Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 91–99 of 99

91

ٱلَّذِينَ جَعَلُوا۟ ٱلْقُرْءَانَ عِضِينَ

Who have made the Qur'an into portions.

যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।

92

فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ أَجْمَعِينَ

So by your Lord, We will surely question them all

এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।

93

عَمَّا كَانُوا۟ يَعْمَلُونَ

About what they used to do.

আমি সিহঁতক কুফৰী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে কৰিছিল।

94

فَٱصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ ٱلْمُشْرِكِينَ

Then declare what you are commanded and turn away from the polytheists.

হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰুক্ষেপ নকৰিব।

95

إِنَّا كَفَيْنَٰكَ ٱلْمُسْتَهْزِءِينَ

Indeed, We are sufficient for you against the mockers

আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।

96

ٱلَّذِينَ يَجْعَلُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ ۚ فَسَوْفَ يَعْلَمُونَ

Who make [equal] with Allah another deity. But they are going to know.

যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। অতি শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।

97

وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ

And We already know that your breast is constrained by what they say.

হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।

98

فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُن مِّنَ ٱلسَّٰجِدِينَ

So exalt [Allah] with praise of your Lord and be of those who prostrate [to Him].

এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।

99

وَٱعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ ٱلْيَقِينُ

And worship your Lord until there comes to you the certainty (death).

এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওঁক।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.