Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 99

51

وَنَبِّئْهُمْ عَن ضَيْفِ إِبْرَٰهِيمَ

And inform them about the guests of Abraham,

আপুনি তেওঁলোকক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰলৈ অতিথি হৈ অহা ফিৰিস্তাসকলৰ বিষয়ে জনাই দিয়ক, ফিৰিস্তাসকলে তেওঁৰ ওচৰলৈ তেওঁৰ পুত্ৰৰ সুসংবাদ আৰু লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাৰ্তা লৈ আহিছিল।

52

إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَٰمًۭا قَالَ إِنَّا مِنكُمْ وَجِلُونَ

When they entered upon him and said, "Peace." [Abraham] said, "Indeed, we are fearful of you."

যেতিয়া তেওঁলোক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হ'ল আৰু ছালাম জনালে, তেতিয়া তেওঁ তেওঁলোকৰ ছালামৰ উত্তমভাৱে উত্তৰ দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁ তেওঁলোকক মানুহ বুলি ভাৱিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁলোকে খাদ্য বস্তুৰ পিনে আগ্ৰহ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছো।

53

قَالُوا۟ لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَٰمٍ عَلِيمٍۢ

[The angels] said, "Fear not. Indeed, we give you good tidings of a learned boy."

তেতিয়া সেই বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ ভয় নকৰিব, আমি আপোনাক আনন্দদায়ক সুসংবাদ দিবলৈ আহিছো। আপোনাৰ ঘৰত এজন জ্ঞানী সন্তান জন্ম লাভ কৰিব।

54

قَالَ أَبَشَّرْتُمُونِى عَلَىٰٓ أَن مَّسَّنِىَ ٱلْكِبَرُ فَبِمَ تُبَشِّرُونَ

He said, "Have you given me good tidings although old age has come upon me? Then of what [wonder] do you inform?"

ইব্ৰাহীম আলাইহিচ্ছালামে পুত্ৰৰ সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ আপোনালোকে মোক এই বৃদ্ধ বয়সত পুত্ৰ সুসংবাদ দি আছে? কি ভিত্তিত আপোনালোকে মোক এই সুসংবাদ দি আছে?

55

قَالُوا۟ بَشَّرْنَٰكَ بِٱلْحَقِّ فَلَا تَكُن مِّنَ ٱلْقَٰنِطِينَ

They said, "We have given you good tidings in truth, so do not be of the despairing."

বাৰ্তাবাহক ফিৰিস্তাসকলে ইব্ৰাহীম আলাইহিচ্ছালামক উদ্দেশ্যি ক'লেঃ আমি আপোনাক সত্য সুসংবাদ শুনাইছো, যাৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে আপুনি ইয়াৰ পৰা নিৰাশ নহব, যি সুসংবাদ আমি আপোনাক প্ৰদান কৰিছো।

56

قَالَ وَمَن يَقْنَطُ مِن رَّحْمَةِ رَبِّهِۦٓ إِلَّا ٱلضَّآلُّونَ

He said, "And who despairs of the mercy of his Lord except for those astray?"

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয়, যিসকল আল্লাহৰ সঠিক-সৰল পথৰ পৰা বিভ্ৰান্ত।

57

قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ

[Abraham] said, "Then what is your business [here], O messengers?"

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ হে আল্লাহৰ প্ৰেৰিত বাৰ্তাবাহকসকল! আপোনালোকে কোনো অভিযানত আহিছে নেকি?

58

قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍۢ مُّجْرِمِينَ

They said, "Indeed, we have been sent to a people of criminals,

বাৰ্তাবাহক ফিৰিস্তাসকলে ক'লেঃ আল্লাহে আমাক এনেকুৱা এটা সম্প্ৰদায়ক বিনাশ কৰাৰ বাবে প্ৰেৰণ কৰিছে, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে আৰু সকলো প্ৰকাৰ অসৎকৰ্ম কৰে। সিহঁত হৈছে লূত সম্প্ৰদায়।

59

إِلَّآ ءَالَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ

Except the family of Lot; indeed, we will save them all

কেৱল লূত আলাইহিচ্ছালামৰ পৰিয়াল আৰু তেওঁৰ অনুসাৰী মুমিনসকলৰ বাহিৰে। এওঁলোকক বিনাশ কৰাৰ আদেশ দিয়া হোৱা নাই। আমি এই সকলো লোকক উদ্ধাৰ কৰিম।

60

إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَآ ۙ إِنَّهَا لَمِنَ ٱلْغَٰبِرِينَ

Except his wife." Allah decreed that she is of those who remain behind.

কিন্তু তেওঁৰ স্ত্ৰীৰ বিষয়টো সুকীয়া। আমাৰ ফয়চালা অনুসাৰে তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব আৰু শাস্তিৰ সন্মুখীন হ'ব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.