Muslim99Muslim99
← Tafsir library

6. Al-An'aam

The Cattle · Meccan · 165 ayahs

سُورَةُ الأَنۡعَامِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 101–110 of 165

101

بَدِيعُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۖ أَنَّىٰ يَكُونُ لَهُۥ وَلَدٌۭ وَلَمْ تَكُن لَّهُۥ صَٰحِبَةٌۭ ۖ وَخَلَقَ كُلَّ شَىْءٍۢ ۖ وَهُوَ بِكُلِّ شَىْءٍ عَلِيمٌۭ

[He is] Originator of the heavens and the earth. How could He have a son when He does not have a companion and He created all things? And He is, of all things, Knowing.

তেৱেঁই আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁৰ পত্নীয়ে নাই, সন্তান কেনেকৈ হব? তেৱেঁই সকলো সৃষ্টি কৰিছে আৰু তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।

Al-An'aam 6:101Listen in Qur'an →
102

ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ ۖ لَآ إِلَٰهَ إِلَّا هُوَ ۖ خَٰلِقُ كُلِّ شَىْءٍۢ فَٱعْبُدُوهُ ۚ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ وَكِيلٌۭ

That is Allah, your Lord; there is no deity except Him, the Creator of all things, so worship Him. And He is Disposer of all things.

হে মানৱজাতি! এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ ৰব্ব। তেওঁৰ বাহিৰে তোমালোকৰ কোনো ৰব্ব নাই আৰু কোনো সত্য উপাস্যও নাই। তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কাৰণ তেৱেঁই ইবাদতৰ যোগ্য আৰু তেৱেঁই সকলো বস্তুৰ সংৰক্ষক।

Al-An'aam 6:102Listen in Qur'an →
103

لَّا تُدْرِكُهُ ٱلْأَبْصَٰرُ وَهُوَ يُدْرِكُ ٱلْأَبْصَٰرَ ۖ وَهُوَ ٱللَّطِيفُ ٱلْخَبِيرُ

Vision perceives Him not, but He perceives [all] vision; and He is the Subtle, the Acquainted.

দৃষ্টিসমূহে তেওঁক আয়ত্ত্ব কৰিব নোৱাৰে কিন্তু তেওঁ সকলোকে দেখি আছে আৰু সকলোকে পৰিবেষ্টন কৰি আছে। তেওঁ নেক বান্দাসকলৰ কল্যাণ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ বিষয়ে সম্যক অৱগত।

Al-An'aam 6:103Listen in Qur'an →
104

قَدْ جَآءَكُم بَصَآئِرُ مِن رَّبِّكُمْ ۖ فَمَنْ أَبْصَرَ فَلِنَفْسِهِۦ ۖ وَمَنْ عَمِىَ فَعَلَيْهَا ۚ وَمَآ أَنَا۠ عَلَيْكُم بِحَفِيظٍۢ

There has come to you enlightenment from your Lord. So whoever will see does so for [the benefit of] his soul, and whoever is blind [does harm] against it. And [say], "I am not a guardian over you."

হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণ আহি পৰিছে। যিয়ে সেয়া মানিব তেৱেঁই সফলতা পাব। যিয়ে আওকাণ কৰিব আৰু বুজিবলৈ যত্ন নকৰিব আৰু মানিবলৈও চেষ্টা নকৰিব, তাৰেই ক্ষতি হ'ব। মই তোমালোকৰ ৰক্ষক নহয় যে, তোমালোকৰ কৰ্মবোৰ গণি থাকিম। মই কেৱল মোৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুল, তেৱেঁই তোমালোকৰ ৰক্ষক।

Al-An'aam 6:104Listen in Qur'an →
105

وَكَذَٰلِكَ نُصَرِّفُ ٱلْءَايَٰتِ وَلِيَقُولُوا۟ دَرَسْتَ وَلِنُبَيِّنَهُۥ لِقَوْمٍۢ يَعْلَمُونَ

And thus do We diversify the verses so the disbelievers will say, "You have studied," and so We may make the Qur'an clear for a people who know.

যিদৰে আমি বিভিন্ন প্ৰকাৰৰ প্ৰমাণৰ দ্বাৰা আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিলো, সেইদৰে প্ৰতিশ্ৰুতি, সতৰ্ক তথা উপদেশ সম্পৰ্কীয় বিষয়ত বিভিন্ন ধৰণৰ আয়াত অৱতীৰ্ণ কৰিছো। মুশ্বৰিকসকলে ক'ব যে, এয়া কোনো অহী নহয়। বৰং তোমাৰ পূৰ্বে যিসকলক পুথি দিয়া হৈছিল, তাৰ পৰা তোমালোকে শিকি লৈছা। এই আয়াতবোৰৰ দ্বাৰা আমি মানুহৰ সন্মুখত সত্য স্পষ্ট কৰি দিব বিচাৰো আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল মুমিন ব্যক্তি আছে তেওঁলোকে যাতে এইবোৰ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই সত্য স্বীকাৰ কৰে আৰু ইয়াৰ অনুসৰণ কৰে।

Al-An'aam 6:105Listen in Qur'an →
106

ٱتَّبِعْ مَآ أُوحِىَ إِلَيْكَ مِن رَّبِّكَ ۖ لَآ إِلَٰهَ إِلَّا هُوَ ۖ وَأَعْرِضْ عَنِ ٱلْمُشْرِكِينَ

Follow, [O Muhammad], what has been revealed to you from your Lord - there is no deity except Him - and turn away from those who associate others with Allah.

হে নবী! সেই সত্যৰ অনুসৰণ কৰক, যি সত্যৰ অহী আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি কৰিছে। তেওঁ পৱিত্ৰ সত্ত্বা, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই। কাফিৰসকলৰ অবাধ্যতা তথা সীমালংঘনত আপুনি দুখী নহব। কাৰণ সিহঁতৰ বিষয়বোৰ আল্লাহৰ জীম্মাত।

Al-An'aam 6:106Listen in Qur'an →
107

وَلَوْ شَآءَ ٱللَّهُ مَآ أَشْرَكُوا۟ ۗ وَمَا جَعَلْنَٰكَ عَلَيْهِمْ حَفِيظًۭا ۖ وَمَآ أَنتَ عَلَيْهِم بِوَكِيلٍۢ

But if Allah had willed, they would not have associated. And We have not appointed you over them as a guardian, nor are you a manager over them.

আল্লাহে ইচ্ছা কৰিলে সিহঁতে কাকো অংশী স্থাপন নকৰিলেহেঁতেন। হে ৰাছুল! আমি আপোনাক সংৰক্ষক হিচাপে দায়িত্ব দিয়া নাই যে, আপুনি সিহঁতৰ আমল গণনা কৰি থাকিব। আপুনি কেৱল এজন ৰাছুল আৰু আপোনাৰ দায়িত্ব হৈছে কেৱল (দ্বীনি কথা) পৌঁচাই দিয়া।

Al-An'aam 6:107Listen in Qur'an →
108

وَلَا تَسُبُّوا۟ ٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ فَيَسُبُّوا۟ ٱللَّهَ عَدْوًۢا بِغَيْرِ عِلْمٍۢ ۗ كَذَٰلِكَ زَيَّنَّا لِكُلِّ أُمَّةٍ عَمَلَهُمْ ثُمَّ إِلَىٰ رَبِّهِم مَّرْجِعُهُمْ فَيُنَبِّئُهُم بِمَا كَانُوا۟ يَعْمَلُونَ

And do not insult those they invoke other than Allah, lest they insult Allah in enmity without knowledge. Thus We have made pleasing to every community their deeds. Then to their Lord is their return, and He will inform them about what they used to do.

হে মুমিনসকল! মুশ্বৰিকবিলাকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি পূজা-পাঠ কৰা মুৰ্ত্তিবিলাকক তোমালোকে গালি-শপনি নাপাৰিবা। যদিও সেইবোৰ তুচ্ছ তথা গালি পাৰাৰ যোগ্য। এই কাৰণে যে, সিহঁতে যাতে মুৰ্খতাৰ পৰিচয় দি সীমালংঘন কৰি আল্লাহকেই গালি পাৰা আৰম্ভ নকৰে। যিদৰে সিহঁতৰ বাবে পথভ্ৰষ্টতাক সুসজ্জিত কৰি দিয়া হৈছে, ঠিক সেইদৰে আমি প্ৰত্যেক জাতিৰ বাবে সিহঁতৰ কৰ্মবোৰ সুসজ্জিত কৰি দিছো। সেয়া ভাল কৰ্মই হওঁক অথবা বেয়া। ফলত সিহঁতে সেইটোৱে কৰিলে, যিটো আমি সিহঁতৰ বাবে সৌন্দৰ্যময় কৰি দিছিলো। এতেকে ক্বিয়ামতৰ দিনা সিহঁত সকলোৰে প্ৰত্যাৱৰ্তন হ'ব নিজ প্ৰতিপালকৰ ওচৰত। তাত তেওঁ সিহঁতক পৃথিৱীত কৰা সিহঁতৰ আমল সম্পৰ্কে অৱগত কৰিব আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।

Al-An'aam 6:108Listen in Qur'an →
109

وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَٰنِهِمْ لَئِن جَآءَتْهُمْ ءَايَةٌۭ لَّيُؤْمِنُنَّ بِهَا ۚ قُلْ إِنَّمَا ٱلْءَايَٰتُ عِندَ ٱللَّهِ ۖ وَمَا يُشْعِرُكُمْ أَنَّهَآ إِذَا جَآءَتْ لَا يُؤْمِنُونَ

And they swear by Allah their strongest oaths that if a sign came to them, they would surely believe in it. Say, "The signs are only with Allah." And what will make you perceive that even if a sign came, they would not believe.

মুশ্বৰিকসকলে আল্লাহৰ যিমান মজবুত শপত খাব পাৰিছিল সেয়া খাই কৈছেঃ মুহাম্মদে যদি সেইবোৰ নিদৰ্শন লৈ আহে, যিবোৰৰ প্ৰস্তাৱ সিহঁতে ৰাখিছে, তেতিয়াহে সিহঁতে তেওঁক মানি লব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, নিদৰ্শনসমূহৰ কৰ্তৃত্ব মোৰ ওচৰত নাই যে, মই অৱতীৰ্ণ কৰিম। সেইবোৰ কেৱলমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে। হে মুমিনসকল! তোমালোকে জানানে, সিহঁতে প্ৰস্তাৱ কৰা নিদৰ্শনসমূহ অৱতীৰ্ণ হলেও সিহঁতে ঈমান পোষণ নকৰিব, বৰং সিহঁত নিজৰ আগৰ অৱস্থাতেই অটল থাকিব, কাৰণ সিহঁতে হিদায়ত নিবিচাৰে।

Al-An'aam 6:109Listen in Qur'an →
110

وَنُقَلِّبُ أَفْـِٔدَتَهُمْ وَأَبْصَٰرَهُمْ كَمَا لَمْ يُؤْمِنُوا۟ بِهِۦٓ أَوَّلَ مَرَّةٍۢ وَنَذَرُهُمْ فِى طُغْيَٰنِهِمْ يَعْمَهُونَ

And We will turn away their hearts and their eyes just as they refused to believe in it the first time. And We will leave them in their transgression, wandering blindly.

আমি সিহঁতৰ আৰু সত্যৰ মাজত প্ৰতিবন্ধ সৃষ্টি কৰি সিহঁতৰ হৃদয় আৰু আৰু দৃষ্টি ওলোটাই দিম। যিদৰে আমি সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিবলৈ প্ৰতিবন্ধ লগাই দিছিলো। আৰু আমি সিহঁতক সিহঁতৰ পথভ্ৰষ্টতা তথা প্ৰতিপালকৰ অবাধ্যতাৰ ওপৰত ক্লান্ত আৰু বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিম।

Al-An'aam 6:110Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.