ٱلْأَرْضِ وَلَا رَطْبٍۢ وَلَا يَابِسٍ إِلَّا فِى كِتَٰبٍۢ مُّبِينٍۢ

And with Him are the keys of the unseen; none knows them except Him. And He knows what is on the land and in the sea. Not a leaf falls but that He knows it. And no grain is there within the darknesses of the earth and no moist or dry [thing] but that it is [written] in a clear record.

অদৃশ্যৰ ভাণ্ডাৰ কেৱল আল্লাহৰ ওচৰতেই। এই বিষয়ে তেওঁৰ বাহিৰে আন কোনেও নাজানে। স্থলত যিমান সৃষ্টি আছে যেনেঃ জীৱ-জন্তু, গছ-তৰুলতা, জড় পদাৰ্থ আদি, তেওঁ সেই সকলোবোৰ জানে। এইদৰে সাগৰৰ ভিতৰত যিবোৰ জীৱ-জন্তু আৰু তৃণলতা আছে, তেওঁ সেইবোৰো জানে। গছৰ এটা পাত সৰিলেও তেওঁ সেই বিষয়ে অৱগত। মাটিৰ ভিতৰত গোপন হৈ থকা এনেকুৱা কোনো দানা নাই অথবা ৰসযুক্ত নাইবা শুকান এনেকুৱা কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত লিখা হোৱা নাই। সেই কিতাবটো হৈছে লওহে মাহফুজ।

Al-An'aam 6:59Listen in Qur'an →
60

وَهُوَ ٱلَّذِى يَتَوَفَّىٰكُم بِٱلَّيْلِ وَيَعْلَمُ مَا جَرَحْتُم بِٱلنَّهَارِ ثُمَّ يَبْعَثُكُمْ فِيهِ لِيُقْضَىٰٓ أَجَلٌۭ مُّسَمًّۭى ۖ ثُمَّ إِلَيْهِ مَرْجِعُكُمْ ثُمَّ يُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

And it is He who takes your souls by night and knows what you have committed by day. Then He revives you therein that a specified term may be fulfilled. Then to Him will be your return; then He will inform you about what you used to do.

আৰু টোপনিত অস্থায়ী ৰূপে আল্লাহেই তোমালোকৰ প্ৰাণবোৰক নিজৰ কব্জাত ৰাখে। তোমালোকে গোটেই দিন যি যি কৰ্ম কৰা সেই সকলোবোৰ তেওঁ জানে। তেৱেঁই তোমালোকক দিনত জগাই দিয়ে যাতে তোমালোকে নিজৰ কৰ্মবোৰ সুচাৰুৰূপে সম্পাদন কৰিব পাৰা। অৱশেষত আল্লাহৰ ওচৰত তোমালোকৰ যি সময় নিৰ্ধাৰিত আছে সেয়া শেষ হৈ যাব। তাৰ পিছত তোমালোকক ক্বিয়ামতৰ দিনা পুনৰ্জীৱিত কৰা হ'ব, আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰা হ'ব। তাৰ পিছত তেৱেঁই তোমালোকক অৱগত কৰাব তোমালোকে পৃথিৱীত কি কৰি আহিছা, লগতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

Al-An'aam 6:60Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.