Muslim99Muslim99
← Tafsir library

4. An-Nisaa

The Women · Medinan · 176 ayahs

سُورَةُ النِّسَاءِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 71–80 of 176

71

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ خُذُوا۟ حِذْرَكُمْ فَٱنفِرُوا۟ ثُبَاتٍ أَوِ ٱنفِرُوا۟ جَمِيعًۭا

O you who have believed, take your precaution and [either] go forth in companies or go forth all together.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজৰ শত্ৰুসকলৰ পৰা সাৱধানতা অৱলম্বন কৰি সিহঁতৰ লগত যুদ্ধ কৰিবলৈ অস্ত্ৰ প্ৰস্তুত ৰাখিবা। লগতে দলে দলে ওলাই আহা অথবা সকলো একেলগে ওলাই আহা। এই সকলোবোৰ নিজৰ স্বাৰ্থ আৰু শত্ৰুক পৰাজিত কৰাৰ উপায়সমূহ সন্মুখত ৰাখি কৰা উচিত।

72

وَإِنَّ مِنكُمْ لَمَن لَّيُبَطِّئَنَّ فَإِنْ أَصَٰبَتْكُم مُّصِيبَةٌۭ قَالَ قَدْ أَنْعَمَ ٱللَّهُ عَلَىَّ إِذْ لَمْ أَكُن مَّعَهُمْ شَهِيدًۭا

And indeed, there is among you he who lingers behind; and if disaster strikes you, he says, "Allah has favored me in that I was not present with them."

হে মুছলিমসকল! তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কাপুৰুষতাৰ কাৰণে শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ ওলাই নাযাব আৰু আন আন লোক সকলকো বাধা প্ৰদান কৰিব। দৰাচলতে ইহঁত মুনাফিক আৰু দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তি। আৰু যদি তোমালোক নিহত হোৱা অথবা তোমালোকে পৰাজয় বৰণ কৰা তেন্তে সিহঁতে উত্ফুল্লিত হৈ কব, এয়া আল্লাহৰ অনুগ্ৰহ যে, মই যুদ্ধত অংশগ্ৰহণ কৰা নাছিলো, অন্যথা আজি মোৰো সেই অৱস্থা হলেহেঁতেন, যিটো এওঁলোকৰ হৈছে।

73

وَلَئِنْ أَصَٰبَكُمْ فَضْلٌۭ مِّنَ ٱللَّهِ لَيَقُولَنَّ كَأَن لَّمْ تَكُنۢ بَيْنَكُمْ وَبَيْنَهُۥ مَوَدَّةٌۭ يَٰلَيْتَنِى كُنتُ مَعَهُمْ فَأَفُوزَ فَوْزًا عَظِيمًۭا

But if bounty comes to you from Allah, he will surely say, as if there had never been between you and him any affection. "Oh, I wish I had been with them so I could have attained a great attainment."

হে মুছলিমসকল! যদি তোমালোকে বিজয় অথবা যুদ্ধলব্ধ সম্পদ হিচাপে আল্লাহৰ অনুগ্ৰহ লাভ কৰা, তেন্তে যুদ্ধৰ পৰা আঁতৰি থকা এই ব্যক্তিয়েই কব, যদি ময়ো এওঁলোকৰ লগত যুদ্ধত অংশগ্ৰহণ কৰিলোহেঁতেন তেন্তে ময়ো এওঁলোকৰ দৰে বৰ ডাঙৰ সফলতা অৰ্জন কৰিলোহেঁতেন। তাৰ এই ব্যৱহাৰে এইটো প্ৰকাশ কৰে যেনিবা সি তোমালোকৰ অন্তৰ্ভুক্তই নাছিল তথা তাৰ আৰু তোমালোকৰ মাজত কোনো সম্পৰ্কই নাছিল।

74

۞ فَلْيُقَٰتِلْ فِى سَبِيلِ ٱللَّهِ ٱلَّذِينَ يَشْرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا بِٱلْءَاخِرَةِ ۚ وَمَن يُقَٰتِلْ فِى سَبِيلِ ٱللَّهِ فَيُقْتَلْ أَوْ يَغْلِبْ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًۭا

So let those fight in the cause of Allah who sell the life of this world for the Hereafter. And he who fights in the cause of Allah and is killed or achieves victory - We will bestow upon him a great reward.

এতেকে প্ৰকৃত মুমিনসকলে নিজৰ পাৰ্থিৱ জীৱনৰ মোহ এৰি ইয়াৰ বিনিময়ত আখিৰাতক ক্ৰয় কৰিছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, যাতে আল্লাহৰ দ্বীন সদায় উচ্চ থাকে। যিয়ে আল্লাহৰ দ্বীন সুউচ্চ কৰিবলৈ আল্লাহৰ পথত যুদ্ধ কৰি শ্বহীদ হব, অথবা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব, আল্লাহে তাক ডাঙৰ ছোৱাব প্ৰদান কৰিব অৰ্থাৎ সি জান্নাত আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব।

75

وَمَا لَكُمْ لَا تُقَٰتِلُونَ فِى سَبِيلِ ٱللَّهِ وَٱلْمُسْتَضْعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلْوِلْدَٰنِ ٱلَّذِينَ يَقُولُونَ رَبَّنَآ أَخْرِجْنَا مِنْ هَٰذِهِ ٱلْقَرْيَةِ ٱلظَّالِمِ أَهْلُهَا وَٱجْعَل لَّنَا مِن لَّدُنكَ وَلِيًّۭا وَٱجْعَل لَّنَا مِن لَّدُنكَ نَصِيرًا

And what is [the matter] with you that you fight not in the cause of Allah and [for] the oppressed among men, women, and children who say, "Our Lord, take us out of this city of oppressive people and appoint for us from Yourself a protector and appoint for us from Yourself a helper?"

হে মুমিনসকল! আল্লাহৰ দ্বীন সুউচ্চ কৰাৰ বাবে আৰু অসহায় পুৰুষ মহিলা আৰু শিশুসকলক নিৰ্যাতন মুক্ত কৰাৰ বাবে আল্লাহৰ পথত জিহাদ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে, যিসকলে সদায় আল্লাহৰ ওচৰত এই বুলি প্ৰাৰ্থনা কৰেঃ হে আমাৰ প্ৰতিপালক! আমাক মক্কাৰ পৰা ওলাই লৈ যোৱা, ইয়াৰ অধিবাসীসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ বান্দাসকলৰ ওপৰত অত্যাচাৰ কৰে। এতেকে তুমি আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সুৰক্ষা প্ৰদান কৰিব, আৰু এনেকুৱা সহায়ক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সকলো প্ৰকাৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব।

76

ٱلَّذِينَ ءَامَنُوا۟ يُقَٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ وَٱلَّذِينَ كَفَرُوا۟ يُقَٰتِلُونَ فِى سَبِيلِ ٱلطَّٰغُوتِ فَقَٰتِلُوٓا۟ أَوْلِيَآءَ ٱلشَّيْطَٰنِ ۖ إِنَّ كَيْدَ ٱلشَّيْطَٰنِ كَانَ ضَعِيفًا

Those who believe fight in the cause of Allah, and those who disbelieve fight in the cause of Taghut. So fight against the allies of Satan. Indeed, the plot of Satan has ever been weak.

প্ৰকৃত মুমিনে আল্লাহৰ পথত তেওঁৰ দ্বীনৰ প্ৰসাৰতাৰ বাবে যুদ্ধ কৰে, আনহাতে কাফিৰসকলে নিজৰ অসত্য উপাস্যসকলৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ সহায়কসকলৰ লগত যুদ্ধ কৰা, কিয়নো যদি তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তেন্তে তোমালোকে বিজয় প্ৰাপ্ত হবা। কিয়নো চয়তানৰ চক্ৰান্ত অতি দুৰ্বল। সি আল্লাহৰ প্ৰতি ভৰসাকাৰী সকলৰ একো ক্ষতি কৰিব নোৱাৰে।

77

أَلَمْ تَرَ إِلَى ٱلَّذِينَ قِيلَ لَهُمْ كُفُّوٓا۟ أَيْدِيَكُمْ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ فَلَمَّا كُتِبَ عَلَيْهِمُ ٱلْقِتَالُ إِذَا فَرِيقٌۭ مِّنْهُمْ يَخْشَوْنَ ٱلنَّاسَ كَخَشْيَةِ ٱللَّهِ أَوْ أَشَدَّ خَشْيَةًۭ ۚ وَقَالُوا۟ رَبَّنَا لِمَ كَتَبْتَ عَلَيْنَا ٱلْقِتَالَ لَوْلَآ أَخَّرْتَنَآ إِلَىٰٓ أَجَلٍۢ قَرِيبٍۢ ۗ قُلْ مَتَٰعُ ٱلدُّنْيَا قَلِيلٌۭ وَٱلْءَاخِرَةُ خَيْرٌۭ لِّمَنِ ٱتَّقَىٰ وَلَا تُظْلَمُونَ فَتِيلًا

Have you not seen those who were told, "Restrain your hands [from fighting] and establish prayer and give zakah"? But then when fighting was ordained for them, at once a party of them feared men as they fear Allah or with [even] greater fear. They said, "Our Lord, why have You decreed upon us fighting? If only You had postponed [it for] us for a short time." Say, The enjoyment of this world is little, and the Hereafter is better for he who fears Allah. And injustice will not be done to you, [even] as much as a thread [inside a date seed]."

হে ৰাছুল! আপুনি আপোনাৰ সেইসকল সঙ্গী সম্পৰ্কে অৱগত নহয়নে, যিসকলে জিহাদ ফৰজ হোৱাৰ আবেদন জনাইছিল। তেতিয়া তেওঁলোকক কোৱা হৈছিল, এতিয়া যুদ্ধৰ পৰা বিৰত থাকা, ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত আদায় দিয়া। দৰাচলতে এয়া জিহাদ ফৰজ হোৱাৰ আগৰ কথা। কিন্তু যেতিয়া তেওঁলোকে মদীনালৈ হিজৰত কৰিলে, আৰু ইছলাম মজবুত হল আৰু তেওঁলোকৰ ওপৰত জিহাদ ফৰজ কৰা হল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমান লোকৰ ওপৰত এই আদেশ বৰ কঠিন অনুভৱ হল আৰু তেওঁলোকে মানুহক এনেকুৱা ভয় কৰিবলৈ ধৰিলে যিদৰে আল্লাহক ভয় কৰা উচিত অথবা তাতোকৈ অধিক। কবলৈ ধৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত জিহাদ কিয় অনিবাৰ্য কৰিলা, ইয়াক অলপ দিন কিয় পিছুৱাই নিদিলা যাতে আমি পৃথিৱীৰ পৰা অলপ উপকৃত হলোহেঁতেন। হে ৰাছুল! কৈ দিয়ক যে, পাৰ্থিৱ সম্পত্তি যিমানেই লাভ নকৰা কিয়, সেয়া কম আৰু ধ্বংসশীল। আনহাতে আল্লাহক ভয়কাৰী সকলৰ বাবে আখিৰাত অতি উত্তম, কিয়নো তেওঁৰ নিয়ামত চিৰস্থায়ী। আৰু তোমালোকক প্ৰতিদান দিয়াৰ সময়ত খেজুৰ গুটিৰ ওপৰত থকা আৱৰণৰ সমানো তোমালোকৰ আমল হ্ৰাস কৰা নহব।

78

أَيْنَمَا تَكُونُوا۟ يُدْرِككُّمُ ٱلْمَوْتُ وَلَوْ كُنتُمْ فِى بُرُوجٍۢ مُّشَيَّدَةٍۢ ۗ وَإِن تُصِبْهُمْ حَسَنَةٌۭ يَقُولُوا۟ هَٰذِهِۦ مِنْ عِندِ ٱللَّهِ ۖ وَإِن تُصِبْهُمْ سَيِّئَةٌۭ يَقُولُوا۟ هَٰذِهِۦ مِنْ عِندِكَ ۚ قُلْ كُلٌّۭ مِّنْ عِندِ ٱللَّهِ ۖ فَمَالِ هَٰٓؤُلَآءِ ٱلْقَوْمِ لَا يَكَادُونَ يَفْقَهُونَ حَدِيثًۭا

Wherever you may be, death will overtake you, even if you should be within towers of lofty construction. But if good comes to them, they say, "This is from Allah "; and if evil befalls them, they say, "This is from you." Say, "All [things] are from Allah." So what is [the matter] with those people that they can hardly understand any statement?

তোমালোক যতেই নাথাকা কিয়, যেতিয়া নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়া তোমালোকৰ মৃত্যু হবই, যদিও তোমালোক যুদ্ধৰ ময়দানৰ পৰা দূৰৈত মজবুত দুৰ্গত আত্ম গোপন নকৰা কিয়। এই মুনাফিকসকলৰ স্বভাৱ এনেকুৱা যে, যদি সিহঁতে সন্তান আৰু সম্পদ আদিৰ দৰে কোনো বস্তু পায় তেন্তে কয়ঃ এয়া আল্লাহৰ ফালৰ পৰা। আনহাতে সন্তান আৰু সম্পত্তিত কোনো অনিষ্ট সাধন হলে, সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমঙ্গল বুলি দাবী কৰি কয়ঃ এই ক্ষতি আপোনাৰ কাৰণে হৈছে। হে ৰাছুল! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক, ভাল আৰু বেয়া সকলো আল্লাহৰ ফয়চালা আৰু তেওঁ নিৰ্ধাৰণৰ (তাক্বদীৰৰ) অধীনত হয়। এই ধৰণে কথা কোৱা ব্যক্তিসকলৰ আচলতে হৈছে কি, সিহঁতে আপোনাৰ কথা বুজি নাপায় কিয়।

79

مَّآ أَصَابَكَ مِنْ حَسَنَةٍۢ فَمِنَ ٱللَّهِ ۖ وَمَآ أَصَابَكَ مِن سَيِّئَةٍۢ فَمِن نَّفْسِكَ ۚ وَأَرْسَلْنَٰكَ لِلنَّاسِ رَسُولًۭا ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًۭا

What comes to you of good is from Allah, but what comes to you of evil, [O man], is from yourself. And We have sent you, [O Muhammad], to the people as a messenger, and sufficient is Allah as Witness.

হে আদম সন্তান! তোমালোকে জীৱিকা আৰু সন্তান আদিৰ দৰে যি আনন্দদায়ক বস্তু লাভ কৰা, সেই সকলো আল্লাহৰ ফালৰ পৰা তথা তেৱেঁই তোমালোকক প্ৰদান কৰে। আনহাতে জীৱিকা তথা সন্তানৰ ক্ষেত্ৰত তোমালোকে যি আপদ বিপদৰ সন্মুখীন হোৱা, সেই সকলো তোমালোকৰ নিজৰ ফালৰ পৰা তথা তোমালোকৰ গুনাহৰ কাৰণে হয়। হে নবী! আমি আপোনাক গোটেই মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছো, যাতে আপুনি নিজ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়ে। আপুনি আল্লাহৰ ফালৰ পৰা মানুহৰ ওচৰত যি উপস্থাপন কৰে, তাৰ সত্যতাৰ বাবে আল্লাহৰ সাক্ষ্য তথা তেওঁ প্ৰদান কৰা প্ৰমাণ আৰু দলীলেই যথেষ্ট।

80

مَّن يُطِعِ ٱلرَّسُولَ فَقَدْ أَطَاعَ ٱللَّهَ ۖ وَمَن تَوَلَّىٰ فَمَآ أَرْسَلْنَٰكَ عَلَيْهِمْ حَفِيظًۭا

He who obeys the Messenger has obeyed Allah; but those who turn away - We have not sent you over them as a guardian.

যিয়ে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ আনুগত্য কৰিব, সি দৰাচলতে আল্লাহৰ আদেশ পালন কৰিলে। আনহাতে হে ৰাছুল! যিয়ে আপোনাৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, তাৰ প্ৰতি আপুনি চিন্তিত নহব। কিয়নো আমি আপোনাক প্ৰহৰী বনাই প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ আমল সংৰক্ষণ কৰিব। সিহঁতৰ আমলৰ গণনা আৰু হিচাপ লোৱাৰ দায়িত্ব কেৱল আমাৰ।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.