Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 31–40 of 200

31

قُلْ إِن كُنتُمْ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِى يُحْبِبْكُمُ ٱللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَٱللَّهُ غَفُورٌۭ رَّحِيمٌۭ

Say, [O Muhammad], "If you should love Allah, then follow me, [so] Allah will love you and forgive you your sins. And Allah is Forgiving and Merciful."

হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে সঁচাকৈয়ে আল্লাহক ভালপোৱা তেন্তে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে মই লৈ অহা ধৰ্মৰ অনুসৰণ কৰা। এনে কৰিলে তোমালোকে আল্লাহৰ মুহাব্বত প্ৰাপ্ত হ'বা আৰু তেওঁ তোমালোকৰ পাপসমূহ মাৰ্জনা কৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি দয়াৱান।

Aal-i-Imraan 3:31Listen in Qur'an →
32

قُلْ أَطِيعُوا۟ ٱللَّهَ وَٱلرَّسُولَ ۖ فَإِن تَوَلَّوْا۟ فَإِنَّ ٱللَّهَ لَا يُحِبُّ ٱلْكَٰفِرِينَ

Say, "Obey Allah and the Messenger." But if they turn away - then indeed, Allah does not like the disbelievers.

হে ৰাছুল! কৈ দিয়ক যে, তোমালোকে আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। যদি সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লয় তেন্তে জানি থোৱা! আল্লাহে তেওঁৰ আদেশ আৰু তেওঁৰ ৰাছুলৰ আদেশ অমান্যকাৰী কাফিৰসকলক পছন্দ নকৰে।

Aal-i-Imraan 3:32Listen in Qur'an →
33

۞ إِنَّ ٱللَّهَ ٱصْطَفَىٰٓ ءَادَمَ وَنُوحًۭا وَءَالَ إِبْرَٰهِيمَ وَءَالَ عِمْرَٰنَ عَلَى ٱلْعَٰلَمِينَ

Indeed, Allah chose Adam and Noah and the family of Abraham and the family of 'Imran over the worlds -

নিসন্দেহে আল্লাহে আদমক নিৰ্বাচন কৰিছিল আৰু ফিৰিস্তাসকলৰ দ্বাৰাই তেওঁক ছাজদাহ কৰোৱাইছিল। আৰু নূহক নিৰ্বাচন কৰি পৃথিৱীবাসীৰ বাবে প্ৰথম ৰাছুল হিচাপে প্ৰেৰণ কৰিছিল। ইব্ৰাহীমৰ বংশ নিৰ্বাচন কৰি তেওঁৰ বংশত নবুওৱত অৱশিষ্ট ৰাখিছিল। আৰু নিৰ্বাচন কৰিছিল ইমৰাণৰ পৰিয়ালক। এই সকলোকে তেওঁ নিৰ্বাচন কৰিছিল আৰু তেওঁলোকক সমকালীন লোক সকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিল।

Aal-i-Imraan 3:33Listen in Qur'an →
34

ذُرِّيَّةًۢ بَعْضُهَا مِنۢ بَعْضٍۢ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ

Descendants, some of them from others. And Allah is Hearing and Knowing.

ওপৰত যিসকল নবীৰ নাম আৰু তেওঁলোকৰ অনুসাৰী সন্তানসকলৰ বৰ্ণনা কৰা হৈছে, তেওঁলোক ইজনে সিজনৰ বংশধৰ আৰু তেওঁলোকে পৰস্পৰৰ পৰা একেশ্বৰবাদ (তাওহীদ) আৰু সত্কৰ্মৰ শিক্ষা গ্ৰহণ কৰিছিল। লগতে তেওঁলোকে পৰস্পৰৰ সদ্ব্যৱহাৰ আৰু উত্কৃষ্ট বৈশিষ্ট্যসমূহৰ উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। সেয়ে তেওঁ যাক ইচ্ছা কৰে নিৰ্বাচন কৰে আৰু যাক ইচ্ছা কৰে বাচনি কৰে।

Aal-i-Imraan 3:34Listen in Qur'an →
35

إِذْ قَالَتِ ٱمْرَأَتُ عِمْرَٰنَ رَبِّ إِنِّى نَذَرْتُ لَكَ مَا فِى بَطْنِى مُحَرَّرًۭا فَتَقَبَّلْ مِنِّىٓ ۖ إِنَّكَ أَنتَ ٱلسَّمِيعُ ٱلْعَلِيمُ

[Mention, O Muhammad], when the wife of 'Imran said, "My Lord, indeed I have pledged to You what is in my womb, consecrated [for Your service], so accept this from me. Indeed, You are the Hearing, the Knowing."

হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰ প্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছো যে, মোৰ গৰ্ভত যি সন্তান আছে তাক কেৱল তোমাৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে সকলো বস্তুৰ পৰা মুক্ত কৰি দিম, যাতে সেই সন্তানে তোমাৰ আৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰ দুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।

Aal-i-Imraan 3:35Listen in Qur'an →
36

فَلَمَّا وَضَعَتْهَا قَالَتْ رَبِّ إِنِّى وَضَعْتُهَآ أُنثَىٰ وَٱللَّهُ أَعْلَمُ بِمَا وَضَعَتْ وَلَيْسَ ٱلذَّكَرُ كَٱلْأُنثَىٰ ۖ وَإِنِّى سَمَّيْتُهَا مَرْيَمَ وَإِنِّىٓ أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ ٱلشَّيْطَٰنِ ٱلرَّجِيمِ

But when she delivered her, she said, "My Lord, I have delivered a female." And Allah was most knowing of what she delivered, "And the male is not like the female. And I have named her Mary, and I seek refuge for her in You and [for] her descendants from Satan, the expelled [from the mercy of Allah]."

যেতিয়া গৰ্ভৰ সময় সম্পূৰ্ণ হল আৰু প্ৰসৱ কৰিলে। তেতিয়া ইমৰাণৰ পত্নীয়ে- যিহেতু তেওঁ মনে মনে আশা পোষণ কৰিছিল পুত্ৰ সন্তান জন্ম হব, কিন্তু তেওঁৰ আশাৰ বিপৰীতে ছোৱালীহে জন্ম হল, সেয়ে মিনতি কৰি কলেঃ “হে মোৰ প্ৰতিপালক! মই কন্যা সন্তানহে জন্ম দিছো!” যদিও আল্লাহে ভালকৈ জানে যে, কি সন্তান জন্ম হৈছে কিন্তু তেওঁ যি সন্তান জন্ম দিছে সেই সন্তান তেওঁ কামনা কৰা পুত্ৰ সন্তানতকৈ শাৰীৰিক দিশত অধিক শক্তিশালী। লগতে তেওঁ আৰু কলেঃ মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে ইয়াক আৰু ইয়াৰ সন্তানক বিতাড়িত চয়তানৰ পৰা ৰক্ষা দায়িত্ব তোমাৰ ওপৰত অৰ্পন কৰিছো।

Aal-i-Imraan 3:36Listen in Qur'an →
37

فَتَقَبَّلَهَا رَبُّهَا بِقَبُولٍ حَسَنٍۢ وَأَنۢبَتَهَا نَبَاتًا حَسَنًۭا وَكَفَّلَهَا زَكَرِيَّا ۖ كُلَّمَا دَخَلَ عَلَيْهَا زَكَرِيَّا ٱلْمِحْرَابَ وَجَدَ عِندَهَا رِزْقًۭا ۖ قَالَ يَٰمَرْيَمُ أَنَّىٰ لَكِ هَٰذَا ۖ قَالَتْ هُوَ مِنْ عِندِ ٱللَّهِ ۖ إِنَّ ٱللَّهَ يَرْزُقُ مَن يَشَآءُ بِغَيْرِ حِسَابٍ

So her Lord accepted her with good acceptance and caused her to grow in a good manner and put her in the care of Zechariah. Every time Zechariah entered upon her in the prayer chamber, he found with her provision. He said, "O Mary, from where is this [coming] to you?" She said, "It is from Allah. Indeed, Allah provides for whom He wills without account."

আল্লাহে তেওঁৰ এই মান্নত উত্তমভাৱে স্বীকাৰ কৰিলে, মাৰইয়ামক উত্তমভাৱে লালন-পালন কৰিলে, তেওঁৰ নেক বান্দাসকলৰ অন্তৰত মৰিয়মৰ বাবে দয়া ওপজাই দিলে আৰু মাৰইয়ামৰ সংৰক্ষণৰ দায়িত্ব জাকাৰিয়্যা আলাইহিছ ছালামক অৰ্পন কৰিলে। জাকাৰিয়্যা আলাইহিছ ছালামে যেতিয়াই উপাসনা স্থলত প্ৰৱেশ কৰিছিল তেতিয়াই মাৰইয়ামৰ ওচৰত বিভিন্ন ধৰণৰ উত্তম জীৱিকা দেখিবলৈ পাইছিল। এই দেখি জাকাৰিয়্যা আলাইহিছ ছালামে আচৰিত হৈ সুধিছিলঃ হে মাৰইয়াম! তোমাৰ ওচৰত এইবোৰ খাদ্য কৰ পৰা আহে? তেওঁ উত্তৰ দি কৈছিলঃ এইবোৰ খাদ্য আল্লাহৰ তৰফৰ পৰা দিয়া হৈছে। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰে।

Aal-i-Imraan 3:37Listen in Qur'an →
38

هُنَالِكَ دَعَا زَكَرِيَّا رَبَّهُۥ ۖ قَالَ رَبِّ هَبْ لِى مِن لَّدُنكَ ذُرِّيَّةًۭ طَيِّبَةً ۖ إِنَّكَ سَمِيعُ ٱلدُّعَآءِ

At that, Zechariah called upon his Lord, saying, "My Lord, grant me from Yourself a good offspring. Indeed, You are the Hearer of supplication."

সেই সময়তে যেতিয়া জাকাৰিয়্যা আলাইহিছ ছালামে ইমৰাণৰ কন্যা মাৰইয়ামৰ ওচৰত সাধাৰণ নিয়মৰ বিপৰীতে আল্লাহে প্ৰদান কৰা খাদ্য বস্তু দেখা পালে, তেতিয়া তেওঁৰ অন্তৰত এই আশা জাগিলে যে, তেওঁ বৃদ্ধাৱস্থাত আৰু তেওঁৰ পত্নী বন্ধা হোৱাৰ পিছতো আল্লাহে তেওঁলোকক সন্তান প্ৰদান কৰাত সক্ষম। সেয়ে তেওঁ প্ৰাৰ্থনা কৰিলেঃ হে মোৰ প্ৰতিপালক! মোক এজন পৱিত্ৰ সন্তান দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শুনা আৰু সেয়া কবুল কৰা।

Aal-i-Imraan 3:38Listen in Qur'an →
39

فَنَادَتْهُ ٱلْمَلَٰٓئِكَةُ وَهُوَ قَآئِمٌۭ يُصَلِّى فِى ٱلْمِحْرَابِ أَنَّ ٱللَّهَ يُبَشِّرُكَ بِيَحْيَىٰ مُصَدِّقًۢا بِكَلِمَةٍۢ مِّنَ ٱللَّهِ وَسَيِّدًۭا وَحَصُورًۭا وَنَبِيًّۭا مِّنَ ٱلصَّٰلِحِينَ

So the angels called him while he was standing in prayer in the chamber, "Indeed, Allah gives you good tidings of John, confirming a word from Allah and [who will be] honorable, abstaining [from women], and a prophet from among the righteous."

ফিৰিস্তাসকলে তেওঁক মাতি ক'লে যেতিয়া তেওঁ ইবাদতৰ ঠাইত ছালাত আদায় কৰি আছিলঃ আল্লাহে আপোনাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছে। যাৰ নাম হ'ব ইয়াহয়া। তেওঁৰ বিশেষত্ব হ'ব এইটো যে, তেওঁ আল্লাহৰ কলিমা অৰ্থাৎ মাৰইয়ামৰ পুত্ৰ ঈছাক সমৰ্থন কৰিব। ঈছাক আল্লাহৰ কলিমা এই বাবেই কোৱা হৈছে যে, তেওঁ আল্লাহৰ এটা বিশেষ শব্দৰ জৰিয়তে সৃষ্টি হৈছে। আৰু সেই সন্তানটো জ্ঞান তথা ইবাদতৰ ক্ষেত্ৰত নিজ সম্প্ৰদায়ৰ নেতৃত্ব দিব। নিজকে কুপ্ৰবৃত্তিৰ পৰা বিৰত ৰাখিব, ইয়াৰ মাজত নাৰীৰ নৈকট্যও অন্তৰ্ভুক্ত। তেওঁ নিজকে আল্লাহৰ ইবাদতৰ বাবে সমৰ্পিত কৰিব লগতে তেওঁ হ'ব এজন সত্যবাদী নবী।

Aal-i-Imraan 3:39Listen in Qur'an →
40

قَالَ رَبِّ أَنَّىٰ يَكُونُ لِى غُلَٰمٌۭ وَقَدْ بَلَغَنِىَ ٱلْكِبَرُ وَٱمْرَأَتِى عَاقِرٌۭ ۖ قَالَ كَذَٰلِكَ ٱللَّهُ يَفْعَلُ مَا يَشَآءُ

He said, "My Lord, how will I have a boy when I have reached old age and my wife is barren?" The angel said, "Such is Allah; He does what He wills."

যেতিয়া ফিৰিস্তাসকলে জাকাৰিয়্যা আলাইহিছ ছালামক সুসংবাদ দিলে তেতিয়া তেওঁ কলেঃ হে মোৰ প্ৰতিপালক! মোৰ ঘৰত পুত্ৰ কেনেকৈ জন্ম লাভ কৰিব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছো আৰু মোৰ পত্নীও বন্ধা, তাইৰ সন্তান নহয়? তেতিয়া আল্লাহে উত্তৰত কলেঃ তোমাৰ বৃদ্ধাৱস্থা আৰু তোমাৰ পত্নী বন্ধা হোৱাৰ পিছতো ইয়াহয়াক সৃষ্টি কৰাটো তেনেকুৱাই যেনেকুৱা সাধাৰণ নিয়মৰ বিপৰীতে আল্লাহৰ আন আন বস্তু সৃষ্টি কৰা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ নিজৰ হিকমত আৰু জ্ঞানেৰে যিটো ইচ্ছা সেইটোৱেই সৃষ্টি কৰে।

Aal-i-Imraan 3:40Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.