Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 81–90 of 99

81

وَءَاتَيْنَٰهُمْ ءَايَٰتِنَا فَكَانُوا۟ عَنْهَا مُعْرِضِينَ

And We gave them Our signs, but from them they were turning away.

আমি সিহঁতক তেওঁৰ সত্য নবী হোৱাৰ প্ৰমাণ আৰু নিদৰ্শন প্ৰদান কৰিছিলো। তাৰে অন্যতম নিদৰ্শন আছিল এজনী মাইকী উট। কিন্তু সিহঁতে সেই প্ৰমাণসমূহক গুৰুত্ব নিদিলে, আৰু কোনো ভ্ৰুক্ষেপ নকৰিলে।

82

وَكَانُوا۟ يَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا ءَامِنِينَ

And they used to carve from the mountains, houses, feeling secure.

সিহঁতে পৰ্বত খনন কৰি নিৰাপদে থকাৰ বাবে ঘৰ সাজিছিল।

83

فَأَخَذَتْهُمُ ٱلصَّيْحَةُ مُصْبِحِينَ

But the shriek seized them at early morning.

অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।

84

فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ

So nothing availed them [from] what they used to earn.

কিন্তু সিহঁতৰ উপাৰ্জিত ধন আৰু সিহঁতৰ নিৰাপত্তামূলক ঘৰে সিহঁতক ৰক্ষা কৰিব নোৱাৰিলে।

85

وَمَا خَلَقْنَا ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَآ إِلَّا بِٱلْحَقِّ ۗ وَإِنَّ ٱلسَّاعَةَ لَءَاتِيَةٌۭ ۖ فَٱصْفَحِ ٱلصَّفْحَ ٱلْجَمِيلَ

And We have not created the heavens and earth and that between them except in truth. And indeed, the Hour is coming; so forgive with gracious forgiveness.

আমি আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা বস্তুসমূহক উদ্দেশ্যবিহীন সৃষ্টি কৰা নাই। নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী। এতেকে হে ৰাছুল! আপুনি অস্বীকাৰকাৰী সকলক আওকাণ কৰক, আৰু সিহঁতক উত্তমৰূপে ক্ষমা কৰি দিয়ক।

86

إِنَّ رَبَّكَ هُوَ ٱلْخَلَّٰقُ ٱلْعَلِيمُ

Indeed, your Lord - He is the Knowing Creator.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকেই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, আৰু তেওঁ সেই সম্পৰ্কে সম্যক জ্ঞানৰ অধিকাৰী।

87

وَلَقَدْ ءَاتَيْنَٰكَ سَبْعًۭا مِّنَ ٱلْمَثَانِى وَٱلْقُرْءَانَ ٱلْعَظِيمَ

And We have certainly given you, [O Muhammad], seven of the often repeated [verses] and the great Qur'an.

অৱশ্যে আমি আপোনাক সাতটা আয়াতবিশিষ্ট ছুৰা আল-ফাতিহা প্ৰদান কৰিছো, এইটোৱে হৈছে মহা কোৰআন।

88

لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًۭا مِّنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَٱخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ

Do not extend your eyes toward that by which We have given enjoyment to [certain] categories of the disbelievers, and do not grieve over them. And lower your wing to the believers

আমি কাফিৰসকলৰ বিভিন্ন দলক ধ্বংসশীল জীৱনৰ যি সা-সামগ্ৰী প্ৰদান কৰিছো আপুনি তালৈ দৃষ্টিপাত নকৰিব, আৰু সিহঁতৰ অস্বীকাৰ কাৰ্যত দুখ নকৰিব আৰু মুমিনসকলৰ লগত নম্ৰ ব্যৱহাৰ কৰিব।

89

وَقُلْ إِنِّىٓ أَنَا ٱلنَّذِيرُ ٱلْمُبِينُ

And say, "Indeed, I am the clear warner" -

হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মই শাস্তিৰ পৰা সতৰ্ককাৰী, স্পষ্টভাৱে সতৰ্ক কৰো।

90

كَمَآ أَنزَلْنَا عَلَى ٱلْمُقْتَسِمِينَ

Just as We had revealed [scriptures] to the separators

মই তোমালোকক সেই শাস্তিৰ পৰা সাৱধান কৰো, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল আল্লাহৰ পুথিক ভাগ ভাগকাৰী সকলৰ ওপৰত, সিহঁতে কিছু অংশৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু কিছু অংশক অস্বীকাৰ কৰিছিল।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.