Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 181–190 of 200

181

لَّقَدْ سَمِعَ ٱللَّهُ قَوْلَ ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ فَقِيرٌۭ وَنَحْنُ أَغْنِيَآءُ ۘ سَنَكْتُبُ مَا قَالُوا۟ وَقَتْلَهُمُ ٱلْأَنۢبِيَآءَ بِغَيْرِ حَقٍّۢ وَنَقُولُ ذُوقُوا۟ عَذَابَ ٱلْحَرِيقِ

Allah has certainly heard the statement of those [Jews] who said, "Indeed, Allah is poor, while we are rich." We will record what they said and their killing of the prophets without right and will say, "Taste the punishment of the Burning Fire.

আল্লাহে ইয়াহুদীসকলৰ এই ককৰ্থন শুনিছে, সিহঁতে কৈছেঃ নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত, কিয়নো তেওঁ আমাৰ পৰা ঋণ বিচাৰে। আৰু আমি ঐশৰ্যশীল, কিয়নো আমাৰ ওচৰত ধন আছে। অৱশ্যে আমি লিখি ৰাখিম নিজ প্ৰতিপালকৰ প্ৰতি আৰোপ কৰা সিহঁতৰ এই অপবাদ, লগতে অন্যায় ভাৱে ৰাছুলসকলক হত্যা কৰা অপৰাধো লিপিবদ্ধ কৰিম। আৰু আমি সিহঁতক কমঃ অগ্নিদগ্ধ হৈ জাহান্নামৰ শাস্তি ভোগ কৰা।

Aal-i-Imraan 3:181Listen in Qur'an →
182

ذَٰلِكَ بِمَا قَدَّمَتْ أَيْدِيكُمْ وَأَنَّ ٱللَّهَ لَيْسَ بِظَلَّامٍۢ لِّلْعَبِيدِ

That is for what your hands have put forth and because Allah is not ever unjust to [His] servants."

হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে নিজ বান্দাসকলৰ মাজৰ কাৰো ওপৰত অত্যাচাৰ নকৰে।

Aal-i-Imraan 3:182Listen in Qur'an →
183

ٱلَّذِينَ قَالُوٓا۟ إِنَّ ٱللَّهَ عَهِدَ إِلَيْنَآ أَلَّا نُؤْمِنَ لِرَسُولٍ حَتَّىٰ يَأْتِيَنَا بِقُرْبَانٍۢ تَأْكُلُهُ ٱلنَّارُ ۗ قُلْ قَدْ جَآءَكُمْ رُسُلٌۭ مِّن قَبْلِى بِٱلْبَيِّنَٰتِ وَبِٱلَّذِى قُلْتُمْ فَلِمَ قَتَلْتُمُوهُمْ إِن كُنتُمْ صَٰدِقِينَ

[They are] those who said, "Indeed, Allah has taken our promise not to believe any messenger until he brings us an offering which fire [from heaven] will consume." Say, "There have already come to you messengers before me with clear proofs and [even] that of which you speak. So why did you kill them, if you should be truthful?"

ইহঁতেই মিছা আৰোপ লগাই কৈছিলঃ “আল্লাহে আমাক তেওঁৰ পুথি আৰু নবীৰ জৰিয়তে উপদেশ দিছে যে, আমি যেন কোনো ৰাছুলৰ প্ৰতি তেতিয়া লৈকে ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ কোনো অলৌকিকতা নানিব। আৰু ইয়াৰ পদ্ধতি হব এই ধৰণৰ যে, তেওঁ আল্লাহৰ নৈকট্য লাভৰ বাবে দান কৰিব, আৰু সেই দানকৃত বস্তুটোক আকাশৰ পৰা জুই আহি জ্বলাই দিব”। দৰাচলতে সিহঁতে আল্লাহৰ প্ৰতি অচিয়তৰ সম্পৰ্ক আৰু ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰাৰ বিষয়ত মিছা পন্থা অৱলম্বন কৰিছে। সেই কাৰণে আল্লাহ তাআলাই নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আদেশ দিছে যে, আপুনি সিহঁতক কওকঃ মোৰ পূৰ্বে অহা ৰাছুলসকলে তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিছিল। লগতে তেওঁলোকে আকাশৰ জুয়ে জ্বলোৱা সেই কুৰাবানীও আনিছিল যিটোৰ বিৱৰণ তোমালোকে দিছা। এতেকে যদি তোমালোক নিজৰ কথাত সত্যবাদী তেন্তে তোমালোকে তেওঁলোকক অস্বীকাৰ কিয় কৰিছিলা আৰু তেওঁলোকক হত্যা কিয় কৰিছিলা।

Aal-i-Imraan 3:183Listen in Qur'an →
184

فَإِن كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌۭ مِّن قَبْلِكَ جَآءُو بِٱلْبَيِّنَٰتِ وَٱلزُّبُرِ وَٱلْكِتَٰبِ ٱلْمُنِيرِ

Then if they deny you, [O Muhammad] - so were messengers denied before you, who brought clear proofs and written ordinances and the enlightening Scripture.

হে নবী! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰিছে তেন্তে আপুনি চিন্তিত নহব। কাফিৰসকলৰ চৰিত্ৰই এইটো। আপোনাৰ পূৰ্বেও বহুত ৰাছুলক অস্বীকাৰ কৰা হৈছে। তেওঁলোকে স্পষ্ট প্ৰমাণ, উপদেশমূলক পুথি লগতে আহকাম আৰু চৰীয়তৰ পিনে পথপ্ৰদৰ্শনকাৰী পুথি লৈ আহিছিল।

Aal-i-Imraan 3:184Listen in Qur'an →
185

كُلُّ نَفْسٍۢ ذَآئِقَةُ ٱلْمَوْتِ ۗ وَإِنَّمَا تُوَفَّوْنَ أُجُورَكُمْ يَوْمَ ٱلْقِيَٰمَةِ ۖ فَمَن زُحْزِحَ عَنِ ٱلنَّارِ وَأُدْخِلَ ٱلْجَنَّةَ فَقَدْ فَازَ ۗ وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا مَتَٰعُ ٱلْغُرُورِ

Every soul will taste death, and you will only be given your [full] compensation on the Day of Resurrection. So he who is drawn away from the Fire and admitted to Paradise has attained [his desire]. And what is the life of this world except the enjoyment of delusion.

প্ৰত্যেক প্ৰাণীয়েই, সি যিয়েই নহওঁক কিয়, মৃত্যুৰ সোৱাদ লবই লাগিব। এতেকে কোনো সৃষ্টিয়ে এই পৃথিৱীৰ মোহত পৰিব নালাগে। আৰু কিয়ামতৰ দিনা তোমালোকক নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া বিনা কোনো হ্ৰাস নকৰাকৈ। ইয়াৰ পিছত যাক আল্লাহে জাহান্নামৰ পৰা দূৰৈত ৰাখিব আৰু জান্নাতত প্ৰৱেশ কৰাব, তেন্তে জানি থোৱা, সি কল্যাণৰ যি আশা পোষণ কৰিছিল, সেয়া সি পাই গল আৰু যি অকল্যাণৰ পৰা সি ভয় কৰিছিল তাৰ পৰা সি মুক্তি পালে। পাৰ্থিৱ জীৱন হৈছে ধ্বংসশীল এটা সামগ্ৰী। ইয়াৰ লগত কেৱল ব্যৰ্থ ব্যক্তিয়েহে মনোনিবেশ কৰিব পাৰে।

Aal-i-Imraan 3:185Listen in Qur'an →
186

۞ لَتُبْلَوُنَّ فِىٓ أَمْوَٰلِكُمْ وَأَنفُسِكُمْ وَلَتَسْمَعُنَّ مِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ مِن قَبْلِكُمْ وَمِنَ ٱلَّذِينَ أَشْرَكُوٓا۟ أَذًۭى كَثِيرًۭا ۚ وَإِن تَصْبِرُوا۟ وَتَتَّقُوا۟ فَإِنَّ ذَٰلِكَ مِنْ عَزْمِ ٱلْأُمُورِ

You will surely be tested in your possessions and in yourselves. And you will surely hear from those who were given the Scripture before you and from those who associate others with Allah much abuse. But if you are patient and fear Allah - indeed, that is of the matters [worthy] of determination.

হে মুমিনসকল! তোমালোকৰ ধন-সম্পত্তিৰ বিষয়ে আৱশ্যকীয় অধিকাৰ আদায়ৰ ক্ষেত্ৰত তথা বিপদ-আপদৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰা হব। লগতে তোমালোকক আৰু পৰীক্ষা কৰা হব চৰীয়তৰ আদেশ পালন তথা বিভিন্ন প্ৰকাৰৰ মুচিবতৰ দ্বাৰা। লগতে তোমালোকে ইয়াহুদী, খ্ৰিষ্টান আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা তোমালোকৰ বিষয়ে তথা তোমালোকৰ দ্বীনৰ বিষয়ে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। এইবোৰ বিপদ-আপদ আৰু কষ্টত যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰত থাকি তেওঁক ভয় কৰা তেন্তে এইটো এটা এনেকুৱা কাম যাৰ বাবে প্ৰয়োজন হয় মজবুত সংকল্পৰ। এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰে।

Aal-i-Imraan 3:186Listen in Qur'an →
187

وَإِذْ أَخَذَ ٱللَّهُ مِيثَٰقَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ لَتُبَيِّنُنَّهُۥ لِلنَّاسِ وَلَا تَكْتُمُونَهُۥ فَنَبَذُوهُ وَرَآءَ ظُهُورِهِمْ وَٱشْتَرَوْا۟ بِهِۦ ثَمَنًۭا قَلِيلًۭا ۖ فَبِئْسَ مَا يَشْتَرُونَ

And [mention, O Muhammad], when Allah took a covenant from those who were given the Scripture, [saying], "You must make it clear to the people and not conceal it." But they threw it away behind their backs and exchanged it for a small price. And wretched is that which they purchased.

হে নবী! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আল্লাহে ইয়াহুদী আৰু খ্ৰিষ্টানসকলৰ ধৰ্মগুৰসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল যে, তোমালোকে আল্লাহৰ পুথি মানুহৰ সন্মুখত পাঠ কৰিবা, আৰু তাৰ ভিতৰত যি হিদায়ত আছে সেয়া গোপন নকৰিবা। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে বৰ্ণিত হোৱা ভৱিষ্যত বাণীকো গোপন নকৰিবা। কিন্তু সিহঁতে এই অঙ্গীকাৰ পিছফালে পেলাই দিলে আৰু সেই পিনে ঘূৰিও নেদেখিলে। এতেকে সিহঁতে সত্য গোপন কৰি অসত্য প্ৰকাশ কৰিলে। আৰু সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিময়ত একেবাৰে তুচ্ছ মূল্য গ্ৰহণ কৰিছে। যেনে- পদ আৰু ধন-সম্পত্তি আদি। এয়া কিমান যে নিকৃষ্ট মূল্য যিটো সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিমত গ্ৰহণ কৰিছে।

Aal-i-Imraan 3:187Listen in Qur'an →
188

لَا تَحْسَبَنَّ ٱلَّذِينَ يَفْرَحُونَ بِمَآ أَتَوا۟ وَّيُحِبُّونَ أَن يُحْمَدُوا۟ بِمَا لَمْ يَفْعَلُوا۟ فَلَا تَحْسَبَنَّهُم بِمَفَازَةٍۢ مِّنَ ٱلْعَذَابِ ۖ وَلَهُمْ عَذَابٌ أَلِيمٌۭ

And never think that those who rejoice in what they have perpetrated and like to be praised for what they did not do - never think them [to be] in safety from the punishment, and for them is a painful punishment.

হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতৰ প্ৰশংসা কৰক সেই সত্কৰ্ম সম্পৰ্কে যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত আৰু দুৰৈত বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব।

Aal-i-Imraan 3:188Listen in Qur'an →
189

وَلِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ

And to Allah belongs the dominion of the heavens and the earth, and Allah is over all things competent.

আকাশ আৰু পৃথিৱী তথা ইয়াৰ মাজত যি আছে, সৃষ্টি আৰু পৰিচালনাৰ ফালেৰে একমাত্ৰ আল্লাহৰেই ৰাজত্ব। নিশ্চয় আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।

Aal-i-Imraan 3:189Listen in Qur'an →
190

إِنَّ فِى خَلْقِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَٱخْتِلَٰفِ ٱلَّيْلِ وَٱلنَّهَارِ لَءَايَٰتٍۢ لِّأُو۟لِى ٱلْأَلْبَٰبِ

Indeed, in the creation of the heavens and the earth and the alternation of the night and the day are signs for those of understanding.

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো পূৰ্বৱৰ্তী উদাহৰণবিহীন সৃষ্টিত তথা দিন-ৰাতিৰ আৱৰ্তনত আৰু দিন-ৰাতিৰ দীঘল চুটি হোৱাত, সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন আছে যিসকল সুস্থ বিবেকৰ অধিকাৰী। এইবোৰ নিদৰ্শনে পৃথিৱীৰ সেই সৃষ্টিকৰ্তাৰ সংকেত দিয়ে, যিজন একমাত্ৰ ইবাদতৰ অধিকাৰী সত্ত্বা।

Aal-i-Imraan 3:190Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.