Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 21–30 of 165

21

وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِـَٔايَٰتِهِۦٓ ۗ إِنَّهُۥ لَا يُفْلِحُ ٱلظَّٰلِمُونَ

And who is more unjust than one who invents about Allah a lie or denies His verses? Indeed, the wrongdoers will not succeed.

যিসকলে আল্লাহৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ উপাসনা কৰে অথবা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তাতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো নাই। এনেকুৱা অন্যায়কাৰীয়ে যদি তাওবা নকৰে তেন্তে কদাপিও সফল হ'ব নোৱাৰিব।

Al-An'aam 6:21Listen in Qur'an →
22

وَيَوْمَ نَحْشُرُهُمْ جَمِيعًۭا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوٓا۟ أَيْنَ شُرَكَآؤُكُمُ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ

And [mention, O Muhammad], the Day We will gather them all together; then We will say to those who associated others with Allah, "Where are your 'partners' that you used to claim [with Him]?"

ক্বিয়ামতৰ দিনটোক স্মৰণ কৰা, যেতিয়া আমি সকলোকে একত্ৰিত কৰিম, কাকো নেৰিম, তাৰ পিছত শ্বিৰ্ককাৰী সকলক ভৰ্ত্সনা কৰি কমঃ তোমালোকৰ সেই মিছলীয়া অংশীদাৰ বিলাক ক’ত? যিবোৰক তোমালোকে আহ্বান কৰিছিলা?

Al-An'aam 6:22Listen in Qur'an →
23

ثُمَّ لَمْ تَكُن فِتْنَتُهُمْ إِلَّآ أَن قَالُوا۟ وَٱللَّهِ رَبِّنَا مَا كُنَّا مُشْرِكِينَ

Then there will be no [excuse upon] examination except they will say, "By Allah, our Lord, we were not those who associated."

এই পৰীক্ষাৰ পিছত সিহঁতে সিহঁতৰ উপাস্যবিলাকক পৰিত্যাগ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব, তেতিয়া সিহঁতে মিছাতে ক'বঃ আমাৰ ৰব্ব আল্লাহৰ শপত! আমি তোমাৰ সৈতে শ্বিৰ্ক কৰা নাছিলো বৰং তোমাৰ প্ৰতি ঈমান আনিছিলো। অকল তোমাৰেই ইবাদত কৰিছিলো।

Al-An'aam 6:23Listen in Qur'an →
24

ٱنظُرْ كَيْفَ كَذَبُوا۟ عَلَىٰٓ أَنفُسِهِمْ ۚ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ

See how they will lie about themselves. And lost from them will be what they used to invent.

হে মুহাম্মদ! চাওঁক ইহঁতে কেনেকৈ মিছা মাতি আছে, আৰু শ্বিৰ্ক কৰা নাই বুলি কৈ আছে। পৃথিৱীত যিবোৰক ইহঁতে অংশীদাৰ সাব্যস্ত কৰিছিল সেইবোৰ তেতিয়া গোপন হৈ যাব।

Al-An'aam 6:24Listen in Qur'an →
25

وَمِنْهُم مَّن يَسْتَمِعُ إِلَيْكَ ۖ وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِىٓ ءَاذَانِهِمْ وَقْرًۭا ۚ وَإِن يَرَوْا۟ كُلَّ ءَايَةٍۢ لَّا يُؤْمِنُوا۟ بِهَا ۚ حَتَّىٰٓ إِذَا جَآءُوكَ يُجَٰدِلُونَكَ يَقُولُ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلْأَوَّلِينَ

And among them are those who listen to you, but We have placed over their hearts coverings, lest they understand it, and in their ears deafness. And if they should see every sign, they will not believe in it. Even when they come to you arguing with you, those who disbelieve say, "This is not but legends of the former peoples."

হে ৰাছুল! যেতিয়া আপুনি কোৰআন তিলাৱত কৰে, তেতিয়া কিছুমান মুশ্বৰিকে সেয়া মনোযোগ সহকাৰে শুনে, কিন্তু সিহঁতে শুনিও উপকৃত নহয়। কিয়নো আমি সিহঁতৰ অন্তৰত সিহঁতৰ অৱজ্ঞা তথা অহংকাৰৰ কাৰণে আৱৰণ কৰি দিছো, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে লগতে আমি সিহঁতক এনেকুৱা কলা কৰি দিছো যে, সিহঁতে শুনাৰ পিছতো উপকৃত হ'ব নোৱাৰে। সিহঁতে যিমানেই স্পষ্ট প্ৰমাণ নাচাওঁক কিয়, সেইবোৰৰ প্ৰতি ঈমান পোষণ নকৰিব, আনকি সিহঁতে আপোনাৰ ওচৰত আহি আপোনাৰ লগত অসত্যৰ ভিত্তিত সত্যৰ বিপক্ষে বাদানুবাদ কৰে। সিহঁতে কয়ঃ আপুনি যি লৈ আহিছে, সেয়া পূৰ্বৱৰ্তী লোক সকলৰ পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

Al-An'aam 6:25Listen in Qur'an →
26

وَهُمْ يَنْهَوْنَ عَنْهُ وَيَنْـَٔوْنَ عَنْهُ ۖ وَإِن يُهْلِكُونَ إِلَّآ أَنفُسَهُمْ وَمَا يَشْعُرُونَ

And they prevent [others] from him and are [themselves] remote from him. And they do not destroy except themselves, but they perceive [it] not.

আৰু সিহঁতে মানুহক ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ নিষেধ কৰে লগতে নিজেও আঁতৰি থাকে। এতেকে নিজেও উপকৃত নহয় আৰু আনকো উপকৃত হ'বলৈ নিদিয়ে। এইদৰে সিহঁতে নিজৰে ক্ষতি সাধন কৰি আছে। সিহঁতে যি কৰি আছে সেয়া যে ধ্বংসৰ কাৰণ সিহঁতে নিজেই নাজানে।

Al-An'aam 6:26Listen in Qur'an →
27

وَلَوْ تَرَىٰٓ إِذْ وُقِفُوا۟ عَلَى ٱلنَّارِ فَقَالُوا۟ يَٰلَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِـَٔايَٰتِ رَبِّنَا وَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ

If you could but see when they are made to stand before the Fire and will say, "Oh, would that we could be returned [to life on earth] and not deny the signs of our Lord and be among the believers."

হে ৰাছুল! আপুনি যদি সিহঁতক দেখিলেহেঁতেন, যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতক জাহান্নামৰ সন্মুখত অনা হ'ব, তেতিয়া সিহঁতে পৰিতাপ কৰি ক'ব, হায়! যদি আমাক দুনাই পৃথিৱীলৈ প্ৰেৰণ কৰা হলেহেঁতেন, আমি কেতিয়াও আল্লাহৰ আয়াতসমূহক অস্বীকাৰ নকৰিলোহেঁতেন বৰং আমি আল্লাহৰ প্ৰতি বিশ্বাস কৰিলোহেঁতেন, তেতিয়া আপুনি সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।

Al-An'aam 6:27Listen in Qur'an →
28

بَلْ بَدَا لَهُم مَّا كَانُوا۟ يُخْفُونَ مِن قَبْلُ ۖ وَلَوْ رُدُّوا۟ لَعَادُوا۟ لِمَا نُهُوا۟ عَنْهُ وَإِنَّهُمْ لَكَٰذِبُونَ

But what they concealed before has [now] appeared to them. And even if they were returned, they would return to that which they were forbidden; and indeed, they are liars.

বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে কৈ আছে যে, সিহঁতক ওভোতাই পঠালে সিহঁতে ঈমান পোষণ কৰিব, বৰং যি কথাটো সিহঁতে গোপন কৰি কৈ আছিল যে, আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ, যেতিয়া সিহঁতৰ নিজৰ শৰীৰৰ অংগই সিহঁতৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তেতিয়া সিহঁতৰ সেই মিছা কথাৰ ৰহস্যভেদ হ'ব। ধৰি লোৱা হ'ল যদিও সিহঁতক পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সিহঁতে সেই কুফৰ আৰু শ্বিৰ্কৰ পিনেই উভতি যাব, যিটোৰ পৰা সিহঁতক বিৰত ৰখা হৈছিল। সিহঁতৰ এই প্ৰতিশ্ৰুতি মিছা।

Al-An'aam 6:28Listen in Qur'an →
29

وَقَالُوٓا۟ إِنْ هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ

And they say, "There is none but our worldly life, and we will not be resurrected."

এই মুশ্বৰিকসকলে কয়ঃ এই জীৱনৰ বাহিৰে আন কোনো জীৱন নাই, আৰু আমাক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰা নহ'ব।

Al-An'aam 6:29Listen in Qur'an →
30

وَلَوْ تَرَىٰٓ إِذْ وُقِفُوا۟ عَلَىٰ رَبِّهِمْ ۚ قَالَ أَلَيْسَ هَٰذَا بِٱلْحَقِّ ۚ قَالُوا۟ بَلَىٰ وَرَبِّنَا ۚ قَالَ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ

If you could but see when they will be made to stand before their Lord. He will say, "Is this not the truth?" They will say, "Yes, by our Lord." He will [then] say, "So taste the punishment because you used to disbelieve."

হে ৰাছুল! যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া পুনৰুত্থানক অস্বীকাৰকাৰী বিলাকক আল্লাহৰ সন্মুখত থিয় কৰোৱা হ'ব, সিহঁতৰ দুৰাৱস্থা দেখি আপুনি হতভম্ব হলেহেঁতেন, যেতিয়া আল্লাহে সিহঁতক ক'বঃ কোৱাচোন এই পুনৰ্জীৱন সঁচা নহয়নে, ইয়াৰ মাজত কোনো সন্দেহ তথা সংশয় আছেনে? তেতিয়া সিহঁতে ক'বঃ সেই প্ৰতিপালকৰ শপত যিয়ে আমাক সৃষ্টি কৰিছে, এয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত এই দিনটোক অস্বীকাৰ কৰিছিলা আৰু মিছা বুলি কৈছিলা, এতেকে আজি শাস্তি ভোগ কৰা।

Al-An'aam 6:30Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.