Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 101–110 of 200

101

وَكَيْفَ تَكْفُرُونَ وَأَنتُمْ تُتْلَىٰ عَلَيْكُمْ ءَايَٰتُ ٱللَّهِ وَفِيكُمْ رَسُولُهُۥ ۗ وَمَن يَعْتَصِم بِٱللَّهِ فَقَدْ هُدِىَ إِلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ

And how could you disbelieve while to you are being recited the verses of Allah and among you is His Messenger? And whoever holds firmly to Allah has [indeed] been guided to a straight path.

তোমালোকে ঈমান আনাৰ পিছত আকৌ কেনেকৈ কুফুৰী কৰিবা, অথচ তোমালোকৰ ওচৰত আছে ঈমানৰ ওপৰত অটল থাকিবলৈ আটাইতকৈ ডাঙৰ উপায়। আল্লাহৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছে আৰু স্বয়ং আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক সেইবোৰ বিশ্লেষণ কৰিছে। এতেকে যিয়ে আল্লাহৰ পুথি আৰু তেওঁৰ ৰাছুলৰ ছুন্নত দৃঢ়ভাৱে খামুচি ধৰিছে তেন্তে নিশ্চিতভাৱে আল্লাহে তাক সেই পোন পথৰ তাওফীক দান কৰিছে যি পথত কোনো বক্ৰতা নাই।

Aal-i-Imraan 3:101Listen in Qur'an →
102

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ حَقَّ تُقَاتِهِۦ وَلَا تَمُوتُنَّ إِلَّا وَأَنتُم مُّسْلِمُونَ

O you who have believed, fear Allah as He should be feared and do not die except as Muslims [in submission to Him].

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজ প্ৰতিপালকক তেনেকৈ ভয় কৰা, যিদৰে তেওঁক ভয় কৰা উচিত। ইয়াৰ বাবে তোমালোকে তেওঁৰ আদেশসমূহ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকাৰ লগতে, তেওঁৰ অনুগ্ৰহমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। আৰু দ্বীন ইছলামক মৃত্যু নহা লৈকে মজবুত ভাৱে খামুচি ধৰা।

Aal-i-Imraan 3:102Listen in Qur'an →
103

وَٱعْتَصِمُوا۟ بِحَبْلِ ٱللَّهِ جَمِيعًۭا وَلَا تَفَرَّقُوا۟ ۚ وَٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ إِذْ كُنتُمْ أَعْدَآءًۭ فَأَلَّفَ بَيْنَ قُلُوبِكُمْ فَأَصْبَحْتُم بِنِعْمَتِهِۦٓ إِخْوَٰنًۭا وَكُنتُمْ عَلَىٰ شَفَا حُفْرَةٍۢ مِّنَ ٱلنَّارِ فَأَنقَذَكُم مِّنْهَا ۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمْ ءَايَٰتِهِۦ لَعَلَّكُمْ تَهْتَدُونَ

And hold firmly to the rope of Allah all together and do not become divided. And remember the favor of Allah upon you - when you were enemies and He brought your hearts together and you became, by His favor, brothers. And you were on the edge of a pit of the Fire, and He saved you from it. Thus does Allah make clear to you His verses that you may be guided.

হে মুমিনসকল! কিতাপ আৰু ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰা আৰু এনেকুৱা কোনো কাম নকৰিবা যাৰ মতভেদ সৃষ্টি হয়। আৰু তোমালোকৰ ওপৰত আল্লাহৰ সেই পুৰষ্কাৰসমূহ স্মৰণ কৰা, ইছলাম পূৰ্বে যেতিয়া তোমালোক ইজনে সিজনৰ শত্ৰু আছিলা, সৰু সৰু কথাত পৰস্পৰে যুদ্ধ কৰিছিলা। পিছত তেওঁ ইছলামৰ জৰিয়তে তোমালোকৰ অন্তৰত প্ৰীতি স্থাপন কৰিলে। ফলত তোমালোকে তেওঁৰ কৃপাত পৰস্পৰৰ প্ৰতি দয়ালু আৰু শুভাকাংক্ষী হৈ ধাৰ্মিক ভাই হৈ গলা। অথচ ইতিপূৰ্বে তোমালোকে কুফুৰীৰ কাৰণে জাহান্নামৰ দুৱাৰডলিত আছিলা। এতেকে আল্লাহে তোমালোকক ইছলামৰ দ্বাৰা তাৰ পৰা ৰক্ষা কৰিলে আৰু ঈমানৰ পথ দেখুৱালে। যিদৰে আল্লাহে তোমালোকৰ বাবে এইটো বৰ্ণনা কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ বাবে সেই সকলো কথা বৰ্ণনা কৰে যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। যাতে তোমালোক সত্পথৰ পথিক হোৱা আৰু ঈমানৰ পথত পৰিচালিত হোৱা।

Aal-i-Imraan 3:103Listen in Qur'an →
104

وَلْتَكُن مِّنكُمْ أُمَّةٌۭ يَدْعُونَ إِلَى ٱلْخَيْرِ وَيَأْمُرُونَ بِٱلْمَعْرُوفِ وَيَنْهَوْنَ عَنِ ٱلْمُنكَرِ ۚ وَأُو۟لَٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

And let there be [arising] from you a nation inviting to [all that is] good, enjoining what is right and forbidding what is wrong, and those will be the successful.

হে মুমিনসকল! তোমালোকৰ এনেকুৱা এটা দল হোৱা উচিত, যিসকলে প্ৰত্যেক সেই কল্যাণৰ পিনে মানুহক আহ্বান কৰিব যিটো আল্লাহে পছন্দ কৰে, আৰু সেই সত্কৰ্মৰ আদেশ দিব যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত আৰু যাক মানৱীয় বিবেকে সঠিক বুলি ভাৱে। তথা সেই অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিব যিটোৰ পৰা চৰীয়তে বিৰত ৰাখিছে, আৰু মানৱীয় বিবেকেও যিটোক বেয়া বুলি ভাৱে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিয়েই পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।

Aal-i-Imraan 3:104Listen in Qur'an →
105

وَلَا تَكُونُوا۟ كَٱلَّذِينَ تَفَرَّقُوا۟ وَٱخْتَلَفُوا۟ مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْبَيِّنَٰتُ ۚ وَأُو۟لَٰٓئِكَ لَهُمْ عَذَابٌ عَظِيمٌۭ

And do not be like the ones who became divided and differed after the clear proofs had come to them. And those will have a great punishment.

হে মুমিনসকল! তোমালোকে সেই কিতাপধাৰীসকলৰ দৰে হৈ নাযাবা, যিসকলে বিভিন্ন দলত বিভক্ত হৈছিল। সিহঁতে আল্লাহৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণাদি অহাৰ পিছতো মতভেদ সৃষ্টি কৰিছে। এইসকল লোকৰ বাবেই আল্লাহৰ তৰফৰ পৰা আছে কষ্টদায়ক শাস্তি।

Aal-i-Imraan 3:105Listen in Qur'an →
106

يَوْمَ تَبْيَضُّ وُجُوهٌۭ وَتَسْوَدُّ وُجُوهٌۭ ۚ فَأَمَّا ٱلَّذِينَ ٱسْوَدَّتْ وُجُوهُهُمْ أَكَفَرْتُم بَعْدَ إِيمَٰنِكُمْ فَذُوقُوا۟ ٱلْعَذَابَ بِمَا كُنتُمْ تَكْفُرُونَ

On the Day [some] faces will turn white and [some] faces will turn black. As for those whose faces turn black, [to them it will be said], "Did you disbelieve after your belief? Then taste the punishment for what you used to reject."

সিহঁতক এই প্ৰচণ্ড শাস্তি ক্বিয়ামতৰ দিনা বিহা হ’ব, যেতিয়া মুমিনসকলৰ মুখমণ্ডল আনন্দ আৰু সন্তুষ্টিৰে উজ্জ্বলিত হ’ব। আনহাতে কাফিৰসকলৰ মুখমণ্ডল দুখ আৰু শোকত কলা হৈ পৰিব। সিহঁতক ধমক দি কোৱা হ’বঃ তোমালোকে আল্লাহৰ তাওহীদক কিয় অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ সেই অঙ্গীকাৰ কিয় অস্বীকাৰ কৰিছিলা যিটোত কোৱা হৈছে, অঙ্গীকাৰ সত্য বুলি স্বীকাৰ কৰাৰ পিছত তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা?! এতেকে তোমালোকে এতিয়া সেই শাস্তি উপভোগ কৰা যিটো আল্লাহে তোমালোকৰ কুফুৰীৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছে।

Aal-i-Imraan 3:106Listen in Qur'an →
107

وَأَمَّا ٱلَّذِينَ ٱبْيَضَّتْ وُجُوهُهُمْ فَفِى رَحْمَةِ ٱللَّهِ هُمْ فِيهَا خَٰلِدُونَ

But as for those whose faces will turn white, [they will be] within the mercy of Allah. They will abide therein eternally.

আৰু যিসকলৰ মুখমণ্ডল উজ্জ্বল হ’ব, তেওঁলোকৰ ঠিকনা হ’ব নিয়ামত ভৰা জান্নাত। তেওঁলোক তাত চিৰকাল থাকিব। তেওঁলোক এনেকুৱা নিয়ামতৰ মাজত থাকিব যিবোৰ কেতিয়াও ধ্বংস নহ’ব আৰু কেতিয়াও পৰিবৰ্তন নহ’ব।

Aal-i-Imraan 3:107Listen in Qur'an →
108

تِلْكَ ءَايَٰتُ ٱللَّهِ نَتْلُوهَا عَلَيْكَ بِٱلْحَقِّ ۗ وَمَا ٱللَّهُ يُرِيدُ ظُلْمًۭا لِّلْعَٰلَمِينَ

These are the verses of Allah. We recite them to you, [O Muhammad], in truth; and Allah wants no injustice to the worlds.

হে নবী! আমি আপোনাক আল্লাহৰ প্ৰতিশ্ৰুতি তথা সতৰ্কবাণীৰে ভৰা সত্য আৰু ন্যায়ৰ ওপৰত আধাৰিত আয়াতসমূহ পাঠ কৰি শুনাও। আল্লাহে বিশ্বজগতৰ কাৰো প্ৰতি অন্যায় কৰিব নিবিচাৰে, বৰং যাক শাস্তি বিহা হয়, তাক তাৰ অসত্কৰ্মৰ অনুপাতেই শাস্তি প্ৰদান কৰা হয়।

Aal-i-Imraan 3:108Listen in Qur'an →
109

وَلِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ

To Allah belongs whatever is in the heavens and whatever is on the earth. And to Allah will [all] matters be returned.

আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ সৃষ্টি আৰু পৰিচালনাৰ দায়িত্ব আল্লাহৰ ৰাজত্বত। আৰু সকলো সৃষ্টিৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব, পিছত তেওঁ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিব, যিটোৰ সিহঁত হকদাৰ (অধিকাৰী)।

Aal-i-Imraan 3:109Listen in Qur'an →
110

كُنتُمْ خَيْرَ أُمَّةٍ أُخْرِجَتْ لِلنَّاسِ تَأْمُرُونَ بِٱلْمَعْرُوفِ وَتَنْهَوْنَ عَنِ ٱلْمُنكَرِ وَتُؤْمِنُونَ بِٱللَّهِ ۗ وَلَوْ ءَامَنَ أَهْلُ ٱلْكِتَٰبِ لَكَانَ خَيْرًۭا لَّهُم ۚ مِّنْهُمُ ٱلْمُؤْمِنُونَ وَأَكْثَرُهُمُ ٱلْفَٰسِقُونَ

You are the best nation produced [as an example] for mankind. You enjoin what is right and forbid what is wrong and believe in Allah. If only the People of the Scripture had believed, it would have been better for them. Among them are believers, but most of them are defiantly disobedient.

হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতীসকল! তোমালোকে নিজৰ ঈমান আৰু কৰ্মৰ ফালৰ পৰা আটাইতকৈ শ্ৰেষ্ঠ উম্মত, যিসকলক মানৱ জাতিৰ বাবে সৃষ্টি কৰা হৈছে। তোমালোক মানৱ জাতিৰ বাবে শুভাকাংক্ষী। তোমালোকে সেই সত্কৰ্মৰ আদেশ দিয়া যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত তথা বিবেকেও তাক সঠিক বুলি ভাৱে। আৰু সেই অসত্কৰ্মৰ পৰা তোমালোকে নিষেধ কৰা যিটোৰ পৰা চৰীয়তে নিষেধ কৰিছে আৰু এনেকুৱা কৰ্মক বিবেকেও অসত্কৰ্ম বুলি ভাৱে। আৰু তোমালোকে আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰা যিটো তোমালোকৰ কৰ্মৰ দ্বাৰা প্ৰমাণিত। কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকলে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ হলেহেঁতেন। কিতাবধাৰীসকলৰ খুউব কম সংখ্যক লোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা পুথিৰ প্ৰতি ঈমান পোষণ কৰে। আনহাতে সিহঁতৰ অধিকাংশ লোকে আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়তৰ পৰা বহিষ্কৃত।

Aal-i-Imraan 3:110Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.