Muslim99Muslim99
← Tafsir library

5. Al-Maaida

The Table · Medinan · 120 ayahs

سُورَةُ المَائـِدَةِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 11–20 of 120

11

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ إِذْ هَمَّ قَوْمٌ أَن يَبْسُطُوٓا۟ إِلَيْكُمْ أَيْدِيَهُمْ فَكَفَّ أَيْدِيَهُمْ عَنكُمْ ۖ وَٱتَّقُوا۟ ٱللَّهَ ۚ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ

O you who have believed, remember the favor of Allah upon you when a people determined to extend their hands [in aggression] against you, but He withheld their hands from you; and fear Allah. And upon Allah let the believers rely.

হে ঈমান্দাৰসকল! অন্তৰ আৰু জিভাৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, তেৱেঁই তোমালোকক শান্তি ও নিৰাপত্তা প্ৰদান কৰিছে, আৰু যেতিয়া তোমালোকৰ শত্ৰুৱে তোমালোকৰ পিনে হাত বঢ়াব বিচাৰিছিল আৰু তোমালোকক ধৰি শাস্তি দিব বিচাৰিছিল, তেতিয়া আল্লাহেই সিহঁতৰ অন্তৰত ভয় সৃষ্টি কৰি দিছিল আৰু তোমালোকক সিহঁতৰ পৰা ৰক্ষা কৰিছিল। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তথা মুমিনসকলে তেওঁলোকৰ নিজৰ ধাৰ্মিক তথা পাৰ্থিৱ উপকাৰ অৰ্জন কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।

Al-Maaida 5:11Listen in Qur'an →
12

۞ وَلَقَدْ أَخَذَ ٱللَّهُ مِيثَٰقَ بَنِىٓ إِسْرَٰٓءِيلَ وَبَعَثْنَا مِنْهُمُ ٱثْنَىْ عَشَرَ نَقِيبًۭا ۖ وَقَالَ ٱللَّهُ إِنِّى مَعَكُمْ ۖ لَئِنْ أَقَمْتُمُ ٱلصَّلَوٰةَ وَءَاتَيْتُمُ ٱلزَّكَوٰةَ وَءَامَنتُم بِرُسُلِى وَعَزَّرْتُمُوهُمْ وَأَقْرَضْتُمُ ٱللَّهَ قَرْضًا حَسَنًۭا لَّأُكَفِّرَنَّ عَنكُمْ سَيِّـَٔاتِكُمْ وَلَأُدْخِلَنَّكُمْ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ ۚ فَمَن كَفَرَ بَعْدَ ذَٰلِكَ مِنكُمْ فَقَدْ ضَلَّ سَوَآءَ ٱلسَّبِيلِ

And Allah had already taken a covenant from the Children of Israel, and We delegated from among them twelve leaders. And Allah said, "I am with you. If you establish prayer and give zakah and believe in My messengers and support them and loan Allah a goodly loan, I will surely remove from you your misdeeds and admit you to gardens beneath which rivers flow. But whoever of you disbelieves after that has certainly strayed from the soundness of the way."

অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিল, যাৰ বৰ্ণনা আগত আহি আছে, আৰু সিহঁতৰ মাজত বাৰ জন প্ৰধান নিযুক্ত কৰিছিল, যিসকলে নিজৰ অধীনত থকা লোকৰ পৰ্যবেক্ষণ কৰিছিল, তথা আল্লাহে বনী ইছৰাঈলক কৈছিলঃ মই তোমালোকৰ সহায় তথা সমৰ্থনৰ বাবে তোমালোকৰ লগত আছো, যদিহে তোমালোকে ভালদৰে ছালাত আদায় কৰা, যাকাত প্ৰদান কৰা, মোৰ সকলো ৰাছুলৰ প্ৰতি কোনো ভেদাভেদ নকৰাকৈ যদি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকক সহায় কৰা লগতে সৎ পথত ব্যয় কৰা। যদি তোমালোকে এইবোৰ কৰ্ম কৰা তেন্তে মই তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিম আৰু ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। ইমান দৃঢ় বচন লোৱাৰ পিছতো যিয়ে কুফৰী কৰিব, সি দৰাচলতে জানি বুজি সত্যৰ পথ ত্যাগ কৰিলে।

Al-Maaida 5:12Listen in Qur'an →
13

فَبِمَا نَقْضِهِم مِّيثَٰقَهُمْ لَعَنَّٰهُمْ وَجَعَلْنَا قُلُوبَهُمْ قَٰسِيَةًۭ ۖ يُحَرِّفُونَ ٱلْكَلِمَ عَن مَّوَاضِعِهِۦ ۙ وَنَسُوا۟ حَظًّۭا مِّمَّا ذُكِّرُوا۟ بِهِۦ ۚ وَلَا تَزَالُ تَطَّلِعُ عَلَىٰ خَآئِنَةٍۢ مِّنْهُمْ إِلَّا قَلِيلًۭا مِّنْهُمْ ۖ فَٱعْفُ عَنْهُمْ وَٱصْفَحْ ۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُحْسِنِينَ

So for their breaking of the covenant We cursed them and made their hearts hard. They distort words from their [proper] usages and have forgotten a portion of that of which they were reminded. And you will still observe deceit among them, except a few of them. But pardon them and overlook [their misdeeds]. Indeed, Allah loves the doers of good.

সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে আমি সিহঁতক নিজ কৃপাৰ পৰা আঁতৰ কৰি দিছো, আৰু সিহঁতৰ অন্তৰক এনেকুৱা কঠোৰ কৰি দিছো যে, সিহঁতৰ অন্তৰত কোনো ভাল কথা প্ৰৱেশ কৰিবই নোৱাৰে, আৰু কোনো উপদেশৰ দ্বাৰাও উপকৃত হব নোৱাৰে। সিহঁতে আল্লাহৰ বাণীক বাস্তৱ স্থানৰ পৰা বিকৃত কৰে, কেতিয়াবা শব্দ পৰিবৰ্তন কৰে আকৌ কেতিয়াবা নিজ ইচ্ছা অনুসাৰে অৰ্থ বিকৃত কৰে। তথা সিহঁতক যিবোৰ কথাৰ উপদেশ দিয়া হৈছিল সেইবোৰৰ কিছুমানৰ ওপৰত সিহঁতে আমল কৰা এৰি দিছে। আৰু হে ৰাছুল! আপুনি খবৰ পাই থাকিব যে, সিহঁতে আল্লাহ আৰু তেওঁৰ মুমিন বান্দাসকলৰ লগত অমুক অমুক বিশ্বাসঘাতকতা কৰিছে। কিন্তু সিহঁতৰ মাজত কিছুমান এনেকুৱা ব্যক্তিও আছে, যিসকলে অঙ্গীকাৰ পূৰণ কৰিছে। এতেকে সিহঁতক ক্ষমা কৰি দিয়ক আৰু সিহঁতক এৰি দিয়ক। কাৰণ এইটো উত্কৃষ্ট কাৰ্য, আৰু আল্লাহে উত্কৃষ্ট কৰ্মকাৰী সকলক ভাল পায়।

Al-Maaida 5:13Listen in Qur'an →
14

وَمِنَ ٱلَّذِينَ قَالُوٓا۟ إِنَّا نَصَٰرَىٰٓ أَخَذْنَا مِيثَٰقَهُمْ فَنَسُوا۟ حَظًّۭا مِّمَّا ذُكِّرُوا۟ بِهِۦ فَأَغْرَيْنَا بَيْنَهُمُ ٱلْعَدَاوَةَ وَٱلْبَغْضَآءَ إِلَىٰ يَوْمِ ٱلْقِيَٰمَةِ ۚ وَسَوْفَ يُنَبِّئُهُمُ ٱللَّهُ بِمَا كَانُوا۟ يَصْنَعُونَ

And from those who say, "We are Christians" We took their covenant; but they forgot a portion of that of which they were reminded. So We caused among them animosity and hatred until the Day of Resurrection. And Allah is going to inform them about what they used to do.

যিদৰে আমি ইয়াহুদীসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো, সেইদৰে আমি সেইসকল লোকৰ পৰাও অঙ্গীকাৰ লৈছিলো, যিসকলে এই কথা কৈ নিজৰ পৱিত্ৰতা বৰ্ণনা কৰে যে আমি ঈছা আলাইহিছ ছালামৰ অনুসাৰী। আৰু সিহঁতেও নিজৰ পূৰ্বপুৰুষ ইয়াহুদীসকলৰ দৰেই সেইসমূহ বিধানৰ কিছুমানৰ ওপৰত আমল কৰা এৰি দিছিল যিবোৰ সিহঁতক আদেশ দিয়া হৈছিল। আৰু আমি ক্বিয়ামত পৰ্যন্ত সিহঁতৰ মাজত শত্ৰুতা আৰু ঘৃণা ঢালি দিছো। ফলত সিহঁতে ইজনে সিজনৰ লগত বিবাদত লিপ্ত হবলৈ ধৰিলে আৰু পৰস্পৰে পৰস্পৰক কাফিৰ কবলৈ ধৰিলে। আল্লাহে সিহঁতক অনতিপলমে সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে অৱগত কৰাব, যিবোৰ কৰ্ম সিহঁতে কৰিছে। আৰু ইয়াৰ প্ৰতিদানো দিব।

Al-Maaida 5:14Listen in Qur'an →
15

يَٰٓأَهْلَ ٱلْكِتَٰبِ قَدْ جَآءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًۭا مِّمَّا كُنتُمْ تُخْفُونَ مِنَ ٱلْكِتَٰبِ وَيَعْفُوا۟ عَن كَثِيرٍۢ ۚ قَدْ جَآءَكُم مِّنَ ٱللَّهِ نُورٌۭ وَكِتَٰبٌۭ مُّبِينٌۭ

O People of the Scripture, there has come to you Our Messenger making clear to you much of what you used to conceal of the Scripture and overlooking much. There has come to you from Allah a light and a clear Book.

হে আহলে কিতাব, তাওৰাত ধাৰী ইয়াহুদীসকল আৰু ইঞ্জীল ধাৰী খৃষ্টানসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি গৈছে। তোমালোকে তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিৰ যিবোৰ কথা গোপন কৰিছিলা, তাৰে বহুত কথা তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিব, আৰু বহু কথা আওকাণও কৰিব, যিবোৰত তোমালোকৰ অপমানৰ বাহিৰে আন একো নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা কোৰআন আহিছে, ই হৈছে প্ৰদীপ, যাৰ পৰা জ্যোতি লোৱা হয়। আৰু এইটো এনে এখন পুথি, য’ত মানুহৰ বাবে পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় সেই সকলো বিষয়ৰ বিৱৰণ আছে যিবোৰ সিহঁতৰ বাবে অতি আৱশ্যক।

Al-Maaida 5:15Listen in Qur'an →
16

يَهْدِى بِهِ ٱللَّهُ مَنِ ٱتَّبَعَ رِضْوَٰنَهُۥ سُبُلَ ٱلسَّلَٰمِ وَيُخْرِجُهُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ بِإِذْنِهِۦ وَيَهْدِيهِمْ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ

By which Allah guides those who pursue His pleasure to the ways of peace and brings them out from darknesses into the light, by His permission, and guides them to a straight path.

আল্লাহে এই পুথিৰ দ্বাৰা সেই সকল লোকক হিদায়ত প্ৰদান কৰে, যিসকলে আল্লাহক সন্তুষ্ট কৰিবলৈ ঈমান আনিছে আৰু নেক আমল কৰে, এনেকুৱা পথ দেখুৱায় যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি জান্নাতৰ পিনে লৈ যায়। আৰু সিহঁতক কুফৰ আৰু গুনাহৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমান আৰু আনুগত্যৰ পোহৰলৈ লৈ আহে। সিহঁতক পোন পথ তথা ইছলামৰ পথত পৰিচালিত হবলৈ তাওফীক প্ৰদান কৰে।

Al-Maaida 5:16Listen in Qur'an →
17

لَّقَدْ كَفَرَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ هُوَ ٱلْمَسِيحُ ٱبْنُ مَرْيَمَ ۚ قُلْ فَمَن يَمْلِكُ مِنَ ٱللَّهِ شَيْـًٔا إِنْ أَرَادَ أَن يُهْلِكَ ٱلْمَسِيحَ ٱبْنَ مَرْيَمَ وَأُمَّهُۥ وَمَن فِى ٱلْأَرْضِ جَمِيعًۭا ۗ وَلِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۚ يَخْلُقُ مَا يَشَآءُ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ

They have certainly disbelieved who say that Allah is Christ, the son of Mary. Say, "Then who could prevent Allah at all if He had intended to destroy Christ, the son of Mary, or his mother or everyone on the earth?" And to Allah belongs the dominion of the heavens and the earth and whatever is between them. He creates what He wills, and Allah is over all things competent.

সেই সকল খৃষ্টানে কুফুৰী কৰিছে যিসকলে কয় যে, আল্লাহেই হৈছে ঈছা ইবনে মৰিয়ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে যদি ঈছা ইবনে মৰিয়ম আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ বুকুত যি সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে কোন আছে এনেকুৱা যিয়ে আল্লাহৰ এই কাৰ্যক বাধা প্ৰদান কৰিব পাৰিব? যদি কোনেও নোৱাৰে তেন্তে এই কথা প্ৰমাণিত যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আৰু ঈছা ইবনে মৰিয়মৰ লগতে তেওঁ মাতৃ আৰু সকলোৱেই আল্লাহৰ সৃষ্টি। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে, সেই সকলোবোৰেৰে মালিক আল্লাহ। তেওঁ যি ইচ্ছা কৰে সৃষ্টি কৰে। আৰু যিসকলক তেওঁ সৃষ্টি কৰিছে সেইসকলৰ মাজত এজন হৈছে ঈছা আলাইহিছ ছালাম। এতেকে তেওঁ আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

Al-Maaida 5:17Listen in Qur'an →
18

وَقَالَتِ ٱلْيَهُودُ وَٱلنَّصَٰرَىٰ نَحْنُ أَبْنَٰٓؤُا۟ ٱللَّهِ وَأَحِبَّٰٓؤُهُۥ ۚ قُلْ فَلِمَ يُعَذِّبُكُم بِذُنُوبِكُم ۖ بَلْ أَنتُم بَشَرٌۭ مِّمَّنْ خَلَقَ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَلِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ۖ وَإِلَيْهِ ٱلْمَصِيرُ

But the Jews and the Christians say, "We are the children of Allah and His beloved." Say, "Then why does He punish you for your sins?" Rather, you are human beings from among those He has created. He forgives whom He wills, and He punishes whom He wills. And to Allah belongs the dominion of the heavens and the earth and whatever is between them, and to Him is the [final] destination.

ইয়াহুদী আৰু নাচাৰাসকলে দাবী কৰে যে, সিহঁতে আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ। হে ৰাছুল! আপুনি সিহঁতৰ এই দাবী খণ্ডন কৰি কৈ দিয়কঃ তেনেহলে তেওঁ তোমালোকক তোমালোকৰ গুনাহৰ শাস্তি কিয় দিয়ে। তোমালোকৰ দাবী অনুসাৰে যদি সঁচাকৈয়ে তোমালোক আল্লাহৰ প্ৰিয়পাত্ৰ তেন্তে তেওঁ তোমালোকক পৃথিৱীত হত্যা তথা মুখমণ্ডল বিকৃত কৰাৰ দৰে শাস্তি আৰু আখিৰাতত জাহান্নামৰ শাস্তি নিদিলিহেঁতেন। কিয়নো তেওঁ নিজৰ প্ৰিয়পাত্ৰসকলক শাস্তি নিদিয়ে। প্ৰকৃততে তোমালোকেও আন আন মানুহৰ দৰেই মানুহ। যিয়ে ভাল কৰ্ম কৰিব, সি জান্নাত পাব। আৰু যিয়ে বেয়া কৰ্ম কৰিব, সি পাব জাহান্নাম। আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে ন্যায়ৰ জৰিয়তে শাস্তি দিয়ে। আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মাজৰ সকলো তেওঁৰেই অধীন। আৰু তেওঁৰ ফালেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব।

Al-Maaida 5:18Listen in Qur'an →
19

يَٰٓأَهْلَ ٱلْكِتَٰبِ قَدْ جَآءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ عَلَىٰ فَتْرَةٍۢ مِّنَ ٱلرُّسُلِ أَن تَقُولُوا۟ مَا جَآءَنَا مِنۢ بَشِيرٍۢ وَلَا نَذِيرٍۢ ۖ فَقَدْ جَآءَكُم بَشِيرٌۭ وَنَذِيرٌۭ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ

O People of the Scripture, there has come to you Our Messenger to make clear to you [the religion] after a period [of suspension] of messengers, lest you say, "There came not to us any bringer of good tidings or a warner." But there has come to you a bringer of good tidings and a warner. And Allah is over all things competent.

হে কিতাপ ধাৰী ইয়াহুদী আৰু নাছাৰাসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে। তেওঁ এনেকুৱা সময়ত আহিছে যেতিয়া ৰাছুলসকলৰ আগমণ অস্থায়ী ভাৱে বন্ধ আছিল তথা ৰাছুল অহাটো বৰ আৱশ্যক আছিল। যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আমাৰ ওচৰলৈ আল্লাহৰ প্ৰতিদানৰ সুসংবাদ দিবলৈ আৰু তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ ৰাছুল অহা নাছিল। কিয়নো তোমালোকৰ ওচৰত সুসংবাদ দাতা তথা সতৰ্ককাৰী হিচাপে আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি পৰিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এটা বহিঃপ্ৰকাশ হৈছে ৰাছুল প্ৰেৰণ। আৰু ৰাছুল প্ৰেৰণৰ এই ধাৰাবাহিকতা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জৰিয়তে শেষ কৰিছে।

Al-Maaida 5:19Listen in Qur'an →
20

وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِۦ يَٰقَوْمِ ٱذْكُرُوا۟ نِعْمَةَ ٱللَّهِ عَلَيْكُمْ إِذْ جَعَلَ فِيكُمْ أَنۢبِيَآءَ وَجَعَلَكُم مُّلُوكًۭا وَءَاتَىٰكُم مَّا لَمْ يُؤْتِ أَحَدًۭا مِّنَ ٱلْعَٰلَمِينَ

And [mention, O Muhammad], when Moses said to his people, "O my people, remember the favor of Allah upon you when He appointed among you prophets and made you possessors and gave you that which He had not given anyone among the worlds.

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুছা আলাইহিছ ছালামে নিজ সম্প্ৰদায় বনী ইছৰাঈলক কৈছিলঃ হে মোৰ জাতি ভাইসকল! তোমালোকে অন্তৰেৰে আৰু মুখেৰে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা যে, আল্লাহে তোমালোকৰ মাজৰ পৰাই কিছুমানক নবী বনাইছিল, যিসকলে তোমালোকক সত্যৰ পিনে আহ্বান কৰিছিল, আৰু তোমালোকক স্বাধীন কৰিছিল অথচ তোমালোক দাস হৈ আছিলা, আৰু তোমালোকক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিছিল, যিবোৰ অনুগ্ৰহ তোমালোকৰ যুগত আন কাকো দিয়া নাছিল।

Al-Maaida 5:20Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.