Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 131–140 of 200

131

وَٱتَّقُوا۟ ٱلنَّارَ ٱلَّتِىٓ أُعِدَّتْ لِلْكَٰفِرِينَ

And fear the Fire, which has been prepared for the disbelievers.

আৰু তোমালোকে নিজকে সেই অগ্নিৰ পৰা ৰক্ষা কৰাৰ পথ অৱলম্বন কৰা যিটো আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰিছে। আৰু এয়া নেক আমলৰ জৰিয়তে আৰু হাৰাম বস্তু পৰিত্যাগ কৰাৰ জৰিয়তেহে সম্ভৱ।

Aal-i-Imraan 3:131Listen in Qur'an →
132

وَأَطِيعُوا۟ ٱللَّهَ وَٱلرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ

And obey Allah and the Messenger that you may obtain mercy.

তোমালোকে আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুসমূহ পৰিত্যাগ কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যাতে তোমালোকে পৃথিৱী আৰু আখিৰাতত দয়া লাভ কৰিব পাৰা।

Aal-i-Imraan 3:132Listen in Qur'an →
133

۞ وَسَارِعُوٓا۟ إِلَىٰ مَغْفِرَةٍۢ مِّن رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا ٱلسَّمَٰوَٰتُ وَٱلْأَرْضُ أُعِدَّتْ لِلْمُتَّقِينَ

And hasten to forgiveness from your Lord and a garden as wide as the heavens and earth, prepared for the righteous

সত্কৰ্ম কৰিবলৈ আৰু বিভিন্ন প্ৰকাৰৰ পূণ্যৰ কামৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰিবলৈ খৰধৰ কৰা, যাতে তোমালোকে আল্লাহৰ মহান ক্ষমা প্ৰাপ্ত হোৱা আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰিব পাৰা যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান। সেইটো আল্লাহৰ মুত্তাক্বী বান্দাসকলৰ বাবে তৈয়াৰ কৰা হৈছে।

Aal-i-Imraan 3:133Listen in Qur'an →
134

ٱلَّذِينَ يُنفِقُونَ فِى ٱلسَّرَّآءِ وَٱلضَّرَّآءِ وَٱلْكَٰظِمِينَ ٱلْغَيْظَ وَٱلْعَافِينَ عَنِ ٱلنَّاسِ ۗ وَٱللَّهُ يُحِبُّ ٱلْمُحْسِنِينَ

Who spend [in the cause of Allah] during ease and hardship and who restrain anger and who pardon the people - and Allah loves the doers of good;

মুত্তাক্বী হৈছে সেই সকল লোক যিসকলে সুবিধা আৰু অসুবিধা সকলো পৰিস্থিতিতেই নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তথা প্ৰতিশোধ লোৱাৰ সামৰ্থ থকা সত্বেও তেওঁলোকে প্ৰতিশোধ নলয়, আৰু অন্যায়কাৰী সকলক ক্ষমা কৰি দিয়ে। আল্লাহে এনেকুৱা চৰিত্ৰৰ নেক লোকসকলক পছন্দ কৰে।

Aal-i-Imraan 3:134Listen in Qur'an →
135

وَٱلَّذِينَ إِذَا فَعَلُوا۟ فَٰحِشَةً أَوْ ظَلَمُوٓا۟ أَنفُسَهُمْ ذَكَرُوا۟ ٱللَّهَ فَٱسْتَغْفَرُوا۟ لِذُنُوبِهِمْ وَمَن يَغْفِرُ ٱلذُّنُوبَ إِلَّا ٱللَّهُ وَلَمْ يُصِرُّوا۟ عَلَىٰ مَا فَعَلُوا۟ وَهُمْ يَعْلَمُونَ

And those who, when they commit an immorality or wrong themselves [by transgression], remember Allah and seek forgiveness for their sins - and who can forgive sins except Allah? - and [who] do not persist in what they have done while they know.

এইসকল লোকেই যেতিয়া কোনো ডাঙৰ গুনাহ কৰি পেলায় অথবা কোনো সৰু গুনাহ কৰি নিজৰ ছোৱাব হ্ৰাস কৰে, তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে তথা মুত্তাক্বীসকলৰ বাবে দিয়া আল্লাহৰ প্ৰতিশ্ৰুতি আৰু পাপিষ্ঠসকলৰ বাবে দিয়া আল্লাহৰ সতৰ্কবাণী স্মৰণ কৰে। লগতে তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত লজ্জিত হৈ গুনাহসমূহ গোপন কৰাৰ আৰু শাস্তি নিদিবলৈ প্ৰাৰ্থনা কৰে। কিয়নো আল্লাহৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা নকৰে। আৰু তেওঁলোকে গুনাহ কৰাৰ পিছত গুনাহৰ ওপৰত অটল নাথাকে। নিশ্চয় আল্লাহে সকলো গুনাহ ক্ষমা কৰে।

Aal-i-Imraan 3:135Listen in Qur'an →
136

أُو۟لَٰٓئِكَ جَزَآؤُهُم مَّغْفِرَةٌۭ مِّن رَّبِّهِمْ وَجَنَّٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ۚ وَنِعْمَ أَجْرُ ٱلْعَٰمِلِينَ

Those - their reward is forgiveness from their Lord and gardens beneath which rivers flow [in Paradise], wherein they will abide eternally; and excellent is the reward of the [righteous] workers.

এইবোৰ ভাল বৈশিষ্ট্য আৰু উত্তম অভ্যাসৰ অধিকাৰী ব্যক্তিসকলৰ প্ৰতিদান এই যে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ গোপন কৰিব আৰু তেওঁলোকক ক্ষমা কৰি দিব। তেওঁলোকৰ বাবে আখিৰাতত থাকিব এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলেদি নিজৰা প্ৰবাহিত হব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। আল্লাহৰ আনুগত্যকাৰী সকলৰ বাবে এইটো কিমান যে উত্তম প্ৰতিদান।

Aal-i-Imraan 3:136Listen in Qur'an →
137

قَدْ خَلَتْ مِن قَبْلِكُمْ سُنَنٌۭ فَسِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُكَذِّبِينَ

Similar situations [as yours] have passed on before you, so proceed throughout the earth and observe how was the end of those who denied.

উহুদৰ দিনা মুমিনসকলক বিপদত পেলাই পৰীক্ষা কৰা হৈছিল। সেয়ে আল্লাহে তেওঁলোকক সান্ত্বনা প্ৰদান কৰি কৈছেঃ তোমালোকৰ পূৰ্বেও কাফিৰসকলক বিনাশ কৰিবলৈ তথা মুমিনসকলক পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ পৰিণাম মঙ্গলময় কৰাৰ কেইবাটাও ঐশী উদাহৰণ পূৰ্বেই অতিবাহিত হৈছে। এতেকে তোমালোকে পৃথিৱীত বিচৰণ কৰা আৰু পাঠ গ্ৰহণ কৰা উদ্দেশ্যে চোৱা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তিসকলৰ পৰিণাম কি হৈছিল। সিহঁতৰ ঘৰ দুৱাৰ জনশূন্য হৈছিল আৰু সিহঁতৰ সাম্ৰাজ্য সমাপ্ত হৈছিল।

Aal-i-Imraan 3:137Listen in Qur'an →
138

هَٰذَا بَيَانٌۭ لِّلنَّاسِ وَهُدًۭى وَمَوْعِظَةٌۭ لِّلْمُتَّقِينَ

This [Qur'an] is a clear statement to [all] the people and a guidance and instruction for those conscious of Allah.

এই কোৰআনে সত্য বৰ্ণনা কৰে তথা গোটেই মানৱ জাতিক অসত্যৰ পৰা সতৰ্ক কৰে। লগতে ই হিদায়তৰ পথপ্ৰদৰ্শক তথা মুত্তাক্বীসকলৰ বাবে সতৰ্কবাণী। কাৰণ এওঁলোকেই ইয়াৰ পথপ্ৰদৰ্শন আৰু হিদায়তৰ পৰা উপকৃত হয়।

Aal-i-Imraan 3:138Listen in Qur'an →
139

وَلَا تَهِنُوا۟ وَلَا تَحْزَنُوا۟ وَأَنتُمُ ٱلْأَعْلَوْنَ إِن كُنتُم مُّؤْمِنِينَ

So do not weaken and do not grieve, and you will be superior if you are [true] believers.

হে মুমিনসকল! তোমালোকে দুৰ্বল নহবা আৰু উহুদৰ ময়দানত পোৱা কষ্টৰ প্ৰতি দুখ নকৰিবা। এয়া তোমালোকৰ বাবে উচিতো নহয়। তোমালোকেই সৰ্বোচ্চ কিয়নো তোমালোক মুমিন। আল্লাহৰ সহায় আৰু তেওঁৰ সহযোগিতা কামনা কৰাৰ কাৰণে তোমালোকেই সৰ্বোচ্চ। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ মুত্তাক্বী বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতিক বিশ্বাস কৰা।

Aal-i-Imraan 3:139Listen in Qur'an →
140

إِن يَمْسَسْكُمْ قَرْحٌۭ فَقَدْ مَسَّ ٱلْقَوْمَ قَرْحٌۭ مِّثْلُهُۥ ۚ وَتِلْكَ ٱلْأَيَّامُ نُدَاوِلُهَا بَيْنَ ٱلنَّاسِ وَلِيَعْلَمَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَيَتَّخِذَ مِنكُمْ شُهَدَآءَ ۗ وَٱللَّهُ لَا يُحِبُّ ٱلظَّٰلِمِينَ

If a wound should touch you - there has already touched the [opposing] people a wound similar to it. And these days [of varying conditions] We alternate among the people so that Allah may make evident those who believe and [may] take to Himself from among you martyrs - and Allah does not like the wrongdoers -

হে মুমিনসকল! যদি তোমালোকে আঘাত প্ৰাপ্ত হৈছা আৰু তোমালোকৰ মাজৰ কিছুমানে শ্বাহাদত বৰণ কৰিছে তেন্তে সেইদৰে কাফিৰসকলেও আঘাত প্ৰাপ্ত হৈছে আৰু সিহঁতৰো কিছুমান নিহত হৈছে। আল্লাহে দিনবোৰক মুমিন আৰু কাফিৰসকলৰ মাজত যিদৰে ইচ্ছা কৰে বিজয় আৰু পৰাজয়ত পৰিবৰ্তন কৰি থাকে। ইয়াৰ অন্তৰালত আছে কেইবাটাও হিকমত, তাৰে এটা হৈছে, মুমিনসকলে যাতে মুনাফিকসকলৰ বাস্তৱতা গম পায়। আন এটা হিকমত এই যে, আল্লাহে যাক ইচ্ছা কৰে তেওঁৰ পথত শ্বাহাদত নচীব কৰে। আল্লাহৰ পথৰ জিহাদ পৰিত্যাগ কৰি নিজৰ ওপৰত অন্যায় কৰা ব্যক্তিক আল্লাহে কেতিয়াও পছন্দ নকৰে।

Aal-i-Imraan 3:140Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.