Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 191–200 of 200

191

ٱلَّذِينَ يَذْكُرُونَ ٱللَّهَ قِيَٰمًۭا وَقُعُودًۭا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِى خَلْقِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَٰطِلًۭا سُبْحَٰنَكَ فَقِنَا عَذَابَ ٱلنَّارِ

Who remember Allah while standing or sitting or [lying] on their sides and give thought to the creation of the heavens and the earth, [saying], "Our Lord, You did not create this aimlessly; exalted are You [above such a thing]; then protect us from the punishment of the Fire.

এইসকল লোকেই থিয় হৈ, বহি আৰু শুই থাকিও আল্লাহক স্মৰণ কৰে তথা আকাশ আৰু পৃথিৱীৰ সৃষ্টিত চিন্তা-গৱেষণা কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি ইমান ডাঙৰ সৃষ্টি এনেই সৃষ্টি কৰা নাই। নিশ্চয় তুমি উদ্দেশ্যহীন কৰ্মৰ পৰা পৱিত্ৰ। তুমি আমাক সত্কৰ্মৰ তাওফীক প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখি, জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।

Aal-i-Imraan 3:191Listen in Qur'an →
192

رَبَّنَآ إِنَّكَ مَن تُدْخِلِ ٱلنَّارَ فَقَدْ أَخْزَيْتَهُۥ ۖ وَمَا لِلظَّٰلِمِينَ مِنْ أَنصَارٍۢ

Our Lord, indeed whoever You admit to the Fire - You have disgraced him, and for the wrongdoers there are no helpers.

হে আমাৰ প্ৰতিপালক! তুমি যাক জাহান্নামত নিক্ষেপ কৰা, নিশ্চয় তুমি তাক অপমানিত কৰা। কিয়ামতৰ দিনা অন্যায়কাৰী সকলৰ বাবে কোনো সহায়ক নহ'ব, যিয়ে সিহঁতক আল্লাহৰ আজাব আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব।

Aal-i-Imraan 3:192Listen in Qur'an →
193

رَّبَّنَآ إِنَّنَا سَمِعْنَا مُنَادِيًۭا يُنَادِى لِلْإِيمَٰنِ أَنْ ءَامِنُوا۟ بِرَبِّكُمْ فَـَٔامَنَّا ۚ رَبَّنَا فَٱغْفِرْ لَنَا ذُنُوبَنَا وَكَفِّرْ عَنَّا سَيِّـَٔاتِنَا وَتَوَفَّنَا مَعَ ٱلْأَبْرَارِ

Our Lord, indeed we have heard a caller calling to faith, [saying], 'Believe in your Lord,' and we have believed. Our Lord, so forgive us our sins and remove from us our misdeeds and cause us to die with the righteous.

হে আমাৰ প্ৰতিপালক! আমি এজন আহ্বায়কক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক) এই বুলি আহ্বান কৰা শুনিছো, তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই তোমালোকৰ একমাত্ৰ ৰব্ব। এতেকে আমি তেওঁৰ কথা মানিছো আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰিছো। তুমি আমাৰ পাপসমূহ গোপনে ৰাখিবা আৰু আমাক অপমানিত নকৰিবা, লগতে আমাৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰা আৰু সেই বিষয়ে আমাক সোধ-পোছ নকৰিবা। লগতে আমাক ভাল কাম কৰিবলৈ আৰু বেয়া কৰ্মৰ পৰা বিৰত থকাৰ তাওফীক প্ৰদান কৰি আমাক সৎলোকৰ লগত মৃত্যু প্ৰদান কৰা।

Aal-i-Imraan 3:193Listen in Qur'an →
194

رَبَّنَا وَءَاتِنَا مَا وَعَدتَّنَا عَلَىٰ رُسُلِكَ وَلَا تُخْزِنَا يَوْمَ ٱلْقِيَٰمَةِ ۗ إِنَّكَ لَا تُخْلِفُ ٱلْمِيعَادَ

Our Lord, and grant us what You promised us through Your messengers and do not disgrace us on the Day of Resurrection. Indeed, You do not fail in [Your] promise."

হে আমাৰ প্ৰতিপালক! তুমি নিজ ৰাছুলসকলৰ জৰিয়তে যিবোৰ বস্তুৰ প্ৰতিশ্ৰুতি দিছিলা, সেইবোৰ আমাক প্ৰদান কৰা। অৰ্থাৎ পৃথিৱীত হিদায়ত আৰু সহায় প্ৰদান কৰা। আৰু কিয়ামতৰ দিনা জাহান্নামত নিক্ষেপ কৰি আমাক অপমানিত নকৰিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি অতি দয়ালু, তুমি কেতিয়াও তোমাৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।

Aal-i-Imraan 3:194Listen in Qur'an →
195

فَٱسْتَجَابَ لَهُمْ رَبُّهُمْ أَنِّى لَآ أُضِيعُ عَمَلَ عَٰمِلٍۢ مِّنكُم مِّن ذَكَرٍ أَوْ أُنثَىٰ ۖ بَعْضُكُم مِّنۢ بَعْضٍۢ ۖ فَٱلَّذِينَ هَاجَرُوا۟ وَأُخْرِجُوا۟ مِن دِيَٰرِهِمْ وَأُوذُوا۟ فِى سَبِيلِى وَقَٰتَلُوا۟ وَقُتِلُوا۟ لَأُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَأُدْخِلَنَّهُمْ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ ثَوَابًۭا مِّنْ عِندِ ٱللَّهِ ۗ وَٱللَّهُ عِندَهُۥ حُسْنُ ٱلثَّوَابِ

And their Lord responded to them, "Never will I allow to be lost the work of [any] worker among you, whether male or female; you are of one another. So those who emigrated or were evicted from their homes or were harmed in My cause or fought or were killed - I will surely remove from them their misdeeds, and I will surely admit them to gardens beneath which rivers flow as reward from Allah, and Allah has with Him the best reward."

তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ প্ৰাৰ্থনা কবুল কৰিলে আৰু কলেঃ মই কৰ্মৰ প্ৰতিদান বিনষ্ট নকৰো, সেয়া কম হওঁক বা বেছি আৰু আমলকাৰী নাৰী হওঁক অথবা পুৰুষ। এই উম্মতত তোমালোক সকলোৰে বিধান একেই। পুৰুষকো ছোৱাব বৃদ্ধি কৰি দিয়া নহব আৰু নাৰীকো হ্ৰাস কৰি দিয়া নহব। এতেকে যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে আৰু কাফিৰসকলে যিসকলক নিজ ঘৰৰ পৰা উলিয়াই দিছে, তেওঁলোকক নিজ প্ৰতিপালকৰ আদেশ পালন কৰাৰ কাৰণে কষ্ট দিয়া হৈছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু আল্লাহৰ পতাকা উত্তোলন কৰাৰ নিমিত্তে শ্বহীদ হৈছে, আমি কিয়ামতৰ দিনা অৱশ্যে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিম। তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিম আৰু তেওঁলোকক অৱশ্যে এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা প্ৰতিদান। নিশ্চয় আল্লাহৰ ওচৰতেই উত্তম প্ৰতিদান, যাৰ কতো কোনো উদাহৰণ নাই।

Aal-i-Imraan 3:195Listen in Qur'an →
196

لَا يَغُرَّنَّكَ تَقَلُّبُ ٱلَّذِينَ كَفَرُوا۟ فِى ٱلْبِلَٰدِ

Be not deceived by the [uninhibited] movement of the disbelievers throughout the land.

হে নবী! কাফিৰসকলৰ দেশ-বিদেশলৈ অবাধ বিচৰণ আৰু তাত থকা সিহঁতৰ ক্ষমতা লগতে সিহঁতৰ ব্যৱসায়িক প্ৰসাৰতা আৰু ধন-সম্পত্তিৰ বিস্তাৰে যাতে আপোনাক বিচলিত নকৰে। সিহঁতৰ এই অৱস্থাৰ ফলত আপোনাৰ যাতে চিন্তা আৰু শোক অনুভৱ নহয়।

Aal-i-Imraan 3:196Listen in Qur'an →
197

مَتَٰعٌۭ قَلِيلٌۭ ثُمَّ مَأْوَىٰهُمْ جَهَنَّمُ ۚ وَبِئْسَ ٱلْمِهَادُ

[It is but] a small enjoyment; then their [final] refuge is Hell, and wretched is the resting place.

এই পৃথিৱী কেৱল খন্তেকীয়া উপভোগৰ সামগ্ৰী, ইয়াৰ কোনো স্থায়ীত্ব নাই। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠিকনা হৈছে জাহান্নাম। নিশ্চয় জুই সিহঁতৰ বাবে অতি নিকৃষ্ট বিছনা।

Aal-i-Imraan 3:197Listen in Qur'an →
198

لَٰكِنِ ٱلَّذِينَ ٱتَّقَوْا۟ رَبَّهُمْ لَهُمْ جَنَّٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا نُزُلًۭا مِّنْ عِندِ ٱللَّهِ ۗ وَمَا عِندَ ٱللَّهِ خَيْرٌۭ لِّلْأَبْرَارِ

But those who feared their Lord will have gardens beneath which rivers flow, abiding eternally therein, as accommodation from Allah. And that which is with Allah is best for the righteous.

কিন্তু যিসকলে আল্লাহৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, য’ত তেওঁলোক চিৰস্থায়ী হব। এয়া আল্লাহে প্ৰস্তুত কৰা প্ৰতিদান। আল্লাহে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে যি প্ৰস্তুত কৰিছে সেয়া পৃথিৱীৰ সেই সূখতকৈ অধিকগুণ উত্তম, যি সূখ কাফিৰসকলে উপভোগ কৰি আছে।

Aal-i-Imraan 3:198Listen in Qur'an →
199

وَإِنَّ مِنْ أَهْلِ ٱلْكِتَٰبِ لَمَن يُؤْمِنُ بِٱللَّهِ وَمَآ أُنزِلَ إِلَيْكُمْ وَمَآ أُنزِلَ إِلَيْهِمْ خَٰشِعِينَ لِلَّهِ لَا يَشْتَرُونَ بِـَٔايَٰتِ ٱللَّهِ ثَمَنًۭا قَلِيلًا ۗ أُو۟لَٰٓئِكَ لَهُمْ أَجْرُهُمْ عِندَ رَبِّهِمْ ۗ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ

And indeed, among the People of the Scripture are those who believe in Allah and what was revealed to you and what was revealed to them, [being] humbly submissive to Allah. They do not exchange the verses of Allah for a small price. Those will have their reward with their Lord. Indeed, Allah is swift in account.

সকলো আহলে কিতাব একে নহয়। তেওঁলোকৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তোমালোকৰ ওপৰত অৱতীৰ্ণ হিদায়ত আৰু সত্যৰ প্ৰতি ঈমান পোষণ কৰে তথা সেই সত্যৰ প্ৰতিও ঈমান পোষণ কৰে যিটো তেওঁলোকৰ পুথিত অৱতীৰ্ণ কৰা হৈছিল। তেওঁলোকে আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে। তেওঁলোকে আল্লাহৰ সন্মুখত তেওঁৰ প্ৰতিদানৰ আশাত শিৰ নত কৰি আছে আৰু আত্মসমৰ্পণ কৰিছে। তেওঁলোকে আল্লাহৰ আয়াতৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ নকৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত বৰ ডাঙৰ প্ৰতিদান আছে। নিশ্চয় আল্লাহে কৰ্মৰ অতি দ্ৰুত হিচাপ গ্ৰহণ কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিদান দিব।

Aal-i-Imraan 3:199Listen in Qur'an →
200

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱصْبِرُوا۟ وَصَابِرُوا۟ وَرَابِطُوا۟ وَٱتَّقُوا۟ ٱللَّهَ لَعَلَّكُمْ تُفْلِحُونَ

O you who have believed, persevere and endure and remain stationed and fear Allah that you may be successful.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে চৰীয়তৰ আদেশসমূহ নিয়মিতভাৱে পালন কৰা তথা পাৰ্থিৱ বিপদ-আপদত ধৈৰ্য ধাৰণ কৰা, আৰু ধৈৰ্য ধাৰণৰ ক্ষেত্ৰত কাফিৰসকলৰ মুকাবিলা কৰা, যাতে ধৈৰ্য ধাৰণত সিহঁত তোমালোকক চেৰ পেলাব নোৱাৰে। লগতে আল্লাহৰ পথত যুদ্ধৰ সময়ত অটল থাকিবা আৰু তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে তোমালোকৰ উদ্দেশ্য সফল হয় অৰ্থাৎ জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰিব পাৰা।

Aal-i-Imraan 3:200Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.