Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 11–20 of 99

11

وَمَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ

And no messenger would come to them except that they ridiculed him.

পূৰ্বৱৰ্তী কাফিৰ সম্প্ৰদায়সমূহৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল আৰু তেওঁক উপহাস কৰিছিল।

12

كَذَٰلِكَ نَسْلُكُهُۥ فِى قُلُوبِ ٱلْمُجْرِمِينَ

Thus do We insert denial into the hearts of the criminals.

যিদৰে আমি সেইসমূহ সম্প্ৰদায়ৰ অন্তৰত অস্বীকাৰ কৰাৰ প্ৰবৃত্তি সোমাই দিছিলো, ঠিক সেইদৰে মক্কাৰ মুশ্বৰিকসকলৰ অন্তৰতো সোমাই দিম, সিহঁতৰ বিমুখ হোৱাৰ কাৰণে আৰু স্বৈৰাচাৰিতাৰ কাৰণে।

13

لَا يُؤْمِنُونَ بِهِۦ ۖ وَقَدْ خَلَتْ سُنَّةُ ٱلْأَوَّلِينَ

They will not believe in it, while there has already occurred the precedent of the former peoples.

ইহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব। আল্লাহৰ সাধাৰণ নিয়ম হৈছে এই যে, ৰাছুলসকলে লৈ অহা বাণীক যিসকলে অস্বীকাৰ কৰে তেওঁ সিহঁতক ধ্বংস কৰি দিয়ে। এতেকে অস্বীকাৰকাৰী সকলে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।

14

وَلَوْ فَتَحْنَا عَلَيْهِم بَابًۭا مِّنَ ٱلسَّمَآءِ فَظَلُّوا۟ فِيهِ يَعْرُجُونَ

And [even] if We opened to them a gate from the heaven and they continued therein to ascend,

প্ৰকাশ্য দলিলৰ দ্বাৰা সত্য স্পষ্ট হোৱাৰ পিছতো এই অস্বীকাৰকাৰী সকলে শত্ৰুতাৰ ওপৰত অবিচল থাকিব। এতেকে আমি যদি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিওঁ, সিহঁতে যদি তাত আৰোহণ কৰে,

15

لَقَالُوٓا۟ إِنَّمَا سُكِّرَتْ أَبْصَٰرُنَا بَلْ نَحْنُ قَوْمٌۭ مَّسْحُورُونَ

They would say, "Our eyes have only been dazzled. Rather, we are a people affected by magic."

তথাপিও সিহঁতে সত্যক স্বীকাৰ নকৰিলেহেঁতেন। বৰং সিহঁতে কলেহেঁতেনঃ সত্য প্ৰদৰ্শনৰ পৰা আমাৰ দৃষ্টিক প্ৰতিৰোধ কৰা হৈছে। আমি যি দেখি আছো এয়া যাদুৰ প্ৰভাৱ। আমাক যাদু কৰা হৈছে।

16

وَلَقَدْ جَعَلْنَا فِى ٱلسَّمَآءِ بُرُوجًۭا وَزَيَّنَّٰهَا لِلنَّٰظِرِينَ

And We have placed within the heaven great stars and have beautified it for the observers.

আমি আকাশত ডাঙৰ ডাঙৰ তৰা বনাইছো, যিবোৰৰ জৰিয়তে মানুহে জল তথা স্থলত অন্ধকাৰত ভ্ৰমণৰ সময়ত দিশ নিৰ্ণয় কৰে। আনহাতে দৰ্শনকাৰী সকলৰ বাবে সুসৌন্দৰ্য কৰিছো। যাতে সিহঁতে পৱিত্ৰ আল্লাহৰ ক্ষমতা আৰু শক্তি-সামৰ্থৰ প্ৰমাণ বিচাৰি পায়।

17

وَحَفِظْنَٰهَا مِن كُلِّ شَيْطَٰنٍۢ رَّجِيمٍ

And We have protected it from every devil expelled [from the mercy of Allah]

আৰু আমি আকাশক আল্লাহৰ ৰহমতৰ পৰা প্ৰতাৰিত সকলো চয়তানৰ পৰা ৰক্ষা কৰিছো।

18

إِلَّا مَنِ ٱسْتَرَقَ ٱلسَّمْعَ فَأَتْبَعَهُۥ شِهَابٌۭ مُّبِينٌۭ

Except one who steals a hearing and is pursued by a clear burning flame.

আনহাতে যিয়ে নিকটৱৰ্তী ফিৰিস্তাসকলৰ কথা গোপনে শুনিবলৈ প্ৰয়াস কৰে, তাক জলন্ত শিখাই চোঁচা লয় আৰু অৱশেষত জ্বলাই ভস্মীভূত কৰে।

19

وَٱلْأَرْضَ مَدَدْنَٰهَا وَأَلْقَيْنَا فِيهَا رَوَٰسِىَ وَأَنۢبَتْنَا فِيهَا مِن كُلِّ شَىْءٍۢ مَّوْزُونٍۢ

And the earth - We have spread it and cast therein firmly set mountains and caused to grow therein [something] of every well-balanced thing.

আমি পৃথিৱীক প্ৰসাৰিত কৰিছো যাতে মানুহে তাত বসবাস কৰিব পাৰে। তাত সুদৃঢ় পৰ্বত স্থাপন কৰিছো যাতে পৃথিৱী কম্পমান নহয়, লগতে তাত হিকমত অনুসাৰে এটা নিৰ্দিষ্ট পৰিমাণ মুতাবিক গছ-পুলি উৎপন্ন কৰিছো।

20

وَجَعَلْنَا لَكُمْ فِيهَا مَعَٰيِشَ وَمَن لَّسْتُمْ لَهُۥ بِرَٰزِقِينَ

And We have made for you therein means of living and [for] those for whom you are not providers.

হে মানৱজাতি! আমি পৃথিৱীত তোমালোকৰ খোৱা বোৱাৰ বাবে এনেকুৱা বস্তু বনাইছো যিবোৰ পাৰ্থিৱ জীৱনৰ বাবে অত্যাৱশ্যক। আনহাতে তোমালোকৰ বাহিৰেও আন আন লোকৰ বাবে আৰু জীৱ-জন্তুৰ বাবে জীৱন-যাপনৰ সাধন বনাইছো, যিবোৰক তোমালোকে জীৱিকা প্ৰদান নকৰা।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.