Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–50 of 165

41

بَلْ إِيَّاهُ تَدْعُونَ فَيَكْشِفُ مَا تَدْعُونَ إِلَيْهِ إِن شَآءَ وَتَنسَوْنَ مَا تُشْرِكُونَ

No, it is Him [alone] you would invoke, and He would remove that for which you invoked Him if He willed, and you would forget what you associate [with Him].

সত্য এই যে, তোমালোকে সেই সময়ত, বিপদ আঁতৰাবলৈ আৰু মুচিবতৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰা, তেৱেঁই তোমালোকৰ সৃষ্টিকৰ্তা। কাৰণ এইটো দূৰ কৰিবলৈ কেৱল আল্লাহেই সক্ষম, তেৱেঁই তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু মুচিবত প্ৰতিৰোধ কৰে যদি তেওঁ ইচ্ছা কৰে। আনহাতে তোমালোকৰ উপাস্য বিলাক, যিবিলাকক তোমালোকে আল্লাহৰ সৈতে সমকক্ষ স্থিৰ কৰা, সেই বিলাকক তোমালোকে পৰিত্যাগ কৰিবা। কাৰণ তোমালোকে গম পাবা যে, সিহঁতে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।

Al-An'aam 6:41Listen in Qur'an →
42

وَلَقَدْ أَرْسَلْنَآ إِلَىٰٓ أُمَمٍۢ مِّن قَبْلِكَ فَأَخَذْنَٰهُم بِٱلْبَأْسَآءِ وَٱلضَّرَّآءِ لَعَلَّهُمْ يَتَضَرَّعُونَ

And We have already sent [messengers] to nations before you, [O Muhammad]; then We seized them with poverty and hardship that perhaps they might humble themselves [to Us].

হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো সম্প্ৰদায়ৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো, সিহঁতেও তেওঁলোকক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকে যি লৈ আহিছিল তাৰ পৰা সিহঁতে বিমুখ হৈছিল, ফলত আমি সিহঁতক বিপদৰ সন্মুখীন কৰিছিলো, যেনে দৰিদ্ৰতা আৰু হানীকাৰক বেমাৰ, যাতে সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নত হয় আৰু বিনীত হয়।

Al-An'aam 6:42Listen in Qur'an →
43

فَلَوْلَآ إِذْ جَآءَهُم بَأْسُنَا تَضَرَّعُوا۟ وَلَٰكِن قَسَتْ قُلُوبُهُمْ وَزَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ مَا كَانُوا۟ يَعْمَلُونَ

Then why, when Our punishment came to them, did they not humble themselves? But their hearts became hardened, and Satan made attractive to them that which they were doing.

যেতিয়া সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিছিল, সেই সময়ত যদি সিহঁতে আল্লাহৰ ওচৰত নত হেলেহেঁতেন আৰু বিনীত হলেহেঁতেন, যাতে আল্লাহে সিহঁতৰ পৰা শাস্তি উঠাই লয়, তেন্তে আমি সিহঁতৰ প্ৰতি কৃপা কৰিলোহেঁতেন। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল, বৰং সিহঁতৰ অন্তৰ আৰু কঠিন হৈ পৰিছিল, সিহঁতে উপদেশ গ্ৰহণ নকৰিলে আৰু শিক্ষাও নললে। আৰু চয়তানে সিহঁতৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি তুলি ধৰিলে, ফলত সিহঁত নিজৰ সেই আচৰণতে অটল থাকিল।

Al-An'aam 6:43Listen in Qur'an →
44

فَلَمَّا نَسُوا۟ مَا ذُكِّرُوا۟ بِهِۦ فَتَحْنَا عَلَيْهِمْ أَبْوَٰبَ كُلِّ شَىْءٍ حَتَّىٰٓ إِذَا فَرِحُوا۟ بِمَآ أُوتُوٓا۟ أَخَذْنَٰهُم بَغْتَةًۭ فَإِذَا هُم مُّبْلِسُونَ

So when they forgot that by which they had been reminded, We opened to them the doors of every [good] thing until, when they rejoiced in that which they were given, We seized them suddenly, and they were [then] in despair.

দৰিদ্ৰতা আৰু বেমাৰৰ পিছতো যেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰিলে লগতে আল্লাহৰ আদেশ পালন নকৰিলে, তেতিয়া আমি সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ বাবে অধিক জীৱিকাৰ দুৱাৰ খুলি দিলো, সিহঁতক ঐশ্বৰ্যশীল কৰি দিলো লগতে সুস্বাস্থ্য প্ৰদান কৰিলো। কিন্তু যেতিয়া সিহঁতৰ মাজত অহংকাৰ আহি পৰিল আৰু গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়া হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিল আৰু সিহঁত হতভম্ব হৈ নিৰাশ হৈ পৰিল।

Al-An'aam 6:44Listen in Qur'an →
45

فَقُطِعَ دَابِرُ ٱلْقَوْمِ ٱلَّذِينَ ظَلَمُوا۟ ۚ وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ

So the people that committed wrong were eliminated. And praise to Allah, Lord of the worlds.

কাফিৰসকল ধ্বংস হ'ল, আৰু সিহঁত সকলোকে নাশ কৰা হ'ল, আনহাতে আল্লাহৰ ৰাছুলসকল সহায় প্ৰাপ্ত হ'ল। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজন বিশ্বজগতৰ সকলোৰে ৰব্ব, তেওঁ নিজৰ শত্ৰুসকলক ধ্বংস কৰিলে আৰু বন্ধুসকলক সহায় কৰিলে।

Al-An'aam 6:45Listen in Qur'an →
46

قُلْ أَرَءَيْتُمْ إِنْ أَخَذَ ٱللَّهُ سَمْعَكُمْ وَأَبْصَٰرَكُمْ وَخَتَمَ عَلَىٰ قُلُوبِكُم مَّنْ إِلَٰهٌ غَيْرُ ٱللَّهِ يَأْتِيكُم بِهِ ۗ ٱنظُرْ كَيْفَ نُصَرِّفُ ٱلْءَايَٰتِ ثُمَّ هُمْ يَصْدِفُونَ

Say, "Have you considered: if Allah should take away your hearing and your sight and set a seal upon your hearts, which deity other than Allah could bring them [back] to you?" Look how we diversify the verses; then they [still] turn away.

হে ৰাছুল! এই মুশ্বৰিকসকলক কওঁকচোন, যদি আল্লাহে তোমালোকৰ শ্ৰৱণশক্তি হৰণ কৰি কলা কৰি দিয়ে, তোমালোকৰ দৃষ্টশক্তি কাঢ়ি লৈ অন্ধ বনাই দিয়ে, আৰু তোমালোকৰ অন্তৰত মোহৰ লগাই দিয়ে ফলত তোমালোকে একোৱেই বুজি নোপোৱা, তেন্তে কোন আছে এনেকুৱা সত্য উপাস্য যিয়ে তোমালোকক এইবোৰ ওভোতাই আনি দিব? হে ৰাছুল! গমি চাওঁকচোন, আমি কিদৰে সিহঁতক প্ৰমাণসমূহ স্পষ্টভাৱে বৰ্ণনা কৰি আছো। তাৰ পিছতো সিহঁত বিমুখ হৈ আছে।

Al-An'aam 6:46Listen in Qur'an →
47

قُلْ أَرَءَيْتَكُمْ إِنْ أَتَىٰكُمْ عَذَابُ ٱللَّهِ بَغْتَةً أَوْ جَهْرَةً هَلْ يُهْلَكُ إِلَّا ٱلْقَوْمُ ٱلظَّٰلِمُونَ

Say, "Have you considered: if the punishment of Allah should come to you unexpectedly or manifestly, will any be destroyed but the wrongdoing people?"

হে ৰাছুল! সিহঁতক কওঁকচোন, যদি তোমালোকৰ ওপৰত হঠাৎ আল্লাহৰ শাস্তি আহি পৰে অথবা প্ৰকাশ্যভাৱে আহে তেন্তে এই শাস্তিৰ চিকাৰ কেৱল সেইসকল লোক হব যিসকলে আল্লাহৰ লগত কুফুৰী কৰি তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে।

Al-An'aam 6:47Listen in Qur'an →
48

وَمَا نُرْسِلُ ٱلْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَ ۖ فَمَنْ ءَامَنَ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

And We send not the messengers except as bringers of good tidings and warners. So whoever believes and reforms - there will be no fear concerning them, nor will they grieve.

আমি ৰাছুলসকল কেৱল এই কাৰণে প্ৰেৰণ কৰোঁ যাতে তেওঁলোকে ঈমান্দাৰসকলক তথা আনুগত্যকাৰী সকলক এনেকুৱা নিয়ামতৰ সুসংবাদ দিয়ে যিটো কেতিয়াও ধ্বংস নহ'ব। লগতে তেওঁলোকে যাতে কাফিৰ তথা পাপিষ্ঠসকলক আমাৰ কঠোৰ শাস্তিৰ পৰা সতৰ্ক কৰে। এতেকে যিসকলে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নিজৰ আমল সংশোধন কৰিব, তেওঁলোকৰ বাবে আখিৰাতত কোনো চিন্তা নাই আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰো কোনো দুখ নহ'ব।

Al-An'aam 6:48Listen in Qur'an →
49

وَٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَٰتِنَا يَمَسُّهُمُ ٱلْعَذَابُ بِمَا كَانُوا۟ يَفْسُقُونَ

But those who deny Our verses - the punishment will touch them for their defiant disobedience.

যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ কাৰণে শাস্তি ভোগ কৰিব।

Al-An'aam 6:49Listen in Qur'an →
50

قُل لَّآ أَقُولُ لَكُمْ عِندِى خَزَآئِنُ ٱللَّهِ وَلَآ أَعْلَمُ ٱلْغَيْبَ وَلَآ أَقُولُ لَكُمْ إِنِّى مَلَكٌ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَىَّ ۚ قُلْ هَلْ يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ ۚ أَفَلَا تَتَفَكَّرُونَ

Say, [O Muhammad], "I do not tell you that I have the depositories [containing the provision] of Allah or that I know the unseen, nor do I tell you that I am an angel. I only follow what is revealed to me." Say, "Is the blind equivalent to the seeing? Then will you not give thought?"

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মোৰ ওচৰত আল্লাহৰ জীৱিকাৰ ভাণ্ডাৰ নাই যাৰ পৰা মই যেনেকৈ ইচ্ছা খৰচ কৰিম, আৰু মই এইটোও নকওঁ যে মোৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে। কিন্তু আল্লাহে অহীৰ জৰিয়তে মোক যিবোৰ বিষয়ে অৱগত কৰাইছে সেয়া সুকীয়া। আৰু মই তোমালোকক এইটোও নকওঁ যে মই এজন ফিৰিস্তা, বৰং মই এজন আল্লাহৰ ৰাছুল। মই কেৱল সেইটোৰে অনুসৰণ কৰো যিটো মোক অহী কৰা হয়। মোৰ ওচৰত যিটোৰ অধিকাৰ নাই, সেইটোৰ দাবী মই নকৰো। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেইসকল কাফিৰ যিসকলে দুৰদৰ্শিতা নোহোৱাৰ কাৰণে সত্যক বুজি পোৱা নাই, আৰু সেইসকল মুমিন যিসকলে সত্য বুজি পাই ঈমান আনিছে, এই দুয়ো পক্ষ সমান হ'ব পাৰেনে? হে মুশ্বৰিকসকল! তোমালোকৰ চাৰিওফালে থকা নিদৰ্শনবোৰ চাই তোমালোকে চিন্তা-চৰ্চা নকৰানে?!

Al-An'aam 6:50Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.