Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 81–90 of 200

81

وَإِذْ أَخَذَ ٱللَّهُ مِيثَٰقَ ٱلنَّبِيِّۦنَ لَمَآ ءَاتَيْتُكُم مِّن كِتَٰبٍۢ وَحِكْمَةٍۢ ثُمَّ جَآءَكُمْ رَسُولٌۭ مُّصَدِّقٌۭ لِّمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِۦ وَلَتَنصُرُنَّهُۥ ۚ قَالَ ءَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَىٰ ذَٰلِكُمْ إِصْرِى ۖ قَالُوٓا۟ أَقْرَرْنَا ۚ قَالَ فَٱشْهَدُوا۟ وَأَنَا۠ مَعَكُم مِّنَ ٱلشَّٰهِدِينَ

And [recall, O People of the Scripture], when Allah took the covenant of the prophets, [saying], "Whatever I give you of the Scripture and wisdom and then there comes to you a messenger confirming what is with you, you [must] believe in him and support him." [Allah] said, "Have you acknowledged and taken upon that My commitment?" They said, "We have acknowledged it." He said, "Then bear witness, and I am with you among the witnesses."

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে সকলো নবীৰ পৰা এই কথা কৈ দৃঢ় অঙ্গীকাৰ লৈছিল যে, মই তোমালোকক যি পুথিয়ে প্ৰদান নকৰো কিয়, যিমান হিকমতেই দান নকৰো কিয়, আৰু যিমানেই সন্মান, প্ৰতিষ্ঠা আৰু পদ প্ৰদান নকৰো কিয়, যেতিয়া তোমালোকৰ ওচৰত মোৰ ফালৰ পৰা এজন নবী আহিব (ইয়াত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা হৈছে) যিজনে তোমালোকৰ ওচৰত থকা পুথি আৰু হিকমতৰ সমৰ্থন কৰে তেন্তে তোমালোকে অৱশ্যে তেওঁৰ কথা মানিবা আৰু তেওঁৰ অনুসৰণকাৰী হৈ তেওঁক সহায় কৰিবা। হে নবীসকল! তোমালোকে এইটো স্বীকাৰ কৰিলানে আৰু মোৰ এই দৃঢ় অঙ্গীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে উত্তৰ প্ৰদান কৰি কলেঃ আমি এইটো স্বীকাৰ কৰিলো। আল্লাহে কলেঃ তোমালোকে নিজৰ বাবে আৰু তোমালোকৰ উম্মতৰ বাবে সাক্ষী হৈ থাকা লগতে ময়ো তোমালোকৰ আৰু সিহঁতৰ সাক্ষী হৈ ৰ’লো।

Aal-i-Imraan 3:81Listen in Qur'an →
82

فَمَن تَوَلَّىٰ بَعْدَ ذَٰلِكَ فَأُو۟لَٰٓئِكَ هُمُ ٱلْفَٰسِقُونَ

And whoever turned away after that - they were the defiantly disobedient.

এতেকে যিসকলে এই অঙ্গীকাৰৰ পৰা মুখ ঘূৰাই লৈছে, যিটোক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সাক্ষীৰ জৰীয়তে মজবুত কৰা হৈছিল; সিহঁতেই আল্লাহৰ দ্বীন আৰু তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত।

Aal-i-Imraan 3:82Listen in Qur'an →
83

أَفَغَيْرَ دِينِ ٱللَّهِ يَبْغُونَ وَلَهُۥٓ أَسْلَمَ مَن فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ طَوْعًۭا وَكَرْهًۭا وَإِلَيْهِ يُرْجَعُونَ

So is it other than the religion of Allah they desire, while to Him have submitted [all] those within the heavens and earth, willingly or by compulsion, and to Him they will be returned?

আল্লাহৰ আনুগত্য আৰু তেওঁৰ দ্বীনৰ পৰা বহিষ্কৃত এইসকল লোকে, আল্লাহৰ মনোনীত দ্বীন ইছলামৰ বাহিৰে আন কোনো ধৰ্ম বিচাৰি আছে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে ইচ্ছাতে হওঁক অথবা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰিছে, ইচ্ছাতে যেনে- মুছলিমসকল আৰু অনিচ্ছাতে যেনে- কাফিৰসকল। অৱশেষত কিয়ামতৰ দিনা সকলো সৃষ্টিয়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব।

Aal-i-Imraan 3:83Listen in Qur'an →
84

قُلْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ عَلَيْنَا وَمَآ أُنزِلَ عَلَىٰٓ إِبْرَٰهِيمَ وَإِسْمَٰعِيلَ وَإِسْحَٰقَ وَيَعْقُوبَ وَٱلْأَسْبَاطِ وَمَآ أُوتِىَ مُوسَىٰ وَعِيسَىٰ وَٱلنَّبِيُّونَ مِن رَّبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍۢ مِّنْهُمْ وَنَحْنُ لَهُۥ مُسْلِمُونَ

Say, "We have believed in Allah and in what was revealed to us and what was revealed to Abraham, Ishmael, Isaac, Jacob, and the Descendants, and in what was given to Moses and Jesus and to the prophets from their Lord. We make no distinction between any of them, and we are Muslims [submitting] to Him."

হে ৰাছুল! কৈ দিয়ক, আমি আল্লাহক উপাস্য হিচাপে মানিছো, তেওঁ আমাক যি আদেশ কৰিছে সেয়া পালন কৰিছো আৰু ঈমান আনিছো সেই অহীৰ প্ৰতি যিটো আমাৰ ওপৰত তেওঁ অৱতীৰ্ণ কৰিছে লগতে যিটো ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ ওপৰত অৱতীৰ্ণ হৈছিল, তথা যিবোৰ সেইসকল নবীৰ ওপৰত অৱতীৰ্ণ হৈছিল যিসকল আছিল ইয়াকূবৰ সন্তান, আৰু যিবোৰ পুথি আৰু নিদৰ্শন মুছা, ঈছা আৰু সকলো নবীক আল্লাহৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল। আমি নবীসকলৰ মাজত পাৰ্থক্য কৰি কিছুমানৰ প্ৰতি ঈমান আৰু কিছুমানক অস্বীকাৰ নকৰো। আমি কেৱল আল্লাহৰ আনুগত্য কৰো আৰু কেৱল তেওঁৰ ওচৰতেই শিৰণত কৰো।

Aal-i-Imraan 3:84Listen in Qur'an →
85

وَمَن يَبْتَغِ غَيْرَ ٱلْإِسْلَٰمِ دِينًۭا فَلَن يُقْبَلَ مِنْهُ وَهُوَ فِى ٱلْءَاخِرَةِ مِنَ ٱلْخَٰسِرِينَ

And whoever desires other than Islam as religion - never will it be accepted from him, and he, in the Hereafter, will be among the losers.

যিয়ে সেই ধৰ্মৰ বাহিৰে আন কোনো ধৰ্ম অনুসন্ধান কৰিব, যি ধৰ্মক আল্লাহে মনোনীত কৰিছে, আৰু সেয়া হৈছে- ইছলাম ধৰ্ম- এনে ব্যক্তিৰ পৰা আল্লাহে সেই ধৰ্মক কেতিয়াও স্বীকাৰ নকৰিব, আৰু সি আখিৰাতত জাহান্নামত প্ৰৱেশ কৰি নিজৰে ক্ষতিসাধন কৰিব।

Aal-i-Imraan 3:85Listen in Qur'an →
86

كَيْفَ يَهْدِى ٱللَّهُ قَوْمًۭا كَفَرُوا۟ بَعْدَ إِيمَٰنِهِمْ وَشَهِدُوٓا۟ أَنَّ ٱلرَّسُولَ حَقٌّۭ وَجَآءَهُمُ ٱلْبَيِّنَٰتُ ۚ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ

How shall Allah guide a people who disbelieved after their belief and had witnessed that the Messenger is true and clear signs had come to them? And Allah does not guide the wrongdoing people.

আল্লাহে তেওঁৰ নিজৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিবলৈ সেইসকল লোকক কেনেকৈ তাওফীক দিব যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ পিছত তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক সত্য বুলি স্বীকৃতি দিয়াৰ পিছত পুনৰ কাফিৰ হৈ গৈছে। অথচ সিহঁতৰ ওচৰত ইয়াৰ সত্যতাৰ সকলো স্পষ্ট নিদৰ্শন আহি পৰিছিল? আল্লাহে এনেকুৱা অত্যাচাৰী সম্প্ৰদায়ক ঈমানৰ তাওফীক নিদিয়ে, যিসকলে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা অৱলম্বন কৰে।

Aal-i-Imraan 3:86Listen in Qur'an →
87

أُو۟لَٰٓئِكَ جَزَآؤُهُمْ أَنَّ عَلَيْهِمْ لَعْنَةَ ٱللَّهِ وَٱلْمَلَٰٓئِكَةِ وَٱلنَّاسِ أَجْمَعِينَ

Those - their recompense will be that upon them is the curse of Allah and the angels and the people, all together,

নিশ্চয় এনেকুৱা ভ্ৰষ্টতা অৱলম্বনকাৰী যালিমসকলৰ প্ৰতিদান এইটোৱেই যে, সিহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ আৰু গোটেই মানৱ জাতিৰ অভিসম্পাত। এতেকে সিহঁত আল্লাহৰ দয়াৰ পৰা আঁতৰ হ'ব আৰু বঞ্চিত হ'ব।

Aal-i-Imraan 3:87Listen in Qur'an →
88

خَٰلِدِينَ فِيهَا لَا يُخَفَّفُ عَنْهُمُ ٱلْعَذَابُ وَلَا هُمْ يُنظَرُونَ

Abiding eternally therein. The punishment will not be lightened for them, nor will they be reprieved.

সিহঁত জাহান্নামত চিৰস্থায়ী হব আৰু তাৰ পৰা ওলাব নোৱাৰিব। সিহঁতৰ শাস্তিও লাঘৱ কৰা নহ'ব আৰু সিহঁতক তাওবা তথা ক্ষমা প্ৰাৰ্থনাৰো সুযোগ দিয়া নহ'ব।

Aal-i-Imraan 3:88Listen in Qur'an →
89

إِلَّا ٱلَّذِينَ تَابُوا۟ مِنۢ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌ

Except for those who repent after that and correct themselves. For indeed, Allah is Forgiving and Merciful.

কিন্তু যিসকলে কুফুৰী আৰু অন্যায় কৰাৰ পিছত আকৌ আল্লাহৰ পিনে উভতি আহিছে আৰু নিজৰ কৰ্মৰ সংশোধন কৰিছে, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, পৰম দয়ালু।

Aal-i-Imraan 3:89Listen in Qur'an →
90

إِنَّ ٱلَّذِينَ كَفَرُوا۟ بَعْدَ إِيمَٰنِهِمْ ثُمَّ ٱزْدَادُوا۟ كُفْرًۭا لَّن تُقْبَلَ تَوْبَتُهُمْ وَأُو۟لَٰٓئِكَ هُمُ ٱلضَّآلُّونَ

Indeed, those who reject the message after their belief and then increase in disbelief - never will their [claimed] repentance be accepted, and they are the ones astray.

যিসকলে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে আৰু সেই কুফুৰীতে মৃত্যুক সাৱটি লৈছে, এতেকে মৃত্যু উপস্থিত হোৱাৰ পিছত তাৰ তাওবা কেতিয়াও গ্ৰহণযোগ্য নহ'ব, কিয়নো তেতিয়া তাওবাৰ সময় সমাপ্ত। এইসকল লোকেই আল্লাহৰ পোন পথৰ পৰা পথভ্ৰষ্ট।

Aal-i-Imraan 3:90Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.