Muslim99Muslim99
← Tafsir library

15. Al-Hijr

The Rock · Meccan · 99 ayahs

سُورَةُ الحِجۡرِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 1–10 of 99

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

1

الٓر ۚ تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ وَقُرْءَانٍۢ مُّبِينٍۢ

Alif, Lam, Ra. These are the verses of the Book and a clear Qur'an.

(আলিফ-লাম-ৰা) এই সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। এই আয়াতবোৰ খুবেই গুৰুত্বপূৰ্ণ, যিবোৰে প্ৰমাণ কৰে যে, এইবোৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। দৰাচলতে এইবোৰ কোৰআনৰ এনেকুৱা আয়াত, যিবোৰে আল্লাহৰ তাওহীদ আৰু চৰীয়তি আদেশ নিষেধ বৰ্ণনা কৰে।

2

رُّبَمَا يَوَدُّ ٱلَّذِينَ كَفَرُوا۟ لَوْ كَانُوا۟ مُسْلِمِينَ

Perhaps those who disbelieve will wish that they had been Muslims.

ক্বিয়ামতৰ দিনা কাফিৰসকলৰ সন্মুখত যেতিয়া বিষয়টো স্পষ্ট হৈ পৰিব যে, পৃথিৱীত যি কুফুৰী পথ অৱলম্বন কৰিছিলো সেয়া ভুল আছিল, তেতিয়া সিহঁতে কামনা কৰিব, হায়! যদি আমিও মুছলিম হলোহেঁতেন।

3

ذَرْهُمْ يَأْكُلُوا۟ وَيَتَمَتَّعُوا۟ وَيُلْهِهِمُ ٱلْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ

Let them eat and enjoy themselves and be diverted by [false] hope, for they are going to know.

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী সকলক এৰি দিয়ক, সিহঁতে খাই থাকক যিদৰে চতুষ্পদ জন্তুৱে খায়, আৰু পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰী উপভোগ কৰিবলৈ দিয়ক। সিহঁতৰ ডাঙৰ ডাঙৰ আশায় সিহঁতক ঈমান আৰু নেক আমলৰ পৰা বিৰত ৰাখক। ক্বিয়ামতৰ দিনা যেতিয়া সিহঁত আল্লাহৰ সন্মুখত উপস্থিত হ'ব তেতিয়াহে গ'ম পাব সিহঁত কিমান ক্ষতিগ্ৰস্ত আছিল।

4

وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌۭ مَّعْلُومٌۭ

And We did not destroy any city but that for it was a known decree.

অন্যায়কাৰী জনবসতিসমূহৰ মাজৰ যিবোৰৰ ওপৰত আমি বিনাশ অৱতীৰ্ণ কৰিছো, সিহঁতৰ বাবে আল্লাহৰ ওচৰত আছিল এটা নিৰ্ধাৰিত সময়। সেই নিৰ্ধাৰিত সময়ৰ পৰা সিহঁত আগুৱাইও যাব পৰা নাই আৰু পিছুৱাবও পৰা নাই।

5

مَّا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَـْٔخِرُونَ

No nation will precede its term, nor will they remain thereafter.

কোনো সম্প্ৰদায়ৰ ওচৰতেই সিহঁতৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সিহঁতৰ ধ্বংস নামি নাহে। এইদৰে সিহঁতৰ ওচৰত বিনাশ নামি আহিলে সেয়া প্ৰতিৰোধ কৰাও সম্ভৱ নহয়। এতেকে আল্লাহে জালিমসকলক যি অৱকাশ প্ৰদান কৰিছে, তাৰ প্ৰতি সিহঁতে ভুল যোৱা উচিত নহয়।

6

وَقَالُوا۟ يَٰٓأَيُّهَا ٱلَّذِى نُزِّلَ عَلَيْهِ ٱلذِّكْرُ إِنَّكَ لَمَجْنُونٌۭ

And they say, "O you upon whom the message has been sent down, indeed you are mad.

মক্কাৰ কাফিৰসকলে ৰাছুলক উদ্দেশ্যি ক'লেঃ তুমি যি দাবী কৰিছা যে, তোমাৰ প্ৰতি যিকৰ অৱতীৰ্ণ হৈছে, তোমাৰ এই দাবীয়ে প্ৰমাণ কৰে যে তুমি এজন উন্মাদ। লগতে তুমি উন্মাদৰ দৰে আচৰণও কৰা।

7

لَّوْ مَا تَأْتِينَا بِٱلْمَلَٰٓئِكَةِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ

Why do you not bring us the angels, if you should be among the truthful?"

যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ ওচৰলৈ ফিৰিস্তা কিয় লৈ নাহা, যিয়ে তোমাৰ সপক্ষে সাক্ষী দিব যে, তুমি এজন প্ৰেৰিত নবী আৰু (আমি যদি তোমাৰ কথা নামানো তেন্তে) আমাৰ ওপৰত শাস্তি অৱতীৰ্ণ হ'ব।

8

مَا نُنَزِّلُ ٱلْمَلَٰٓئِكَةَ إِلَّا بِٱلْحَقِّ وَمَا كَانُوٓا۟ إِذًۭا مُّنظَرِينَ

We do not send down the angels except with truth; and the disbelievers would not then be reprieved.

সিহঁতৰ ফিৰিস্তা অহাৰ প্ৰস্তাৱ খণ্ডন কৰি আল্লাহে কৈছেঃ ফিৰিস্তা সেই সময়তেই অৱতীৰ্ণ হয় যেতিয়া হিকমত অনুসাৰে সিহঁতৰ বিনাশৰ সময় ওচৰ চাপে। ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ পিছত যদি সিহঁতে ঈমান পোষণ নকৰে তেন্তে সিহঁতক কেতিয়াও অৱকাশ দিয়া নহ'ব। বৰং অচিৰেই শাস্তিৰ সন্মুখীন হ'ব।

9

إِنَّا نَحْنُ نَزَّلْنَا ٱلذِّكْرَ وَإِنَّا لَهُۥ لَحَٰفِظُونَ

Indeed, it is We who sent down the Qur'an and indeed, We will be its guardian.

নিশ্চয় আমিয়েই এই কোৰআন মুহাম্মদৰ অন্তৰত অৱতীৰ্ণ কৰিছো, মানুহক সতৰ্ক কৰিবলৈ। নিশ্চয় আমিয়েই এই কোৰআনক সুৰক্ষা প্ৰদান কৰিম, সকলো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতকৰণৰ পৰা।

10

وَلَقَدْ أَرْسَلْنَا مِن قَبْلِكَ فِى شِيَعِ ٱلْأَوَّلِينَ

And We had certainly sent [messengers] before you, [O Muhammad], among the sects of the former peoples.

হে ৰাছুল! আমি তোমাৰ পূৰ্বেও কাফিৰ সম্প্ৰদায়ৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলো, কিন্তু সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক সিহঁতে অস্বীকাৰ কৰি আছে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.