Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 200

61

فَمَنْ حَآجَّكَ فِيهِ مِنۢ بَعْدِ مَا جَآءَكَ مِنَ ٱلْعِلْمِ فَقُلْ تَعَالَوْا۟ نَدْعُ أَبْنَآءَنَا وَأَبْنَآءَكُمْ وَنِسَآءَنَا وَنِسَآءَكُمْ وَأَنفُسَنَا وَأَنفُسَكُمْ ثُمَّ نَبْتَهِلْ فَنَجْعَل لَّعْنَتَ ٱللَّهِ عَلَى ٱلْكَٰذِبِينَ

Then whoever argues with you about it after [this] knowledge has come to you - say, "Come, let us call our sons and your sons, our women and your women, ourselves and yourselves, then supplicate earnestly [together] and invoke the curse of Allah upon the liars [among us]."

হে ৰাছুল! আপোনাৰ ওচৰত ঈছা আলাইহিছ ছালামৰ বিষয়ে সঠিক জ্ঞান অহাৰ পিছতো যদি নাজৰানৰ খৃষ্টানসকলে আপোনাৰ লগত ঈছা আলাইহিছ ছালাম আল্লাহৰ বান্দা নহয় বুলি বাদানুবাদ কৰে, তেন্তে সিহঁতক কৈ দিয়কঃ আহা আমি উপস্থিত কৰো, আমি আমাৰ পুত্ৰসকলক আৰু তোমালোকে তোমালোকৰ পুত্ৰসকলক, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো লগতে আমিও থাকিম আৰু তোমালোকেও তাত থাকিবা। তাৰ পিছত আমি সকলোৱে কাকূতি-মিনতি কৰি আল্লাহৰ ওচৰত দুআ কৰিম যে, তেওঁ যেন আমাৰ মাজৰ মিছলীয়া পক্ষক অভিসম্পাত কৰে।

Aal-i-Imraan 3:61Listen in Qur'an →
62

إِنَّ هَٰذَا لَهُوَ ٱلْقَصَصُ ٱلْحَقُّ ۚ وَمَا مِنْ إِلَٰهٍ إِلَّا ٱللَّهُ ۚ وَإِنَّ ٱللَّهَ لَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Indeed, this is the true narration. And there is no deity except Allah. And indeed, Allah is the Exalted in Might, the Wise.

ঈছা আলাইহিছ ছালাম সম্পৰ্কে আমি আপোনাক যি সংবাদ দিলো সেয়া নিশ্চিতভাৱে সত্য। ইয়াত কোনো ধৰণৰ মিছা তথা সন্দেহৰ অৱকাশ নাই। একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আল্লাহ তেওঁৰ ৰাজত্বত মহাপৰাক্ৰমশালী। তেওঁ পৰিচালনাত, আদেশত আৰু সৃষ্টিত মহাপ্ৰজ্ঞাৱান।

Aal-i-Imraan 3:62Listen in Qur'an →
63

فَإِن تَوَلَّوْا۟ فَإِنَّ ٱللَّهَ عَلِيمٌۢ بِٱلْمُفْسِدِينَ

But if they turn away, then indeed - Allah is Knowing of the corrupters.

ইয়াৰ পিছত যদি আপুনি লৈ অহা চৰীয়তৰ পৰা সিহঁতে মুখ ঘূৰাই লয় আৰু আপোনাৰ অনুসৰণ নকৰে তেন্তে এইটোৱেই সিহঁতৰ বিপৰ্যয়। আৰু অৱশ্যে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলক আল্লাহে ভালকৈ জানে আৰু সিহঁতক ইয়াৰ প্ৰতিদানো দিব।

Aal-i-Imraan 3:63Listen in Qur'an →
64

قُلْ يَٰٓأَهْلَ ٱلْكِتَٰبِ تَعَالَوْا۟ إِلَىٰ كَلِمَةٍۢ سَوَآءٍۭ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا ٱللَّهَ وَلَا نُشْرِكَ بِهِۦ شَيْـًۭٔا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًۭا مِّن دُونِ ٱللَّهِ ۚ فَإِن تَوَلَّوْا۟ فَقُولُوا۟ ٱشْهَدُوا۟ بِأَنَّا مُسْلِمُونَ

Say, "O People of the Scripture, come to a word that is equitable between us and you - that we will not worship except Allah and not associate anything with Him and not take one another as lords instead of Allah." But if they turn away, then say, "Bear witness that we are Muslims [submitting to Him]."

হে ৰাছুল! কওঁকঃ হে ইয়াহুদী আৰু খৃষ্টানসকল আহা আমি এনেকুৱা এটা ন্যায়ৰ বিষয়ত একমত হওঁ, যিটো বিষয়ত আমি সকলোৱে সমান। আৰু সেয়া হৈছে, আমি কেৱল আল্লাহৰ ইবাদত কৰিম, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰো, যদিও তাৰ পদ যিমানেই ডাঙৰ আৰু তাৰ স্থান যিমানেই উচ্চ নহওঁক কিয়। আৰু আমাৰ মাজৰ কোনেও যাতে ইজনে সিজনক ৰব্ব (প্ৰতিপালক) হিচাপে গ্ৰহণ নকৰে, যাক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় বা যাৰ আদেশ পালন কৰা হয়। এতেকে তোমালোকে আহ্বান কৰা এই সত্যৰ পৰা যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! তোমালোকে কোৱাঃ তোমালোকে সাক্ষী থাকা যে, আমি মুছলিম আৰু আল্লাহৰ আনুগত্যকাৰী।

Aal-i-Imraan 3:64Listen in Qur'an →
65

يَٰٓأَهْلَ ٱلْكِتَٰبِ لِمَ تُحَآجُّونَ فِىٓ إِبْرَٰهِيمَ وَمَآ أُنزِلَتِ ٱلتَّوْرَىٰةُ وَٱلْإِنجِيلُ إِلَّا مِنۢ بَعْدِهِۦٓ ۚ أَفَلَا تَعْقِلُونَ

O People of the Scripture, why do you argue about Abraham while the Torah and the Gospel were not revealed until after him? Then will you not reason?

হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীন সম্পৰ্কে বিবাদ কিয় কৰা? ইয়াহূদীসকলৰ দাবী যে, ইব্ৰাহীম ইয়াহূদী আছিল, আনহাতে খৃষ্টানসকলৰ দাবী যে, তেওঁ খৃষ্টান আছিল। অথচ তোমালোকে জানা যে, ইয়াহূদী আৰু খৃষ্টান ধৰ্ম তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্ৰকাশ পাইছে। তোমালোকে বুজি নোপোৱা নেকি যে, তোমালোকৰ কথাত কিমান সত্যতা আছে আৰু তোমালোকৰ ধাৰণা কিমান ত্ৰুটিপূৰ্ণ।

Aal-i-Imraan 3:65Listen in Qur'an →
66

هَٰٓأَنتُمْ هَٰٓؤُلَآءِ حَٰجَجْتُمْ فِيمَا لَكُم بِهِۦ عِلْمٌۭ فَلِمَ تُحَآجُّونَ فِيمَا لَيْسَ لَكُم بِهِۦ عِلْمٌۭ ۚ وَٱللَّهُ يَعْلَمُ وَأَنتُمْ لَا تَعْلَمُونَ

Here you are - those who have argued about that of which you have [some] knowledge, but why do you argue about that of which you have no knowledge? And Allah knows, while you know not.

হে আহলে কিতাব (ইয়াহূদী আৰু খৃষ্টানসকল)! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নিজৰ ধৰ্ম আৰু নিজৰ পুথি সম্পৰ্কে বাদ-বিবাদ কৰিছা ঠিকে আছে, এই বিষয়ে তোমালোকৰ জ্ঞান আছে, কিন্তু ইব্ৰাহীম আৰু তেওঁৰ দ্বীন সম্পৰ্কে কিয় বিবাদ কৰা, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই। কিয়নো তেওঁৰ বিষয়ে তোমালোকৰ পুথিতো একো উল্লেখ নাই আৰু তোমালোকৰ নবীসকলেও একো কোৱা নাই। দৰাচলতে আল্লাহেই সকলো বিষয়ৰ বাস্তাৱতা আৰু অদৃশ্য বিষয় সম্পৰ্কে অৱগত। তোমালোকে এই বিষয়ে একো নাজানা।

Aal-i-Imraan 3:66Listen in Qur'an →
67

مَا كَانَ إِبْرَٰهِيمُ يَهُودِيًّۭا وَلَا نَصْرَانِيًّۭا وَلَٰكِن كَانَ حَنِيفًۭا مُّسْلِمًۭا وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ

Abraham was neither a Jew nor a Christian, but he was one inclining toward truth, a Muslim [submitting to Allah]. And he was not of the polytheists.

ইব্ৰাহীম আলাইহিছ ছালাম ইয়াহূদী ধৰ্মৰো নাছিল আৰু খৃষ্টান ধৰ্মৰো নাছিল। বৰং তেওঁ আছিল অসত্য ধৰ্মৰ পৰা দূৰত, আল্লাহৰ প্ৰতি আত্মসমৰ্পনকাৰী এজন তাওহীদ পন্থী। তেওঁ কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নাছিল যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, যেনে আৰবৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, সিহঁতে তেওঁৰ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত।

Aal-i-Imraan 3:67Listen in Qur'an →
68

إِنَّ أَوْلَى ٱلنَّاسِ بِإِبْرَٰهِيمَ لَلَّذِينَ ٱتَّبَعُوهُ وَهَٰذَا ٱلنَّبِىُّ وَٱلَّذِينَ ءَامَنُوا۟ ۗ وَٱللَّهُ وَلِىُّ ٱلْمُؤْمِنِينَ

Indeed, the most worthy of Abraham among the people are those who followed him [in submission to Allah] and this prophet, and those who believe [in his message]. And Allah is the ally of the believers.

ইব্ৰাহীমৰ লগত সম্পৰ্ক স্থাপনৰ আটাইতকৈ বেছি হকদাৰ তেওঁলোকৰ, যিসকলে তেওঁৰ যুগত তেওঁক অনুসৰণ কৰিছিল। এইদৰে তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ অধিক হকদাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ অনুসাৰীসকলৰ। নিশ্চয় আল্লাহ মুমিনসকলৰ সহায়ক আৰু সংৰক্ষক।

Aal-i-Imraan 3:68Listen in Qur'an →
69

وَدَّت طَّآئِفَةٌۭ مِّنْ أَهْلِ ٱلْكِتَٰبِ لَوْ يُضِلُّونَكُمْ وَمَا يُضِلُّونَ إِلَّآ أَنفُسَهُمْ وَمَا يَشْعُرُونَ

A faction of the people of the Scripture wish they could mislead you. But they do not mislead except themselves, and they perceive [it] not.

হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতা বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।

Aal-i-Imraan 3:69Listen in Qur'an →
70

يَٰٓأَهْلَ ٱلْكِتَٰبِ لِمَ تَكْفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَأَنتُمْ تَشْهَدُونَ

O People of the Scripture, why do you disbelieve in the verses of Allah while you witness [to their truth]?

হে পুথি প্ৰাপ্ত ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা সেইবোৰ আয়াতক কিয় অস্বীকাৰ কৰা, যিবোৰ আয়াতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ সংকেত আছে, অথচ তোমালোক সাক্ষী যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত সত্য, ইয়াৰ বৰ্ণনা তোমালোকৰ পুথিতো উল্লেখ আছে।

Aal-i-Imraan 3:70Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.