Muslim99Muslim99
← Tafsir library

13. Ar-Ra'd

Medinan · 43 ayahs

سُورَةُ الرَّعۡدِ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 21–30 of 43

21

وَٱلَّذِينَ يَصِلُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوٓءَ ٱلْحِسَابِ

And those who join that which Allah has ordered to be joined and fear their Lord and are afraid of the evil of [their] account,

তেওঁলোকেই আত্মীয়তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰে যে, আল্লাহে যেন তেওঁলোকৰ সকলো গুনাহৰ হিচাপ নলয়। কাৰণ যাৰ তন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱে ধ্বংস হ'ব।

22

وَٱلَّذِينَ صَبَرُوا۟ ٱبْتِغَآءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَنفَقُوا۟ مِمَّا رَزَقْنَٰهُمْ سِرًّۭا وَعَلَانِيَةًۭ وَيَدْرَءُونَ بِٱلْحَسَنَةِ ٱلسَّيِّئَةَ أُو۟لَٰٓئِكَ لَهُمْ عُقْبَى ٱلدَّارِ

And those who are patient, seeking the countenance of their Lord, and establish prayer and spend from what We have provided for them secretly and publicly and prevent evil with good - those will have the good consequence of [this] home -

তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছো তাৰ পৰা অনিবাৰ্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম।

23

جَنَّٰتُ عَدْنٍۢ يَدْخُلُونَهَا وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّٰتِهِمْ ۖ وَٱلْمَلَٰٓئِكَةُ يَدْخُلُونَ عَلَيْهِم مِّن كُلِّ بَابٍۢ

Gardens of perpetual residence; they will enter them with whoever were righteous among their fathers, their spouses and their descendants. And the angels will enter upon them from every gate, [saying],

উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাত, য'ত আছে নিৰবিচ্ছিন্ন নিয়ামত, তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব ইয়াৰ জৰিয়তে যে, তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায়তপ্ৰাপ্ত পিতৃপুৰুষসকল, মাতৃসকল, স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকল প্ৰৱেশ কৰিব। যাতে তেওঁলোকৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ প্ৰশান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁলোকৰ গৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব।

24

سَلَٰمٌ عَلَيْكُم بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى ٱلدَّارِ

"Peace be upon you for what you patiently endured. And excellent is the final home."

ফিৰিস্তাসকলে যেতিয়াই তেওঁলোকৰ ওচৰলৈ যাব, তেতিয়াই তেওঁলোকক এই বুলি ছালাম কৰিব- ছালামুন আলাইকুম- (আপোনাৰ প্ৰতি শান্তি বৰ্ষিত হওঁক)। অৰ্থাৎ আপুনি আল্লাহৰ আনুগত্য তথা তেওঁৰ কঠিন ফয়চালাত ধৈৰ্য ধাৰণ কৰাৰ ফলত, লগতে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থকাৰ কাৰণে বিপত্তিৰ পৰা সুৰক্ষিত থাকক। এতেকে আখিৰাতত আপোনালোকে লাভ কৰা পৰিণাম কিমান যে সুখদায়ক আৰু শান্তিদায়ক।

25

وَٱلَّذِينَ يَنقُضُونَ عَهْدَ ٱللَّهِ مِنۢ بَعْدِ مِيثَٰقِهِۦ وَيَقْطَعُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيُفْسِدُونَ فِى ٱلْأَرْضِ ۙ أُو۟لَٰٓئِكَ لَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ

But those who break the covenant of Allah after contracting it and sever that which Allah has ordered to be joined and spread corruption on earth - for them is the curse, and they will have the worst home.

যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভগীয়া, যিসকল আল্লাহৰ কৃপাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁতৰ পৰিণাম হৈছে অত্যন্ত নিকৃষ্ট, সেয়া হৈছে জাহান্নাম।

26

ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ وَفَرِحُوا۟ بِٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا فِى ٱلْءَاخِرَةِ إِلَّا مَتَٰعٌۭ

Allah extends provision for whom He wills and restricts [it]. And they rejoice in the worldly life, while the worldly life is not, compared to the Hereafter, except [brief] enjoyment.

আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে সংকীৰ্ণতা প্ৰদান কৰে। কিন্তু জীৱিকাৰ প্ৰশস্ততা পূণ্যৱান হোৱাৰ প্ৰতীক নহয় তথা আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰো প্ৰতীক নহয়। পক্ষান্তৰে জীৱিকাৰ সংকীৰ্ণতা দুৰ্ভগীয়া হোৱাৰ প্ৰতীক নহয়। কাফিৰসকল পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত। এতেকে সিহঁত ইয়াৰ প্ৰতি ধাবিত আৰু ইয়াক লৈয়ে সন্তুষ্ট। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী উপভোগৰ সময়, যিটো অচিৰেই সমাপ্ত হ'ব।

27

وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌۭ مِّن رَّبِّهِۦ ۗ قُلْ إِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهْدِىٓ إِلَيْهِ مَنْ أَنَابَ

And those who disbelieved say, "Why has a sign not been sent down to him from his Lord?" Say, [O Muhammad], "Indeed, Allah leaves astray whom He wills and guides to Himself whoever turns back [to Him] -

যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যাৰ প্ৰতি আমি বিশ্বাস কৰিলোহেঁতেন। হে ৰাছুল! আপুনি এই প্ৰস্তাৱ প্ৰদানকাৰীসকলক কৈ দিয়কঃ আল্লাহে যাক ইচ্ছা কৰে, ন্যায় অনুসাৰে পথভ্ৰষ্ট কৰে। কিন্তু যিয়ে তাওবা কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰে তাক হিদায়ত প্ৰদান কৰে। হিদায়ত সিহঁতৰ হাতত নহয় যে সিহঁতে ইচ্ছা কৰিলেই হিদায়তক নিদৰ্শনৰ লগত সম্পৃক্ত কৰি দিব।

28

ٱلَّذِينَ ءَامَنُوا۟ وَتَطْمَئِنُّ قُلُوبُهُم بِذِكْرِ ٱللَّهِ ۗ أَلَا بِذِكْرِ ٱللَّهِ تَطْمَئِنُّ ٱلْقُلُوبُ

Those who have believed and whose hearts are assured by the remembrance of Allah. Unquestionably, by the remembrance of Allah hearts are assured."

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে আৰু তেওঁলোকে ঈমান পোষণ কৰিছে। আৰু তেওঁলোকৰ অন্তৰে আল্লাহৰ স্মৰণত শান্তি লাভ কৰে অৰ্থাৎ তেওঁৰ তাছবীহ (গুণগান), তেওঁৰ তাহমীদ(প্ৰশংসা), লগতে তেওঁৰ কিতাপ তিলাৱত কৰিলে বা শুনিলে, লগতে ইয়াৰ বাহিৰেও অন্যান্য জিকৰ-আজকাৰ পাঠ কৰিলে তেওঁলোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে। জানি থোৱা! কেৱল আল্লাহৰ স্মৰণতেই আছে অন্তৰৰ প্ৰশান্তি। এইটোৱেই অন্তৰৰ বাবে উপযুক্ত।

29

ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَـَٔابٍۢ

Those who have believed and done righteous deeds - a good state is theirs and a good return.

এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকুৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয়, আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰ জীৱন। লগতে তেওঁলোকৰ বাবে আছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।

30

كَذَٰلِكَ أَرْسَلْنَٰكَ فِىٓ أُمَّةٍۢ قَدْ خَلَتْ مِن قَبْلِهَآ أُمَمٌۭ لِّتَتْلُوَا۟ عَلَيْهِمُ ٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ وَهُمْ يَكْفُرُونَ بِٱلرَّحْمَٰنِ ۚ قُلْ هُوَ رَبِّى لَآ إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ

Thus have We sent you to a community before which [other] communities have passed on so you might recite to them that which We revealed to you, while they disbelieve in the Most Merciful. Say, "He is my Lord; there is no deity except Him. Upon Him I rely, and to Him is my return."

যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো, ঠিক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো, যাতে আপুনি সিহঁতক কোৰআন শুনায়, যিটো আমি আপোনাৰ প্ৰতি অহী কৰিছো। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে ইয়ে যথেষ্ট। কিন্তু আপোনাৰ সম্প্ৰদায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয়নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তেৱেঁই মোৰ প্ৰতিপালক, যি ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰত ভৰসা কৰো, আৰু তেওঁৰ ওচৰতেই তাওবা কৰো।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.