Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 99

61

فَلَمَّا جَآءَ ءَالَ لُوطٍ ٱلْمُرْسَلُونَ

And when the messengers came to the family of Lot,

এতেকে প্ৰেৰিত ফিৰিস্তাসকল যেতিয়া মানুহৰ ৰূপত লূত আলাইহিচ্ছালামৰ ঘৰত আহি উপস্থিত হ'ল।

62

قَالَ إِنَّكُمْ قَوْمٌۭ مُّنكَرُونَ

He said, "Indeed, you are people unknown."

লূত আলাইহিচ্ছালামে তেওঁলোকক ক'লেঃ আপোনালোক দেখোন অপৰিচিত।

63

قَالُوا۟ بَلْ جِئْنَٰكَ بِمَا كَانُوا۟ فِيهِ يَمْتَرُونَ

They said, "But we have come to you with that about which they were disputing,

প্ৰেৰিত ফিৰিস্তাসকলে লূত আলাইহিচ্ছালামক ক'লেঃ ভয় নকৰিব। আমি আপোনাৰ সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে শাস্তি লৈ আহিছো, যি শাস্তিক সিহঁতে সদায় সন্দেহ কৰি আহিছে।

64

وَأَتَيْنَٰكَ بِٱلْحَقِّ وَإِنَّا لَصَٰدِقُونَ

And we have come to you with truth, and indeed, we are truthful.

এয়া কোনো ধেমালি নহয়, আমি সঁচাই আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছো, নিশ্চয় আমি এই বিষয়ত সত্যবাদী।

65

فَأَسْرِ بِأَهْلِكَ بِقِطْعٍۢ مِّنَ ٱلَّيْلِ وَٱتَّبِعْ أَدْبَٰرَهُمْ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌۭ وَٱمْضُوا۟ حَيْثُ تُؤْمَرُونَ

So set out with your family during a portion of the night and follow behind them and let not anyone among you look back and continue on to where you are commanded."

এতেকে ৰাতিৰ কিছু অংশ অতিবাহিত হোৱাৰ পিছত আপুনি আপোনাৰ পৰিয়ালসহ ৰাওনা হওক। আৰু আপুনি এওঁলোকৰ পিচে পিচে থাকিব। কোনেও যেন পিচফালে ঘূৰি নাচায় যে, বাকী লোকসকলৰ কি হ'ল। সেই স্থানলৈ গুচি যাওক, য'ত যাবলৈ আল্লাহে আপোনালোকক আদেশ কৰিছে।

66

وَقَضَيْنَآ إِلَيْهِ ذَٰلِكَ ٱلْأَمْرَ أَنَّ دَابِرَ هَٰٓؤُلَآءِ مَقْطُوعٌۭ مُّصْبِحِينَ

And We conveyed to him [the decree] of that matter: that those [sinners] would be eliminated by early morning.

আনহাতে আমি লূত আলাইহিচ্ছালামক অহীৰ দ্বাৰা আমাৰ নিৰ্ণয় সম্পৰ্কে অৱগত কৰাইছিলো যে, প্ৰভাত হোৱাৰ আগতেই আমি সিহঁতৰ প্ৰত্যেককে ধ্বংস কৰিম।

67

وَجَآءَ أَهْلُ ٱلْمَدِينَةِ يَسْتَبْشِرُونَ

And the people of the city came rejoicing.

ইপিনে ছুদুমৰ অধিবাসীসকলে লূত আলাইহিচ্ছালামৰ অতিথিসকলক দেখি অশ্লীল কাৰ্যৰ বাসনাৰে আনন্দিত হৈ উপস্থিত হ'ল।

68

قَالَ إِنَّ هَٰٓؤُلَآءِ ضَيْفِى فَلَا تَفْضَحُونِ

[Lot] said, "Indeed, these are my guests, so do not shame me.

লূত আলাইহিচ্ছালামে সিহঁতক ক'লেঃ এওঁলোক হৈছে মোৰ অতিথি। এতেকে এওঁলোকৰ লগত অশ্লীলতা অৱলম্বন কৰি মোক অপমানিত নকৰিবা।

69

وَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخْزُونِ

And fear Allah and do not disgrace me."

এইবোৰ অশ্লীলতাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। তোমালোকৰ এনেকুৱা বেয়া স্বভাৱৰ জৰিয়তে মোক লাঞ্ছিত নকৰিবা।

70

قَالُوٓا۟ أَوَلَمْ نَنْهَكَ عَنِ ٱلْعَٰلَمِينَ

They said, "Have we not forbidden you from [protecting] people?"

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ আমি আপোনাক নিষেধ কৰা নাছিলোনে যে, আপুনি কাকো অতিথি নবনাব?

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.