Muslim99Muslim99
← Tafsir library

4. An-Nisaa

The Women · Medinan · 176 ayahs

سُورَةُ النِّسَاءِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 176

61

وَإِذَا قِيلَ لَهُمْ تَعَالَوْا۟ إِلَىٰ مَآ أَنزَلَ ٱللَّهُ وَإِلَى ٱلرَّسُولِ رَأَيْتَ ٱلْمُنَٰفِقِينَ يَصُدُّونَ عَنكَ صُدُودًۭا

And when it is said to them, "Come to what Allah has revealed and to the Messenger," you see the hypocrites turning away from you in aversion.

যেতিয়া এইসকল মুনাফিকক কোৱা হয় যে, আল্লাহে নিজৰ পুথিত যি বিধান অৱতীৰ্ণ কৰিছে সেই পিনে আহা আৰু ৰাছুলৰ ওচৰলৈ আহা, যাতে তোমালোকৰ পৰস্পৰ মতভেদৰ মীমাংসা কৰি দিয়ে। হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁত আপোনাৰ পৰা সম্পূৰ্ণৰূপে বিমূখ হৈ আনৰ ওচৰত মীমাংসাৰ বাবে গুচি যায়।

62

فَكَيْفَ إِذَآ أَصَٰبَتْهُم مُّصِيبَةٌۢ بِمَا قَدَّمَتْ أَيْدِيهِمْ ثُمَّ جَآءُوكَ يَحْلِفُونَ بِٱللَّهِ إِنْ أَرَدْنَآ إِلَّآ إِحْسَٰنًۭا وَتَوْفِيقًا

So how [will it be] when disaster strikes them because of what their hands have put forth and then they come to you swearing by Allah, "We intended nothing but good conduct and accommodation."

সেই সময়ত মুনাফিকসকলৰ কি অৱস্থা হব, যেতিয়া সিহঁতৰ গুনাহৰ কাৰণে সিহঁতৰ ওপৰত কোনো বিপদ আহি পৰিব। হে ৰাছুল! তেতিয়া সিহঁত আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহি আল্লাহৰ শপত খাই কব যে, আপোনাক এৰি আনৰ ওচৰত ফয়চালাৰ বাবে যোৱাৰ আমাৰ কেৱল এই উদ্দেশ্য আছিল যাতে উপকাৰ কৰে আৰু মতানৈক্যকাৰী সকলৰ মাজত মিলাপ্ৰীতি সৃষ্টি কৰি দিয়ে। অথচ সিহঁতৰ এইটো মিছা দাবী। কিয়নো মানুহৰ মাজত মীমাংসা কৰিবলৈ কেৱল আল্লাহৰ চৰীয়তৰ শৰণাপন্ন হোৱাতেই আছে কল্যাণ।

63

أُو۟لَٰٓئِكَ ٱلَّذِينَ يَعْلَمُ ٱللَّهُ مَا فِى قُلُوبِهِمْ فَأَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُل لَّهُمْ فِىٓ أَنفُسِهِمْ قَوْلًۢا بَلِيغًۭا

Those are the ones of whom Allah knows what is in their hearts, so turn away from them but admonish them and speak to them a far-reaching word.

এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ অৱগত। এতেকে হে ৰাছুল! সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক প্ৰেৰণা প্ৰদান কৰি আৰু সতৰ্ক কৰি আল্লাহৰ আদেশ বৰ্ণনা কৰক লগতে এনেকুৱা কথা কওঁক যিটো সিহঁতৰ অন্তৰ চুই যাব।

64

وَمَآ أَرْسَلْنَا مِن رَّسُولٍ إِلَّا لِيُطَاعَ بِإِذْنِ ٱللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذ ظَّلَمُوٓا۟ أَنفُسَهُمْ جَآءُوكَ فَٱسْتَغْفَرُوا۟ ٱللَّهَ وَٱسْتَغْفَرَ لَهُمُ ٱلرَّسُولُ لَوَجَدُوا۟ ٱللَّهَ تَوَّابًۭا رَّحِيمًۭا

And We did not send any messenger except to be obeyed by permission of Allah. And if, when they wronged themselves, they had come to you, [O Muhammad], and asked forgiveness of Allah and the Messenger had asked forgiveness for them, they would have found Allah Accepting of repentance and Merciful.

আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰো যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰত আহিলেহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন।

65

فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا۟ فِىٓ أَنفُسِهِمْ حَرَجًۭا مِّمَّا قَضَيْتَ وَيُسَلِّمُوا۟ تَسْلِيمًۭا

But no, by your Lord, they will not [truly] believe until they make you, [O Muhammad], judge concerning that over which they dispute among themselves and then find within themselves no discomfort from what you have judged and submit in [full, willing] submission.

দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে মুনাফিকসকলে ধাৰণা কৰে। বৰং আল্লাহে নিজৰ শপত খাই কৈছে যে, সিহঁত প্ৰকৃত মুমিন হবই নোৱাৰে, যেতিয়া লৈকে সিহঁতে নিজৰ মাজত উত্পন্ন হোৱা সকলো মতানৈক্যত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ জীৱন কালত আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চৰীয়তক মীমাংসাকাৰী হিচাপে মানি নলব। ইয়াৰ পিছত সিহঁতৰ অন্তৰত আপোনাৰ ফয়চালা সম্পৰ্কে কোনো সংকোচবোধ তথা সংশয় থাকিব নালাগে লগতে আভ্যন্তৰীণ আৰু বাহ্যিক ভাৱে পৰিপূৰ্ণৰূপে আপোনাৰ আদেশ মানি লোৱা উচিত।

66

وَلَوْ أَنَّا كَتَبْنَا عَلَيْهِمْ أَنِ ٱقْتُلُوٓا۟ أَنفُسَكُمْ أَوِ ٱخْرُجُوا۟ مِن دِيَٰرِكُم مَّا فَعَلُوهُ إِلَّا قَلِيلٌۭ مِّنْهُمْ ۖ وَلَوْ أَنَّهُمْ فَعَلُوا۟ مَا يُوعَظُونَ بِهِۦ لَكَانَ خَيْرًۭا لَّهُمْ وَأَشَدَّ تَثْبِيتًۭا

And if We had decreed upon them, "Kill yourselves" or "Leave your homes," they would not have done it, except for a few of them. But if they had done what they were instructed, it would have been better for them and a firmer position [for them in faith].

যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।

67

وَإِذًۭا لَّءَاتَيْنَٰهُم مِّن لَّدُنَّآ أَجْرًا عَظِيمًۭا

And then We would have given them from Us a great reward.

যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।

68

وَلَهَدَيْنَٰهُمْ صِرَٰطًۭا مُّسْتَقِيمًۭا

And We would have guided them to a straight path.

যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।

69

وَمَن يُطِعِ ٱللَّهَ وَٱلرَّسُولَ فَأُو۟لَٰٓئِكَ مَعَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّۦنَ وَٱلصِّدِّيقِينَ وَٱلشُّهَدَآءِ وَٱلصَّٰلِحِينَ ۚ وَحَسُنَ أُو۟لَٰٓئِكَ رَفِيقًۭا

And whoever obeys Allah and the Messenger - those will be with the ones upon whom Allah has bestowed favor of the prophets, the steadfast affirmers of truth, the martyrs and the righteous. And excellent are those as companions.

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেই সকল লোকৰ লগত থাকিব, যিসকলক আল্লাহে জান্নাতত প্ৰৱেশৰ নিয়ামতেৰে পুৰষ্কৃত কৰিছে। যেনে- নবীসকল, সত্যবাদী লোকসকল, যিসকলে ৰাছুলে লৈ অহা চৰীয়তক পৰিপূৰ্ণৰূপে বিশ্বাস কৰিছিল আৰু তাৰ ওপৰত আমল কৰিছিল; আৰু শ্বহীদসকল, যিসকলে আল্লাহৰ পথত মৃত্যুবৰণ কৰিছে; লগতে পূণ্যৱান লোকসকল যিসকলৰ ভিতৰ বাহিৰ সংশোধিত, ফলত তেওঁলোকৰ আমলো বিশুদ্ধ। জান্নাতত কিমান যে উত্তম সঙ্গী এওঁলোক।

70

ذَٰلِكَ ٱلْفَضْلُ مِنَ ٱللَّهِ ۚ وَكَفَىٰ بِٱللَّهِ عَلِيمًۭا

That is the bounty from Allah, and sufficient is Allah as Knower.

উক্ত ছোৱাব আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ আৰু কৃপা আৰু তেওঁলোকৰ সংৰক্ষণ কৰিবলৈ আল্লাহৰ জ্ঞানেই যথেষ্ট। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান প্ৰদান কৰিব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.