Muslim99Muslim99
← Tafsir library

13. Ar-Ra'd

The Thunder · Medinan · 43 ayahs

سُورَةُ الرَّعۡدِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 31–40 of 43

31

وَلَوْ أَنَّ قُرْءَانًۭا سُيِّرَتْ بِهِ ٱلْجِبَالُ أَوْ قُطِّعَتْ بِهِ ٱلْأَرْضُ أَوْ كُلِّمَ بِهِ ٱلْمَوْتَىٰ ۗ بَل لِّلَّهِ ٱلْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَا۟يْـَٔسِ ٱلَّذِينَ ءَامَنُوٓا۟ أَن لَّوْ يَشَآءُ ٱللَّهُ لَهَدَى ٱلنَّاسَ جَمِيعًۭا ۗ وَلَا يَزَالُ ٱلَّذِينَ كَفَرُوا۟ تُصِيبُهُم بِمَا صَنَعُوا۟ قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًۭا مِّن دَارِهِمْ حَتَّىٰ يَأْتِىَ وَعْدُ ٱللَّهِ ۚ إِنَّ ٱللَّهَ لَا يُخْلِفُ ٱلْمِيعَادَ

And if there was any qur'an by which the mountains would be removed or the earth would be broken apart or the dead would be made to speak, [it would be this Qur'an], but to Allah belongs the affair entirely. Then have those who believed not accepted that had Allah willed, He would have guided the people, all of them? And those who disbelieve do not cease to be struck, for what they have done, by calamity - or it will descend near their home - until there comes the promise of Allah. Indeed, Allah does not fail in [His] promise.

যদি কোনো ঐশী পুথিৰ এনেকুৱা বৈশিষ্ট্য থাকিলেহেঁতেন, যাৰ দ্বাৰা পাহাৰ স্থানান্তৰ কৰা সম্ভৱ অথবা মাটি বিদীৰ্ণ কৰি তাত নদী বা জলাশয় সৃষ্টি কৰা সম্ভৱ, নাইবা যিটো পাঠ কৰিলে মৃত ব্যক্তিও জীৱিত হৈ উঠিব তেন্তে হে ৰাছুল! সেয়া কোৰআন হলেহেঁতেন। কাৰণ ই স্পষ্ট প্ৰমাণ বহনকাৰী, তথা মহা প্ৰভাৱ সৃষ্টিকাৰী, যদি সিহঁত পৰিস্কাৰ হৃদয়ৰ অধিকাৰী হলেহেঁতেন। কিন্তু সিহঁত হৈছে অস্বীকাৰকাৰী। অথচ মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী সকলে এই কথা গম পোৱা নাইনে যে, আল্লাহে ইচ্ছা কৰিলে মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ নকৰাকৈয়ে সকলো মানুহকে হিদায়ত দিব পাৰিলেহেঁতেন? কিন্তু তেওঁ এনেকুৱা কৰিব বিচৰা নাই। আল্লাহক অস্বীকাৰকাৰী সকলৰ ওপৰত সিহঁতৰ গুনাহ আৰু কুফুৰী কৰ্মৰ কাৰণে এটাৰ পিছত এটা কঠিন বিপদ আহিয়ে থাকিব, যিয়ে সিহঁতৰ শান্তি বিনষ্ট কৰিব, অথবা সেই বিপদ সিহঁতৰ বাসস্থানৰ ওচৰত আহিব। অৱশেষত আল্লাহৰ প্ৰতিশ্ৰুতিকৃত শাস্তি অৱতীৰ্ণ হ'ব। আল্লাহে নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰে যেতিয়া তাৰ নিৰ্ধাৰিত সময় আহি পৰে।

32

وَلَقَدِ ٱسْتُهْزِئَ بِرُسُلٍۢ مِّن قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا۟ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ

And already were [other] messengers ridiculed before you, and I extended the time of those who disbelieved; then I seized them, and how [terrible] was My penalty.

আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক অস্বীকাৰ কৰা হৈছে তথা যাক উপহাস কৰা হৈছে। হে ৰাছুল! আপোনাৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছে তথা তেওঁলোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ তথা ঢিল দিছিলো, আনকি সিহঁতে পতিয়ন গৈছিল যে, আমি সিহঁতক ধ্বংস নকৰিম। তাৰ পিছত আমি সিহঁতক বিভিন্ন শাস্তিত আক্ৰান্ত কৰিছিলো, সিহঁতক প্ৰদান কৰা মোৰ শাস্তি সম্পৰ্কে আপোনাৰ কেনেকুৱা লাগিল? নিশ্চয় সেয়া আছিল অত্যন্ত কঠিন শাস্তি।

33

أَفَمَنْ هُوَ قَآئِمٌ عَلَىٰ كُلِّ نَفْسٍۭ بِمَا كَسَبَتْ ۗ وَجَعَلُوا۟ لِلَّهِ شُرَكَآءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّـُٔونَهُۥ بِمَا لَا يَعْلَمُ فِى ٱلْأَرْضِ أَم بِظَٰهِرٍۢ مِّنَ ٱلْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا۟ مَكْرُهُمْ وَصُدُّوا۟ عَنِ ٱلسَّبِيلِ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍۢ

Then is He who is a maintainer of every soul, [knowing] what it has earned, [like any other]? But to Allah they have attributed partners. Say, "Name them. Or do you inform Him of that which He knows not upon the earth or of what is apparent of speech?" Rather, their [own] plan has been made attractive to those who disbelieve, and they have been averted from the way. And whomever Allah leaves astray - there will be for him no guide.

যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায়ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোক নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁতৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্তৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰং চয়তানে কাফিৰসকলৰ দৃষ্টিত সিহঁতৰ ষড়যন্ত্ৰক সৌন্দৰ্যময় কৰি দিছে। ফলত সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। আৰু চয়তানে সিহঁতক হিদায়ত তথা সঠিক পথৰ পৰা আঁতৰাই দিছে। সঠিক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায়ত দিব পৰা কোনো নাই।

34

لَّهُمْ عَذَابٌۭ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْءَاخِرَةِ أَشَقُّ ۖ وَمَا لَهُم مِّنَ ٱللَّهِ مِن وَاقٍۢ

For them will be punishment in the life of [this] world, and the punishment of the Hereafter is more severe. And they will not have from Allah any protector.

পাৰ্থিৱ জীৱনত সিহঁতৰ শাস্তি হৈছে মুমিনসকলৰ হাতত বন্দী হোৱা তথা নিহত হোৱা। আখিৰাতত সিহঁতৰ বাবে যি শাস্তি অপেক্ষামান, সেয়া পাৰ্থিৱ জীৱনৰ শাস্তিতকৈ অতি কঠিন তথা ভয়াৱহ। কাৰণ সেই শাস্তি হ'ব অতি কঠোৰ তথা নিৰবিচ্ছিন্ন। ক্বিয়ামতৰ দিনা সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব।

35

۞ مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۖ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ ۖ أُكُلُهَا دَآئِمٌۭ وَظِلُّهَا ۚ تِلْكَ عُقْبَى ٱلَّذِينَ ٱتَّقَوا۟ ۖ وَّعُقْبَى ٱلْكَٰفِرِينَ ٱلنَّارُ

The example of Paradise, which the righteous have been promised, is [that] beneath it rivers flow. Its fruit is lasting, and its shade. That is the consequence for the righteous, and the consequence for the disbelievers is the Fire.

সেই জান্নাতৰ বৈশিষ্ট্য যিটোৰ প্ৰতিশ্ৰুতি আল্লাহে মুত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে সেইসকল লোকক প্ৰদান কৰিছে, তাৰ বৈশিষ্ট্য হৈছে যে, সেই জান্নাতৰ অট্টালিকাসমূহ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান নদী থাকিব। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰবিচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্ৱৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰ পৰিণাম হৈছে জাহান্নাম, য’ত সিহঁতে প্ৰৱেশ কৰিব আৰু সিহঁতে তাত চিৰকাল থাকিব।

36

وَٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ يَفْرَحُونَ بِمَآ أُنزِلَ إِلَيْكَ ۖ وَمِنَ ٱلْأَحْزَابِ مَن يُنكِرُ بَعْضَهُۥ ۚ قُلْ إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ وَلَآ أُشْرِكَ بِهِۦٓ ۚ إِلَيْهِ أَدْعُوا۟ وَإِلَيْهِ مَـَٔابِ

And [the believers among] those to whom We have given the [previous] Scripture rejoice at what has been revealed to you, [O Muhammad], but among the [opposing] factions are those who deny part of it. Say, "I have only been commanded to worship Allah and not associate [anything] with Him. To Him I invite, and to Him is my return."

যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছো আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছো তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দিত, কাৰণ ই তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিছুমান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰু খৃষ্টানসকলৰ বিভিন্ন সম্প্ৰদায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছুমান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁতৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্তন তথা বিকৃত কৰাৰ ফলত সিহঁতৰ বিধানৰ লগত মিলা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহে মোক আদেশ দিছে মই যেন কেৱল তেওঁৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰো। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰো, তেওঁৰ বাহিৰে আন কৰো পিনে আহ্বান নকৰো। আৰু কেৱল তেওঁৰ পিনেই মই প্ৰত্যাৱৰ্তন কৰিম। তাওৰাত আৰু ইঞ্জীলেও এই শিক্ষা লৈ আহিছে।

37

وَكَذَٰلِكَ أَنزَلْنَٰهُ حُكْمًا عَرَبِيًّۭا ۚ وَلَئِنِ ٱتَّبَعْتَ أَهْوَآءَهُم بَعْدَمَا جَآءَكَ مِنَ ٱلْعِلْمِ مَا لَكَ مِنَ ٱللَّهِ مِن وَلِىٍّۢ وَلَا وَاقٍۢ

And thus We have revealed it as an Arabic legislation. And if you should follow their inclinations after what has come to you of knowledge, you would not have against Allah any ally or any protector.

যিদৰে আমি পূৰ্বৱৰ্তী পুথিসমূহ সিহঁতৰ নিজ সম্প্ৰদায়ৰ ভাষাত অৱতীৰ্ণ কৰিছিলো, ঠিক সেইদৰে হে ৰাছুল! কোৰআনকো আৰবী ভাষাত স্পষ্টৰূপে সত্য বৰ্ণনাকাৰী পুথি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছো। এতেকে হে ৰাছুল! আপুনি যদি আহলে কিতাবসকলৰ ইচ্ছাৰ অনুসৰণ কৰি সিহঁতৰ আকাংক্ষাৰ বিপৰীত হোৱা বিষয়বোৰ বিলুপ্ত কৰাৰ মত পোষণ কৰে, অথচ আপোনাৰ ওচৰত সেই জ্ঞান আহি পৰিছে যিটো স্বয়ং আল্লাহে আপোনাক শিকাইছে তেন্তে জানি থওঁক, আল্লাহৰ বাহিৰে আপোনাৰ কোনো অভিভাৱক নাই, যিয়ে আপোনাক সুৰক্ষা প্ৰদান কৰিব, আৰু শত্ৰুৰ বিপক্ষে সহায় কৰিব, আনকি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈয়ো কোনো নাই।

38

وَلَقَدْ أَرْسَلْنَا رُسُلًۭا مِّن قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَٰجًۭا وَذُرِّيَّةًۭ ۚ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۗ لِكُلِّ أَجَلٍۢ كِتَابٌۭ

And We have already sent messengers before you and assigned to them wives and descendants. And it was not for a messenger to come with a sign except by permission of Allah. For every term is a decree.

হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি মানুহৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছিলো। এতেকে আপুনি ৰাছুলসকলৰ পৰা পৃথক কোনো নতুন ৰাছুল নহয়। সাধাৰণ মানুহৰ দৰে তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। ফিৰিস্তা প্ৰেৰণ কৰা নাছিলো, যিসকলে বিবাহো নকৰে সন্তানো জন্ম নিদিয়ে। এতেকে আপুনি যিহেতু এই ৰাছুলসকলৰ দৰেই এজন মানৱ ৰাছুল, তেওঁলোকো আছিল একো একোজন মানৱ তথা তেওঁলোকেও বিবাহ কৰিছিল সন্তান জন্ম দিছিল, গতিকে আপোনাৰ এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী হোৱাত মুশ্বৰিকসকলে আশ্চৰ্য কিয় প্ৰকাশ কৰে? আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো নিদৰ্শন লৈ আহিবলৈ ৰাছুলসকলৰ ক্ষমতা নাই। আল্লাহৰ সকলো ফয়চালা এখন পুথিত লিপিবদ্ধ, আৰু এটা সময় নিৰ্ধাৰিত আছে যিটো কেতিয়াও অগা-পিছা নহয়।

39

يَمْحُوا۟ ٱللَّهُ مَا يَشَآءُ وَيُثْبِتُ ۖ وَعِندَهُۥٓ أُمُّ ٱلْكِتَٰبِ

Allah eliminates what He wills or confirms, and with Him is the Mother of the Book.

আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে। আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে। তেওঁৰ ওচৰত আছে লাওহে মাহফুজ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয়চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠিত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয়চালা অনুসাৰেই সম্পাদিত হয়।

40

وَإِن مَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ ٱلْبَلَٰغُ وَعَلَيْنَا ٱلْحِسَابُ

And whether We show you part of what We promise them or take you in death, upon you is only the [duty of] notification, and upon Us is the account.

হে নবী! আপোনাৰ মৃত্যুৰ পূৰ্বেই যদি আমি সেই শাস্তিৰ কিছু অংশ আপোনাক দেখুৱাই দিওঁ যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছো তেন্তে সেই অধিকাৰ আমাৰ আছে। আনহাতে সেই শাস্তিৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ তেন্তে আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছো। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়িত্ব আপোনাৰ নহয়, সেইটো হৈছে আমাৰ দায়িত্ব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.