Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 161–170 of 200

161

وَمَا كَانَ لِنَبِىٍّ أَن يَغُلَّ ۚ وَمَن يَغْلُلْ يَأْتِ بِمَا غَلَّ يَوْمَ ٱلْقِيَٰمَةِ ۚ ثُمَّ تُوَفَّىٰ كُلُّ نَفْسٍۢ مَّا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ

It is not [attributable] to any prophet that he would act unfaithfully [in regard to war booty]. And whoever betrays, [taking unlawfully], will come with what he took on the Day of Resurrection. Then will every soul be [fully] compensated for what it earned, and they will not be wronged.

আল্লাহে নবীৰ বাবে যি নিৰ্ধাৰিত কৰিছে তাতকৈ অতিৰিক্ত গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰা কোনো নবীৰ বাবে সম্ভৱ নহয়। আৰু তোমালোকৰ মাজৰ যিয়ে গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰিব, তাৰ শাস্তি এই যে, সি কিয়ামতৰ দিনা অপমাণিত হব। এতেকে সি সকলোৰে সন্মুখত সেই সম্পদ বহন কৰি আনিব। তাৰ পিছত প্ৰত্যেককে নিজ নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব। কাকো তাৰ পাপ বৃদ্ধি কৰি অন্যায় কৰা নহব আৰু কাকো তাৰ নেকি হ্ৰাস কৰি অত্যাচাৰ কৰা নহ’ব।

Aal-i-Imraan 3:161Listen in Qur'an →
162

أَفَمَنِ ٱتَّبَعَ رِضْوَٰنَ ٱللَّهِ كَمَنۢ بَآءَ بِسَخَطٍۢ مِّنَ ٱللَّهِ وَمَأْوَىٰهُ جَهَنَّمُ ۚ وَبِئْسَ ٱلْمَصِيرُ

So is one who pursues the pleasure of Allah like one who brings upon himself the anger of Allah and whose refuge is Hell? And wretched is the destination.

আল্লাহৰ দৃষ্টিত সেই ব্যক্তি যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কৰ্ম কৰে, যেনে- ঈমান আৰু সত্কৰ্মৰ পথ অৱলম্বন কৰে, তেওঁ সেই ব্যক্তিৰ সমান হব নোৱাৰে, যিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু অসত্কৰ্ম কৰে লগতে আল্লাহৰ কঠিন ক্ৰোধ লৈ উভতে আৰু যাৰ ঠিকনা হৈছে জাহান্নাম। আৰু এইটো অতি নিকৃষ্ট আৱাসস্থল।

Aal-i-Imraan 3:162Listen in Qur'an →
163

هُمْ دَرَجَٰتٌ عِندَ ٱللَّهِ ۗ وَٱللَّهُ بَصِيرٌۢ بِمَا يَعْمَلُونَ

They are [varying] degrees in the sight of Allah, and Allah is Seeing of whatever they do.

সিহঁতৰ স্থান পৃথিৱীতো ভিন্ন আৰু আল্লাহৰ ওচৰত আখিৰাততো ভিন্ন। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম দেখি আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান দিব।

Aal-i-Imraan 3:163Listen in Qur'an →
164

لَقَدْ مَنَّ ٱللَّهُ عَلَى ٱلْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًۭا مِّنْ أَنفُسِهِمْ يَتْلُوا۟ عَلَيْهِمْ ءَايَٰتِهِۦ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ ٱلْكِتَٰبَ وَٱلْحِكْمَةَ وَإِن كَانُوا۟ مِن قَبْلُ لَفِى ضَلَٰلٍۢ مُّبِينٍ

Certainly did Allah confer [great] favor upon the believers when He sent among them a Messenger from themselves, reciting to them His verses and purifying them and teaching them the Book and wisdom, although they had been before in manifest error.

আল্লাহে মুমিনসকলৰ উপকাৰ কৰিছে আৰু তেওঁলোকক ডাঙৰ নিয়ামত প্ৰদান কৰিছে যে, তেওঁ তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। যিয়ে তেওঁলোকৰ সন্মুখত কোৰআন তিলাৱত কৰে আৰু তেওঁলোকক শ্বিৰ্ক আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰে। তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰে। অথচ তেওঁলোক এই ৰাছুল প্ৰেৰিত হোৱাৰ পূৰ্বে হিদায়তৰ পৰা বহু আঁতৰত আৰু স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছিল।

Aal-i-Imraan 3:164Listen in Qur'an →
165

أَوَلَمَّآ أَصَٰبَتْكُم مُّصِيبَةٌۭ قَدْ أَصَبْتُم مِّثْلَيْهَا قُلْتُمْ أَنَّىٰ هَٰذَا ۖ قُلْ هُوَ مِنْ عِندِ أَنفُسِكُمْ ۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ

Why [is it that] when a [single] disaster struck you [on the day of Uhud], although you had struck [the enemy in the battle of Badr] with one twice as great, you said, "From where is this?" Say, "It is from yourselves." Indeed, Allah is over all things competent.

(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজ শত্ৰুসকলক দ্বিগুণ অধিক হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰত ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু যাক ইচ্ছা কৰে অপমাণ কৰে।

Aal-i-Imraan 3:165Listen in Qur'an →
166

وَمَآ أَصَٰبَكُمْ يَوْمَ ٱلْتَقَى ٱلْجَمْعَانِ فَبِإِذْنِ ٱللَّهِ وَلِيَعْلَمَ ٱلْمُؤْمِنِينَ

And what struck you on the day the two armies met was by permission of Allah that He might make evident the [true] believers.

আৰু উহুদৰ দিনা, যেতিয়া তোমালোকৰ দল আৰু মুশ্বৰিকসকলৰ দল মুখামুখী হৈছিল। সেইদিনা তোমালোকে যি পৰাজয় বৰণ কৰিছিলা আৰু যি আঘাত প্ৰাপ্ত হৈছিলা আৰু শ্বাহাদত বৰণ কৰিছিলা, সেই সকলো আল্লাহৰ অনুমতি আৰু তেওঁৰ ফয়চালা অনুসাৰে আছিল। ইয়াৰ মাজত এটা ডাঙৰ হিকমত এই আছিল যে, ইয়াৰ ফলত সত্যবাদী মুমিনসকল স্পষ্টৰূপে প্ৰকট হৈছিল।

Aal-i-Imraan 3:166Listen in Qur'an →
167

وَلِيَعْلَمَ ٱلَّذِينَ نَافَقُوا۟ ۚ وَقِيلَ لَهُمْ تَعَالَوْا۟ قَٰتِلُوا۟ فِى سَبِيلِ ٱللَّهِ أَوِ ٱدْفَعُوا۟ ۖ قَالُوا۟ لَوْ نَعْلَمُ قِتَالًۭا لَّٱتَّبَعْنَٰكُمْ ۗ هُمْ لِلْكُفْرِ يَوْمَئِذٍ أَقْرَبُ مِنْهُمْ لِلْإِيمَٰنِ ۚ يَقُولُونَ بِأَفْوَٰهِهِم مَّا لَيْسَ فِى قُلُوبِهِمْ ۗ وَٱللَّهُ أَعْلَمُ بِمَا يَكْتُمُونَ

And that He might make evident those who are hypocrites. For it was said to them, "Come, fight in the way of Allah or [at least] defend." They said, "If we had known [there would be] fighting, we would have followed you." They were nearer to disbelief that day than to faith, saying with their mouths what was not in their hearts. And Allah is most Knowing of what they conceal -

যাতে মুনাফিকসকল চিহ্নিত হয়, যেতিয়া সিহঁতক কোৱা হৈছিল, আল্লাহৰ পথত যুদ্ধ কৰা অথবা মুছলিমসকলৰ সংখ্যাবল বৃদ্ধি কৰি আত্মৰক্ষা কৰা। তেতিয়া সিহঁতে উত্তৰ দিছিলঃ “যদি আমি জানিলোহেঁতেন যে, যুদ্ধ হ'ব তেন্তে আমি নিশ্চয় তোমালোকৰ লগত থাকিলোহেঁতেন, কিন্তু আমি দেখিলোঁ যে, তোমালোকৰ আৰু সিহঁতৰ মাজত যুদ্ধ হোৱাৰ কোনো সম্ভৱনা নাই”। সিহঁত সেই সময়ত ঈমানৰ তুলনাত কুফৰৰ বেছি নিকটৱৰ্তী আছিল। সিহঁতে নিজ মুখেৰে এনেকুৱা কথা কৈছিল, যিটো সিহঁতৰ অন্তৰত নাছিল। নিশ্চয় আল্লাহে অন্তৰৰ গোপন কথাবোৰ জানে, আৰু অনতিপলমে তেওঁ সিহঁতক ইয়াৰ শাস্তিও প্ৰদান কৰিব।

Aal-i-Imraan 3:167Listen in Qur'an →
168

ٱلَّذِينَ قَالُوا۟ لِإِخْوَٰنِهِمْ وَقَعَدُوا۟ لَوْ أَطَاعُونَا مَا قُتِلُوا۟ ۗ قُلْ فَٱدْرَءُوا۟ عَنْ أَنفُسِكُمُ ٱلْمَوْتَ إِن كُنتُمْ صَٰدِقِينَ

Those who said about their brothers while sitting [at home], "If they had obeyed us, they would not have been killed." Say, "Then prevent death from yourselves, if you should be truthful."

ইহঁত সেইসকল লোক, যিসকলে যুদ্ধৰ পৰা নিজেই পিছুৱাই আছিল কিন্তু নিজৰ সেইসকল আত্মীয় সম্পৰ্কে যিসকলে উহুদত শ্বহীদ হৈছে মন্তব্য কৰি কয়ঃ “যদি ইহঁতে আমাৰ কথা মানিলেহেঁতেন আৰু যুদ্ধত অংশ গ্ৰহণ নকৰিলেহেঁতেন তেন্তে মৃত্যবৰণ নকৰিলেহেঁতেন”। হে নবী আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওঁক! যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, ইহঁত যদি তোমালোকৰ লগত থাকিলেহেঁতেন তেন্তে মৃত্যুবৰণ নকৰিলেহেঁতেন, তেন্তে তোমালোকে নিজৰ মৃত্যু প্ৰতিৰোধ কৰি দেখুৱাচোন। আৰু প্ৰমাণ কৰি দেখুৱা যে, আল্লাহৰ পথত যুদ্ধ নকৰি ঘৰত বহি থকাটোৱে মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ কাৰণ।

Aal-i-Imraan 3:168Listen in Qur'an →
169

وَلَا تَحْسَبَنَّ ٱلَّذِينَ قُتِلُوا۟ فِى سَبِيلِ ٱللَّهِ أَمْوَٰتًۢا ۚ بَلْ أَحْيَآءٌ عِندَ رَبِّهِمْ يُرْزَقُونَ

And never think of those who have been killed in the cause of Allah as dead. Rather, they are alive with their Lord, receiving provision,

হে নবী! আপুনি এইটো নাভাবিব যে, আল্লাহৰ পথত যিসকলে শ্বহীদ হৈছে তেওঁলোক মৃত্যুবৰণ কৰিছে, বৰং তেওঁলোক জীৱিত। সন্মানিত ঘৰত আল্লাহৰ ওচৰত তেওঁলোক বিশেষ জীৱন প্ৰাপ্ত। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ এনেকুৱা জীৱিকা পায়, যি বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

Aal-i-Imraan 3:169Listen in Qur'an →
170

فَرِحِينَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضْلِهِۦ وَيَسْتَبْشِرُونَ بِٱلَّذِينَ لَمْ يَلْحَقُوا۟ بِهِم مِّنْ خَلْفِهِمْ أَلَّا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

Rejoicing in what Allah has bestowed upon them of His bounty, and they receive good tidings about those [to be martyred] after them who have not yet joined them - that there will be no fear concerning them, nor will they grieve.

তেওঁলোকৰ ওপৰত সূখৰ ছাঁ আৰু আনন্দৰ পৰিবেষ্টন আছে। কিয়নো আল্লাহে তেওঁলোকক অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁলোকে এই আশা আৰু প্ৰতীক্ষা আছে যে, তেওঁলোকৰ আন আন ভাতৃসকল, যিসকল পৃথিৱীত আছে তেওঁলোকৰ লগত মিলিত হব। এইসকল লোকেও যদি তেওঁলোকৰ দৰে আল্লাহৰ পথত শ্বহীদ হয় তেন্তে এওঁলোকেও তেওঁলোকৰ দৰেই আল্লাহৰ অনুগ্ৰহপ্ৰাপ্ত হব। আখিৰাতৰ বিষয় সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীৰ প্ৰতিও কোনো চিন্তা নাথাকিব।

Aal-i-Imraan 3:170Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.