Muslim99Muslim99
← Tafsir library

4. An-Nisaa

The Women · Medinan · 176 ayahs

سُورَةُ النِّسَاءِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–50 of 176

41

فَكَيْفَ إِذَا جِئْنَا مِن كُلِّ أُمَّةٍۭ بِشَهِيدٍۢ وَجِئْنَا بِكَ عَلَىٰ هَٰٓؤُلَآءِ شَهِيدًۭا

So how [will it be] when We bring from every nation a witness and we bring you, [O Muhammad] against these [people] as a witness?

এতেকে সেই সময়ত কি অৱস্থা হব, যেতিয়া আমি ক্বিয়মাতৰ দিনা প্ৰত্যেক সম্প্ৰদায়ৰ নবীক সিহঁতৰ কৰ্মৰ সাক্ষী হিচাপে উপস্থিত কৰিম, আৰু হে নবী! আমি আপোনাক আপোনাৰ উম্মতৰ বিপক্ষে সাক্ষী হিচাপে উপস্থিত কৰিম।

42

يَوْمَئِذٍۢ يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ وَعَصَوُا۟ ٱلرَّسُولَ لَوْ تُسَوَّىٰ بِهِمُ ٱلْأَرْضُ وَلَا يَكْتُمُونَ ٱللَّهَ حَدِيثًۭا

That Day, those who disbelieved and disobeyed the Messenger will wish they could be covered by the earth. And they will not conceal from Allah a [single] statement.

সেই মহান দিনটোত আল্লাহক অস্বীকাৰকাৰী সকল আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰী সকল কামনা কৰিব যে, হায়! যদি মাটিত মিশ্ৰিত হৈ সমতল হৈ গলোহেঁতেন। সেইদিনা কোনেও আল্লাহৰ পৰা নিজৰ কৰ্ম গোপন কৰিব নোৱাৰিব। কিয়নো আল্লাহে সিহঁতৰ জিভাত তলা ওলোমাই দিব, ফলত সিহঁতে কথা কব নোৱাৰিব। আৰু সিহঁতৰ অংঙ্গ প্ৰতঙ্গই আল্লাহৰ আদেশত সিহঁতৰ বিপক্ষে সিহঁতৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।

43

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَقْرَبُوا۟ ٱلصَّلَوٰةَ وَأَنتُمْ سُكَٰرَىٰ حَتَّىٰ تَعْلَمُوا۟ مَا تَقُولُونَ وَلَا جُنُبًا إِلَّا عَابِرِى سَبِيلٍ حَتَّىٰ تَغْتَسِلُوا۟ ۚ وَإِن كُنتُم مَّرْضَىٰٓ أَوْ عَلَىٰ سَفَرٍ أَوْ جَآءَ أَحَدٌۭ مِّنكُم مِّنَ ٱلْغَآئِطِ أَوْ لَٰمَسْتُمُ ٱلنِّسَآءَ فَلَمْ تَجِدُوا۟ مَآءًۭ فَتَيَمَّمُوا۟ صَعِيدًۭا طَيِّبًۭا فَٱمْسَحُوا۟ بِوُجُوهِكُمْ وَأَيْدِيكُمْ ۗ إِنَّ ٱللَّهَ كَانَ عَفُوًّا غَفُورًا

O you who have believed, do not approach prayer while you are intoxicated until you know what you are saying or in a state of janabah, except those passing through [a place of prayer], until you have washed [your whole body]. And if you are ill or on a journey or one of you comes from the place of relieving himself or you have contacted women and find no water, then seek clean earth and wipe over your faces and your hands [with it]. Indeed, Allah is ever Pardoning and Forgiving.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত ছালাত আদায় নকৰিবা, যেতিয়ালৈকে মাদকতা আঁতৰি নাযায়, যাতে তোমালোকে ধৰিব পাৰা যে তোমালোকে কি কৈ আছা। দৰাচলতে এই বিধান মাদক দ্ৰৱ্য সম্পূৰ্ণৰূপে হাৰাম হোৱাৰ পূৰ্বে আছিল। এইদৰে জুনুবী অৱস্থাতো ছালাত আদায় নকৰিবা আৰু মছজিদত প্ৰৱেশ নকৰিবা যেতিয়ালৈকে গুছল নকৰা, আনহাতে অৱস্থান নকৰাকৈ মছজিদৰ ভিতৰেদি খোজকাঢ়ি যোৱাত কোনো অসুবিধা নাই। যদি তোমালোকৰ কোনোবাই এনেকুৱা বেমাৰত আক্ৰান্ত হয়, যি বেমাৰত পানী ব্যৱহাৰ কৰা সম্ভৱ নহয়, অথবা তোমালোক ভ্ৰমণ অৱস্থাত থাকা নাইবা তোমালোকৰ অজু ভঙ্গ হলে অথবা স্ত্ৰীৰ লগত সহবাস কৰাৰ পিছত পানী নাপালে, পৱিত্ৰ মাটিৰে তায়াম্মুম কৰা অৰ্থাৎ নিজৰ দুয়ো হাতেৰে মুখমণ্ডল আৰু হাত দুখন মছেহ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ ভুল-ত্ৰুটি মাৰ্জনা কৰিব আৰু তোমালোকৰ প্ৰতি তেওঁ অতি ক্ষমাশীল।

44

أَلَمْ تَرَ إِلَى ٱلَّذِينَ أُوتُوا۟ نَصِيبًۭا مِّنَ ٱلْكِتَٰبِ يَشْتَرُونَ ٱلضَّلَٰلَةَ وَيُرِيدُونَ أَن تَضِلُّوا۟ ٱلسَّبِيلَ

Have you not seen those who were given a portion of the Scripture, purchasing error [in exchange for it] and wishing you would lose the way?

হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ কিছু অংশ প্ৰদান কৰিছিল, সিহঁতে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা ক্ৰয় কৰি আছে? হে মুমিনসকল! সিহঁতে তোমালোকক ৰাছুলে দেখুৱাই দিয়া পোন পথৰ পৰা বিভ্ৰান্ত কৰি বিচাৰে, যাতে তোমালোকেও সিহঁতৰ বক্ৰ পথত পৰিচালিত হোৱা।

45

وَٱللَّهُ أَعْلَمُ بِأَعْدَآئِكُمْ ۚ وَكَفَىٰ بِٱللَّهِ وَلِيًّۭا وَكَفَىٰ بِٱللَّهِ نَصِيرًۭا

And Allah is most knowing of your enemies; and sufficient is Allah as an ally, and sufficient is Allah as a helper.

হে মুমিনসকল! তোমালোকৰ শত্ৰুক তোমালোকতকৈ অধিক আল্লাহে ভালদৰে জানে। সেয়ে তোমালোকক সিহঁতৰ বিষয়ে জনাইছে আৰু সিহঁতৰ শত্ৰুতা সম্পৰ্কে অৱগত কৰাইছে। দৰাচলতে সিহঁতৰ শক্তিৰ বিপক্ষে তোমালোকৰ সুৰক্ষাৰ বাবে আল্লাহেই যথেষ্ট। লগতে সহায়ক হিচাপে আল্লাহেই তোমালোকৰ বাবে যথেষ্ট, তেওঁ তোমালোকক সিহঁতৰ চক্ৰান্ত আৰু নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিব আৰু সিহঁতৰ বিপক্ষে তোমালোকক সহায় কৰিব।

46

مِّنَ ٱلَّذِينَ هَادُوا۟ يُحَرِّفُونَ ٱلْكَلِمَ عَن مَّوَاضِعِهِۦ وَيَقُولُونَ سَمِعْنَا وَعَصَيْنَا وَٱسْمَعْ غَيْرَ مُسْمَعٍۢ وَرَٰعِنَا لَيًّۢا بِأَلْسِنَتِهِمْ وَطَعْنًۭا فِى ٱلدِّينِ ۚ وَلَوْ أَنَّهُمْ قَالُوا۟ سَمِعْنَا وَأَطَعْنَا وَٱسْمَعْ وَٱنظُرْنَا لَكَانَ خَيْرًۭا لَّهُمْ وَأَقْوَمَ وَلَٰكِن لَّعَنَهُمُ ٱللَّهُ بِكُفْرِهِمْ فَلَا يُؤْمِنُونَ إِلَّا قَلِيلًۭا

Among the Jews are those who distort words from their [proper] usages and say, "We hear and disobey" and "Hear but be not heard" and "Ra'ina," twisting their tongues and defaming the religion. And if they had said [instead], "We hear and obey" and "Wait for us [to understand]," it would have been better for them and more suitable. But Allah has cursed them for their disbelief, so they believe not, except for a few.

ইয়াহুদীসকলৰ মাজত কিছুমান নিকৃষ্ট লোক আছে, যিসকলে আল্লাহৰ বাণীক বিকৃত কৰে। সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা বাণীৰ বিকৃত অৰ্থ প্ৰকাশ কৰে। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক কোনো আদেশ দিয়ে, তেতিয়া সিহঁতে কয়ঃ আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো। লগতে ব্যঙ্গাতমক ভাৱে কয়ঃ আপুনি আমাৰ কথা শুনক, আপুনি যেন শুনা নাপায়! তথা সিহঁতে “ৰা-ঈনা” বুলি কৈ ইয়াৰ মূল অৰ্থ (আপুনি আমাৰ প্ৰতি মন কৰক) বুজাব খোজে কিন্তু সিহঁতৰ উদ্দেশ্যে বেলেগ, সিহঁতে ইয়াৰ দ্বাৰা “নিৰ্বোধ” বুজাব খোজে। সিহঁতে ইয়াক উচ্চাৰণ কৰাৰ সময়ত জিভাৰ দ্বাৰা বিকৃত কৰিছিল। সিহঁতৰ উদ্দেশ্য আছিল আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বদ দুআ কৰা তথা ইছলামক নিন্দা কৰা আৰু ভুল-ত্ৰুটি সন্ধান কৰা। যদি সিহঁতে “আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো” এই কথাৰ ঠাইত এই কথা কলেহেঁতেন যে, “আমি আপোনাৰ কথা শুনিছো আৰু আপোনাৰ কথা মানি ললো”। লগতে “আপুনি যেন শুনা নাপায়!” এই কথাৰ পৰিবৰ্তে যদি কলেহেঁতেন, “আপুনি আমাৰ কথা শুনক!” আনহাতে “ৰা-ঈনা”ৰ পৰিবৰ্তে যদি কলেহেঁতেন “অলপ প্ৰতীক্ষা কৰক যাতে আমি আপোনাৰ কথা বুজি লওঁ”, তেন্তে সিহঁতৰ বাবে এয়া উত্তম আৰু ন্যায়সংগত হলেহেঁতেন। কিয়নো ইয়াত আছে আদব তথা সন্মান, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদাৰ উপযুক্ত। কিন্তু আল্লাহে সিহঁতৰ ওপৰত অভিসম্পাত কৰিছে, আৰু সিহঁতৰ কুফৰৰ কাৰণে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সেয়ে সিহঁতে এনেকুৱা ঈমান পোষণ নকৰিব যিটো সিহঁতৰ বাবে লাভদায়ক।

47

يَٰٓأَيُّهَا ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ ءَامِنُوا۟ بِمَا نَزَّلْنَا مُصَدِّقًۭا لِّمَا مَعَكُم مِّن قَبْلِ أَن نَّطْمِسَ وُجُوهًۭا فَنَرُدَّهَا عَلَىٰٓ أَدْبَارِهَآ أَوْ نَلْعَنَهُمْ كَمَا لَعَنَّآ أَصْحَٰبَ ٱلسَّبْتِ ۚ وَكَانَ أَمْرُ ٱللَّهِ مَفْعُولًا

O you who were given the Scripture, believe in what We have sent down [to Muhammad], confirming that which is with you, before We obliterate faces and turn them toward their backs or curse them as We cursed the sabbath-breakers. And ever is the decree of Allah accomplished.

হে পুথিপ্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকল! আমি তোমালোকৰ মুখমণ্ডলত থকা জ্ঞান ইন্দ্ৰীয়সমূহ নিঃশেষ কৰাৰ আগতে তথা তোমালোকৰ মুখমণ্ডল পিছফালে ঘূৰাই দিয়াৰ পূৰ্বে সেইটোৰ প্ৰতি ঈমান পোষণ কৰা যিটো আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছো, যিটো তোমালোকৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলৰ সত্যায়ন কৰিবলৈ আহিছে। অথবা আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰাৰ পূৰ্বেই ঈমান পোষণ কৰা, যিদৰে আমি শনিবাৰীয়া লোকক সকলক দূৰ কৰিছিলো, যিসকলে নিষিদ্ধ হোৱাৰ পিছতো শনিবাৰে চিকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক বান্দৰ বনাই দিছিল। আল্লাহৰ আদেশ আৰু তেওঁৰ ফয়চালা নিশ্চিত ভাৱে বাস্তবায়িত হয়।

48

إِنَّ ٱللَّهَ لَا يَغْفِرُ أَن يُشْرَكَ بِهِۦ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ ۚ وَمَن يُشْرِكْ بِٱللَّهِ فَقَدِ ٱفْتَرَىٰٓ إِثْمًا عَظِيمًا

Indeed, Allah does not forgive association with Him, but He forgives what is less than that for whom He wills. And he who associates others with Allah has certainly fabricated a tremendous sin.

নিশ্চয় আল্লাহে তেওঁৰ সৃষ্টিৰ পৰা কাৰোবাক তেওঁৰ অংশীদাৰ গণ্য কৰা গুনাহক কেতিয়াও ক্ষমা নকৰিব। কিন্তু শ্বিৰ্ক আৰু কুফৰৰ বাহিৰে আন আন গুনাহসমূহ যিটো ইচ্ছা কৰিব, নিজ অনুগ্ৰহত ক্ষমা কৰিব অথবা যাক ইচ্ছা কৰিব ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰিব। যিয়ে আল্লাহৰ লগত অংশীদাৰ (শ্বিৰ্ক) স্থাপন কৰিব, সি ইমান ডাঙৰ পাপ কৰ্ম কৰিছে যে, তাওবা অবিহনে মৃত্যুবৰণ কৰিলে কেতিয়াও ক্ষমাৰ যোগ্য নহয়।

49

أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُزَكُّونَ أَنفُسَهُم ۚ بَلِ ٱللَّهُ يُزَكِّى مَن يَشَآءُ وَلَا يُظْلَمُونَ فَتِيلًا

Have you not seen those who claim themselves to be pure? Rather, Allah purifies whom He wills, and injustice is not done to them, [even] as much as a thread [inside a date seed].

হে ৰাছুল! আপুনি সেই সকল লোকৰ বিষয়ে নাজানে নেকি, যিসকলে নিজৰ আৰু নিজ কৰ্মৰ পৱিত্ৰতাৰ গুণগান কৰি ফুৰে? অথচ এই অধিকাৰ কেৱল আল্লাহৰ যে, তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা প্ৰশংসা কৰে আৰু পৱিত্ৰ কৰে, কাৰণ তেৱেঁই অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। তথা সিহঁতৰ ছোৱাব অকণো হ্ৰাস কৰা নহব, আনকি খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণ ছোৱাবো হ্ৰাস কৰা নহব।

50

ٱنظُرْ كَيْفَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ ۖ وَكَفَىٰ بِهِۦٓ إِثْمًۭا مُّبِينًا

Look how they invent about Allah untruth, and sufficient is that as a manifest sin.

হে ৰাছুল! চাওঁক এইসকল লোকে কেনেকৈ নিজৰ প্ৰশংসা কৰি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আছে? ইহঁতৰ ভ্ৰষ্টতা স্পষ্ট কৰিবলৈ এই গুনাহেই যথেষ্ট।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.