Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 11–20 of 165

11

قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ ثُمَّ ٱنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُكَذِّبِينَ

Say, "Travel through the land; then observe how was the end of the deniers."

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী তথা উপহাসকাৰী সকলক কৈ দিয়ক যে, পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তি বিলাকৰ কি পৰিণাম হৈছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক শাস্তি প্ৰদান কৰিছে।

Al-An'aam 6:11Listen in Qur'an →
12

قُل لِّمَن مَّا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۖ قُل لِّلَّهِ ۚ كَتَبَ عَلَىٰ نَفْسِهِ ٱلرَّحْمَةَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ ٱلْقِيَٰمَةِ لَا رَيْبَ فِيهِ ۚ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ

Say, "To whom belongs whatever is in the heavens and earth?" Say, "To Allah." He has decreed upon Himself mercy. He will surely assemble you for the Day of Resurrection, about which there is no doubt. Those who will lose themselves [that Day] do not believe.

হে ৰাছুল! আপুনি সিহঁতক সোধক যে, আকাশ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰ কাৰ অধীনস্থ? আপুনি কৈ দিয়ক, সেই সকলোবোৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ কৰি, দয়া কৰাটো নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে। সেয়ে তেওঁ সিহঁতক শীঘ্ৰে শাস্তি প্ৰদান নকৰে। কিন্তু যদি সিহঁতে তাওবা নকৰে (তেন্তে সিহঁতে জানি থোৱা উচিত যে) আল্লাহে সিহঁত সকলোকে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যি দিন সম্পৰ্কে কোনো সন্দেহ নাই। যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰে ক্ষতি সাধন কৰিছে, সেই সকলেই ঈমান পোষণ নকৰে, (ঈমান পোষণ কৰিলে) নিজকে ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন।

Al-An'aam 6:12Listen in Qur'an →
13

۞ وَلَهُۥ مَا سَكَنَ فِى ٱلَّيْلِ وَٱلنَّهَارِ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

And to Him belongs that which reposes by night and by day, and He is the Hearing, the Knowing.

দিন আৰু ৰাতিৰ মাজত যি আছে সেই সকলো একমাত্ৰ আল্লাহৰেই। আৰু তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী, সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত তথা তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান প্ৰদান কৰিব।

Al-An'aam 6:13Listen in Qur'an →
14

قُلْ أَغَيْرَ ٱللَّهِ أَتَّخِذُ وَلِيًّۭا فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَهُوَ يُطْعِمُ وَلَا يُطْعَمُ ۗ قُلْ إِنِّىٓ أُمِرْتُ أَنْ أَكُونَ أَوَّلَ مَنْ أَسْلَمَ ۖ وَلَا تَكُونَنَّ مِنَ ٱلْمُشْرِكِينَ

Say, "Is it other than Allah I should take as a protector, Creator of the heavens and the earth, while it is He who feeds and is not fed?" Say, [O Muhammad], "Indeed, I have been commanded to be the first [among you] who submit [to Allah] and [was commanded], 'Do not ever be of the polytheists.' "

হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে মূৰ্তি আদিৰো পূজা-পাঠ কৰে, এইটো বিবেক সন্মত হ'ব পাৰেনে যে, মই আল্লাহৰ বাহিৰে আনক সহায়ক হিচাপে মানি লম অথবা তাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিম, অথচ আল্লাহেই আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ। তেৱেঁই বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে। কিন্তু কোনো বান্দাই তেওঁক জীৱিকা প্ৰদান নকৰে। তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। কিন্তু সকলোৱে তেওঁৰ মুখাপেক্ষী। হে ৰাছুল! আপুনি কৈ দিয়ক যে, আল্লাহে মোক আদেশ কৰিছে, মই যেন এই উম্মতৰ মাজত সৰ্বপ্ৰথম আত্মসমৰ্পনকাৰী হৈ যাওঁ। লগতে মোক সেই সকল লোকৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে, যিসকলে তেওঁৰ সৈতে আনক অংশীদাৰ কৰে।

Al-An'aam 6:14Listen in Qur'an →
15

قُلْ إِنِّىٓ أَخَافُ إِنْ عَصَيْتُ رَبِّى عَذَابَ يَوْمٍ عَظِيمٍۢ

Say, "Indeed I fear, if I should disobey my Lord, the punishment of a tremendous Day."

হে ৰাছুল! আপুনি কৈ দিয়ক যে, যদি মই শ্বিৰ্ক তথা আন আন হাৰাম কৰ্মৰ দ্বাৰা আল্লাহৰ অবাধ্যতা কৰো অথবা ঈমান তথা আন কোনো সত্কৰ্ম নকৰো, যিবোৰ কৰাৰ তেওঁ মোক আদেশ প্ৰদান কৰিছে, তেন্তে তেওঁ ক্বিয়ামতৰ দিনা মোক মহাশাস্তি প্ৰদান কৰিব।

Al-An'aam 6:15Listen in Qur'an →
16

مَّن يُصْرَفْ عَنْهُ يَوْمَئِذٍۢ فَقَدْ رَحِمَهُۥ ۚ وَذَٰلِكَ ٱلْفَوْزُ ٱلْمُبِينُ

He from whom it is averted that Day - [Allah] has granted him mercy. And that is the clear attainment.

ক্বিয়ামতৰ দিনা আল্লাহে যাক শাস্তিৰ পৰা ৰক্ষা কৰিব, তেওঁ আল্লাহৰ অনুগ্ৰহত সাফল্যমণ্ডিত হ'ব। শাস্তিৰ পৰা মুক্তি পোৱাটোৱে আটাইতকৈ ডাঙৰ আৰু স্পষ্ট সফলতা।

Al-An'aam 6:16Listen in Qur'an →
17

وَإِن يَمْسَسْكَ ٱللَّهُ بِضُرٍّۢ فَلَا كَاشِفَ لَهُۥٓ إِلَّا هُوَ ۖ وَإِن يَمْسَسْكَ بِخَيْرٍۢ فَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ

And if Allah should touch you with adversity, there is no remover of it except Him. And if He touches you with good - then He is over all things competent.

হে আদম সন্তান! যদি আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত কোনো বিপদ আহি পৰে, তেন্তে আল্লাহৰ বাহিৰে কোনেও সেই বিপদ দূৰ কৰিব নোৱাৰে। আনহাতে যদি কোনো কল্যাণ লাভ হয়, তেন্তে তেওঁৰ অনুগ্ৰহক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।

Al-An'aam 6:17Listen in Qur'an →
18

وَهُوَ ٱلْقَاهِرُ فَوْقَ عِبَادِهِۦ ۚ وَهُوَ ٱلْحَكِيمُ ٱلْخَبِيرُ

And He is the subjugator over His servants. And He is the Wise, the Acquainted [with all].

তেওঁ বান্দাসকলৰ ওপৰত প্ৰভূত্বশীল আৰু প্ৰভাৱশালী। সকলো ফালৰ পৰা তেওঁ সৰ্বোচ্চ। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। সকলোৱে তেওঁৰ ওচৰত বিনীত। তেওঁ নিজৰ মৰ্যাদানুসাৰে বান্দাসকলৰ ওপৰত বিৰাজমান। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। সকলো বিষয়ে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

Al-An'aam 6:18Listen in Qur'an →
19

قُلْ أَىُّ شَىْءٍ أَكْبَرُ شَهَٰدَةًۭ ۖ قُلِ ٱللَّهُ ۖ شَهِيدٌۢ بَيْنِى وَبَيْنَكُمْ ۚ وَأُوحِىَ إِلَىَّ هَٰذَا ٱلْقُرْءَانُ لِأُنذِرَكُم بِهِۦ وَمَنۢ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ ٱللَّهِ ءَالِهَةً أُخْرَىٰ ۚ قُل لَّآ أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌۭ وَٰحِدٌۭ وَإِنَّنِى بَرِىٓءٌۭ مِّمَّا تُشْرِكُونَ

Say, "What thing is greatest in testimony?" Say, "Allah is witness between me and you. And this Qur'an was revealed to me that I may warn you thereby and whomever it reaches. Do you [truly] testify that with Allah there are other deities?" Say, "I will not testify [with you]." Say, "Indeed, He is but one God, and indeed, I am free of what you associate [with Him]."

হে ৰাছুল! সেই সকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাক অস্বীকাৰ কৰেঃ মোৰ সত্যতাৰ আটাইতকৈ ডাঙৰ সাক্ষ্যজন কোন জানানে, আপুনিয়ে কৈ দিয়ক যে, তোমালোকৰ আৰু মোৰ মাজত আটাইতকৈ ডাঙৰ সাক্ষ্যজন হৈছে আল্লাহ তাআলা। মই তোমালোকৰ ওচৰত কি লৈ আহিছো সেয়া তেওঁ জানে, আৰু তোমালোকে কি দৰে সঁহাৰি জনাবা সেইটোও তেওঁ জানে। আল্লাহে অহীৰ দ্বাৰা মোক এই কোৰআন প্ৰদান কৰিছে, যাতে মই ইয়াৰ দ্বাৰা তোমালোকক আৰু সেই সকলো মানৱ আৰু জিনক সতৰ্ক কৰি দিব পাৰো, যাৰ ওচৰত এই কোৰআন গৈ পাব। হে মুশ্বৰিকসকল! তোমালোকে বিশ্বাস পোষণ কৰা নেকি যে, আল্লাহৰ বাহিৰেও কোনোবা উপাস্য আছে? হে ৰাছুল! আপুনি কৈ দিয়ক, তোমালোকে যিটো বিশ্বাস কৰা সেইটোক মই বিশ্বাস নকৰো, কাৰণ সেয়া হৈছে বাতিল। উপাস্য একমাত্ৰ আল্লাহ, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সেই সকলোবোৰ প্ৰত্যাখ্যান কৰো যিবোৰক তোমালোকে তেওঁৰ লগত অংশী কৰা।

Al-An'aam 6:19Listen in Qur'an →
20

ٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ يَعْرِفُونَهُۥ كَمَا يَعْرِفُونَ أَبْنَآءَهُمُ ۘ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ

Those to whom We have given the Scripture recognize it as they recognize their [own] sons. Those who will lose themselves [in the Hereafter] do not believe.

ইয়াহুদী যিসকলক তাওৰাত প্ৰদান কৰিছিলো, তথা ঈছায়ী যিসকলক আমি ইঞ্জীল প্ৰদান কৰিছিলো, সিহঁতে ভালদৰেই জানে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ নবী। যিদৰে সিহঁতে অন্য লোকৰ সন্তানসকলৰ মাজত নিজৰ সন্তান বাচি উলিয়াই। সিহঁতে নিজকে জাহান্নামত নিক্ষেপ কৰি নিজৰে ক্ষতি সাধন কৰিছে। সিহঁতে কদাপিও ঈমান পোষণ নকৰিব।

Al-An'aam 6:20Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.