Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 31–40 of 99

31

إِلَّآ إِبْلِيسَ أَبَىٰٓ أَن يَكُونَ مَعَ ٱلسَّٰجِدِينَ

Except Iblees, he refused to be with those who prostrated.

কিন্তু ইবলীছ (যিজন ফিৰিস্তাসকলৰ লগতেই বসবাস কৰিছিল কিন্তু সি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিল) ফিৰিস্তাসকলৰ সৈতে আদমক ছাজদা কৰিবলৈ বিৰত থাকিল।

32

قَالَ يَٰٓإِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ ٱلسَّٰجِدِينَ

[Allah] said, O Iblees, what is [the matter] with you that you are not with those who prostrate?"

ইবলিছে যেতিয়া আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া আল্লাহে তাক ক'লেঃ যিহেতু ফিৰিস্তাসকলে মোৰ আদেশ পালন কৰি ছাজদাহ কৰিলে, তেনেস্থলত তুমি কিয় ছাজদাহ নকৰিলা, কিহে তোমাক বাধা দিলে?

33

قَالَ لَمْ أَكُن لِّأَسْجُدَ لِبَشَرٍ خَلَقْتَهُۥ مِن صَلْصَٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ

He said, "Never would I prostrate to a human whom You created out of clay from an altered black mud."

ইবলীছে অহংকাৰ কৰি ক'লেঃ মোৰ পক্ষে এয়া উচিত নহয় যে, মই এনেকুৱা মানুহক ছাজদাহ কৰিম, যাক তুমি শুকান মাটিৰে সৃষ্টি কৰিছা, যি মাটি ইতিপূৰ্বে দুৰ্গন্ধময় ক’লা বৰণীয়া আছিল।

34

قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌۭ

[Allah] said, "Then get out of it, for indeed, you are expelled.

আল্লাহে ইবলীছক ক'লেঃ জান্নাতৰ পৰা ওলাই যোৱা, কাৰণ তোমাক নিলম্বন কৰা হৈছে।

35

وَإِنَّ عَلَيْكَ ٱللَّعْنَةَ إِلَىٰ يَوْمِ ٱلدِّينِ

And indeed, upon you is the curse until the Day of Recompense."

নিশ্চয় কিয়ামত পৰ্যন্ত তুমি অভিশপ্ত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত।

36

قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ

He said, "My Lord, then reprieve me until the Day they are resurrected."

ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! মোক সেই দিনটোলৈকে অৱকাশ দিয়া, যিদিনা তুমি সকলোকে পুনৰ্জীৱিত কৰিবা।

37

قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ

[Allah] said, "So indeed, you are of those reprieved

আল্লাহে তাক ক'লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ'ল, আৰু তোমাৰ মৃত্যু পিছুৱাই দিয়া হ'ল।

38

إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ

Until the Day of the time well-known."

সেই সময়লৈকে যেতিয়া প্ৰথমবাৰ শিঙাত ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টি জীৱ মৃত্যুবৰণ কৰিব।

39

قَالَ رَبِّ بِمَآ أَغْوَيْتَنِى لَأُزَيِّنَنَّ لَهُمْ فِى ٱلْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ

[Iblees] said, "My Lord, because You have put me in error, I will surely make [disobedience] attractive to them on earth, and I will mislead them all

ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক পথভ্ৰষ্ট কৰিছা, সেয়ে মই পৃথিৱীত সিহঁতৰ পাপকৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিম, আৰু সকলোকে সঠিক পথৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম।

40

إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ

Except, among them, Your chosen servants."

কেৱল তোমাৰ সেইসকল বান্দাৰ বাহিৰে যিসকলক তুমি তোমাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিছা।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.