Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 81–90 of 111

81

ٱرْجِعُوٓا۟ إِلَىٰٓ أَبِيكُمْ فَقُولُوا۟ يَٰٓأَبَانَآ إِنَّ ٱبْنَكَ سَرَقَ وَمَا شَهِدْنَآ إِلَّا بِمَا عَلِمْنَا وَمَا كُنَّا لِلْغَيْبِ حَٰفِظِينَ

Return to your father and say, "O our father, indeed your son has stolen, and we did not testify except to what we knew. And we were not witnesses of the unseen,

ডাঙৰ ভাতৃয়ে ক'লেঃ তোমালোকে পিতৃৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক কোৱাগৈ যে, আপোনাৰ পুত্ৰই চুৰি কৰিছে। সেয়ে মিচৰৰ আজিজে তাক চুৰিৰ দায়ত দাস বনাই লৈছে। আমি সেই সংবাদেই দি আছো যিটো আমি নিজ চকুৰে দেখিছো, কাৰণ ৰজাৰ ওজন পাত্ৰ তাৰ বস্তাৰ পৰাই ওলাইছে। আমি কি জানো যে সি চুৰি কৰিব। আমি জনা হ'লে, তাক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি আমি কেতিয়াও আপোনাক নিদিলোহেঁতেন।

82

وَسْـَٔلِ ٱلْقَرْيَةَ ٱلَّتِى كُنَّا فِيهَا وَٱلْعِيرَ ٱلَّتِىٓ أَقْبَلْنَا فِيهَا ۖ وَإِنَّا لَصَٰدِقُونَ

And ask the city in which we were and the caravan in which we came - and indeed, we are truthful,"

হে আমাৰ পিতৃ! আমাৰ কথা সঁচা নে মিছা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিচৰবাসী সকলক সুধিব পাৰে, যত আমি অৱস্থান কৰিছিলো। আৰু সেই যাত্ৰীদলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছো। সকলোৱে আপোনাক সেই কথাই কব, যি কথা আমি আপোনাক অৱগত কৰালো। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য।

83

قَالَ بَلْ سَوَّلَتْ لَكُمْ أَنفُسُكُمْ أَمْرًۭا ۖ فَصَبْرٌۭ جَمِيلٌ ۖ عَسَى ٱللَّهُ أَن يَأْتِيَنِى بِهِمْ جَمِيعًا ۚ إِنَّهُۥ هُوَ ٱلْعَلِيمُ ٱلْحَكِيمُ

[Jacob] said, "Rather, your souls have enticed you to something, so patience is most fitting. Perhaps Allah will bring them to me all together. Indeed it is He who is the Knowing, the Wise."

পিতৃয়ে সিহঁতক ক'লেঃ চুৰিৰ কথা যে তোমালোক কৈ আছা, এয়া সত্য নহয়। বৰং তোমালোকৰ অন্তৰে তোমালোকৰ বাবে শোভনীয় কৰি দিছে যে, ইয়াৰ বিৰুদ্ধেও তোমালোকে চক্ৰান্ত কৰা যিদৰে তোমালোকে ইতিপূৰ্বে ইউছুফৰ লগত কৰিছিলা। গতিকে মই উত্তম পন্থাৰে ধৈৰ্য ধাৰণ কৰিলো। আল্লাহৰ বাহিৰে আন কাৰো ওচৰত মই অভিযোগ দাঙি নধৰো। আশা কৰো আল্লাহে সিহঁত সকলোকে মোৰ ওচৰলৈ ঘূৰাই আনিব। ইউছুফ, তেওঁৰ সহোদৰ আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃক। নিশ্চয় তেৱেঁই মোৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। মোৰ সমস্যা সমাধানত তেওঁ মহাপ্ৰজ্ঞাৱান।

84

وَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَٰٓأَسَفَىٰ عَلَىٰ يُوسُفَ وَٱبْيَضَّتْ عَيْنَاهُ مِنَ ٱلْحُزْنِ فَهُوَ كَظِيمٌۭ

And he turned away from them and said, "Oh, my sorrow over Joseph," and his eyes became white from grief, for he was [of that] a suppressor.

সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লেঃ হায় আফছোচ! ইউছুফৰ বিৰহত কিমান মই চিন্তিত। ইউছুফৰ অনুপস্থিতিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশক বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকাই ৰাখিছিল।

85

قَالُوا۟ تَٱللَّهِ تَفْتَؤُا۟ تَذْكُرُ يُوسُفَ حَتَّىٰ تَكُونَ حَرَضًا أَوْ تَكُونَ مِنَ ٱلْهَٰلِكِينَ

They said, "By Allah, you will not cease remembering Joseph until you become fatally ill or become of those who perish."

ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।

86

قَالَ إِنَّمَآ أَشْكُوا۟ بَثِّى وَحُزْنِىٓ إِلَى ٱللَّهِ وَأَعْلَمُ مِنَ ٱللَّهِ مَا لَا تَعْلَمُونَ

He said, "I only complain of my suffering and my grief to Allah, and I know from Allah that which you do not know.

পিতৃয়ে সিহঁতক ক'লেঃ মোৰ অসহনীয় বেদনা আৰু দুখৰ অভিযোগ মই আল্লাহৰ বাহিৰে আন কাৰো ওচৰত উত্থাপন নকৰো। আল্লাহৰ অনুগ্ৰহ, উপকাৰ আৰু বিপদগ্ৰস্ত লোকৰ প্ৰাৰ্থনা কবূল কৰা সম্পৰ্কে মই আল্লাহৰ এনেকুৱা কিছুমান তথ্য জানো যিবোৰ তোমালোকে নাজানা।

87

يَٰبَنِىَّ ٱذْهَبُوا۟ فَتَحَسَّسُوا۟ مِن يُوسُفَ وَأَخِيهِ وَلَا تَا۟يْـَٔسُوا۟ مِن رَّوْحِ ٱللَّهِ ۖ إِنَّهُۥ لَا يَا۟يْـَٔسُ مِن رَّوْحِ ٱللَّهِ إِلَّا ٱلْقَوْمُ ٱلْكَٰفِرُونَ

O my sons, go and find out about Joseph and his brother and despair not of relief from Allah. Indeed, no one despairs of relief from Allah except the disbelieving people."

পিতৃয়ে সিহঁতক ক'লেঃ হে মোৰ পুত্ৰসকল! যোৱা আৰু ইউছুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে অৱশ্যে তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব, ইয়াৰ পৰা নিৰাশ নহবা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়। কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়।

88

فَلَمَّا دَخَلُوا۟ عَلَيْهِ قَالُوا۟ يَٰٓأَيُّهَا ٱلْعَزِيزُ مَسَّنَا وَأَهْلَنَا ٱلضُّرُّ وَجِئْنَا بِبِضَٰعَةٍۢ مُّزْجَىٰةٍۢ فَأَوْفِ لَنَا ٱلْكَيْلَ وَتَصَدَّقْ عَلَيْنَآ ۖ إِنَّ ٱللَّهَ يَجْزِى ٱلْمُتَصَدِّقِينَ

So when they entered upon Joseph, they said, "O 'Azeez, adversity has touched us and our family, and we have come with goods poor in quality, but give us full measure and be charitable to us. Indeed, Allah rewards the charitable."

এতেকে সিহঁতে পিতৃ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁত ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছো। অলপ মূল্য লৈ আহিছো। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।

89

قَالَ هَلْ عَلِمْتُم مَّا فَعَلْتُم بِيُوسُفَ وَأَخِيهِ إِذْ أَنتُمْ جَٰهِلُونَ

He said, "Do you know what you did with Joseph and his brother when you were ignorant?"

সিহঁতৰ কথা শুনি ইউছুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল। আৰু নিজৰ পৰিচয় দিলে। আৰু সিহঁতক ক'লেঃ তোমালোকৰ মনত আছেনে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোক সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা?

90

قَالُوٓا۟ أَءِنَّكَ لَأَنتَ يُوسُفُ ۖ قَالَ أَنَا۠ يُوسُفُ وَهَٰذَآ أَخِى ۖ قَدْ مَنَّ ٱللَّهُ عَلَيْنَآ ۖ إِنَّهُۥ مَن يَتَّقِ وَيَصْبِرْ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ

They said, "Are you indeed Joseph?" He said "I am Joseph, and this is my brother. Allah has certainly favored us. Indeed, he who fears Allah and is patient, then indeed, Allah does not allow to be lost the reward of those who do good."

এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি, তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.