Muslim99Muslim99
← Tafsir library

3. Aal-i-Imraan

The Family of Imraan · Medinan · 200 ayahs

سُورَةُ آلِ عِمۡرَانَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 91–100 of 200

91

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَمَاتُوا۟ وَهُمْ كُفَّارٌۭ فَلَن يُقْبَلَ مِنْ أَحَدِهِم مِّلْءُ ٱلْأَرْضِ ذَهَبًۭا وَلَوِ ٱفْتَدَىٰ بِهِۦٓ ۗ أُو۟لَٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌۭ وَمَا لَهُم مِّن نَّٰصِرِينَ

Indeed, those who disbelieve and die while they are disbelievers - never would the [whole] capacity of the earth in gold be accepted from one of them if he would [seek to] ransom himself with it. For those there will be a painful punishment, and they will have no helpers.

যিসকলে কুফুৰী কৰিছে আৰু সেই কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, যদি সিহঁতে জাহান্নামৰ পৰা মুক্তিৰ বাবে পৃথিৱীৰ সমান সোণ সংগ্ৰহ কৰি প্ৰদান কৰে তথাপিও সেয়া গ্ৰহণ নকৰা নহ'ব। আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি লগতে কিয়ামতৰ দিনা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নহ'ব।

Aal-i-Imraan 3:91Listen in Qur'an →
92

لَن تَنَالُوا۟ ٱلْبِرَّ حَتَّىٰ تُنفِقُوا۟ مِمَّا تُحِبُّونَ ۚ وَمَا تُنفِقُوا۟ مِن شَىْءٍۢ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٌۭ

Never will you attain the good [reward] until you spend [in the way of Allah] from that which you love. And whatever you spend - indeed, Allah is Knowing of it.

হে মুমিনসকল! তোমালোকে পূণ্যৱান লোকসকলৰ ছোৱাব আৰু তেওঁলোকৰ স্থান প্ৰাপ্ত হব নোৱাৰা, যেতিয়ালৈকে তোমালোকে নিজৰ সেই ধন আল্লাহৰ পথত ব্যয় নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰিয়। আৰু তোমালোকে যি দান কৰিবা সেয়া কম হওঁক অথবা বেছি, নিশ্চয় আল্লাহে তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিদান দিব।

Aal-i-Imraan 3:92Listen in Qur'an →
93

۞ كُلُّ ٱلطَّعَامِ كَانَ حِلًّۭا لِّبَنِىٓ إِسْرَٰٓءِيلَ إِلَّا مَا حَرَّمَ إِسْرَٰٓءِيلُ عَلَىٰ نَفْسِهِۦ مِن قَبْلِ أَن تُنَزَّلَ ٱلتَّوْرَىٰةُ ۗ قُلْ فَأْتُوا۟ بِٱلتَّوْرَىٰةِ فَٱتْلُوهَآ إِن كُنتُمْ صَٰدِقِينَ

All food was lawful to the Children of Israel except what Israel had made unlawful to himself before the Torah was revealed. Say, [O Muhammad], "So bring the Torah and recite it, if you should be truthful."

সকলো ধৰণৰ পৱিত্ৰ খাদ্য বনী ইছৰাঈলৰ বাবে হালাল আছিল। ইয়াৰ মাজৰ একোৱে সিহঁতৰ বাবে হাৰাম নাছিল, কেৱল সেইটোৰ বাহিৰে যিটো ইয়াকূবে তাওৰাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিজেই নিজৰ ওপৰত হাৰাম কৰি লৈছিল। বিষয়টো তেনেকুৱা নহয় যিদৰে ইয়াহূদীসকলে ধাৰণা কৰে যে, এইবোৰ বস্তু তাওৰাতত হাৰাম কৰা হৈছিল। হে নবী! আপুনি কওঁক, তোমালোকে তাওৰাত আনা গৈ আৰু পাঠ কৰি শুনোৱা, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী। ফলত সিহঁত উত্তৰহীন হৈ পৰিল আৰু তাওৰাত নানিলে। এইটো এটা উদাহৰণ যিটোৱে প্ৰমাণ কৰে যে, ইয়াহুদীসকলে তাওৰাতত মিছা আৰোপ কৰিছিল লগতে ইয়াৰ বিষয় বস্তু বিকৃত কৰিছিল।

Aal-i-Imraan 3:93Listen in Qur'an →
94

فَمَنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ ٱلْكَذِبَ مِنۢ بَعْدِ ذَٰلِكَ فَأُو۟لَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ

And whoever invents about Allah untruth after that - then those are [truly] the wrongdoers.

এতেকে এই কথা স্পষ্ট হোৱাৰ পিছত যে ইয়াকূব আলাইহিছ ছালামে যি যি নিজৰ ওপৰত হাৰাম কৰি লৈছিল, সেয়া তেওঁ ব্যক্তিগত ভাৱে নিজৰ ওপৰত হাৰাম কৰি লৈছিল, আল্লাহে হাৰাম কৰা নাছিল। যিসকলে স্পষ্ট প্ৰমাণ অহাৰ পিছতো সত্য পৰিত্যাগ কৰে সেইসকল লোকেই নিজৰ ওপৰত অন্যায়কাৰী।

Aal-i-Imraan 3:94Listen in Qur'an →
95

قُلْ صَدَقَ ٱللَّهُ ۗ فَٱتَّبِعُوا۟ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًۭا وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ

Say, "Allah has told the truth. So follow the religion of Abraham, inclining toward truth; and he was not of the polytheists."

হে নবী! আপুনি জনাই দিয়ক, আল্লাহে ইয়াকূব আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ দিছে লগতে তেওঁ অৱতীৰ্ণ কৰা প্ৰত্যেক বিষয় আৰু বিধি-বিধানত সত্যবাদী। এতেকে তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্মৰ অনুসৰণ কৰা। তেওঁ সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল ইছলামক আঁকোৱালী লৈছিল। আৰু কেতিয়াও তেওঁ আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰা নাই।

Aal-i-Imraan 3:95Listen in Qur'an →
96

إِنَّ أَوَّلَ بَيْتٍۢ وُضِعَ لِلنَّاسِ لَلَّذِى بِبَكَّةَ مُبَارَكًۭا وَهُدًۭى لِّلْعَٰلَمِينَ

Indeed, the first House [of worship] established for mankind was that at Makkah - blessed and a guidance for the worlds.

পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ঘৰ, যিটো সকলো মানুহৰ বাবে আল্লাহৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে আল্লাহৰ সেই সন্মানিত ঘৰ যিটো মক্কাত অৱস্থিত। সেইটো হৈছে বৰকতময় ঘৰ। দ্বীনি আৰু দুনিয়াৱী উপকাৰৰ কেন্দ্ৰবিন্দু। তাত আছে গোটেই মানৱ জাতিৰ বাবে হিদায়ত।

Aal-i-Imraan 3:96Listen in Qur'an →
97

فِيهِ ءَايَٰتٌۢ بَيِّنَٰتٌۭ مَّقَامُ إِبْرَٰهِيمَ ۖ وَمَن دَخَلَهُۥ كَانَ ءَامِنًۭا ۗ وَلِلَّهِ عَلَى ٱلنَّاسِ حِجُّ ٱلْبَيْتِ مَنِ ٱسْتَطَاعَ إِلَيْهِ سَبِيلًۭا ۚ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِىٌّ عَنِ ٱلْعَٰلَمِينَ

In it are clear signs [such as] the standing place of Abraham. And whoever enters it shall be safe. And [due] to Allah from the people is a pilgrimage to the House - for whoever is able to find thereto a way. But whoever disbelieves - then indeed, Allah is free from need of the worlds.

সেই ঘৰত আছে ইয়াৰ শ্ৰেষ্ঠতা আৰু উত্কৃষ্টতাৰ কিছুমান স্পষ্ট নিদৰ্শন। যেনে- হজ্জৰ কাৰ্যসমূহ আৰু ইয়াৰ নিৰ্ধাৰিত স্থান। এই নিদৰ্শনসমূহৰ মাজত আছে এনেকুৱা এটা শিল, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। আৰু এটা নিদৰ্শন এই যে, যিয়ে ইয়াত প্ৰৱেশ কৰিব তাৰ ভয়-ভীতি আঁতৰ হ’ব আৰু কোনো কষ্টই তাক স্পৰ্শ নকৰিব। আল্লাহৰ উদ্দেশ্যে হজ্জৰ আৰ্কান আদায় কৰিবলৈ এই ঘৰত যোৱা মানুহৰ বাবে ওৱাজিব। এই আদেশ সেইসকল লোকৰ বাবে যিসকলৰ তাত যোৱাৰ সামৰ্থ আছে। এতেকে যিয়ে ফৰজ হজ্জ অস্বীকাৰ কৰিব তেন্তে জানি থোৱা, আল্লাহ এনেকুৱা কাফিৰৰ পৰা আৰু বিশ্বজগতৰ সকলোৰে পৰা অমুখাপেক্ষী।

Aal-i-Imraan 3:97Listen in Qur'an →
98

قُلْ يَٰٓأَهْلَ ٱلْكِتَٰبِ لِمَ تَكْفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَٱللَّهُ شَهِيدٌ عَلَىٰ مَا تَعْمَلُونَ

Say, "O People of the Scripture, why do you disbelieve in the verses of Allah while Allah is Witness over what you do?"

কোৱা, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সত্য নবী হোৱাৰ প্ৰমাণসমূহক অস্বীকাৰ কিয় কৰা, অথচ ইয়াৰে কিছুমান প্ৰমাণ তাওৰাত আৰু ইঞ্জীলতো আছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব’।

Aal-i-Imraan 3:98Listen in Qur'an →
99

قُلْ يَٰٓأَهْلَ ٱلْكِتَٰبِ لِمَ تَصُدُّونَ عَن سَبِيلِ ٱللَّهِ مَنْ ءَامَنَ تَبْغُونَهَا عِوَجًۭا وَأَنتُمْ شُهَدَآءُ ۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعْمَلُونَ

Say, "O People of the Scripture, why do you avert from the way of Allah those who believe, seeking to make it [seem] deviant, while you are witnesses [to the truth]? And Allah is not unaware of what you do."

হে নবী আপুনি কওঁক, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে মুমিনসকলক আল্লাহৰ পথৰ পৰা কিয় বিৰত ৰাখা? তোমালোকে বিচৰা নেকি যে, আল্লাহৰ ধৰ্ম সত্যৰ পৰা অসত্যলৈ আৰু মুমিনসকল হিদায়তৰ পৰা ভ্ৰষ্টতালৈ উভতি যাওক। কিয়নো তোমালোকেও জানা যে, এই ধৰ্মই সত্য ধৰ্ম আৰু তোমালোকৰ পুথিত থকা সংবাদককো সমৰ্থন কৰে। আল্লাহে তোমালোকৰ কুফৰৰ পৰা আৰু মানুহক সত্যৰ পৰা বিৰত ৰখা কাৰ্যৰ পৰা অমনোযোগী নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব’।

Aal-i-Imraan 3:99Listen in Qur'an →
100

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تُطِيعُوا۟ فَرِيقًۭا مِّنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ يَرُدُّوكُم بَعْدَ إِيمَٰنِكُمْ كَٰفِرِينَ

O you who have believed, if you obey a party of those who were given the Scripture, they would turn you back, after your belief, [to being] unbelievers.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে কিতাপধাৰী ইয়াহূদী আৰু খৃষ্টানসকলৰ কোনো দলৰ কথা মানি লোৱা আৰু সিহঁতৰ মন্তব্য স্বীকাৰ কৰা তেন্তে সিহঁতৰ অন্তৰত থকা ঈৰ্ষা আৰু ভ্ৰষ্টতাৰ কাৰণে সিহঁতে তোমালোকক ঈমানৰ পিছত আকৌ কুফুৰীলৈ উভতাই নিব।

Aal-i-Imraan 3:100Listen in Qur'an →

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.