قَالَ هَٰذَا صِرَٰطٌ عَلَىَّ مُسْتَقِيمٌ
[Allah] said, "This is a path [of return] to Me [that is] straight.
আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠিক তথা সৰল পথ।
سُورَةُ الحِجۡرِ
Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies
Ayahs 41–50 of 99
قَالَ هَٰذَا صِرَٰطٌ عَلَىَّ مُسْتَقِيمٌ
[Allah] said, "This is a path [of return] to Me [that is] straight.
আল্লাহে ক'লেঃ এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সঠিক তথা সৰল পথ।
إِنَّ عِبَادِى لَيْسَ لَكَ عَلَيْهِمْ سُلْطَٰنٌ إِلَّا مَنِ ٱتَّبَعَكَ مِنَ ٱلْغَاوِينَ
Indeed, My servants - no authority will you have over them, except those who follow you of the deviators.
মোৰ নিষ্ঠাৱান বান্দাসকলক বিভ্ৰান্ত কৰিবলৈ তোমাৰ কোনো চক্ৰান্ত কামত নাহিব। আনহাতে কিছুমান পথভ্ৰষ্ট লোক নিজেই তোমাৰ অনুসৰণ কৰিব।
وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ
And indeed, Hell is the promised place for them all.
নিশ্চয় ইবলীছ আৰু তাৰ পথভ্ৰষ্ট অনুসাৰীসকলৰ প্ৰতিশ্ৰুত স্থান হৈছে জাহান্নাম।
لَهَا سَبْعَةُ أَبْوَٰبٍۢ لِّكُلِّ بَابٍۢ مِّنْهُمْ جُزْءٌۭ مَّقْسُومٌ
It has seven gates; for every gate is of them a portion designated."
জাহান্নামৰ সাতখন দুৱাৰ আছে, যিবোৰ দুৱাৰেৰে সিহঁত প্ৰৱেশ কৰিব। প্ৰত্যেক দুৱাৰেৰে নিৰ্দিষ্ট সংখ্যক ইবলীছৰ অনুসাৰীয়ে প্ৰৱেশ কৰিব।
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّٰتٍۢ وَعُيُونٍ
Indeed, the righteous will be within gardens and springs.
যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, নিশ্চয় তেওঁলোক থাকিব নিজৰা প্ৰবাহিত জান্নাতত।
ٱدْخُلُوهَا بِسَلَٰمٍ ءَامِنِينَ
[Having been told], "Enter it in peace, safe [and secure]."
প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক কোৱা হ'বঃ সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা সুৰক্ষিত হৈ আৰু ভয়মুক্ত তথা নিশ্চিন্ত হৈ প্ৰৱেশ কৰা।
وَنَزَعْنَا مَا فِى صُدُورِهِم مِّنْ غِلٍّ إِخْوَٰنًا عَلَىٰ سُرُرٍۢ مُّتَقَٰبِلِينَ
And We will remove whatever is in their breasts of resentment, [so they will be] brothers, on thrones facing each other.
আমি তেওঁলোকৰ অন্তৰসমূহক সকলো প্ৰকাৰ হিংসা-বিদ্বেষৰ পৰা পৱিত্ৰ কৰিম। তেওঁলোকে ইজনে সিজনক ভাল পাব, তথা সিংহাসনত বহি ইজনে সিজনক প্ৰত্যক্ষ কৰিব।
لَا يَمَسُّهُمْ فِيهَا نَصَبٌۭ وَمَا هُم مِّنْهَا بِمُخْرَجِينَ
No fatigue will touch them therein, nor from it will they [ever] be removed.
তেওঁলোক তাত কেতিয়াও ক্লান্ত নহ'ব, আৰু তেওঁলোকক তাৰ পৰা কেতিয়াও বহিষ্কাৰো কৰা নহ'ব। বৰং তেওঁলোক তাত চিৰকাল থাকিব।
۞ نَبِّئْ عِبَادِىٓ أَنِّىٓ أَنَا ٱلْغَفُورُ ٱلرَّحِيمُ
[O Muhammad], inform My servants that it is I who am the Forgiving, the Merciful.
হে ৰাছুল! মোৰ বান্দাসকলক জনাই দিয়ক যে, নিশ্চয় মই তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিওঁ আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰো।
وَأَنَّ عَذَابِى هُوَ ٱلْعَذَابُ ٱلْأَلِيمُ
And that it is My punishment which is the painful punishment.
লগতে তেওঁলোকক জনাই দিয়ক যে, মোৰ শাস্তি অতি কষ্টদায়ক। এতেকে তেওঁলোকে তাওবা কৰা উচিত, যাতে তেওঁলোকে মোৰ ক্ষমা লাভ কৰিব পাৰে আৰু মোৰ শাস্তিৰ পৰা নিৰাপদ থাকিব পাৰে।
Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.