Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 21–30 of 99

21

وَإِن مِّن شَىْءٍ إِلَّا عِندَنَا خَزَآئِنُهُۥ وَمَا نُنَزِّلُهُۥٓ إِلَّا بِقَدَرٍۢ مَّعْلُومٍۢ

And there is not a thing but that with Us are its depositories, and We do not send it down except according to a known measure.

মানুহক তথা জীৱ-জন্তুক উপকাৰ কৰিব পৰা যিমানবোৰ উপকাৰী সা-সামগ্ৰী আছে, আমি সেইবোৰ সৃষ্টি কৰিবলৈ তথা সেইবোৰৰ দ্বাৰা মানুহক উপকৃত হোৱাৰ অৱকাশ দিবলৈ সামৰ্থৱান। আমি যি সৃষ্টি কৰো, সেই হিকমত অনুসাৰে আৰু আমাৰ ইচ্ছানুসাৰে এটি নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰো।

22

وَأَرْسَلْنَا ٱلرِّيَٰحَ لَوَٰقِحَ فَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَسْقَيْنَٰكُمُوهُ وَمَآ أَنتُمْ لَهُۥ بِخَٰزِنِينَ

And We have sent the fertilizing winds and sent down water from the sky and given you drink from it. And you are not its retainers.

আমিয়ে উৰ্বৰ বতাহ প্ৰেৰণ কৰো, যিবোৰে মেঘ কঢ়িয়াই লৈ যায়, লগতে মেঘৰ পৰা পানী বৰ্ষণ কৰো আৰু সেই বৰষুণৰ পানী তোমালোকক পান কৰাওঁ। হে মানৱজাতি! তোমালোকে এই পানীক নিজৰা তথা কুঁৱাত আৱদ্ধ কৰি ৰাখিব নোৱাৰা, সেইটোক কেৱল আল্লাহেই আৱদ্ধ কৰি ৰাখে।

23

وَإِنَّا لَنَحْنُ نُحْىِۦ وَنُمِيتُ وَنَحْنُ ٱلْوَٰرِثُونَ

And indeed, it is We who give life and cause death, and We are the Inheritor.

নিশ্চয় আমিয়েই মৃতক জীয়াই তোলো তথা সিহঁতক সৰ্বপ্ৰথম অস্তিত্বত আনিছো, মৃত্যুৰ পিচত আকৌ সিহঁতক পুনৰুত্থিত কৰিম, জীৱিত লোকসকলৰ মৃত্যুৰ সময় যেতিয়া সন্নিকট হয় তেতিয়া আমিয়েই সিহঁতক মৃত্যু প্ৰদান কৰো। আমিয়েই চিৰঞ্জীৱ, পৃথিৱী তথা ইয়াৰ ওপৰত থকা সকলো বস্তুৰ আমিয়েই স্বত্তাধিকাৰ।

24

وَلَقَدْ عَلِمْنَا ٱلْمُسْتَقْدِمِينَ مِنكُمْ وَلَقَدْ عَلِمْنَا ٱلْمُسْتَـْٔخِرِينَ

And We have already known the preceding [generations] among you, and We have already known the later [ones to come].

নিশ্চয় আমি সেইসকল লোককো জানো যিসকলে তোমালোকৰ পূৰ্বে জন্ম গ্ৰহণ কৰিছিল আৰু মৃত্যুবৰণ কৰিছে, আৰু সেইসকল লোককো জানো যিসকলে পিচত জন্ম গ্ৰহণ কৰিব আৰু মৃত্যুবৰণ কৰিব। এই ক্ষেত্ৰত কোনো কথাই আমাৰ পৰা গোপন নহয়।

25

وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُۥ حَكِيمٌ عَلِيمٌۭ

And indeed, your Lord will gather them; indeed, He is Wise and Knowing.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই সকলো লোককে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যাতে নেক কৰ্ম কৰা লোকসকলক উত্তম প্ৰতিদান দিব পাৰে আৰু বেয়া কৰ্ম কৰা লোকসকলক বেয়া ফলাফল দান কৰিব পাৰে। নিশ্চয় তেওঁ পৰিচালনাত মহাপ্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।

26

وَلَقَدْ خَلَقْنَا ٱلْإِنسَٰنَ مِن صَلْصَٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ

And We did certainly create man out of clay from an altered black mud.

নিশ্চয় আমি মানুহক শুকান মাটিৰে সৃষ্টি কৰিছো, যিটো টিং টিঙীয়া শব্দ কৰে। যিটো মাটিৰে সৃষ্টি কৰা হৈছে তাৰ ৰং হৈছে কলা, দীৰ্ঘ সময় হোৱাৰ বাবে গন্ধ পৰিবৰ্তন হৈছিল।

27

وَٱلْجَآنَّ خَلَقْنَٰهُ مِن قَبْلُ مِن نَّارِ ٱلسَّمُومِ

And the jinn We created before from scorching fire.

আমি আদম আলাইহিছ ছালামৰ সৃষ্টিৰ পূৰ্বে জ্বিনসকলৰ আদি পিতাক প্ৰচণ্ড উত্তপ্ত অগ্নিশিখাৰে সৃষ্টি কৰিছিলো।

28

وَإِذْ قَالَ رَبُّكَ لِلْمَلَٰٓئِكَةِ إِنِّى خَٰلِقٌۢ بَشَرًۭا مِّن صَلْصَٰلٍۢ مِّنْ حَمَإٍۢ مَّسْنُونٍۢ

And [mention, O Muhammad], when your Lord said to the angels, "I will create a human being out of clay from an altered black mud.

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক আৰু ইবলীছক (সি ফিৰিস্তাসকলৰ লগতে আছিল) অৱগত কৰালে যে, নিশ্চয় মই ক’লা বৰণীয়া দুৰ্গন্ধময় শুকান টিং টিঙীয়া মাটিৰে মানুহ সৃষ্টি কৰিম।

29

فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَٰجِدِينَ

And when I have proportioned him and breathed into him of My [created] soul, then fall down to him in prostration."

এতেকে মই যেতিয়া পৰিপূৰ্ণৰূপে তাৰ আকৃতি প্ৰদান কৰিম আৰু যেতিয়া সৃষ্টি কাৰ্য সম্পন্ন হ'ব তেতিয়া তোমালোকে মোৰ আদেশ পালন কৰি তেওঁৰ সন্মানাৰ্থে তেওঁক ছাজদাহ কৰিবা।

30

فَسَجَدَ ٱلْمَلَٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ

So the angels prostrated - all of them entirely,

ফলত ফিৰিস্তাসকলে তেওঁৰ আদেশ পালন কৰি সকলোৱে ছাজদা কৰিলে, যিদৰে তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আদেশ দিছিল।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.