Muslim99Muslim99
← Tafsir library

14. Ibrahim

Abraham · Meccan · 52 ayahs

سُورَةُ إِبۡرَاهِيمَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–50 of 52

41

رَبَّنَا ٱغْفِرْ لِى وَلِوَٰلِدَىَّ وَلِلْمُؤْمِنِينَ يَوْمَ يَقُومُ ٱلْحِسَابُ

Our Lord, forgive me and my parents and the believers the Day the account is established."

হে মোৰ প্ৰতিপালক! মোৰ গুনাহবোৰ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ-মাতৃৰ গুনাহ সমূহকো ক্ষমা কৰি দিয়া। (এই প্ৰাৰ্থনা তেওঁ সেই সময়ত কৰিছিল যেতিয়া তেওঁ অৱগত নাছিল যে, তেওঁৰ পিতৃ এজন আল্লাহৰ শত্ৰু। যেতিয়া তেওঁ এই বিষয়টো অৱগত হৈছিল তেতিয়া তেওঁ তাৰ পৰা পৃথক হৈছিল।) লগতে মুমিনসকলৰো গুনাহ ক্ষমা কৰি দিবা সেই সময়ত যি সময়ত তেওঁলোকক নিজ প্ৰতিপালকৰ সন্মুখত হিচাপ কিতাবৰ বাবে থিয় কৰোৱা হ'ব।

42

وَلَا تَحْسَبَنَّ ٱللَّهَ غَٰفِلًا عَمَّا يَعْمَلُ ٱلظَّٰلِمُونَ ۚ إِنَّمَا يُؤَخِّرُهُمْ لِيَوْمٍۢ تَشْخَصُ فِيهِ ٱلْأَبْصَٰرُ

And never think that Allah is unaware of what the wrongdoers do. He only delays them for a Day when eyes will stare [in horror].

হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, যিহেতু আল্লাহে অত্যাচাৰীসকলক শাস্তি দিয়াত পলম কৰি আছে, সেয়ে হয়তো তেওঁ অত্যাচাৰীসকলৰ অস্বীকাৰ কৰা কাৰ্য আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰখা আদি কৰ্মৰ সম্পৰ্কে অৱগত নহয়, বৰং তেওঁ অৱগত। তেওঁৰ পৰা কোনো বিষয়ে গোপন নহয়। দৰাচলতে আল্লাহে সিহঁতৰ শাস্তিক ক্বিয়ামত পৰ্যন্ত পলম কৰি ৰাখিছে। সেই দিনটো ইমান ভয়াৱহ হ'ব যে, মানুহে সেয়া দেখি সিহঁতৰ চকু কপালত উঠিব।

43

مُهْطِعِينَ مُقْنِعِى رُءُوسِهِمْ لَا يَرْتَدُّ إِلَيْهِمْ طَرْفُهُمْ ۖ وَأَفْـِٔدَتُهُمْ هَوَآءٌۭ

Racing ahead, their heads raised up, their glance does not come back to them, and their hearts are void.

যেতিয়া মানুহে কবৰৰ পৰা উঠি খৰখেদাকৈ আহ্বানকাৰীৰ পিনে দৌৰিব, ওপৰমুৱা হৈ আকাশৰ পিনে ভয়ত চাই থাকিব। সিহঁতৰ চকু তলমুৱা হোৱাৰ নামেই নলব। বৰং সেইদিনৰ দৃশ্য দেখি সিহঁত থৰ লাগি চাই থাকিব, আৰু সেইদিনৰ ভয়াৱহ দৃশ্য দেখি সিহঁতৰ তত নাইকীয়া হ'ব।

44

وَأَنذِرِ ٱلنَّاسَ يَوْمَ يَأْتِيهِمُ ٱلْعَذَابُ فَيَقُولُ ٱلَّذِينَ ظَلَمُوا۟ رَبَّنَآ أَخِّرْنَآ إِلَىٰٓ أَجَلٍۢ قَرِيبٍۢ نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ ٱلرُّسُلَ ۗ أَوَلَمْ تَكُونُوٓا۟ أَقْسَمْتُم مِّن قَبْلُ مَا لَكُم مِّن زَوَالٍۢ

And, [O Muhammad], warn the people of a Day when the punishment will come to them and those who did wrong will say, "Our Lord, delay us for a short term; we will answer Your call and follow the messengers." [But it will be said], "Had you not sworn, before, that for you there would be no cessation?

হে ৰাছুল! আপুনি আপোনাৰ উম্মতক ক্বিয়ামত দিৱসৰ শাস্তিৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত ৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁতে সেইদিনা কবঃ হে আমাৰ প্ৰতিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময়ৰ বাবে আমাৰ পৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময়ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছুলসকলক অনুসৰণ কৰিম, যিসকলক তুমি আমালৈ প্ৰেৰণ কৰিছিলা। তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্তন নকৰিবা?

45

وَسَكَنتُمْ فِى مَسَٰكِنِ ٱلَّذِينَ ظَلَمُوٓا۟ أَنفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ ٱلْأَمْثَالَ

And you lived among the dwellings of those who wronged themselves, and it had become clear to you how We dealt with them. And We presented for you [many] examples."

তোমালোকে পূৰ্বৱৰ্তী সম্প্ৰদায় সমূহে বসবাস কৰা ঠাইসমূহত প্ৰৱেশ কৰিছিলা, যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল, উদাহৰণ স্বৰূপে হূদ আৰু ছলেহ সম্প্ৰদায়। এই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে যে, আমি কিদৰে সিহঁতক শাস্তি বিহিছিলো। আমি ঐশীপুথিত তোমালোকৰ বাবে উদাহৰণ দাঙি ধৰিছিলো, যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। কিন্তু তোমালোকে এনেকুৱা কৰা নাছিলা।

46

وَقَدْ مَكَرُوا۟ مَكْرَهُمْ وَعِندَ ٱللَّهِ مَكْرُهُمْ وَإِن كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ ٱلْجِبَالُ

And they had planned their plan, but with Allah is [recorded] their plan, even if their plan had been [sufficient] to do away with the mountains.

অত্যাচাৰী সম্প্ৰদায়ৰ বাসস্থানত প্ৰৱেশ কৰা এই লোকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ আৰু তেওঁৰ আহ্বানক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। অথচ আল্লাহ সিহঁতৰ ষড়যন্ত্ৰ সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। দৰাচলতে সিহঁতৰ ষড়যন্ত্ৰ আছিল অতি দুৰ্বল, এনেকুৱা ষড়যন্ত্ৰই পৰ্বত আদিক স্থানান্তৰ কৰিব নোৱাৰে। পক্ষান্তৰে আল্লাহৰ কৌশল সুকীয়া।

47

فَلَا تَحْسَبَنَّ ٱللَّهَ مُخْلِفَ وَعْدِهِۦ رُسُلَهُۥٓ ۗ إِنَّ ٱللَّهَ عَزِيزٌۭ ذُو ٱنتِقَامٍۢ

So never think that Allah will fail in His promise to His messengers. Indeed, Allah is Exalted in Might and Owner of Retribution.

হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, আল্লাহে ৰাছুলসকলক সহায় কৰাৰ আৰু দ্বীনক বিজয় প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰিয়জনক অৱশ্যে শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ আৰু তেওঁৰ ৰাছুলসকলৰ শত্ৰুসকলৰ কঠিনভাৱে প্ৰতিশোধ লব।

48

يَوْمَ تُبَدَّلُ ٱلْأَرْضُ غَيْرَ ٱلْأَرْضِ وَٱلسَّمَٰوَٰتُ ۖ وَبَرَزُوا۟ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ

[It will be] on the Day the earth will be replaced by another earth, and the heavens [as well], and all creatures will come out before Allah, the One, the Prevailing.

কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বিয়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকুন পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হব। কবৰৰ পৰা মানুহ নিজৰ নিজৰ আমল আৰু শৰীৰ লৈ উঠিব। সেই আল্লাহৰ সন্মুখত অকলশৰীয়া হৈ থিয় হ'ব, যিজন মহানতা আৰু ৰাজত্ব একক। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে।

49

وَتَرَى ٱلْمُجْرِمِينَ يَوْمَئِذٍۢ مُّقَرَّنِينَ فِى ٱلْأَصْفَادِ

And you will see the criminals that Day bound together in shackles,

হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।

50

سَرَابِيلُهُم مِّن قَطِرَانٍۢ وَتَغْشَىٰ وُجُوهَهُمُ ٱلنَّارُ

Their garments of liquid pitch and their faces covered by the Fire.

হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.