Muslim99Muslim99
← Tafsir library

4. An-Nisaa

The Women · Medinan · 176 ayahs

سُورَةُ النِّسَاءِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 31–40 of 176

31

إِن تَجْتَنِبُوا۟ كَبَآئِرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنكُمْ سَيِّـَٔاتِكُمْ وَنُدْخِلْكُم مُّدْخَلًۭا كَرِيمًۭا

If you avoid the major sins which you are forbidden, We will remove from you your lesser sins and admit you to a noble entrance [into Paradise].

হে মুমিনসকল! যদি তোমালোকে ডাঙৰ ডাঙৰ গুনাহৰ পৰা বিৰত থাকা, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, কাৰোবাক হত্যা কৰা, সুতৰ লেনদেন কৰা, তেন্তে আমি তোমালোকৰ সৰু সৰু গুনাহসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানিত ঠাইত (জান্নাতত) প্ৰৱেশ কৰাম।

32

وَلَا تَتَمَنَّوْا۟ مَا فَضَّلَ ٱللَّهُ بِهِۦ بَعْضَكُمْ عَلَىٰ بَعْضٍۢ ۚ لِّلرِّجَالِ نَصِيبٌۭ مِّمَّا ٱكْتَسَبُوا۟ ۖ وَلِلنِّسَآءِ نَصِيبٌۭ مِّمَّا ٱكْتَسَبْنَ ۚ وَسْـَٔلُوا۟ ٱللَّهَ مِن فَضْلِهِۦٓ ۗ إِنَّ ٱللَّهَ كَانَ بِكُلِّ شَىْءٍ عَلِيمًۭا

And do not wish for that by which Allah has made some of you exceed others. For men is a share of what they have earned, and for women is a share of what they have earned. And ask Allah of his bounty. Indeed Allah is ever, of all things, Knowing.

হে মুমিনসকল! আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ তুলনাত যি অধিক প্ৰদান কৰিছে, সেয়া কামনা নকৰিবা। যাতে অসন্তুষ্টি আৰু ঈৰ্ষা ভাৱ সৃষ্টি নহয়। এতেকে আল্লাহে পুৰুষসকলক যি বিশেষত্ব প্ৰদান কৰিছে, নাৰীসকলে সেইবোৰৰ আশা কৰা উচিত নহয়। কাৰণ প্ৰত্যেক বৰ্গৰ বাবে সিহঁতৰ যোগ্যতা অনুসাৰে বেলেগ বেলেগ প্ৰতিফল প্ৰদান কৰা হৈছে, আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ অংশ লাভ কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বজ্ঞ, সেয়ে তেওঁ সকলো বৰ্গকে সিহঁতৰ সক্ষমতা অনুযায়ী কৰ্ম প্ৰদান কৰিছে।

33

وَلِكُلٍّۢ جَعَلْنَا مَوَٰلِىَ مِمَّا تَرَكَ ٱلْوَٰلِدَانِ وَٱلْأَقْرَبُونَ ۚ وَٱلَّذِينَ عَقَدَتْ أَيْمَٰنُكُمْ فَـَٔاتُوهُمْ نَصِيبَهُمْ ۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدًا

And for all, We have made heirs to what is left by parents and relatives. And to those whom your oaths have bound [to you] - give them their share. Indeed Allah is ever, over all things, a Witness.

আমি তোমালোকৰ প্ৰত্যেককে ওৱাৰিছ বনাইছো, সিহঁতে পিতৃ-মাতৃ আৰু নিকটৱৰ্তী আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ ওৱাৰিছ হব। আৰু যিসকলৰ লগত তোমালোকে শপত খাই সহায় সহযোগীতা কৰাৰ প্ৰতিশ্ৰুতি দিছিলা, সিহঁতকো মীৰাছত সিহঁতৰ অংশ প্ৰদান কৰা। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত, সেয়ে তেওঁ তোমালোকৰ এই শপত আৰু প্ৰতিশ্ৰুতি সম্পৰ্কেও অৱগত। জানি থোৱা উচিত যে, শপত বাক্যৰ দ্বাৰা মীৰাছৰ অধিকাৰী হোৱাৰ এই বিধানটো ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত আছিল, যিটো পিছলৈ মনছুখ (ৰহিত) হৈছে।

34

ٱلرِّجَالُ قَوَّٰمُونَ عَلَى ٱلنِّسَآءِ بِمَا فَضَّلَ ٱللَّهُ بَعْضَهُمْ عَلَىٰ بَعْضٍۢ وَبِمَآ أَنفَقُوا۟ مِنْ أَمْوَٰلِهِمْ ۚ فَٱلصَّٰلِحَٰتُ قَٰنِتَٰتٌ حَٰفِظَٰتٌۭ لِّلْغَيْبِ بِمَا حَفِظَ ٱللَّهُ ۚ وَٱلَّٰتِى تَخَافُونَ نُشُوزَهُنَّ فَعِظُوهُنَّ وَٱهْجُرُوهُنَّ فِى ٱلْمَضَاجِعِ وَٱضْرِبُوهُنَّ ۖ فَإِنْ أَطَعْنَكُمْ فَلَا تَبْغُوا۟ عَلَيْهِنَّ سَبِيلًا ۗ إِنَّ ٱللَّهَ كَانَ عَلِيًّۭا كَبِيرًۭا

Men are in charge of women by [right of] what Allah has given one over the other and what they spend [for maintenance] from their wealth. So righteous women are devoutly obedient, guarding in [the husband's] absence what Allah would have them guard. But those [wives] from whom you fear arrogance - [first] advise them; [then if they persist], forsake them in bed; and [finally], strike them. But if they obey you [once more], seek no means against them. Indeed, Allah is ever Exalted and Grand.

পুৰুষে স্ত্ৰীসকলক সুৰক্ষা প্ৰদান কৰে আৰু সিহঁতক ৰক্ষণাবেক্ষন দিয়ে। কিয়নো আল্লাহে পুৰুষসকলক নাৰীসকলৰ ওপৰত বিশেষ প্ৰাধান্য প্ৰদান কৰিছে লগতে সিহঁতৰ প্ৰয়োজন পুৰণ কৰা তথা সিহঁতৰ ওপৰত ব্যয় কৰা পুৰুষসকলৰ ওপৰত ওৱাজীব। পূণ্যৱতী স্ত্ৰীসকল নিজ প্ৰতিপালকৰ আনুগত্য কৰে, স্বামীৰ কথা পালন কৰে লগতে আল্লাহৰ তাওফীকত স্বামীৰ অনুপস্থিতিত তেওঁৰ অধিকাৰসমূহ হিফাজত কৰে। হে স্বামীসকল! যিসকল স্ত্ৰী সম্পৰ্কে কথা বা কৰ্মৰ দ্বাৰা স্বামীৰ আনুগত্যৰ পৰা বাহিৰ হোৱাৰ আশংকা হয়, সিহঁতক প্ৰথমে ভালদৰে বুজোৱা আৰু আল্লাহৰ ভয় দেখুৱাই সঠিক পথত আনিবলৈ চেষ্টা কৰা। যদি সিহঁতে নামানে তেন্তে বিছনা পৃথক কৰি দিয়া, যেনে- শুৱাৰ সময়ত তাইৰ পিনে পিঠি দিবা আৰু তাইৰ লগত সহবাস নকৰিবা। এনেকুৱা কৰাৰ পিছতো যদি সঠিক পথত ওভোতি নাহে তেন্তে আঘাত নোহোৱাকৈ অলপ মাৰিবা। ইয়াৰ পিছত যদি সংশোধন হয় তেন্তে সিহঁতৰ ওপৰত অত্যাচাৰ নকৰিবা আৰু সিহঁতক শাস্তিও নিদিবা। আল্লাহ সবাতোকৈ উচ্চ লগতে তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত অতি মহান, সেয়ে তেওঁক ভয় কৰা।

35

وَإِنْ خِفْتُمْ شِقَاقَ بَيْنِهِمَا فَٱبْعَثُوا۟ حَكَمًۭا مِّنْ أَهْلِهِۦ وَحَكَمًۭا مِّنْ أَهْلِهَآ إِن يُرِيدَآ إِصْلَٰحًۭا يُوَفِّقِ ٱللَّهُ بَيْنَهُمَآ ۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا خَبِيرًۭا

And if you fear dissension between the two, send an arbitrator from his people and an arbitrator from her people. If they both desire reconciliation, Allah will cause it between them. Indeed, Allah is ever Knowing and Acquainted [with all things].

হে স্বামী স্ত্ৰীৰ অভিভাৱকসকল! যদি তোমালোকৰ আশংকা হয় যে, সিহঁত দুজনৰ মতানৈক্য, শত্ৰুতা আৰু পৃথকতাৰ সীমা পাব, তেন্তে স্বামীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি প্ৰেৰণ কৰা, যাতে স্বামী স্ত্ৰীৰ মঙ্গল কামনাৰ্থে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটায় নাইবা বিষয়টো মিলাপ্ৰীতিৰ মাজেৰে মীমাংসা কৰি দিয়ে। মনত ৰখা উচিত যে, স্বামী স্ত্ৰীৰ যুগ্ম জীৱন বাহাল ৰাখি মিলাপ্ৰীতিৰে সমাধান কৰাটোৱে উত্তম। যদি উভয় পক্ষৰ মধ্যস্থতাকাৰীয়ে যুগ্ম জীৱন বাহাল ৰাখিবলৈ প্ৰয়াস কৰে তেন্তে আল্লাহে স্বামী স্ত্ৰীক, ইজনক সিজনৰ নিকটৱৰ্তী কৰি দিব আৰু সিহঁতৰ মতভেদ সমাপ্ত হব। নিশ্চয় বান্দাৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয় লগতে তেওঁ সিহঁতৰ অন্তৰৰ বিষয় সম্পৰ্কেও সম্যক অৱগত।

36

۞ وَٱعْبُدُوا۟ ٱللَّهَ وَلَا تُشْرِكُوا۟ بِهِۦ شَيْـًۭٔا ۖ وَبِٱلْوَٰلِدَيْنِ إِحْسَٰنًۭا وَبِذِى ٱلْقُرْبَىٰ وَٱلْيَتَٰمَىٰ وَٱلْمَسَٰكِينِ وَٱلْجَارِ ذِى ٱلْقُرْبَىٰ وَٱلْجَارِ ٱلْجُنُبِ وَٱلصَّاحِبِ بِٱلْجَنۢبِ وَٱبْنِ ٱلسَّبِيلِ وَمَا مَلَكَتْ أَيْمَٰنُكُمْ ۗ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ مُخْتَالًۭا فَخُورًا

Worship Allah and associate nothing with Him, and to parents do good, and to relatives, orphans, the needy, the near neighbor, the neighbor farther away, the companion at your side, the traveler, and those whom your right hands possess. Indeed, Allah does not like those who are self-deluding and boastful.

আল্লাহৰ আদেশ পালন কৰি তেওঁৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাৰো উপাসনা নকৰিবা। পিতৃ-মাতৃক সন্মান কৰিবা আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয়ৰ লগত, এতীমৰ লগত আৰু অভাৱী লোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয় প্ৰতিবেশী তথা অনাত্মীয় প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিবা। লগত থকা সঙ্গীৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। ঘৰ পৰিয়ালৰ পৰা দূৰত থকা অপৰিচিত যাত্ৰীৰ লগতো ভাল ব্যৱহাৰ কৰিবা। তোমালোকৰ অধীনত থকা দাস-দাসীৰ প্ৰতিও ভাল ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে এনেকুৱা ব্যক্তিক পছন্দ নকৰে, যিয়ে আত্ম গৌৰৱী, মানুহৰ প্ৰতি অহংকাৰী লগতে যিয়ে মানুহৰ সন্মুখত অহংকাৰ কৰি নিজৰ প্ৰশংসা কৰে।

37

ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ وَيَكْتُمُونَ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ ۗ وَأَعْتَدْنَا لِلْكَٰفِرِينَ عَذَابًۭا مُّهِينًۭا

Who are stingy and enjoin upon [other] people stinginess and conceal what Allah has given them of His bounty - and We have prepared for the disbelievers a humiliating punishment -

আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে আল্লাহে দিয়া ধনক সেই ঠাইতো ব্যয় নকৰে যত ব্যয় কৰা সিহঁতৰ ওপৰত অনিবাৰ্য, লগতে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা আনকো ইয়াৰ উপদেশ নিদিয়ে। আল্লাহে প্ৰদান কৰা নিয়ামত যেনে- জীৱিকা তথা ইল্ম মানুহৰ সন্মুখত প্ৰকাশ কৰাৰ বিপৰীতে সেয়া গোপন কৰে আৰু অসত্যটো প্ৰকাশ কৰে। এইটো দৰাচলতে কাফিৰসকলৰ স্বভাৱ। নিশ্চয় আমি কাফিৰসকলৰ বাবে অপমানকাৰী শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

38

وَٱلَّذِينَ يُنفِقُونَ أَمْوَٰلَهُمْ رِئَآءَ ٱلنَّاسِ وَلَا يُؤْمِنُونَ بِٱللَّهِ وَلَا بِٱلْيَوْمِ ٱلْءَاخِرِ ۗ وَمَن يَكُنِ ٱلشَّيْطَٰنُ لَهُۥ قَرِينًۭا فَسَآءَ قَرِينًۭا

And [also] those who spend of their wealth to be seen by the people and believe not in Allah nor in the Last Day. And he to whom Satan is a companion - then evil is he as a companion.

এইদৰে আমি সিহঁতৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছো, যিসকলে নিজৰ সম্পদ কেৱল এই কাৰণে ব্যয় কৰে যাতে মানুহে দেখি তাৰ প্ৰশংসা কৰে। সিহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। আমি সিহঁতৰ বাবেও সেই অপমানকাৰী শাস্তি তৈয়াৰ কৰি থৈছো। সিহঁতক চয়তানৰ অনুসৰণেই বিভ্ৰান্ত কৰিছে। এতেকে চয়তান যাৰ সঙ্গী হৈছে, সি জানি থোৱা উচিত, চয়তান বৰ বেয়া সঙ্গী।

39

وَمَاذَا عَلَيْهِمْ لَوْ ءَامَنُوا۟ بِٱللَّهِ وَٱلْيَوْمِ ٱلْءَاخِرِ وَأَنفَقُوا۟ مِمَّا رَزَقَهُمُ ٱللَّهُ ۚ وَكَانَ ٱللَّهُ بِهِمْ عَلِيمًا

And what [harm would come] upon them if they believed in Allah and the Last Day and spent out of what Allah provided for them? And Allah is ever, about them, Knowing.

সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, যদি সিহঁতে প্ৰকৃততে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিলেহেঁতেন আৰু আল্লাহে সিহঁতক যি সম্পদ দান কৰিছে সেইবোৰ যদি আল্লাহৰ পছন্দনীয় শিতানত তথা তেওঁৰ সন্তুষ্টি অৰ্জনাৰ্থে ব্যয় কৰিলেহেঁতেন? বৰং ইয়াত আছিল কল্যাণেই কল্যাণ। আল্লাহে সিহঁতক ভালদৰে জানে। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয় আৰু তেওঁ সিহঁতৰ প্ৰত্যেককে সিহঁতৰ আমলৰ প্ৰতিদান দিব।

40

إِنَّ ٱللَّهَ لَا يَظْلِمُ مِثْقَالَ ذَرَّةٍۢ ۖ وَإِن تَكُ حَسَنَةًۭ يُضَٰعِفْهَا وَيُؤْتِ مِن لَّدُنْهُ أَجْرًا عَظِيمًۭا

Indeed, Allah does not do injustice, [even] as much as an atom's weight; while if there is a good deed, He multiplies it and gives from Himself a great reward.

নিশ্চয় আল্লাহ ন্যায়পৰায়ণ, তেওঁৰ বান্দাসকলৰ প্ৰতি অকণো অন্যায় নকৰে, সিহঁতৰ নেকীৰ পৰা পৰুৱাৰ সমান নেকীও হ্ৰাস নকৰে আৰু গুনাহো বৃদ্ধি নকৰে। আনহাতে যদি মাকৈ দানা পৰিমাণো নেকী থাকে, তেন্তে তাৰ ছোৱাব তেওঁৰ কৃপাত কেই গুণ বৃদ্ধি কৰি, নিজৰ ফালৰ পৰা ডাঙৰ প্ৰতিদান প্ৰদান কৰে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.