Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 200

51

إِنَّ ٱللَّهَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ ۗ هَٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ

Indeed, Allah is my Lord and your Lord, so worship Him. That is the straight path."

কাৰণ আল্লাহেই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। কেৱল তেৱেঁই একমাত্ৰ যোগ্য, যাৰ তাক্বৱা অৱলম্বন কৰিব লাগে আৰু যাৰ আদেশ পালন কৰিব লাগে। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। আৰু এয়া মই যে তোমালোকক আল্লাহৰ ইবাদত আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ আদেশ দিলো, এইটোৱেই আচ-চিৰাত আল-মুস্তাকীম (পোন পথ), যিটোত কোনো বক্ৰতা নাই।

Aal-i-Imraan 3:51Listen in Qur'an →
52

۞ فَلَمَّآ أَحَسَّ عِيسَىٰ مِنْهُمُ ٱلْكُفْرَ قَالَ مَنْ أَنصَارِىٓ إِلَى ٱللَّهِ ۖ قَالَ ٱلْحَوَارِيُّونَ نَحْنُ أَنصَارُ ٱللَّهِ ءَامَنَّا بِٱللَّهِ وَٱشْهَدْ بِأَنَّا مُسْلِمُونَ

But when Jesus felt [persistence in] disbelief from them, he said, "Who are my supporters for [the cause of] Allah?" The disciples said, "We are supporters for Allah. We have believed in Allah and testify that we are Muslims [submitting to Him].

যেতিয়া ঈছা আলাইহিছ ছালামে অনুভৱ কৰিলে যে, সিহঁতে কুফৰৰ প্ৰতি ঘাইকৈ লিপ্ত হৈছে, তেতিয়া তেওঁ বনী ইছৰাঈলক সম্বোধন কৰি কলেঃ আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত কোনে মোক সহায় কৰিবা। তেওঁৰ কেইজনমান অনুসাৰীয়ে ক'লেঃ আমি আল্লাহৰ দ্বীনৰ সহায়ক। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপোনাক অনুসৰণ কৰিছো। আৰু হে ঈছা! আপুনি সাক্ষী থাকক যে, আমি একমাত্ৰ আল্লাহৰ আদেশ পালনকাৰী আৰু তেওঁৰ আনুগত্যকাৰী।

Aal-i-Imraan 3:52Listen in Qur'an →
53

رَبَّنَآ ءَامَنَّا بِمَآ أَنزَلْتَ وَٱتَّبَعْنَا ٱلرَّسُولَ فَٱكْتُبْنَا مَعَ ٱلشَّٰهِدِينَ

Our Lord, we have believed in what You revealed and have followed the messenger Jesus, so register us among the witnesses [to truth]."

তেওঁৰ সত্যবাদী সঙ্গীসকলে এই কথাও ক'লেঃ হে আমাৰ প্ৰতিপালক! আমি সেই ইঞ্জীলৰ প্ৰতি ঈমান আনিছো যিটো তুমি অৱতীৰ্ণ কৰিছা আৰু আমি ঈছা আলাইহিছ ছালামৰ অনুসৰণ কৰিছো। এতেকে তুমি আমাক সত্যৰ সাক্ষী প্ৰদানকাৰী সকলৰ অন্তৰ্ভুক্ত কৰা, যিসকলে তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে।

Aal-i-Imraan 3:53Listen in Qur'an →
54

وَمَكَرُوا۟ وَمَكَرَ ٱللَّهُ ۖ وَٱللَّهُ خَيْرُ ٱلْمَٰكِرِينَ

And the disbelievers planned, but Allah planned. And Allah is the best of planners.

বনী ইছৰাঈলৰ কাফিৰসকলে ষড়যন্ত্ৰ ৰচিলে আৰু ঈছা আলাইহিছ ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিলে। ফলত আল্লাহে কৌশল অৱলম্বন কৰিলে আৰু সিহঁতক সিহঁতৰ পথভ্ৰষ্টতাত এৰি দিলে আৰু আন এজন ব্যক্তিক ঈছা আলাইহিছ ছালামৰ সদৃশ কৰি দিলে। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী। কিয়নো শত্ৰুৰ বিৰুদ্ধে আল্লাহতকৈ সঠিক কৌশল আন কোনেও কৰিব নোৱাৰে।

Aal-i-Imraan 3:54Listen in Qur'an →
55

إِذْ قَالَ ٱللَّهُ يَٰعِيسَىٰٓ إِنِّى مُتَوَفِّيكَ وَرَافِعُكَ إِلَىَّ وَمُطَهِّرُكَ مِنَ ٱلَّذِينَ كَفَرُوا۟ وَجَاعِلُ ٱلَّذِينَ ٱتَّبَعُوكَ فَوْقَ ٱلَّذِينَ كَفَرُوٓا۟ إِلَىٰ يَوْمِ ٱلْقِيَٰمَةِ ۖ ثُمَّ إِلَىَّ مَرْجِعُكُمْ فَأَحْكُمُ بَيْنَكُمْ فِيمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ

[Mention] when Allah said, "O Jesus, indeed I will take you and raise you to Myself and purify you from those who disbelieve and make those who follow you [in submission to Allah alone] superior to those who disbelieve until the Day of Resurrection. Then to Me is your return, and I will judge between you concerning that in which you used to differ.

আল্লাহে সিহঁতৰ বিৰুদ্ধে তেতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিছিল, যেতিয়া তেওঁ ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে ঈছা! মই তোমাক মৃত্যু নিদিয়াকৈয়ে পৰিগ্ৰহণ কৰিম, তোমাক শৰীৰ তথা আত্মাৰ সৈতে মোৰ ওচৰলৈকে উঠাই আনিম, তোমাক কাফিৰসকলৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ কৰিম আৰু সিহঁতৰ পৰা তোমাক আঁতৰাই দিম, আৰু সত্য ধৰ্মত তোমাৰ অনুসাৰীসকলক- ইয়াৰ ভিতৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাও অন্তৰ্ভুক্ত- কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত স্পষ্ট প্ৰমাণ আৰু প্ৰভূত্বৰ জৰীয়তে প্ৰাধান্য দান কৰিম। তাৰ পিছত কিয়ামতৰ দিনা তোমালোকে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিবা। সেইদিনা মই ন্যায়ৰ সৈতে তোমালোকৰ মতভেদসমূহ মীমাংসা কৰিম।

Aal-i-Imraan 3:55Listen in Qur'an →
56

فَأَمَّا ٱلَّذِينَ كَفَرُوا۟ فَأُعَذِّبُهُمْ عَذَابًۭا شَدِيدًۭا فِى ٱلدُّنْيَا وَٱلْءَاخِرَةِ وَمَا لَهُم مِّن نَّٰصِرِينَ

And as for those who disbelieved, I will punish them with a severe punishment in this world and the Hereafter, and they will have no helpers."

আৰু যিসকলে তোমাক আৰু তুমি লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছে, মই সিহঁতক পৃথিৱীত হত্যা, গ্ৰেপ্তাৰ তথা অপমান আদিৰ দ্বাৰা কঠিন শাস্তি প্ৰদান কৰিম আৰু আখিৰাতত জাহান্নামৰ জুইৰ দ্বাৰা শাস্তি প্ৰদান কৰিম। আৰু এই শাস্তিৰ পৰা মুক্তি দিব পৰা সিহঁতৰ কোনো সহায়ক নাথাকিব।

Aal-i-Imraan 3:56Listen in Qur'an →
57

وَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَيُوَفِّيهِمْ أُجُورَهُمْ ۗ وَٱللَّهُ لَا يُحِبُّ ٱلظَّٰلِمِينَ

But as for those who believed and did righteous deeds, He will give them in full their rewards, and Allah does not like the wrongdoers.

আৰু যিসকলে তোমাৰ প্ৰতি আৰু তুমি লৈ আহা চৰীয়তৰ ওপৰত ঈমান আনিছে আৰু ছালাত, চওম, যাকাত আৰু আত্মীয়-স্বজনৰ লগত সদ্ব্যৱহাৰ ইত্যাদিৰ দৰে সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিব আৰু তাত কোনো ধৰণৰ হ্ৰাস কৰা নহব। দৰাচলতে ঈছা আলাইহিছ ছালামৰ অনুসাৰীসকলৰ বিষয়ে এইবোৰ কথা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ, তেখেতৰ বিষয়ে সুসংবাদ স্বয়ং ঈছা আলাইহিছ ছালামে দিছিল। নিশ্চয় আল্লাহে অন্যায়কাৰীসকলক পছন্দ নকৰে। আৰু আটাইতকৈ ডাঙৰ অন্যায় হৈছে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা।

Aal-i-Imraan 3:57Listen in Qur'an →
58

ذَٰلِكَ نَتْلُوهُ عَلَيْكَ مِنَ ٱلْءَايَٰتِ وَٱلذِّكْرِ ٱلْحَكِيمِ

This is what We recite to you, [O Muhammad], of [Our] verses and the precise [and wise] message.

আমি আপোনাক ঈছা আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ পাঠ কৰি শুনাই আছো, সেয়া এই কথাৰ স্পষ্ট প্ৰমাণ যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেইটো প্ৰকৃত সত্য। আৰু ই মুত্তাক্বীসকলৰ বাবে উপদেশ লগতে ইমান পৰিপক্ক যে, বাতিলে ইয়াৰ কাষো চাপিব নোৱাৰে।

Aal-i-Imraan 3:58Listen in Qur'an →
59

إِنَّ مَثَلَ عِيسَىٰ عِندَ ٱللَّهِ كَمَثَلِ ءَادَمَ ۖ خَلَقَهُۥ مِن تُرَابٍۢ ثُمَّ قَالَ لَهُۥ كُن فَيَكُونُ

Indeed, the example of Jesus to Allah is like that of Adam. He created Him from dust; then He said to him, "Be," and he was.

দৰাচলতে আল্লাহৰ দৃষ্টিত ঈছা আলাইহিছ ছালামৰ সৃষ্টিৰ উদাহৰণ আদম আলাইহিছ ছালামৰ দৰেই, যিদৰে তেওঁক মাটিৰে সৃষ্টি কৰিছে। আল্লাহে তেওঁক বিনা পিতৃ মাতৃৰে সৃষ্টি কৰিছে। আল্লাহে কেৱল কৈছিলঃ মানুহত পৰিণত হোৱা, ফলত আল্লাহৰ ইচ্ছাত সেই মাটি মানুহত পৰিণত হৈছিল। তেন্তে ইহঁতে ঈছাক কেনেকৈ উপাস্য হিচাপে দাবী কৰে, এই কাৰণে নেকি যে, তেওঁ বিনা পিতৃৰে সৃষ্টি হৈছে? অথচ সিহঁতে এই কথা স্বীকাৰ কৰে যে আদম আলাইহিছ ছালাম এজন মানৱ। যদিও তেওঁক পিতৃ আৰু মাতৃ দুয়ো নোহোৱাকৈ সৃষ্টি কৰা হৈছিল।

Aal-i-Imraan 3:59Listen in Qur'an →
60

ٱلْحَقُّ مِن رَّبِّكَ فَلَا تَكُن مِّنَ ٱلْمُمْتَرِينَ

The truth is from your Lord, so do not be among the doubters.

ঈছা আলাইহিছ ছালাম সম্পৰ্কে সত্য এইটোৱেই, যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, ইয়াত কোনো সন্দেহ নাই। এতেকে আপুনি দোদুল্যমান সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব, বৰং আপুনি যি সত্যৰ ওপৰত আছে তাৰ ওপৰতে অটল থাকক।

Aal-i-Imraan 3:60Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.