Muslim99Muslim99
← Tafsir library

13. Ar-Ra'd

The Thunder · Medinan · 43 ayahs

سُورَةُ الرَّعۡدِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–43 of 43

41

أَوَلَمْ يَرَوْا۟ أَنَّا نَأْتِى ٱلْأَرْضَ نَنقُصُهَا مِنْ أَطْرَافِهَا ۚ وَٱللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِۦ ۚ وَهُوَ سَرِيعُ ٱلْحِسَابِ

Have they not seen that We set upon the land, reducing it from its borders? And Allah decides; there is no adjuster of His decision. And He is swift in account.

কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয়তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয়তে কুফুৰী জগতখনক কেউফালৰ পৰা সংকুচিত কৰি আনিছো, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয়চলা কৰে তথা আদেশ দিয়ে। তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্তন কৰিবলৈ নাইবা বিকৃত কৰিব পৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰ পৰা অন্তলৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।

42

وَقَدْ مَكَرَ ٱلَّذِينَ مِن قَبْلِهِمْ فَلِلَّهِ ٱلْمَكْرُ جَمِيعًۭا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍۢ ۗ وَسَيَعْلَمُ ٱلْكُفَّٰرُ لِمَنْ عُقْبَى ٱلدَّارِ

And those before them had plotted, but to Allah belongs the plan entirely. He knows what every soul earns, and the disbelievers will know for whom is the final home.

পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহেও নিজ নিজ নবীসকলৰ লগত ষড়যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ লগত ষড়যন্ত্ৰ কৰি সিহঁতে কি লাভ পালে? একো পোৱা নাই। কিয়নো প্ৰকৃত কৌশলকাৰী হৈছে আল্লাহ তাআলা, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টিৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। এটা সময়ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁলোকে জান্নাত আৰু উৎকৃষ্ট পৰিণাম লাভ কৰিছে।

43

وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَسْتَ مُرْسَلًۭا ۚ قُلْ كَفَىٰ بِٱللَّهِ شَهِيدًۢا بَيْنِى وَبَيْنَكُمْ وَمَنْ عِندَهُۥ عِلْمُ ٱلْكِتَٰبِ

And those who have disbelieved say, "You are not a messenger." Say, [O Muhammad], "Sufficient is Allah as Witness between me and you, and [the witness of] whoever has knowledge of the Scripture."

কাফিৰসকলে কয়ঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল নহয়। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকৰ আৰু মোৰ মাজত সাক্ষ্য দানৰ বাবে আল্লাহেই যথেষ্ট যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে সেইসকল লোকৰ সাক্ষীও যথেষ্ট যিসকলৰ ওচৰত ঐশী পুথি আহিছে, য’ত লিপিবদ্ধ আছে মোৰ বৈশিষ্ট্য। এতেকে যাৰ সত্যতাৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰে, তাক অস্বীকাৰ কৰি কোনেও কোনো ক্ষতি কৰিব নোৱাৰে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.