Muslim99Muslim99
← Tafsir library

5. Al-Maaida

The Table · Medinan · 120 ayahs

سُورَةُ المَائـِدَةِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 111–120 of 120

111

وَإِذْ أَوْحَيْتُ إِلَى ٱلْحَوَارِيِّۦنَ أَنْ ءَامِنُوا۟ بِى وَبِرَسُولِى قَالُوٓا۟ ءَامَنَّا وَٱشْهَدْ بِأَنَّنَا مُسْلِمُونَ

And [remember] when I inspired to the disciples, "Believe in Me and in My messenger Jesus." They said, "We have believed, so bear witness that indeed we are Muslims [in submission to Allah]."

তোমাৰ ওপৰত কৰা মোৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, মই তোমাক কেইজনমান সঙ্গী প্ৰদান কৰিছিলো, আৰু তেওঁলোকৰ অন্তৰত এই কথা জগাইছিলো যে, তেওঁলোকে যেন মোৰ ওপৰত আৰু তোমাৰ ওপৰত ঈমান পোষণ কৰে, তেওঁলোকে বিষয়টোৰ প্ৰতি সঁহাৰি দি কলেঃ আমি ঈমান আনিলো হে আমাৰ প্ৰতিপালক! তুমি সাক্ষী থাকা যে, আমি তোমাৰ আদেশৰ প্ৰতি শিৰ নত কৰিম তথা আমি তোমাৰ প্ৰতি আত্মসমৰ্পণকাৰী।

Al-Maaida 5:111Listen in Qur'an →
112

إِذْ قَالَ ٱلْحَوَارِيُّونَ يَٰعِيسَى ٱبْنَ مَرْيَمَ هَلْ يَسْتَطِيعُ رَبُّكَ أَن يُنَزِّلَ عَلَيْنَا مَآئِدَةًۭ مِّنَ ٱلسَّمَآءِ ۖ قَالَ ٱتَّقُوا۟ ٱللَّهَ إِن كُنتُم مُّؤْمِنِينَ

[And remember] when the disciples said, "O Jesus, Son of Mary, can your Lord send down to us a table [spread with food] from the heaven? [Jesus] said," Fear Allah, if you should be believers."

সেই সময়ক স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল যে, আপুনি দুআ কৰিলে আপোনাৰ প্ৰতিপালকে আমালৈ খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিব পাৰিব নে? তেতিয়া ঈছা আলাইহিছ ছালামে উত্তৰ দি কলেঃ আল্লাহক ভয় কৰা, আৰু এনেকুৱা বস্তুৰ প্ৰত্যাশা নকৰিবা, কাৰণ হয়তো ইয়াৰ দ্বাৰা তোমালোকৰ পৰীক্ষা হ'ব পাৰে। লগতে সিহঁতক ক'লেঃ যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে জীৱিকা সন্ধানৰ ক্ষেত্ৰত নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰা।

Al-Maaida 5:112Listen in Qur'an →
113

قَالُوا۟ نُرِيدُ أَن نَّأْكُلَ مِنْهَا وَتَطْمَئِنَّ قُلُوبُنَا وَنَعْلَمَ أَن قَدْ صَدَقْتَنَا وَنَكُونَ عَلَيْهَا مِنَ ٱلشَّٰهِدِينَ

They said, "We wish to eat from it and let our hearts be reassured and know that you have been truthful to us and be among its witnesses."

হাৱাৰীসকলে ঈছা আলাইহিছ ছালামক কলেঃ আমি সেই দস্তৰখানৰ পৰা খাব বিচাৰো, যাতে আমি বিশ্বাস কৰিব পাৰো যে, আল্লাহে সকলো কৰিব পাৰে, আৰু আপুনি তেওঁৰ ৰাছুল। লগতে আমি যেন পতিয়ন যাব পাৰো যে, আপুনি আমাৰ ওচৰলৈ আল্লাহৰ পৰা সত্য বাণী লৈ আহিছে, লগতে আমি যাতে সেই সকল লোকৰ বাবে সাক্ষী হব পাৰো যিসকল বৰ্তমান উপস্থিত নাই।

Al-Maaida 5:113Listen in Qur'an →
114

قَالَ عِيسَى ٱبْنُ مَرْيَمَ ٱللَّهُمَّ رَبَّنَآ أَنزِلْ عَلَيْنَا مَآئِدَةًۭ مِّنَ ٱلسَّمَآءِ تَكُونُ لَنَا عِيدًۭا لِّأَوَّلِنَا وَءَاخِرِنَا وَءَايَةًۭ مِّنكَ ۖ وَٱرْزُقْنَا وَأَنتَ خَيْرُ ٱلرَّٰزِقِينَ

Said Jesus, the son of Mary, "O Allah, our Lord, send down to us a table [spread with food] from the heaven to be for us a festival for the first of us and the last of us and a sign from You. And provide for us, and You are the best of providers."

ফলত ঈছা আলাইহিচ্ছালামে সিহঁতৰ কথা মতে আল্লাহৰ ওচৰত দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমালৈ এখন দস্তৰখান অৱতীৰ্ণ কৰা, আমি আৰু আমাৰ পৰবৰ্তীসকলে এই অৱতীৰ্ণ হোৱা দিনটোক উৎসৱ হিচাপে পালন কৰি সেইদিনা তোমাৰ কৃতজ্ঞতা আদায় কৰিম, আৰু এইটো তোমাৰ অদ্বিতীয়তাৰ প্ৰমাণ তথা মোৰ প্ৰকৃত নবী হোৱাৰ প্ৰতীক হৈ ৰ'ব। লগতে আমাক এনেকুৱা জীৱিকা প্ৰদান কৰা যিটো তোমাৰ ইবাদত কৰিবলৈ সহায়ক হ'ব। হে আমাৰ প্ৰতিপালক! কেৱল তুমিয়েই উত্তম জীৱিকা প্ৰদানকাৰী।

Al-Maaida 5:114Listen in Qur'an →
115

قَالَ ٱللَّهُ إِنِّى مُنَزِّلُهَا عَلَيْكُمْ ۖ فَمَن يَكْفُرْ بَعْدُ مِنكُمْ فَإِنِّىٓ أُعَذِّبُهُۥ عَذَابًۭا لَّآ أُعَذِّبُهُۥٓ أَحَدًۭا مِّنَ ٱلْعَٰلَمِينَ

Allah said, "Indeed, I will sent it down to you, but whoever disbelieves afterwards from among you - then indeed will I punish him with a punishment by which I have not punished anyone among the worlds."

আল্লাহে ঈছা আলাইহিছ ছালামক উত্তৰ দি ক'লেঃ তোমালোকে বিচৰা এই দস্তৰখান মই অৱতীৰ্ণ কৰিম কিন্তু ইয়াৰ পিছত যিয়ে কুফুৰী কৰিব, সি নিজেই নিজকে দোষী সাব্যস্ত কৰিব। কিয়নো মই তাক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিম যিটো আন কাকো দিয়া নহ'ব। কাৰণ সি স্পষ্ট নিদৰ্শন দেখিছে, সেয়ে তাৰ কুফুৰী হৈছে গোড়ামী। ফলত আল্লাহে প্ৰতিশ্ৰুতি ৰক্ষা কৰি সিহঁতৰ ওপৰত এটা দস্তৰখান অৱতীৰ্ণ কৰিলে।

Al-Maaida 5:115Listen in Qur'an →
116

وَإِذْ قَالَ ٱللَّهُ يَٰعِيسَى ٱبْنَ مَرْيَمَ ءَأَنتَ قُلْتَ لِلنَّاسِ ٱتَّخِذُونِى وَأُمِّىَ إِلَٰهَيْنِ مِن دُونِ ٱللَّهِ ۖ قَالَ سُبْحَٰنَكَ مَا يَكُونُ لِىٓ أَنْ أَقُولَ مَا لَيْسَ لِى بِحَقٍّ ۚ إِن كُنتُ قُلْتُهُۥ فَقَدْ عَلِمْتَهُۥ ۚ تَعْلَمُ مَا فِى نَفْسِى وَلَآ أَعْلَمُ مَا فِى نَفْسِكَ ۚ إِنَّكَ أَنتَ عَلَّٰمُ ٱلْغُيُوبِ

And [beware the Day] when Allah will say, "O Jesus, Son of Mary, did you say to the people, 'Take me and my mother as deities besides Allah?'" He will say, "Exalted are You! It was not for me to say that to which I have no right. If I had said it, You would have known it. You know what is within myself, and I do not know what is within Yourself. Indeed, it is You who is Knower of the unseen.

স্মৰণ কৰা, ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি ক'ব, হে ঈছা ইবনে মৰিয়ম! তুমি মানুহক কৈছিলা নেকি যে, আল্লাহক এৰি মোক আৰু মোৰ মাতৃক উপাস্য কৰি লোৱা, তেতিয়া ঈছা আলাইহিছ ছালামে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰি ক'ব, সত্যৰ বাহিৰে এনেকুৱা কথা কোৱা মোৰ বাবে উচিত নহয়। ধৰি লোৱা হওঁক যদি মই কৈছো, তেন্তে তুমি সেই বিষয়ে নিশ্চিত ভাৱে জানা, কিয়নো কোনো বস্তু তোমাৰ পৰা গোপন নহয়। মোৰ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও তুমি অৱগত। কিন্তু তোমাৰ অন্তৰত কি আছে সেয়া মই নাজানো। কেৱল তুমিয়ে প্ৰত্যেক অদৃশ্য, প্ৰকাশ্য, অপ্ৰকাশ্য বিষয় সম্পৰ্কে জানা।

Al-Maaida 5:116Listen in Qur'an →
117

مَا قُلْتُ لَهُمْ إِلَّا مَآ أَمَرْتَنِى بِهِۦٓ أَنِ ٱعْبُدُوا۟ ٱللَّهَ رَبِّى وَرَبَّكُمْ ۚ وَكُنتُ عَلَيْهِمْ شَهِيدًۭا مَّا دُمْتُ فِيهِمْ ۖ فَلَمَّا تَوَفَّيْتَنِى كُنتَ أَنتَ ٱلرَّقِيبَ عَلَيْهِمْ ۚ وَأَنتَ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ

I said not to them except what You commanded me - to worship Allah, my Lord and your Lord. And I was a witness over them as long as I was among them; but when You took me up, You were the Observer over them, and You are, over all things, Witness.

ঈছা আলাইহিছ ছালামে নিজ প্ৰতিপালকক ক'লেঃ মই সিহঁতক সেইটোৱে কৈছো যিটো ক'বলৈ তুমি মোক আদেশ কৰিছিলা যে, সিহঁতে যেন কেৱল তোমাৰেই ইবাদত কৰে, আৰু মই যিমান দিন সিহঁতৰ মাজত আছিলো সিহঁতৰ তত্বাৱধায়ক আছিলো। কিন্তু যেতিয়া মোৰ অৱস্থান সময় শেষ হ'ল আৰু তুমি মোক জীৱিত অৱস্থাত আকাশলৈ উঠাই আনিলা, তাৰ পিছত হে মোৰ ৰব্ব! তুমিয়ে সিহঁতৰ কৰ্মৰ ৰক্ষক আছিলা। তুমি প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত। কোনো বস্তু তোমাৰ পৰা গোপন নহয়, মই সিহঁতক কি কৈছিলো, আৰু মোৰ পিছত সিহঁতে কি কৈছে, সেই সকলোবোৰ তুমি জানা।

Al-Maaida 5:117Listen in Qur'an →
118

إِن تُعَذِّبْهُمْ فَإِنَّهُمْ عِبَادُكَ ۖ وَإِن تَغْفِرْ لَهُمْ فَإِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ

If You should punish them - indeed they are Your servants; but if You forgive them - indeed it is You who is the Exalted in Might, the Wise.

(হে মোৰ ৰব্ব) যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁত তোমাৰেই বান্দা। তুমি সিহঁতৰ লগত যিটো ইচ্ছা সেইটোৱে কৰিব পাৰা। আনহাতে সিহঁতৰ মাজৰ মুমিনসকলক যদি তুমি দয়া কৰি ক্ষমা কৰি দিয়া তেন্তে কোনেও তোমাক প্ৰতিৰোধ কৰিব নোৱাৰে। তুমি মহাপৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে তথা নিজ কৰ্মত প্ৰজ্ঞাৱান।

Al-Maaida 5:118Listen in Qur'an →
119

قَالَ ٱللَّهُ هَٰذَا يَوْمُ يَنفَعُ ٱلصَّٰدِقِينَ صِدْقُهُمْ ۚ لَهُمْ جَنَّٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدًۭا ۚ رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Allah will say, "This is the Day when the truthful will benefit from their truthfulness." For them are gardens [in Paradise] beneath which rivers flow, wherein they will abide forever, Allah being pleased with them, and they with Him. That is the great attainment.

আল্লাহে ঈছা আলাইহিছ ছালামক ক'বঃ এইটো সেইদিন, যিদিনা সত্য নিয়ত পোষণকাৰীয়ে, সত্কৰ্মকাৰীয়ে তথা সত্যবাদীসকলৰ সত্যতাই উপকাৰ কৰিব। তেওঁলোকৰ বাবে এনেকুৱা জান্নাত থাকিব, যাৰ অট্টালিকা তথা গছ-গছনিবোৰৰ তলেদি নদী প্ৰবাহিত হ'ব। তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহ'ব। আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট থাকিব, কেতিয়াও অসন্তুষ্ট নহ'ব তথা তেওঁলোকেও চিৰস্থায়ী নিয়ামতবোৰ পাই আল্লাহৰ ওপৰত সন্তুষ্ট হ'ব। এইটোৱেই মহাসফলতা, কোনো সফলতাই ইয়াৰ সমান নহয়।

Al-Maaida 5:119Listen in Qur'an →
120

لِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا فِيهِنَّ ۚ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۢ

To Allah belongs the dominion of the heavens and the earth and whatever is within them. And He is over all things competent.

আকাশমণ্ডল তথা পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ, তেৱেঁই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। ইয়াৰ মাজত থকা সকলো সৃষ্টিৰ কেৱল তেৱেঁই গৰাকী। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও বিবশ কৰিব নোৱাৰে।

Al-Maaida 5:120Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.