Muslim99Muslim99
← Tafsir library

5. Al-Maaida

The Table · Medinan · 120 ayahs

سُورَةُ المَائـِدَةِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 101–110 of 120

101

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَسْـَٔلُوا۟ عَنْ أَشْيَآءَ إِن تُبْدَ لَكُمْ تَسُؤْكُمْ وَإِن تَسْـَٔلُوا۟ عَنْهَا حِينَ يُنَزَّلُ ٱلْقُرْءَانُ تُبْدَ لَكُمْ عَفَا ٱللَّهُ عَنْهَا ۗ وَٱللَّهُ غَفُورٌ حَلِيمٌۭ

O you who have believed, do not ask about things which, if they are shown to you, will distress you. But if you ask about them while the Qur'an is being revealed, they will be shown to you. Allah has pardoned that which is past; and Allah is Forgiving and Forbearing.

হে মুমিনসকল! ৰাছুলক তোমালোকে এনেকুৱা বস্তু সম্পৰ্কে প্ৰশ্ন নকৰিবা, যিবোৰ তোমালোকৰ প্ৰয়োজনীয় নহয়, আনকি কোনো ধৰ্মীয় বিষয়তো সেয়া কোনো সহায়ক নহয়। আনহাতে সেই বিষয়ে তোমালোকক জনোৱা হ'লে তোমালোকৰ অন্তৰেই কষ্ট পাব। কাৰণ তাত কষ্ট আছে। লগতে অহী অৱতৰণৰ সময়ত তোমালোকে এনেকুৱা প্ৰশ্ন কৰিলে, সেই বিষয়ে জনাই দিয়া হ'ব, আৰু এয়া আল্লাহৰ বাবে তেনেই উজু। কিছুমান বিষয় আল্লাহে ক্ষমা কৰিছে, সেয়ে কোৰআনেও সেই সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে। সেয়ে এনেকুৱা বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা, অন্যথা তোমালোকক সেইবোৰ বিধানৰ ওপৰত আমল কৰিবলৈ বাধ্য কৰোৱা হ'ব। নিশ্চয় আল্লাহ ক্ষমাশীল, যদি বান্দাই তাওবা কৰে তেন্তে তেওঁ ক্ষমা কৰি দিয়ে; লগতে তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।

Al-Maaida 5:101Listen in Qur'an →
102

قَدْ سَأَلَهَا قَوْمٌۭ مِّن قَبْلِكُمْ ثُمَّ أَصْبَحُوا۟ بِهَا كَٰفِرِينَ

A people asked such [questions] before you; then they became thereby disbelievers.

তোমালোকৰ পূৰ্বেও কিছুমানে এনেকুৱা প্ৰশ্ন কৰিছিল, কিন্তু যেতিয়া সিহঁতক সেই বিষয়ে আদেশ দিয়া হৈছিল, তেতিয়া সিহঁতে সেই আদেশ পালন কৰা নাছিল, ফলত সিহঁত কাফিৰত পৰিণত হৈছিল।

Al-Maaida 5:102Listen in Qur'an →
103

مَا جَعَلَ ٱللَّهُ مِنۢ بَحِيرَةٍۢ وَلَا سَآئِبَةٍۢ وَلَا وَصِيلَةٍۢ وَلَا حَامٍۢ ۙ وَلَٰكِنَّ ٱلَّذِينَ كَفَرُوا۟ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ ۖ وَأَكْثَرُهُمْ لَا يَعْقِلُونَ

Allah has not appointed [such innovations as] bahirah or sa'ibah or wasilah or ham. But those who disbelieve invent falsehood about Allah, and most of them do not reason.

আল্লাহে চতুষ্পদ জন্তু হালাল কৰিছে। মুশ্বৰিকসকলে যিবোৰ জন্তু সিহঁতৰ দেৱ-দেৱীসকলৰ নামত নিজৰ বাবে হাৰাম কৰিছে, সেইবোৰক আল্লাহে হাৰাম কৰা নাই। যেনে, বাহীৰা। এইটো দৰাচলতে সেই মাইকী উটক কোৱা হয়, যিটোৰ নিৰ্দিষ্ট সংখ্যক পোৱালি হোৱাৰ পিছত কাণ কাটি দিয়া হয়। লগতে ছায়েবা সেই উটক কোৱা হয়, যিটোক এটা নিৰ্দিষ্ট বয়সত দেৱতাৰ নামত এৰি দিয়া হয়। আনহাতে অছীলা, সেইজনী মাইকী উটক কোৱা হয়, যিয়ে ধাৰাবাহিক ভাৱে দুটা মাইকী পোৱালি জন্ম দিয়ে। তথা হামী সেই মতা উটক কোৱা হয়, যাৰ দ্বাৰা কেইবাটাও উটৰ জন্ম হৈছে। আল্লাহে এইবোৰক হাৰাম কৰা নাই, কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ এইবোৰ হাৰাম কৰিছে। এতেকে অধিকাংশ কাফিৰে সত্য তথা অসত্য আৰু হালাল তথা হাৰামৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে।

Al-Maaida 5:103Listen in Qur'an →
104

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ قَالُوا۟ حَسْبُنَا مَا وَجَدْنَا عَلَيْهِ ءَابَآءَنَآ ۚ أَوَلَوْ كَانَ ءَابَآؤُهُمْ لَا يَعْلَمُونَ شَيْـًۭٔا وَلَا يَهْتَدُونَ

And when it is said to them, "Come to what Allah has revealed and to the Messenger," they say, "Sufficient for us is that upon which we found our fathers." Even though their fathers knew nothing, nor were they guided?

কিছুমান জন্তুক আল্লাহে হাৰাম কৰা বুলি মিছা আৰোপ কৰা ব্যক্তিসকলক যেতিয়া কোৱা হয় যে, কোৰআনৰ পিনে আহা, যিটোক আল্লাহে অৱতীৰ্ণ কৰিছে, তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে আহা, যাতে তোমালোকে হালাল আৰু হাৰামৰ মাজত পাৰ্থক্য কৰিব পাৰা। তেতিয়া সিহঁতে কয়ঃ আমি আমাৰ পূৰ্বপুৰুষ সকলৰ পৰা পোৱা বিশ্বাস, কথা আৰু কৰ্মই আমাৰ বাবে যথেষ্ট। এইবোৰ সিহঁতৰ বাবে কেনেকৈ যথেষ্ট হব পাৰে, অথচ সিহঁতৰ পুৰ্বপুৰুষ সকলে একোৱেই জনা নাছিল, আৰু সত্যৰ হিদায়তো পোৱা নাছিল। সিহঁতৰ অনুসৰণ কেৱল সেই ব্যক্তিয়ে কৰিব যিজন সিহঁততকৈও অধিক পথভ্ৰষ্ট তথা মুৰ্খ। সিহঁত সকলোৱে পথভ্ৰষ্ট তথা মুৰ্খ।

Al-Maaida 5:104Listen in Qur'an →
105

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ عَلَيْكُمْ أَنفُسَكُمْ ۖ لَا يَضُرُّكُم مَّن ضَلَّ إِذَا ٱهْتَدَيْتُمْ ۚ إِلَى ٱللَّهِ مَرْجِعُكُمْ جَمِيعًۭا فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

O you who have believed, upon you is [responsibility for] yourselves. Those who have gone astray will not harm you when you have been guided. To Allah is you return all together; then He will inform you of what you used to do.

হে মুমিনসকল! তোমালোকে নিজৰ চিন্তা কৰা। এনেকুৱা কৰ্ম কৰা যিটো তোমালোকৰ বাবে উপকাৰী। যিসকল পথভ্ৰষ্ট হৈছে তথা তোমালোকৰ কথা শুনা নাই, সিহঁতে তোমালোকৰ একোৱে ক্ষতি কৰিব নোৱাৰে, যদি তোমালোকে সঠিক পথত থাকা। আৰু সঠিক পথৰ পৰিচয় হৈছে, সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা। কেৱল আল্লাহৰ পিনেই তোমালোকে উভতি যাব লাগিব, তেতিয়া তেওঁ তোমালোকক জনাই দিব যে, তোমালোকে পৃথিৱীত কি কি কৰিছিলা। আৰু তেওঁ তোমালোকক প্ৰতিদানো দিব।

Al-Maaida 5:105Listen in Qur'an →
106

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ شَهَٰدَةُ بَيْنِكُمْ إِذَا حَضَرَ أَحَدَكُمُ ٱلْمَوْتُ حِينَ ٱلْوَصِيَّةِ ٱثْنَانِ ذَوَا عَدْلٍۢ مِّنكُمْ أَوْ ءَاخَرَانِ مِنْ غَيْرِكُمْ إِنْ أَنتُمْ ضَرَبْتُمْ فِى ٱلْأَرْضِ فَأَصَٰبَتْكُم مُّصِيبَةُ ٱلْمَوْتِ ۚ تَحْبِسُونَهُمَا مِنۢ بَعْدِ ٱلصَّلَوٰةِ فَيُقْسِمَانِ بِٱللَّهِ إِنِ ٱرْتَبْتُمْ لَا نَشْتَرِى بِهِۦ ثَمَنًۭا وَلَوْ كَانَ ذَا قُرْبَىٰ ۙ وَلَا نَكْتُمُ شَهَٰدَةَ ٱللَّهِ إِنَّآ إِذًۭا لَّمِنَ ٱلْءَاثِمِينَ

O you who have believed, testimony [should be taken] among you when death approaches one of you at the time of bequest - [that of] two just men from among you or two others from outside if you are traveling through the land and the disaster of death should strike you. Detain them after the prayer and let them both swear by Allah if you doubt [their testimony, saying], "We will not exchange our oath for a price, even if he should be a near relative, and we will not withhold the testimony of Allah. Indeed, we would then be of the sinful."

হে মুমিনসকল! ভ্ৰমণ অৱস্থাত যতি তোমালোকৰ কাৰোবাৰ মৃত্যু সন্নিকট হয়, আৰু মৃত্যু প্ৰভাৱ প্ৰকট হয়, আৰু তেওঁ যদি অছীয়ত কৰিব বিচাৰে, এনে অৱস্থাত তেওঁ দুজন ন্যায়পৰায়ণ মুছলিমক সাক্ষী কৰা উচিত। আনহাতে যদি কোনো মুছলিম নাথাকে তেন্তে দুজন কাফিৰকেই যেন সাক্ষী কৰি লয়। এতেকে সিহঁতৰ সাক্ষীত যদি তোমালোকৰ সন্দেহ হয় তেন্তে কোনো এক ছালাতৰ পিছত সিহঁতক থিয় কৰাই দিয়া, তেতিয়া সিহঁতে শপত খাই ক'ব যে, আমি আমাৰ শপতৰ বিনিময়ত কোনো ধৰণৰ মূল্য গ্ৰহণ নকৰিম। লগতে কোনো আত্মীয়ৰ পক্ষপাতীও নহম। লগতে আল্লাহৰ বাবে দিয়া কোনো সাক্ষীও গোপন নকৰিম। এতেকে যদি আমি এনেকুৱা কিবা কৰো তেন্তে আমি পাপিষ্ঠ গুনাহগাৰ সকলৰ অন্তৰ্ভুক্ত হৈ যাম।

Al-Maaida 5:106Listen in Qur'an →
107

فَإِنْ عُثِرَ عَلَىٰٓ أَنَّهُمَا ٱسْتَحَقَّآ إِثْمًۭا فَـَٔاخَرَانِ يَقُومَانِ مَقَامَهُمَا مِنَ ٱلَّذِينَ ٱسْتَحَقَّ عَلَيْهِمُ ٱلْأَوْلَيَٰنِ فَيُقْسِمَانِ بِٱللَّهِ لَشَهَٰدَتُنَآ أَحَقُّ مِن شَهَٰدَتِهِمَا وَمَا ٱعْتَدَيْنَآ إِنَّآ إِذًۭا لَّمِنَ ٱلظَّٰلِمِينَ

But if it is found that those two were guilty of perjury, let two others stand in their place [who are] foremost [in claim] from those who have a lawful right. And let them swear by Allah, "Our testimony is truer than their testimony, and we have not transgressed. Indeed, we would then be of the wrongdoers."

শপত বাক্য পাঠ কৰোৱাৰ পিছত, যদি উমান পোৱা যায় যে, সিহঁতে শপত খোৱাত তথা সাক্ষী প্ৰদানত মিছাৰ আশ্ৰয় লৈছে অথবা বিশ্বাসঘাতকতা কৰিছে, তেন্তে সিহঁতৰ স্থানত মৃত ব্যক্তিৰ দুজন আত্মীয় থিয় হৈ সত্য সাক্ষী দিব যে, সত্যতা তথা আমানতৰ ক্ষেত্ৰত সিহঁতৰ সাক্ষ্যতকৈ আমাৰ সাক্ষ্য অধিক সত্য। আৰু আমি কোনো মিছা শপত খোৱা নাই। অন্যথা আমি অন্যায়কাৰী তথা আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম।

Al-Maaida 5:107Listen in Qur'an →
108

ذَٰلِكَ أَدْنَىٰٓ أَن يَأْتُوا۟ بِٱلشَّهَٰدَةِ عَلَىٰ وَجْهِهَآ أَوْ يَخَافُوٓا۟ أَن تُرَدَّ أَيْمَٰنٌۢ بَعْدَ أَيْمَٰنِهِمْ ۗ وَٱتَّقُوا۟ ٱللَّهَ وَٱسْمَعُوا۟ ۗ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَٰسِقِينَ

That is more likely that they will give testimony according to its [true] objective, or [at least] they would fear that [other] oaths might be taken after their oaths. And fear Allah and listen; and Allah does not guide the defiantly disobedient people.

সাক্ষ্য প্ৰদানত সন্দেহ হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োজন সাক্ষীক ছালাতৰ পিছত শপত বাক্য পাঠ কৰোৱা তথা সিহঁতৰ সাক্ষ্য দান নাকচ হ'ব বুলি, এই কথাৰ আগ্ৰহ বেছি বৃদ্ধি পাব যে, সাক্ষ্য চৰীয়ত অনুসাৰে দিব লাগিব। গতিকে সাক্ষ্য দানৰ ক্ষেত্ৰত পৰিৱৰ্তন, পৰিবৰ্ধন, বিকৃত তথা বিশ্বাসঘাতকতাৰ পৰা বিৰত থকা উচিত। লগতে সাক্ষীসকলে এই কথাও মনত ৰখা উচিত যে, সিহঁতৰ সাক্ষ্য প্ৰদানক উত্তৰাধিকাৰী সকলে চেলেঞ্জ কৰিব পাৰে, ফলত সাক্ষী সকল অপমানিত হ'ব। গতিকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰি সাক্ষ্য দানত তথা শপত বাক্য পাঠ কৰাত যাতে কোনো ধৰণৰ মিছাৰ আশ্ৰয় বা বিশ্বাসঘাতকতা কৰা নহয়, তাৰ পৰা বিৰত থকা উচিত। এতেকে তোমালোকক যিটোৰ আদেশ দিয়া হৈছে, সেইটো শুনা আৰু স্বীকাৰ কৰা আৰু আল্লাহে অৱজ্ঞাকাৰী সকলক তাওফীক নিদিয়ে।

Al-Maaida 5:108Listen in Qur'an →
109

۞ يَوْمَ يَجْمَعُ ٱللَّهُ ٱلرُّسُلَ فَيَقُولُ مَاذَآ أُجِبْتُمْ ۖ قَالُوا۟ لَا عِلْمَ لَنَآ ۖ إِنَّكَ أَنتَ عَلَّٰمُ ٱلْغُيُوبِ

[Be warned of] the Day when Allah will assemble the messengers and say, "What was the response you received?" They will say, "We have no knowledge. Indeed, it is You who is Knower of the unseen"

হে মানৱজাতি! ক্বিয়ামতৰ দিনক স্মৰণ কৰা, যেতিয়া আল্লাহে সকলো ৰাছুলক একত্ৰিত কৰিব, আৰু তেওঁলোকক সুধিব যে, যি জাতিৰ ওচৰলৈ আপোনালোকক প্ৰেৰণ কৰা হৈছিল, সিহঁতে আপোনালোকক কেনেকুৱা সঁহাৰি দিছিল? তেওঁলোকে উত্তৰত ক'বঃ আমি একো নাজানো, হে ৰব্ব! প্ৰকৃত জ্ঞান তোমাৰেই ওচৰত। অদৃশ্য বিষয় সম্পৰ্কে কেৱল মাত্ৰ তুমিহে জানা।

Al-Maaida 5:109Listen in Qur'an →
110

إِذْ قَالَ ٱللَّهُ يَٰعِيسَى ٱبْنَ مَرْيَمَ ٱذْكُرْ نِعْمَتِى عَلَيْكَ وَعَلَىٰ وَٰلِدَتِكَ إِذْ أَيَّدتُّكَ بِرُوحِ ٱلْقُدُسِ تُكَلِّمُ ٱلنَّاسَ فِى ٱلْمَهْدِ وَكَهْلًۭا ۖ وَإِذْ عَلَّمْتُكَ ٱلْكِتَٰبَ وَٱلْحِكْمَةَ وَٱلتَّوْرَىٰةَ وَٱلْإِنجِيلَ ۖ وَإِذْ تَخْلُقُ مِنَ ٱلطِّينِ كَهَيْـَٔةِ ٱلطَّيْرِ بِإِذْنِى فَتَنفُخُ فِيهَا فَتَكُونُ طَيْرًۢا بِإِذْنِى ۖ وَتُبْرِئُ ٱلْأَكْمَهَ وَٱلْأَبْرَصَ بِإِذْنِى ۖ وَإِذْ تُخْرِجُ ٱلْمَوْتَىٰ بِإِذْنِى ۖ وَإِذْ كَفَفْتُ بَنِىٓ إِسْرَٰٓءِيلَ عَنكَ إِذْ جِئْتَهُم بِٱلْبَيِّنَٰتِ فَقَالَ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ إِنْ هَٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌۭ

[The Day] when Allah will say, "O Jesus, Son of Mary, remember My favor upon you and upon your mother when I supported you with the Pure Spirit and you spoke to the people in the cradle and in maturity; and [remember] when I taught you writing and wisdom and the Torah and the Gospel; and when you designed from clay [what was] like the form of a bird with My permission, then you breathed into it, and it became a bird with My permission; and you healed the blind and the leper with My permission; and when you brought forth the dead with My permission; and when I restrained the Children of Israel from [killing] you when you came to them with clear proofs and those who disbelieved among them said, "This is not but obvious magic."

তথা স্মৰণ কৰা, যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে মৰিয়ম পুত্ৰ ঈছা! মোৰ অনুগ্ৰহসমূহ মনত পেলোৱা, মই তোমাক পিতৃ নোহোৱাকৈ জন্ম দিছিলো, লগতে তোমাৰ মাতৃ মাৰইয়ামৰ প্ৰতি মোৰ অনুগ্ৰহবোৰ মনত পেলোৱা, যেতিয়া মই তেওঁক তেওঁৰ যুগৰ মহিলাসকলৰ মাজৰ পৰা মনোনীত কৰিছিলো। লগতে মোৰ সেই অনুগ্ৰহকো মনত পেলোৱা, যেতিয়া মই তোমাক জিব্ৰীলৰ দ্বাৰা শক্তি প্ৰদান কৰিছিলো, আৰু কোলাত থকা অৱস্থাতেই তুমি কথা ক'ব পাৰিছিলা আৰু সিহঁতক আল্লাহৰ পিনে আহ্বান কৰিছিলা, লগতে বৃদ্ধা অৱস্থা লৈকে তুমি সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিছিলা। মই তোমাক আৰু এটা অনুগ্ৰহ কৰিছিলো এই যে, মই তোমাক লিখা শিকাইছিলো, লগতে তাওৰাতৰ জ্ঞান দিছিলো যিটো মুছা আলাইহিছ ছালামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল আৰু ইঞ্জীলৰ শিক্ষা দিছিলো যিটো স্বয়ং তোমাৰ ওপৰত অৱতীৰ্ণ হৈছে, লগতে মই তোমাক চৰীয়তৰ ৰহস্য, উপকাৰিতা তথা হিকমত শিকাইছিলো। তোমাৰ ওপৰত কৰা অনুগ্ৰহসমূহ অন্যতম এটা অনুগ্ৰহ হৈছে এই যে, তুমি বোকা মাটিৰে চৰাইৰ আকৃতি বনাই তাত ফুঁ মাৰিছিলা আৰু সেইটো বাস্তৱত চৰাই হৈ গৈছিল। জন্মান্ধ তথা কুষ্ঠ ৰোগীসকলক তুমি সুস্থ কৰিছিলা, লগতে (আল্লাহৰ ওচৰত) দুআ কৰি তুমি মৃত ব্যক্তিকো জীৱিত কৰিছিলা। এই সকলোবোৰ মোৰ অনুমতিক্ৰমেই সম্ভৱ হৈছিল। মই তোমাৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছিলো যে, যেতিয়া তুমি বনী ইছৰাঈলৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা, তেতিয়া সিহঁতে সেইটো অস্বীকাৰ কৰিছিল আৰু তোমাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু কৈছিল যে এয়া স্পষ্ট যাদু, তেতিয়া ময়েই তোমাক সিহঁতৰ পৰা ৰক্ষা কৰিছিলো।

Al-Maaida 5:110Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.